অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পিনাকী চন্দ্ৰ ঘোষ

পিনাকী চন্দ্ৰ ঘোষ (জন্ম ২৮ মে ১৯৫২) ভাৰতৰ প্ৰথম তথা বৰ্তমান লোকপাল। ২০১৯ চনৰ ১৯ মাৰ্চ তাৰিখে তেওঁ এই পদত নিযুক্তি লাভ কৰে। তেওঁ এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ।

হালনাগাদ: ৭ মে’ ২০২০ ২১১ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

পিনাকী চন্দ্ৰ ঘোষ (জন্ম ২৮ মে ১৯৫২) ভাৰতৰ প্ৰথম তথা বৰ্তমান লোকপাল। ২০১৯ চনৰ ১৯ মাৰ্চ তাৰিখে তেওঁ এই পদত নিযুক্তি লাভ কৰে। তেওঁ এগৰাকী অৱসৰপ্ৰাপ্ত১২ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ।৩ উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ হিচাপে নিযুক্তি পোৱাৰ আগতে তেওঁ অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদত অধিষ্ঠিত আছিল। ইয়াৰ আগতে তেওঁ কলিকতা উচ্চ ন্যায়ালয়ত ন্যায়াধীশ হিচাপে কৰ্মৰত আছিল। তেওঁ বৰ্তমান ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগৰ এজন সদস্য। ২০১৯ চনৰ ১৭ মাৰ্চ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ভাৰতৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, লোকসভাৰ অধ্যক্ষ সুমিত্ৰা মহাজন আৰু জ্যেষ্ঠ অধিবক্তা মুকুল ৰহোৎগীৰ দ্বাৰা গঠিত বাচনি সমিতিয়ে তেওঁক ভাৰতৰ প্ৰথম লোকপাল হিচাপে চয়ন কৰে। ২০১৯ চনৰ ১৯ মাৰ্চ তাৰিখে তেওঁক ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দে ন্যায়াধীশ পিনাকী চন্দ্ৰ ঘোষক ভাৰতৰ প্ৰথম লোকপাল নিযুক্ত কৰে।৪ তেওঁ এই পদত পাঁচ বছৰ কাৰ্যকাল বা ৭০ বছৰ বয়সলৈকে অধিষ্ঠিত থাকিব।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৫২ চনৰ ২৮ মে তাৰিখে কলকাতাত পিনাকী চন্দ্ৰ ঘোষৰ জন্ম হৈছিল। তেওঁৰ পিতৃ ন্যায়াধীশ শম্ভূ চন্দ্ৰ ঘোষ কলিকতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আছিল। তেওঁ পৰিয়ালৰ পোন্ধৰ প্ৰজন্মৰ অধিবক্তা। তেওঁলোকৰ পৰিয়াল কলিকতাৰ উত্তৰ প্ৰভিন্সৰ জৰাশংকৰ দেৱান বানাৰছী ঘোষৰ বংশৰ আছিল। ১৮৬৭ চনত তেওঁলোকৰ পৰিয়ালৰ হৰ চন্দ্ৰ ঘোষ কলিকতাৰ দেৱানী সদৰ আদালতৰ প্ৰথম গৰাকী ভাৰতীয় মুখ্য বিচাৰপতি আছিল।৫ পিনাকী চন্দ্ৰ ঘোষে কলিকতাৰ চেইণ্ট জেভিয়াৰ্ছ কলেজৰ পৰা বি.কম. ডিগ্ৰী লাভ কৰিছিল। তাৰপিছত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ ইউনিভাৰ্চিটি কলেজ অফ ল'ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল।

তথ্যসূত্ৰ

  1. ↑ sci.nic.in/judges/sjud/pcghose.htm
  2. ↑ barandbench.com/justice-pc-ghose-supreme-court/
  3. ↑ (23 February 2013). Supreme Court to get two more judges. The Hindu News Portal
  4. ↑ Former SC judge Pinaki Chandra Ghose tipped to be India’s first Lokpal. thehindu
  5. ↑ Chief Justice of India & Sitting Hon'ble Judges Justice Pinaki Chandra Ghose. Supreme Court of India portal

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ন্যায়াধীশ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পিনাকী চন্দ্ৰ ঘোষ” প্ৰবন্ধৰ সংশোধন ২২৫৯৯৭ (৭ মে’ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।