প্ৰতিভা শতপথী (জন্ম: ১৮ জানুৱাৰী ১৯৪৫) এগৰাকী ওড়িয়া কবি। তেওঁ ওড়িশাৰ কটক জিলাৰ সত্যভামাপুৰত জন্মগ্ৰহণ কৰিছিল।১ তেওঁৰ জীৱনৰ প্ৰথম পাঁচ বছৰ কৰাপুটত কটিছিল। ভাল বিদ্যালয়ত শিক্ষা গ্ৰহণৰ বাবে তেওঁৰ পৰিয়াল সত্যভামাপুৰলৈ স্থানান্তৰিত হৈছিল। কৈশোৰতে তেওঁ ওড়িছী নৃত্যৰ শিক্ষাও লাভ কৰিছিল। তেওঁ ৰেভেন্সা মহাবিদ্যালয়ত শিক্ষাগ্ৰহণ কৰে আৰু বিবাহৰ পাছত ১৯৬৭ চনত স্নাতকোত্তৰ আৰু ১৯৮০ চনত উৎকল বিশ্ববিদ্যালয়ৰ পৰা পিএইচডি ডিগ্ৰী লাভ কৰে। তেওঁ বাণিজ্য বিভাগৰ অধ্যাপিকা আছিল।
প্ৰতিভাই শৈশৱৰ পৰাই কবিতা লিখিবলৈ আৰম্ভ কৰিছিল। তেওঁৰ কবিতাত প্ৰেম আৰু প্ৰকৃতিৰ এক সুলভ সমন্বয় দেখা যায়।২ তেওঁৰ প্ৰথম কবিতা সংকলন "শেষ জহ্ন" (শেষ জোনাক) ১৯৬২ চনত প্ৰকাশ পাইছিল। তেওঁ সুদীৰ্ঘ ২৫ বছৰ ধৰি ইস্তাহাৰ নামৰ ওড়িয়া আলোচনীৰ সম্পাদক আছিল। বৰ্তমান তেওঁ এখন দ্বিসাপ্তাহিক কবিতা আলোচনী "উদ্ভাষা"ৰ সম্পাদক।৩
পৰিয়াল
প্ৰতিভাৰ বিবাহ হয় সাহিত্যিক নিত্যানন্দ সতপথীৰ সৈতে৷ তেওঁলোকৰ পৰমিতা, মধুব্ৰত, অসিতা আৰু ইপ্সিতা নামৰ চাৰিগৰাকী কন্যা সন্তান আছে।৪
সাহিত্য সম্ভাৰ
আত্মকথা
- শৈশবৰু সংসাৰ (শৈশৱৰ সংসাৰ)
সমালোচনা
- নাৰী অস্তিত্বৰ বাস্তবতা
- বিবৰ্ত্তিত ওড়িআ কবিতা
- কবিতাৰ উদ্ভাসন ও নব্যালোচনা, ২০১৫৫
প্ৰবন্ধ সংকলন
- কল্পনাৰ অভিষেক
- স্পন্দনৰ ভূমি
- প্ৰতিফলন
- উত্তৰ আধুনিক ওড়িআ কবিতা ও অন্যান্য প্ৰবন্ধ
- ভাৰত মাতাৰ লুহ
- বৰ্ণিল ভোগপুৰ
- স্বৰ্গত সাৰলা দেবীঙ্ক জীবনী
সম্পাদনা
- ইস্তাহাৰ পত্ৰিকা
- উদভাষ পত্ৰিকা
কবিতা সংকলন
- কহি ন হেলে (২০০৬)
- অধা অধা নক্ষত্ৰ (২০০১)
- তন্ময় ধুলি (১৯৯৬)৬
- শবৰী (১৯৯১)
- মহামেঘ (১৯৮৮)
- নিমিষে অক্ষৰ (১৯৮৫)
- নিয়ত বসুধা (১৯৮০)
- সাহাডা সুন্দৰী (১৯৭৮)
- গস্ত সময় (১৯৭৪)
- অস্ত জহ্নৰ এলিজি (১৯৬৯)
- শেষ জহ্ন (১৯৬২)
- আম' কবিতা (১৯৬২) (আমাৰ কবিতা)
- The Hidden Flower (Pearl Buck)ৰ অনুবাদ
- Monograph of Kalhana, the twelfth-century poet-historianৰ অনুবাদ৭
পুৰস্কাৰ ও সম্মান
- কেন্দ্ৰ সাহিত্য একাডেমী পুৰস্কাৰ, ২০০১ (তন্ময় ধুল়ি) ৮
- ওড়িশা সাহিত্য একাডেমী পুৰস্কাৰ, ১৯৮৬ (নিমিষে অক্ষৰ) ৯
