অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পি কন্নাম্ব

পছুপুলেটি কন্নাম্ব ( Pasupulēţi Kannāṃba; ৫ অক্টোবৰ ১৯১১ – ৭ মে’ ১৯৬৮) ভাৰতৰ অন্ধ্ৰপ্ৰদেশৰ এগৰাকী অভিনেত্ৰী, নেপথ্য কণ্ঠশিল্পী আৰু তেলেগু ছবিৰ প্ৰযোজক। ১৯৩০ দশকৰ পৰা ১৯৬০ দশকলৈ তেওঁ ১৭০ খনতকৈও অধিক ছবিত অভিনয় কৰিছিল আৰু তেলেগু আৰু তামিল ভাষাত প্ৰায় ২৫ খন ছবি নিৰ্মাণ কৰিছিল।

হালনাগাদ: ৬ জুন ২০২৫ ১৬৩ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

পছুপুলেটি কন্নাম্ব ( Pasupulēţi Kannāṃba; ৫ অক্টোবৰ ১৯১১ – ৭ মে’ ১৯৬৮) ভাৰতৰ অন্ধ্ৰপ্ৰদেশৰ এগৰাকী অভিনেত্ৰী, নেপথ্য কণ্ঠশিল্পী আৰু তেলেগু ছবিৰ প্ৰযোজক। ১৯৩০ দশকৰ পৰা ১৯৬০ দশকলৈ তেওঁ ১৭০ খনতকৈও অধিক ছবিত অভিনয় কৰিছিল আৰু তেলেগু আৰু তামিল ভাষাত প্ৰায় ২৫ খন ছবি নিৰ্মাণ কৰিছিল। ১ ২

কৰ্মজীৱন

১৯১১ চনৰ ৫ অক্টোবৰত কান্নাম্বৰ জন্ম হৈছিল। তেওঁৰ জন্মস্থান নন্দিয়াল জিলাৰ ওৱকু। তেওঁৰ পিতৃ-মাতৃ আছিল লোকম্বা আৰু চৰকাৰী ঠিকাদাৰ এম ভেংকনাৰসাইয়া। কন্নাম্ব তেওঁলোকৰ একমাত্ৰ সন্তান আছিল আৰু এলুৰুত মাতৃৰ ফালৰ পৰা ককাক-আইতাকৰ সৈতে ডাঙৰ-দীঘল হৈছিল।৩ তেওঁ ১৩ বছৰ বয়সৰ পৰাই নাটকত অভিনয় কৰিবলৈ আৰম্ভ কৰে আৰু সতী সাবিত্ৰী, অনসুয়া, চন্দ্ৰমতী আদি বহু চৰিত্ৰত অভিনয় কৰে।

ষ্টাৰ কম্বাইনছৰ হৰিশ্চন্দ্ৰৰ (১৯৩৫) চন্দ্ৰমতী চৰিত্ৰটোৰে তেওঁৰ চলচ্চিত্ৰ জীৱনৰ আৰম্ভণি হৈছিল। প্ৰায় ১৫০ খন ছবিত অভিনয় কৰে আৰু দ্ৰৌপদী বস্ত্ৰপহৰনম, কনকটাৰা, শৰণগধাৰা, গ্ৰুহলক্ষ্মী আৰু চণ্ডিকা ছবিত অভিনয় কৰি প্ৰশংসা পায়। তামিল ছবি কন্নগীত শিৰোনাম চৰিত্ৰত আৰু পালনাটি যুদ্ধমত গোবিন্দৰাজুলা চুব্বা ৰাওৰ বিপৰীতে নয়কুৰালু নাগম্মা চৰিত্ৰত অভিনয় কৰিছিল। তেওঁ অশোক কুমাৰ (১৯৪১) ছবিত আন এজন মহান অভিনেতা ভি নাগইয়াৰ বিপৰীতে কুইনৰ চৰিত্ৰত অভিনয় কৰিছিল।৪

তথ্যসূত্ৰ

  1. ↑ V. Raman, Mohan. (30 September 2011). She walked tall in tinsel town. দ্য হিন্দু
  2. ↑ Kannamba Pasupuleti
  3. ↑ Nalini Shivkumar; Rema Mahalingam. (17 October 2020). Pasupuleti Kannamba. Cinemaazi
  4. ↑ (25 January 2008). Ashok Kumar 1941. দ্য হিন্দু

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীতামিল চলচ্চিত্ৰৰ অভিনেত্ৰীতেলেগু চলচ্চিত্ৰৰ অভিনেত্ৰীভাৰতীয় মঞ্চ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পি কন্নাম্ব” প্ৰবন্ধৰ সংশোধন ৫১৫৭২০ (৬ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।