পি গীতা(:P. Geetha) কেৰালাৰ এগৰাকী ভাৰতীয় লেখিকা, সমালোচক আৰু নাৰীবাদী কৰ্মী। তেওঁৰ কান্নাদিকাল উদয়ক্কুন্নথেন্থিনু শীৰ্ষক গ্ৰন্থখন মালয়ালম ভাষাৰ প্ৰথম নাৰীবাদী সমালোচনাত্মক অধ্যয়ন গ্ৰন্থ বুলি গণ্য কৰা হয়। কেৰালা সাহিত্য অকাডেমীৰ পৰা কুট্টিপ্পুঝা এনডাউমেণ্ট বঁটা, কেৰালা চলচ্চিত্ৰ সমালোচক বঁটা আৰু কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটাকে ধৰি বহু বঁটা লাভ কৰে।
জীৱনী
পি গীতা জন্মগ্ৰহণ কৰিছিল মালাপ্পুৰম জিলাৰ অঙ্গাডিপুৰমত। তেওঁ মাতৃ পি.এচ. পদ্মিনী আৰু পিতৃ পি.চি. পৰমেশ্বৰনৰ কন্যা।১ তেওঁ মালয়ালম বিষয়ৰ শিক্ষয়িত্ৰী হিচাপে মাদাপল্লী চৰকাৰী মহাবিদ্যালয়, মালাপ্পুৰম চৰকাৰী মহাবিদ্যালয় আৰু পট্টাম্বি শ্ৰী নীলকান্ত সংস্কৃত মহাবিদ্যালয়ত কাৰ্যনিৰ্বাহ কৰি আহিছে।২
তেওঁৰ স্বামী পি.পবিত্ৰন এজন সামাজিক কৰ্মী, সাহিত্য সমালোচক আৰু কালাদি সংস্কৃত বিশ্ববিদ্যালয়ৰ মালয়ালম বিষয়ৰ শিক্ষক।২ তেওঁলোকৰ দুজন সন্তান —ক্ৰমে অপৰ্ণা প্ৰশান্তি আৰু অতুল পি.।২ বৰ্তমান তেওঁ মালাপ্পুৰম জিলাৰ অঙ্গাডিপুৰমস্থিত নিজ ঘৰতে বাস কৰি আছে।৩
সক্ৰিয়তাবাদ
গীতাই নাৰীবাদী আৰু অন্যান্য সামাজিক বিষয়সমূহক লৈ নিয়মিতভাৱে লিখে আৰু বক্তৃতা প্ৰদান কৰে। তেওঁৰ নিজৰ স্থিতি আৰু মতামতৰ বাবে সমাজৰ পৰা বিভিন্ন ধৰণৰ অপমান আৰু হেয় প্রতিপন্ন ব্য়ৱহাৰৰ সন্মুখীন হৈ আহিছে। তেওঁ চাৰিওফালে থকা কিছুমান লোকৰ বিৰুদ্ধে আৰক্ষীক অভিযোগ দাখিল কৰিছিল, কিয়নো সেইসকল লোকে নিৰন্তৰ অশালীন মন্তব্য কৰি আহিছিল— সেইবোৰ হৈছে, তেওঁ নিজৰ কন্যাৰ বিবাহ সম্পন্ন কৰা নাই আৰু পুৰুষক কেনেকৈ সন্মান কৰিব লাগে সেয়া নাজানে আদি।৩
অৱদান
১৯৭৩ চনত মথৰুভূমিৰ শিশু সাহিত্য শিতান আৰু নৱ থাৰংগমত লিখিবলৈ আৰম্ভ কৰা গীতাই নব্বৈৰ দশকত নাৰীবাদী সমালোচনাৰ বাবে সকলোৰে দৃষ্টিগোচৰ হৈ পৰিছিল।২ তেওঁৰ মালয়ালম ভাষাৰ সমালোচনাত্মক অধ্যয়ন গ্ৰন্থ কান্নাদিকাল উদয়ক্কুন্নথেন্থিনু [আইনা ভাঙিলে কিয়] নামৰ মালয়ালমৰ প্ৰথম নাৰীবাদী সমালোচনাত্মক অধ্যয়ন গ্ৰন্থ হিচাপে গণ্য কৰা হয়।২
