পুনম বাজৱা (Poonam Bajwa; জন্ম: ৫ এপ্ৰিল ১৯৮৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ তামিল, মালয়ালম, তেলেগু আৰু কন্নড় ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ ২০০৫ চনত মোদাতী চিনেমা নামৰ তেলেগু চলচ্চিত্ৰ এখনত অভিনয়েৰে ছবিজগতত পদাৰ্পণ কৰে আৰু ২০০৬ চনত বছ নামৰ আন এখন তেলেগু ছবিত অভিনয় কৰে। তেওঁৰ অভিনীত প্ৰথম কন্নড় আৰু তামিল ভাষাৰ চলচ্চিত্ৰ আছিল ক্ৰমে থাংগিগাগী (২০০৬) আৰু চেভাল (২০০৮)।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
মহাৰাষ্ট্ৰৰ বম্বে (বৰ্তমান মুম্বাই)ত, নৌসেনাৰ বিষয়া অমৰজিৎ সিং বাজৱা আৰু জয়লক্ষ্মী বাজৱাৰ গৃহত পুনমে জন্মগ্ৰহণ কৰিছিল। তেওঁ জন্মসূত্ৰে পঞ্জাবী। তেওঁৰ সৰু ভগ্নীগৰাকীৰ নাম দীপিকা বাজৱা।১ তেওঁ ২০০৫ চনত মিছ পুনেৰ খিতাপ অৰ্জন কৰে।২ ইয়াৰ পিছতেই তেওঁ পঢ়া-শুনাৰ সমান্তৰালকৈ অংশকালীন মডেলিং কৰিবলৈ আৰম্ভ কৰিছিল।৩ যেতিয়া তেওঁ হাইদৰাবাদত ৰেম্প শ্বʼৰ বাবে গৈছিল, তেতিয়া মোদাতী চিনেমাৰ পৰিচালকে তেওঁক দেখিছিল আৰু তেওঁক সুধিছিল যে তেওঁ চলচ্চিত্ৰত আগ্ৰহী নেকি। সেই সময়ত, তেওঁ দ্বাদশ শ্ৰেণী সম্পূৰ্ণ কৰিছিলহে মাত্ৰ আৰু কলেজ আৰম্ভ হোৱালৈ পাঁচ মাহ বাকী আছিল, সেয়েহে পঢ়াশুনাত ভাল থকা স্বত্বেও, তেওঁ পৰিচালকৰ ছবিখনত কাম কৰিবলৈ সন্মত হৈছিল।৪ তেওঁ পুনেৰ চিম্বায়’ছিছ ইণ্টাৰনেশ্যনেল ইউনিভাৰ্চিটিৰ পৰা ইংৰাজী সাহিত্যত স্নাতক ডিগ্ৰী লাভ কৰিছিল।
ব্যক্তিগত জীৱন
২০২০ চনৰ অক্টোবৰ মাহত, বাজৱাই ইনষ্টাগ্ৰামত পৰিচালক সুনীল ৰেড্ডীৰ সৈতে সম্পৰ্কত থকাৰ কথা ঘোষণা কৰে।৫
অভিনয় জীৱন
২০০৫ চনত মুক্তিপ্ৰাপ্ত তেলেগু ছবি মোদাতী চিনেমাত অভিনয়েৰে তেওঁ অভিনয় জীৱনৰ আৰম্ভণি কৰে আৰু তাৰ পিছত তেওঁ অভিনেতা নাগাৰ্জুনৰ বিপৰীতে বছ আৰু পৰিচালক ভাস্কৰৰ ছবি পাৰুগুকে ধৰি কেইবাখনো তেলেগু ছবিত অভিনয় কৰে। পাৰুগু নামৰ ছবিখনত তেওঁ প্ৰকাশ ৰাজৰ জেষ্ঠ্য কন্যাৰ চৰিত্ৰটিত স্বল্পস্থায়ী অভিনয় কৰে।৬ তেওঁ ২০০৮ চনৰ তামিল চলচ্চিত্ৰ চেভালৰ জৰিয়তে তামিল ছবিজগতত আত্মপ্ৰকাশ কৰে আৰু পৰৱৰ্তী সময়ত থেনাৱট্টু, কচেৰী আৰামবাম, দ্ৰোহী আৰু থাম্বিকোট্টাইকে ধৰি কেইবাখনো তামিল চলচ্চিত্ৰত অভিনয় কৰে।৭ তেওঁ চাইনা টাউন মালায়ালম চলচ্চিত্ৰ এখনতো অভিনয় কৰিছিল।
চলচ্চিত্ৰপুঞ্জী
| বৰ্ষ | শিৰোনাম | ভূমিকা | ভাষা | টোকা | তথ্যসূত্ৰ |
|---|---|---|---|---|---|
| ২০০৫ | মোদাতী চিনেমা | সিন্ধু | তেলেগু | তেলেগু অভিষেক | |
| ২০০৬ | প্ৰেমন্তে ইন্তে | পাৱানী | |||
| বছ | শ্ৰুতি ৰামপ্ৰকাশ | ||||
| থাংগিগাগি | প্ৰিয়া | কন্নড় | কন্নড় অভিষেক | ||
