পিটাৰ হেণ্ডকে (; জন্ম ৬ ডিচেম্বৰ ১৯৪২) এগৰাকী অষ্ট্ৰিয়ান ঔপন্যাসিক, নাট্যকাৰ, চিত্ৰনাট্যকাৰ আৰু অনুবাদক। তেওঁ ২০১৯ চনৰ সাহিত্যৰ ন'বেল বঁটা লাভ কৰে।
প্ৰাৰম্ভিক জীৱন
১৯৪২ চনৰ ৬ ডিচেম্বৰ তাৰিখে অষ্ট্ৰিয়াৰ গ্ৰীফেনত পিটাৰ হেণ্ডকেৰ জন্ম হৈছিল। তেওঁ আৰু তেওঁৰ মাতৃ কেৰিঠিয়ান শ্লভেনৰ সৈতে ১৯৪৪ চনৰ পৰা ১৯৪৮ চনলৈ ছোভিয়েট অধিকৃত জাৰ্মানীৰ বাৰ্লিন জিলাৰ পানকৌ অঞ্চলত বাস কৰিছিল। তাৰপিছত তেওঁলোক আকৌ অষ্ট্ৰিয়াৰ গ্ৰীফেনলৈ উভতি যায়। কিছুমান জীৱনীকৰাৰ মতে তেওঁৰ সতিয়া দেউতাকৰ মদ্যপান আৰু সৰু চহৰখনৰ সীমিত সাংস্কৃতিক পৰিৱেশৰ বাবে তেওঁ প্ৰবল অনুভূতিশীল হৈছিল। ১৯৭১ চনত তেওঁৰ মাতৃয়ে আত্মহত্যা কৰে। এই ঘটনাৰ আলম লৈ তেওঁ "এ ছ'ৰ' বিয়ণ্ড ড্ৰিম" ৰচনা কৰিছিল। ই তেওঁৰ জীৱনৰ প্ৰতিফলন স্বৰূপ।
১৯৫৪ চনত তেওঁক অষ্ট্ৰিয়াৰ টানজেনবাৰ্গ কেছেলৰ কেথলিক "মেৰিয়ানাম" ল'ৰাৰ আৱাসিক বিদ্যালয়ত নামভৰ্তি কৰোৱা হৈছিল। ইয়াত তেওঁৰ প্ৰথম লেখা বিদ্যালয়ৰ বাতৰিকাকত "ফেকেল"ত প্ৰকাশিত হৈছিল। ১৯৫৯ চনত তেওঁ ক্লাগেনফুৰ্টলৈ যায় আৰু তাত তেওঁ হাইস্কুলত নামভৰ্তি কৰে। তাৰপিছত তেওঁ ১৯৬১ চনত তেওঁ গ্ৰেজ বিশ্ববিদ্যালয়ত আইন অধ্যয়ন কৰে।১
কৰ্মজীৱন
গ্ৰেজ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থাকোঁতে তেওঁ নিজকে এগৰাকী লেখক হিচাপে প্ৰতিষ্ঠিত কৰিছিল। তেওঁ বিশ্ববিদ্যালয়ৰ "গ্ৰেজাৰ গ্ৰুপ" নামৰ যুৱ লেখকৰ সন্থাৰ লগত জড়িত হৈছিল।২ এই সন্থায়ে সাহিত্যিক আলোচনী "মেনুস্ক্ৰীপ্টে"প্ৰকাশ কৰিছিল।৩
১৯৫৬ চনত তেওঁৰ উপন্যাস "ডাই হৰ্নিছেন" জাৰ্মান প্ৰকাশন গোষ্ঠীয়ে প্ৰকাশৰ বাবে গ্ৰহণ কৰাৰ পিছত তেওঁ পঢ়া-শুনা সিমানতে সামৰে। তেওঁ নিউ জাৰ্চিৰ প্ৰিন্সটনত অনুষ্ঠিত গ্ৰুপে ৪৭ৰ অধিবেশনত তেওঁৰ নাটক পাব্লিকুমছবেচচিম্পফুঙ" মঞ্চস্থ কৰি বিশেষ ভাবে সমাদৃত হৈছিল।৪ তেওঁ ১৯৬৯ চনত ভাৰলেগ ডেৰ অট'ৰেন নামৰ প্ৰকাশন গোষ্ঠীৰ সহ প্ৰতিষ্ঠাপক হয়। তেওঁ ১৯৭৩ চনৰ পৰা ১৯৭৭ চনলৈ গ্ৰেজাৰ অট'ৰেনভাৰচামলুং গোটৰ সদস্য আছিল।
তেওঁ কেইবাখনো চলচ্চিত্ৰৰ চিত্ৰনাট্য লিখিছে।৫ ১৯৭৮ চনত মুক্তি লাভ কৰা "ডাই লিংকশ্বানদীগে ফ্ৰাও" ছবিখন তেওঁ নিৰ্দেশনা কৰিছিল। তেওঁ ১৯৭৫ চনত "ফালছে বেৱেগুঙ"ৰ চিত্ৰনাট্যৰ বাবে জাৰ্মান চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। তেওঁ ১৯৮৭ চনত মুক্তি লাভ কৰা ৱিম ৱেণ্ডাৰৰ ছবি "উইংছ অফ ডিছআয়ৰ"ৰ চিত্ৰনাট্য ৰচনাৰ বাবে বিশেষ ভাবে জনাজাত। ১৯৭৫ চনৰ পৰা তেওঁ ইউৰোপীয়ান সাহিত্য পুৰস্কাৰ পেট্ৰাকা প্ৰিছৰ বিচাৰক মণ্ডলীৰ সদস্য।৬
গ্ৰেজৰ পৰা উঠি অহাৰ পিছত তেওঁ জাৰ্মানীৰ দুশেৰ্ডফ আৰু ক্ৰনবাৰ্গ চহৰ, ফ্ৰান্সৰ পেৰিছ, আমেৰিকা যুক্তৰাষ্ট্ৰ, অষ্ট্ৰিয়াৰ চাৰ্লছবাৰ্গত বাস কৰিছিল। ১৯৯১ চনৰ পৰা তেওঁ পেৰিছৰ কাষৰ ছাভিলে চহৰত বাস কৰি আছে।
তেওঁৰ জীৱনৰ আধাৰত ২০১৬ চনত কৰিয়ানা বেলজে এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল।৭
বঁটা আৰু সন্মান
- ১৯৭৩: জৰ্জ বুচনাৰ প্ৰাইজ৮