গীতাই 'আধুনিক মালয়ালম কবিতাত নাৰীবাদী দৃষ্টিভংগী' বিষয়ক গৱেষণাৰ বাবে কালিকাট বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে।২ তেওঁৰ নাৰীবাদী লেখাৰ লগতে তেওঁৰ মূল চৰিত্ৰ গান্ধাৰীৰ সৈতে আম্মাক্কল্লু নামৰ এখন উপন্যাস আৰু তিনিটা গল্প সংকলন প্ৰকাশ পাইছে।২
প্ৰকাশিত কিতাপ
- Sthree Vimochanamenneal Manushya Vimochanam [নাৰীৰ মুক্তিৰ অৰ্থ হৈছে মানৱ মুক্তি।] (মালয়ালম ভাষাত)। ২০২৩.আই এছ বি এন ৯৭৮৯৩৯৩০৫২১৭৯।
- দেৱভূতিক মঞ্জুপৱথ [দেৱতা নোহোৱা হৈ গৈছে।] (মালয়ালম ভাষাত)। ২০২৩. আই এছ বি এন ৯৭৮৯৩৮৭৮২৮৬৪৩। মহিলাৰ বাস্তৱতা আৰু ধাৰণা কেনেকৈ লিপিবদ্ধ কৰা হয় সেই বিষয়ে অন্বেষণ কৰা এখন অধ্যয়ন গ্ৰন্থ।
- চিনেমায়ুদে কায়েতংগল [চিনেমাৰ বেদখল] (মালয়ালম ভাষাত)। ২০২৩.আই এছ বি এন ৯৭৮৯৩৯৩০৫২১৪৮।
- মালয়ালথিন্তে ভেলিথিৰা [মালয়ালমৰ ৰূপালী পৰ্দা।] (মালয়ালম ভাষাত)। ২০২৩.আই এছ বি এন৯৭৮৯৩৮৭৮২৮৬৫০। কিছুমান জনপ্ৰিয় ছবিক উদাহৰণ হিচাপে ব্যৱহাৰ কৰি মালয়ালম ৰূপালী পৰ্দাত মহিলাসকলে কেনেদৰে দেখা দিছে সেই বিষয়ে অন্বেষণ কৰা এখন অধ্যয়ন গ্ৰন্থ।
- আন তাচুকাল [পুৰুষ সৃষ্টি।] (মালয়ালম ভাষাত)। ২০২০.আই এছ বি এন ৯৭৮০০০০১৪৮৯৯৫। নাৰীবাদী দৃষ্টিকোণৰ পৰা এম টিৰ চিত্ৰনাট্যৰ এক বিস্তৃত অধ্যয়ন।
- আৰ্যমাকিলুমানাৰিকলুম (মালয়ালম ভাষাত)। ২০২৩.আই এছ বি এন ৯৭৮৯৩৯৩০৫২০৮৭.সাহিত্য সমালোচনা
- ১৯২১ চৰিত্ৰ ভাৰ্টগমনংগল [১৯২১ ঐতিহাসিক দৃষ্টিভংগী.] (মালয়ালম ভাষাত)। ২০১৫. আই এছ বি এন ৯৭৮৯৩৮৭৮২৮৬২৬। ১৯২১ চনৰ মালাবাৰ বিদ্ৰোহৰ ইতিহাসত আওকাণ আৰু বাদ পৰা মহিলাসকলৰ জীৱন পুনৰ উদ্ধাৰ কৰা এই ঐতিহাসিক অধ্যয়ন।
- অথিৰিকালিলে আশ্বাৰীৰিক [সীমান্তত কণ্ঠ] (মালয়ালম ভাষাত)। ২০২৩.আই এছ বি এন ৯৭৮৯৩৯৩০৫২০৯৪।
- ইৰিক্কানো মাৰিক্কানো [বহা বা মৰিবলৈ?] (মালয়ালম ভাষাত)। ২০২৩.আই এছ বি এন ৯৭৮৯৩৯৩০৫২১০০.সমালোচনা।
- প্ৰাণয়ম লাইঙিকথা অধিকাৰম [প্ৰেম, যৌনতা, ক্ষমতা] (মালয়ালম ভাষাত)। ২০২৩.আই এছ বি এন ৯৭৮৯৩৯৩০৫২১০০.সমালোচনা।
- কথকলিয়ম্মামাৰ [কথাকালী ভাষাত মাতৃ] (মালয়ালম ভাষাত)। ২০২৩.আই এছ বি এন ৯৭৮০০০০০০১৪৫৩৪৫।
