অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰকাশী তোমৰ

প্ৰকাশী তোমৰ (Prakashi Tomar, জন্ম: ১ জানুৱাৰী ১৯৩৭) এগৰাকী ভাৰতীয় শ্বুটিং ক্ৰীড়াবিদ তথা বিশ্বৰ জেষ্ঠ্যতম শ্বাৰ্প শ্বুটাৰৰ ভিতৰত অন্যতম। তেওঁক জনপ্ৰিয়ভাবে 'শ্বুটাৰ দাদী' আৰু 'ৰিভলভাৰ দাদী' বুলি জনা যায়। হিন্দী ভাষাত দাদীৰ অৰ্থ হৈছে আইতা। তেওঁ বিশ্বৰ শ্বুটিং সমাজৰ এক জনপ্ৰিয় প্ৰতীক ৰূপে পৰিচিত।

হালনাগাদ: ২৫ জুলাই ২০২৪ ৩৮৯ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

প্ৰকাশী তোমৰ (Prakashi Tomar, জন্ম: ১ জানুৱাৰী ১৯৩৭) এগৰাকী ভাৰতীয় শ্বুটিং ক্ৰীড়াবিদ তথা বিশ্বৰ জেষ্ঠ্যতম শ্বাৰ্প শ্বুটাৰৰ ভিতৰত অন্যতম।১ তেওঁক জনপ্ৰিয়ভাবে 'শ্বুটাৰ দাদী' আৰু 'ৰিভলভাৰ দাদী' বুলি জনা যায়।২ হিন্দী ভাষাত দাদীৰ অৰ্থ হৈছে আইতা। তেওঁ বিশ্বৰ শ্বুটিং সমাজৰ এক জনপ্ৰিয় প্ৰতীক ৰূপে পৰিচিত।৩৪৫৬৭

ব্যক্তিগত জীৱন

১৯৩৭ চনৰ ১ জানুৱাৰী তাৰিখে ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত ইউনাইটেড প্ৰভিন্সেছৰ মোজাফৰনগৰত প্ৰকাশী তোমৰৰ জন্ম হৈছিল। তেওঁ জয় সিঙৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ ছোৱালী সীমা তোমৰ এগৰাকী আন্তৰ্জাতিক শ্বুটাৰ।৮৯ তেওঁ শ্বুটাৰ চান্দ্ৰো তোমাৰৰ ভগ্নী। তেওঁৰ নাতিনী ৰুবী পঞ্জাব আৰক্ষীৰ পৰিদৰ্শক হিচাপে কৰ্মৰত আনহাতে তেওঁৰ দ্বিতীয় কন্যা ৰেখা শ্বুটাৰ হিচাপে অৱসৰ গ্ৰহণ কৰিছিল।১০ তেওঁ পৰিয়ালৰ সৈতে উত্তৰ প্ৰদেশৰ জোহৰী গাঁৱত বাস কৰে। তেওঁৰ আঠটা সন্তান আৰু বিশগৰাকী নাতি-নাতিনী আছে।৭

কৰ্মজীৱন

তেওঁৰ শ্বুটিং কেৰিয়াৰ ২০০০ চনত আৰম্ভ হৈছিল। তেওঁৰ কন্যা সীমা তোমৰে শ্বুটিং শিকিবলৈ জোহৰী ৰাইফল ক্লাৱত নামভৰ্তি কৰাৰ লগতে তেওঁৰো শ্বুটিং জীৱন আৰম্ভ হৈছিল।১১১২ যদিও সীমায়ে শ্বুটিং শিকিব বিচাৰিছিল তেওঁ অকলে শ্বুটিং ৰেঞ্জলৈ যাবলৈ ভয় কৰিছিল। তাৰ পিছত প্ৰকাশীয়ে সীমাক উৎসাহিত কৰাৰ সিদ্ধান্ত লৈছিল আৰু তেওঁৰ সৈতে একাডেমীলৈ যাবলৈ সংকল্প বদ্ধ কৰিছিল। এয়া ৰিভলভাৰ আইতাৰ আৰম্ভণি আছিল।

