অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰণৱ চুৰমা

প্ৰণৱ চুৰমা (Pranav Soorma; জন্ম: ৪ অক্টোবৰ, ১৯৯৪) এগৰাকী ভাৰতীয় পেৰা এথলীট। তেওঁ গদা দলিওৱা বা ক্লাৱ থ্ৰো খেলৰ এফ৫১ শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰে। ২০২৪ চনত ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকত পুৰুষৰ ক্লাৱ থ্ৰো প্ৰতিযোগিতাৰ এফ৫১ শাখাত ৰূপৰ পদক লাভ কৰে।

হালনাগাদ: ১৭ জানুৱাৰী ২০২৫ ২০৭ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

প্ৰণৱ চুৰমা (Pranav Soorma; জন্ম: ৪ অক্টোবৰ, ১৯৯৪) এগৰাকী ভাৰতীয় পেৰা এথলীট। তেওঁ গদা দলিওৱা বা ক্লাৱ থ্ৰো খেলৰ এফ৫১ শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰে।১ ২০২৪ চনত ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকত পুৰুষৰ ক্লাৱ থ্ৰো প্ৰতিযোগিতাৰ এফ৫১ শাখাত ৰূপৰ পদক লাভ কৰে। ২০২২ চনত চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছতো তেওঁ স্বৰ্ণ পদক লাভ কৰিছিল। এই ইভেণ্টত তেওঁ ৩০.০১ মিটাৰ নিক্ষেপ কৰি এছিয়ান গেমছৰ অভিলেখ গঢ়িছিল।২৩৪

প্ৰাৰম্ভিক জীৱন

১৯৯৪ চনৰ ৪ অক্টোবৰ তাৰিখে হাৰিয়ানাৰ ফৰিদাবাদত প্ৰণৱ চুৰমাৰ জন্ম হৈছিল। তেওঁ স্কুলীয়া শিক্ষা দিল্লীৰ ছেইণ্ট পল স্কুলত গ্ৰহণ কৰিছিল।৫ পিছলৈ তেওঁ দিল্লী স্কুল অৱ ইকনমিক্সৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে।৬ বৰ্তমান তেওঁ বেংক অৱ বৰোদাত সহকাৰী ব্যৱস্থাপক হিচাপে কৰ্মৰত।

২০১১ চনত ১৬ বছৰ বয়সত প্ৰণৱে এক ভয়ংকৰ দুৰ্ঘটনাৰ সন্মুখীন হয় আৰু তেওঁৰ স্নায়ুৰজ্জুত আঘাত পায়।৭ তেওঁৰ পিতৃ সঞ্জীৱে দিবলৈ চাকৰি এৰি পুত্ৰৰ ক্ৰীড়া প্ৰতিভা বিকাশত সহায় কৰিছিল।৮ প্ৰণৱে এফ ৫১ ক্লাৱ থ্ৰো ইভেণ্টৰ বাবে যোগ্যতা অৰ্জন কৰে। এই শাখাৰ খেলুৱৈ সকলে কান্ধ আৰু বাহুৰ ওপৰত নিৰ্ভৰ কৰি শক্তি উৎপাদন কৰে আৰু বহি থকাৰ সময়ত গদা দলিয়াই খেলত প্ৰদৰ্শন কৰে।৯ তেওঁক ক্ৰীড়া বেচৰকাৰী সংস্থা অলিম্পিক গোল্ড কুৱেষ্টে সমৰ্থন কৰে।

খেলুৱৈ জীৱন

২০২৩ চনৰ ২৩ অক্টোবৰত প্ৰণৱ চুৰমায়ে চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছৰ স্বৰ্ণ পদক লাভ কৰে।৬ ইয়াৰ পূৰ্বে তেওঁ ২০২৩ চনত চাৰ্বিয়া অ’পেনতো সোণৰ পদক লাভ কৰিছিল। ২০২২ চনত টিউনিছিয়া গ্ৰেণ্ড প্ৰিস্কত তেওঁ ৰূপ আৰু সোণৰ পদক লাভ কৰিছিল। ২০১৯ চনত তেওঁ বেইজিং গ্ৰেণ্ড প্ৰিস্কত তেওঁ ৰূপৰ পদক লাভ কৰে।৬ খেলো ইণ্ডিয়া পেৰা খেলৰ প্ৰথম সংস্কৰণত তেওঁ ২০২৩ চনৰ ডিচেম্বৰ মাহত নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত স্বৰ্ণ পদকৰ বাবে ৩৩.৫৪ দূৰত্ব নিক্ষেপ কৰি এছিয়ান অভিলেখ গঢ়ে।১০১১ ২০২৪ চনত ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকত পুৰুষৰ ক্লাৱ থ্ৰো প্ৰতিযোগিতাৰ এফ৫১ শাখাত ৰূপৰ পদক লাভ কৰে।

তথ্যসূত্ৰ

  1. ↑ PTI. (2023-10-23). Asian Para Games 2023: India's brilliant performance, Pranav Soorma, Shailesh Kumar won gold. www.hindi.business-standard.com
  2. ↑ (2023-10-23). Asian Para Games 2023: Pranav Soorma, Shailesh Kumar clinch gold. The Times of India
  3. ↑ (2023-10-23). Indians sweep all medals in two events to begin Para Asian Games campaign. The Economic Times
  4. ↑ Dharambir, Pranav Soorma, Amit Kumar In Men's Club Throw. outlook india
  5. ↑ Duggal, Saurabh. Mr Wheelchair India, Banker, and now Para Asian Games gold medalist: Meet Pranav Soorma. www.newsdrum.in
  6. ↑ Sports Desk, Outlook. (2023-10-23). Asian Para Games 2023: Who Is Gold Medalist Pranav Soorma?. www.outlookindia.com
  7. ↑ Banker Pranav Soorma's inspiring journey from spinal injury to gold in Para Asian Games. Pixstory
  8. ↑ PTI. (2023-10-23). Para Asian Games · Indians clinch 17 medals, including six gold, to begin campaign in style. The Hindu
  9. ↑ (2023-10-23). Exceptional, monumental: PM Modi hails Indian athletes' performances at Asian Para Games. The Economic Times
  10. ↑ Union Sports minister Shri Anurag Singh Thakur declares the Para Khelo India games closed. pib.gov.in
  11. ↑ Bureau, Sports. (2023-12-13). Khelo India Para Games · Pranav Soorma betters own mark to win gold in the men's F51 category club throw. The Hindu

সম্পৰ্কিত শ্ৰেণী

হাৰিয়ানাৰ ব্যক্তিভাৰতীয় পেৰা-এথলীটপেৰালিম্পিকত পদক বিজয়ী ভাৰতীয়ভাৰতীয় পেৰালিম্পিক প্ৰতিযোগীঅৰ্জুন বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰণৱ চুৰমা” প্ৰবন্ধৰ সংশোধন ৪৬৪৬১৪ (১৭ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।