- সীথায়িলে সীথা [সীথাত সীথা] (মালয়ালম ভাষাত)। কেৰেলা ভাষা প্ৰতিষ্ঠান। ২০২৩.আই এছ বি এন ৯৭৮৮১৭৬৩৮৬৩৫৭।
- কে আৰ গৌৰী যম্মেয়ম কেৰেলাভম [কে. আৰ গৌৰী আম্মা আৰু কেৰালা] (মালয়ালম ভাষাত)। বৰ্তমানৰ কিতাপ। ২০২৩.আই এছ বি এন ৯৭৮৯৩৮৬৪২৯৮৬৫।
- অথিতা সাক্ষ্যংগল [অতিক্ৰমণীয় সাক্ষ্য] (মালয়ালম ভাষাত)। ২০২০.আই এছ বি এন ৯৭৮৯৩৮৬২৪৯৯৫৭। এই কিতাপখন কেৰালাৰ কুইয়াৰ জীৱনৰ অকপট বিৱৰণী।
- মাৰাৰুদে এজুথিলে আম্মাভাজিকাল [মাৰাৰৰ লেখাত থকা মাতৃসুলভ বস্তুবোৰ] (মালয়ালম ভাষাত)। মৰাৰ সাহিত্য প্ৰকাশন। ২০১৭.আই এছ বি এন ৯৭৮০০০০১২৩৫৬৫।
- এঝুথাম্মামাৰ [সাহিত্যত মাতৃ] (মালয়ালম ভাষাত)। কেৰেলা ভাষা প্ৰতিষ্ঠান। ২০১৪ চন।আই এছ বি এন ৯৭৮৮১৭৬৩৮৯৪১৯।
- Theeyezhthukal [অগ্নি লেখা] (মালয়ালম ভাষাত)। কেৰেলা ভাষা প্ৰতিষ্ঠান। ২০১৬.আই এছ বি এন ৯৭৮৮১২০০৩৯১২৪।
- Pettunovum Eettupunyavum (মালয়ালম ভাষাত)। ২০২৩.আই এছ বি এন ৯৭৮৯৩৯৩০৫২০৯৪।
- কান্নাদিকাল উদয়ক্কুন্নথেন্থিনু [আইনা ভাঙিলে কিয়] (মালয়ালম ভাষাত)। ১৯৯৭ চনত।
- পেনকলাংগল [ছোৱালীৰ যুগ] (মালয়ালম ভাষাত)। ২০১০ চনত।
- অধুনিক মালয়াল কবিথায়িলে শ্ৰীপক্ষ সমীপনাংগল [আধুনিক মালয়ালম কবিতাত নাৰীবাদী পন্থা] (মালয়ালম ভাষাত)। কালিকট বিশ্ববিদ্যালয়: মালয়ালম বিভাগ - কেৰালা অধ্যয়ন, ১৯৯৫.; লিপি পাব্লিকেচনছ, কোজিকোড, ২০০২। ১৯৯৫।
- Sthreeevaadathinte কেৰেলা পৰিষৰাম [নাৰীবাদৰ কেৰেলাৰ প্ৰসংগ] (মালয়ালম ভাষাত)। ২০২৩.আই এছ বি এন ৯৭৮৯৩৯৩০৫২১১৭।
- আম্মাক্কল্লু (মালয়ালম ভাষাত)। ২০২৩ আই এছ বি এন ৯৭৮৯৩৮৭৮২৮৩৫৩. মহাকাব্য মহাভাৰতৰ আধাৰত এখন উপন্যাস।
- গীতাযুদে সম্পুৰ্ণ কঠাকল (মালয়ালম ভাষাত)। ২০১৯.আই এছ বি এন ৯৭৮৯৩৮৭৮২৮৩৮৪.চুটিগল্প সংকলন।
বঁটা আৰু সন্মান