- শাৰল়া পুৰস্কাৰ, ১৯৯২ (শবৰী)
- সাহিত্য ভাৰতী সম্মান, ২০১৪ (শ্ৰী গঙ্গাধৰ ৰথ ফাউণ্ডেসন্ প্ৰদত্ত)১০
- ঝঙ্কাৰ পুৰস্কাৰ (কবিতা), ১৯৮১ (প্ৰজাতন্ত্ৰ প্ৰচাৰ সমিতি প্ৰদত্ত) ১১
- ক্ৰিটিক সৰ্কল় অফ ইণ্ডিআ পুৰস্কাৰ (১৯৯৬)
- ধৰিত্ৰী- সমাজবাদী সোসাইটি কবিতা সম্মান (১৯৮৫)
- প্ৰজাতন্ত্ৰ তৰুণ কবি পুৰস্কাৰ (১৯৬২)
- ৰাষ্ট্ৰীয় কবিৰ সম্মান, মধ্যপ্ৰদেশ সৰকাৰঙ্ক সংস্কৃতি বিভাগ (২০১৪-১৫)১২
- উৎকল সূৰ্য্য সম্মান, এ.আৰ.এফ (২০০৮)
- কবয়ত্ৰী সুভদ্ৰা কুমাৰী চৌহান সাহিত্য সম্মান, ৰাষ্ট্ৰীয় হিন্দী একাডেমী ও ৰুপাম্বৰা, কলিকতা (২০০৭)
- ৰাষ্ট্ৰীয় হিন্দী একাডেমী ও ৰুপম্বৰা সম্মান
- আৰ জি জাতীয় সদভাবনা পুৰস্কাৰ
- পদ্মশ্ৰী ২০২৫১৩
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Orissa (India). Orissa District Gazetteers: Sambalpur. Superintendent, Orissa Government Press
- ↑ Pratibhā Śatapathī. (2003). A Time Of Rising. Har-Anand. ISBN 978-81-241-0907-6
- ↑ paramitasatpathy.com/family
- ↑ ପ୍ରଥମ ବହି. ଧରିତ୍ରୀ ସାହିତ୍ୟାୟନ ନଭେମ୍ବର ୧୪-୨୭ ପୃଷ୍ଠା ୨
- ↑ www.dharitri.com/sahityayan/270615/p8.htm
- ↑ (January 2007). Indian Literature. Sahitya Akademi
- ↑ D. S. Rao. (1 January 2004). Five Decades: The National Academy of Letters, India: a Short History of Sahitya Akademi. Sahitya Akademi. পৃ. 124–. ISBN 978-81-260-2060-7
- ↑ AKADEMI AWARDS (1955-2020). কেন্দ্ৰ সাহিত্য একাডেমী
- ↑ ওড়িশা সাহিত্য একাডেমী পুৰস্কৃত পুস্তক ও লেখক. ওড়িশা সাহিত্য একাডেমী
- ↑ Sahitya Bharati Samman for poet Pratibha Satpathy. The Statesman
- ↑ (2012). PRATIBHA SATPATHY. orissadiary.com
- ↑ সমাজ ০৭/১১/২০১৭ ভুবনেশ্ৱৰ সংস্কৰণ পৃষ্ঠা ৯
- ↑ https://samajaepaper.in/imageview_62_12202521314658_4_83_02-02-2025_5_i_1_sf.html. The Samaja ePaper
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰতিভা শতপথী” প্ৰবন্ধৰ সংশোধন ৬৩৯৯৮৪ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।