- ১৯৮৭: ভিলেনিকা আন্তঃৰাষ্ট্ৰীয় সাহিত্য বঁটা৯
- ২০০০: ব্ৰদাৰছ কেৰিক বঁটা১০
- ২০০২: আমেৰিকা বঁটা১১
- ২০০২: ক্লাগেনফুৰ্ট বিশ্ববিদ্যালয়ৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী১২
- ২০০৩: চাৰ্লছবাৰ্গ বিশ্ববিদ্যালয়ৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী১৩
- ২০০৮: গ্ৰবেৰ লিটাৰেচুৰপ্ৰিছ ডেৰ বায়েৰিছেন একাডেমী ডেৰ স্কুনেন কোনষ্টে১৪
- ২০০৯: ফ্ৰেঞ্জ কাফকা প্ৰাইজ১৫
- ২০১২: মুলহেইমাৰ ড্ৰামাটিকেৰপ্ৰিজ১৬
- ২০১৪: আন্তঃৰাষ্ট্ৰীয় ইবছেন বঁটা১৭১৮
- ২০১৮: নিষ্ট্ৰয় থিয়েটাৰপ্ৰিজ১৯
- ২০১৯: সাহিত্যৰ ন'বেল বঁটা২০
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Peter Handke. Britannica.com
- ↑ Peter Handke. Wim-wenders.com
- ↑ Wakounig, Marija. (2018). East Central Europe at a Glance: People - Cultures - Developments. LIT Verlag. পৃ. 302. ISBN 9783643910462
- ↑ Hutchinson, Ben. (23 August 2011). Peter Handke’s wilful controversies. The Times Literary Supplement
- ↑ Peter Handke. IMDb.com
- ↑ Petrarca Preis. www.petrarca-preis.de
- ↑ Peter Handke – Bin im Wald. Kann sein, dass ich mich verspäte... Filmportal.de
- ↑ Deutsche Akademie für Sprache und Dichtung - Awards - Georg-Büchner-Preis - Peter Handke. www.deutscheakademie.de
- ↑ Kaj imata letošnja Nobelova nagrajenca za književnost s Slovenijo?. Mladina.si
- ↑ Award Laureates in 2000.. www.karicawards.com
- ↑ Green Integer Books - America Awards. www.greeninteger.com
- ↑ Handke wird Ehrendoktor der Universität Klagenfurt Wiener Zeitung. 5 Nov 2002. Retrieved 10 Oct 2019
- ↑ Peter Handke ist bald zweifacher Ehrendoktor Der Standard (online). 13 June 2003. Retrieved 10 Oct 2019
- ↑ Künste, Bayerische Akademie der Schönen. Thomas-Mann-Preis der Hansestadt Lübeck und der Bayerischen Akademie der Schönen Künste. Bayerische Akademie der Schönen Künste
- ↑ Společnost Franze Kafky - Cena Franze Kafky. www.franzkafka-soc.cz
- ↑ (8 June 2012). Mülheimer Dramatikerpreis an Peter Handke - derStandard.at. Der Standard
- ↑ Controversial writer wins €300,000 Ibsen award Irish Times. 21 March 2014. Retrieved 27 March 2014
- ↑ Peter Handke, The International Ibsen Award
- ↑ Peter Handke erhält Nestroy für sein Lebenswerk Die Presse. 10 October 2018. Retrieved 10 October 2018
- ↑ Marshall, Alex; Alter, Alexandra. (10 October 2019). Olga Tokarczuk and Peter Handke Awarded Nobel Prizes in Literature. The New York Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পিটাৰ হেণ্ডকে” প্ৰবন্ধৰ সংশোধন ৪৪৬৭৬০ (২১ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।