১৯৯৮ চনত তেওঁৰ সমালোচনাত্মক অধ্যয়ন কান্নাদিকাল উদয়ক্কুন্নাথেন্থুনুয়ে কেৰেলা সাহিত্য অকাডেমীৰ পৰা কুট্টিপ্পুজা এনডাউমেণ্ট বঁটা লাভ কৰে।৪ ২০২৪ চনত তেওঁ নাৰীবাদী অধ্যয়নৰ বাবে WINGS (Women’s Integration and Growth Through Sports) কেৰেলাৰ দ্বাৰা প্ৰতিষ্ঠা কৰা প্ৰথম কে সৰস্বতী আম্মা বঁটা লাভ কৰে, এম.টি. বাসুদেৱন নাইৰৰ চিত্ৰনাট্য।৫৯৯৮ চনত শ্ৰেষ্ঠ কাব্যিক সাহিত্য সমালোচনাৰ বাবে থায়াট্টু বঁটা, শ্ৰেষ্ঠ যুৱ সমালোচকৰ বাবে ললিথাম্বিকা অন্তৰ্জনাম সোঁৱৰণী বঁটা, কেৰালা চলচ্চিত্ৰ সমালোচক বঁটা, সংস্কাৰিকা কেৰালাম বঁটা, কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা, মুথুকুলাম পাৰ্বতী আম্মা বঁটা, চি.এন. আহমেদ মৌলৱী বঁটা, আৰু পি.কে.ডি. স্মৃতি সাহিত্য বঁটা।২
তথ্যসূত্ৰ
- ↑ (2018-07-20). ഗീത. Keralaliterature.com
- ↑ (2023-05-04). ഡോ. പി. ഗീതയുടെ രചനാജീവിതത്തിന് അരനൂറ്റാണ്ട്. Mathrubhumi
- ↑ (2017-03-18). [https://www.samakalikamalayalam.com/news/kerala/%E0%B4%86%E0%B4%A3%E0%B5%81%E0%B4%99%E0%B5%8D%E0%B4%99%E0%B4%B3%E0%B5%86-%E0%B4%AC%E0%B4%B9%E0%B5%81%E0%B4%AE%E0%B4%BE%E0%B4%A8%E0%B4%BF%E0%B4%95%E0%B5%8D%E0%B4%95%E0%B5%81%E0%B4%A8%E0%B5%8D%E0%B4%A8%E0%B4%BF%E0%B4%B2%E0%B5%8D%E0%B4%B2%E0%B5%86%E0%B4%A8%E0%B5%8D%E0%B4%A8%E0%B5%8D-%E0%B4%AA%E0%B4%B1%E0%B4%9E%E0%B5%8D%E0%B4%9E%E0%B5%8D-%E0%B4%85%E0%B4%B8%E0%B4%AD%E0%B5%8D%E0%B4%AF-%E0%B4%B5%E0%B4%B0%E0%B5%8Dzwj%E0%B4%B7%E0%B4%82-%E0%B4%B8%E0%B4%A6%E0%B4%BE%E0%B4%9A%E0%B4%BE%E0%B4%B0-%E0%B4%AA%E0%B5%8A%E0%B4%B2%E0%B5%80%E0%B4%B8%E0%B5%81%E0%B4%95%E0%B4%BE%E0%B4%B0%E0%B5%86%E0%B4%95%E0%B5%8D%E0%B4%95%E0%B5%8A%E0%B4%A3%E0%B5%8D%E0%B4%9F%E0%B5%8D-%E0%B4%AA%E0%B5%8A%E0%B4%B1%E0%B5%81%E0%B4%A4%E0%B4%BF-%E0%B4%AE%E0%B5%81%E0%B4%9F%E0%B5%8D%E0%B4%9F%E0%B4%BF%E0%B4%AF%E0%B5%86%E0%B4%A8%E0%B5%8D-1514.html ആണുങ്ങളെ ബഹുമാനിക്കുന്നില്ലെന്ന്
- ↑ Kerala Sahitya Akademi Awards. Kerala Sahitya Akademi
- ↑ (2024-06-29). P. Geetha wins first ever K. Saraswathi Amma Award. দ্য হিন্দু
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পি গীতা” প্ৰবন্ধৰ সংশোধন ৬২৭৫৯৩ (১৫ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।