| ২০০৭ | বেদুকা | হৰিণী | তেলেগু | ||
| ২০০৮ | পাৰুগু | চুব্বালক্ষ্মী | |||
| চেভাল | পৰিজাতম পঞ্চমী | তামিল | তামিল অভিষেক | ||
| থেনাভাট্টু | গায়ত্ৰী | ||||
| ২০১০ | কাচেৰী আৰামবাম | মাধী | |||
| দ্ৰোহী | শ্ৰুতি লোচনী | ||||
| ২০১১ | থাম্বিকোট্টাই | কানাগা আমিৰথালিঙ্গম | |||
| চাইনা টাউন | এমিলি | মালয়ালম | মালয়ালম অভিষেক | ||
| ভেনিচাইল ব্যাপাৰী | লক্ষ্মী | ||||
| ২০১২ | চিকাৰী | ৰেণুকা, নন্দিতা | মালয়ালম কন্নড় | ||
| মন্থ্ৰিকান | মালু/চন্দনা | মালয়ালম | |||
| ২০১৪ | পেৰুচাঝি | নিজেই | "পো মোনে দিনেশা" গানটোত বিশেষ উপস্থিতি | ||
| ২০১৫ | ৰোজাপুক্কালাম | লেনা আলেকজেণ্ডাৰ | |||
| আম্বালা | নিজেই | তামিল | "মাদ্ৰাজৰ পৰা মাদুৰাই" গানটোত বিশেষ উপস্থিতি | ||
| ৰোমিঅʼ জুলিয়েট | নিশা | ||||
| ২০১৬ | মাস্ত মহব্বত | মায়া | কন্নড় | ||
| আৰণমানাই ২ | মঞ্জু | তামিল | |||
| মুথিনা কাথিৰিকাই | মায়া | ||||
| ২০১৭ | জাকাৰিয়া পোথেন জেভিচিৰিপ্পুণ্ডু | মাৰিয়া | মালয়ালম | ||
| মাষ্টাৰপিচ | স্মিতা | ||||
| ২০১৯ | এন.টি.আৰ.: কথানায়াকুডু | গৰাপতি লোকেশ্বৰী | তেলেগু | ||
| কুপ্পাথু ৰাজা | মেৰী | তামিল | |||
| ২০২২ | পাথোনপাথাম নুটাণ্ডু | ট্ৰাভাঙ্কোৰৰ ৰাণী মাথ্ৰুপিলিল কল্যাণীকুট্টি আম্মা | মালয়ালম | ৮ | |
| মেই হুম মুচা | কুঞ্জিপাথু | ৯ | |||
| গুৰুমূৰ্তি | তামিঝ | তামিল |
তথ্যসূত্ৰ
- ↑ പൂവ് പോലെ പൂനം
- ↑ (28 July 2020). Poonam Bajwa. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (4 April 2019). Modati Cinema and a short stint in Telugu. The Times of India
- ↑ Poonam Bajwa -With stars in her eyes!. Sify
- ↑ (28 October 2020). Poonam Bajwa reveals being in a relationship with an adorable post. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (28 December 2009). Poonam: Little miss Sunshine. The Times of India
- ↑ Kacheri Aarambam - Tamil Movie Reviews - Kacheri Aarambam · Jiiva · Poonam Bajwa · JD Chakravarthy · Vadivelu · D Imman · Thiraivanna - Behindwoods.com. www.behindwoods.com
- ↑ (24 November 2021). Poonam Bajwa is all set for 'Pathonpatham Noottandu', as the shoot wraps up. The Times of India
- ↑ (5 May 2022). Poonam Bajwa is all excited to join the cast of Suresh Gopi's 'Mei Hoom Moosa'. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পুনম বাজৱা” প্ৰবন্ধৰ সংশোধন ৬৩৭৩৬১ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।