একাডেমীত সীমাক দেখুৱাবলৈ তেওঁ নিজেই বন্দুক তুলি লৈছিল আৰু তেওঁক লক্ষ্যভেদ কৰিছিল। ইয়াৰ ফলত তাত থকা সকলো মানুহ, আনকি প্ৰশিক্ষক ফাৰুক পাঠানেও হতবাক হৈ পৰিছিল। প্ৰশিক্ষকে প্ৰকাশীৰ দক্ষতা চিনাক্ত কৰিছিল আৰু তেওঁক একাডেমীত প্ৰৱেশ কৰিবলৈ পৰামৰ্শ দিছিল। এয়া প্ৰকাশীৰ বাবে এটা নতুন যুগৰ আৰম্ভণি আছিল। কিন্তু এই পথটো বাধাৰে ভৰি পৰিছিল। প্ৰকাশী এগৰাকী গৃহিনী আছিল সেয়েহে দৈনিক প্ৰশিক্ষণৰ বাবে একাডেমীলৈ যোৱা সম্ভৱ নাছিল। তেওঁৰ প্ৰশিক্ষকে তেওঁক সপ্তাহত এটা দিন আহিবলৈ পৰামৰ্শ দিছিল আৰু বাকী দিনটোত তেওঁ ঘৰত শ্বুটিং কৰাৰ চেষ্টা কৰিছিল। তেওঁৰ ছোৱালীৰ ভিতৰত সীমা তোমৰ ২০১০ চনত শ্বুটিং বিশ্বকাপত পদক জয় কৰা প্ৰথম ভাৰতীয় মহিলা হিচাপে পৰিগণিত হৈছিল। প্ৰকাশী আৰু সীমা তোমৰে সমগ্ৰ দেশত অনুষ্ঠিত প্ৰতিযোগিতাত ২৫টা পদক লাভ কৰিছে আৰু চেন্নাইত অনুষ্ঠিত প্ৰবীণ শ্বুটিং চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰিছে। আৰম্ভণিতে তেওঁক ঠাট্টা কৰা সকলেও বৰ্তমান তেওঁলোকৰ ছোৱালীসকলক শ্বুটিং শিকিবলৈ তেওঁলোকৰ ওচৰলৈ পঠিয়াবলৈ আৰম্ভ কৰিছিল।১৩

বঁটা আৰু সন্মান

তেওঁ বহুতো বঁটা আৰু সন্মান লাভ লাভ কৰিছে। তেওঁ নাৰী শক্তি পুৰস্কাৰ বঁটাৰ উপৰিও বহুতো পুৰস্কাৰ, পদক আৰু ট্ৰফি লাভ কৰিছে। তেওঁক ফেইচবুকৰ সহযোগত #100Women_Achievers ভাৰত অভিযানত নিৰ্বাচিত কৰা হৈছিল।১৪ ২০১৬ চনৰ ২২ জানুৱাৰী তাৰিখে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি প্ৰণব মুখাৰ্জীয়ে তেওঁক সম্বৰ্ধনা জনাইছিল। ২০১৭ চনত মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে তেওঁক আইকন লেডি বঁটাৰে সম্বৰ্ধনা জনাইছিল।১৫

জনপ্ৰিয় মাধ্যমত

২০১৯ চনত মুক্তি লাভ কৰা তুষাৰ হীৰানন্দানীয়ে পৰিচালনা কৰা আৰু মুখ্য চৰিত্ৰত তাপ্‌সী পন্নু আৰু ভূমি পেডনেকাৰে অভিনয় কৰা 'চাণ্ড কি আখ' ছবিখন প্ৰকাশী আৰু চান্দ্ৰো তোমাৰৰ জীৱনৰ ওপৰত আধাৰিত কৰি নিৰ্মাণ কৰা হৈছিল। ছবিখনত কৰা অভিনয়ৰ বাবে তাপ্‌সী পন্নু আৰু ভূমি পেডনেকাৰে যুটীয়াভাৱে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সমালোচকৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল।১৬

তথ্যসূত্ৰ

  1. ↑ Carter, Angie. (2016-09-25). Placeholders and Changemakers: Women Farmland Owners Navigating Gendered Expectations. Rural Sociology. পৃ. 499–523
  2. ↑ হিন্দুস্তান টাইমছ. (5 March 2015). The gunslinger grannies of Uttar Pradesh are defying age and convention
  3. ↑ Carter, Angie. (2016-09-25). Placeholders and Changemakers: Women Farmland Owners Navigating Gendered Expectations. Rural Sociology. পৃ. 499–523
  4. ↑ Times of India. 76-year-old 'super mom' keeps shooter Seema Tomar going
  5. ↑ Yoithen News. 'तोमर दादियों' के आगे फेल हैं सारे शूटर
  6. ↑ Revolver Dadi
  7. ↑ Shoot - its the revolver ranis, thehindubusinessline.com
  8. ↑ Dainik Bhaskar. (17 October 2016). इंडियन आर्मी ने यहां के 21 शूटरों को किया इंवाइट ..
  9. ↑ लाइव हिंदुस्तान. यूपी के इस घर में दादी प्रकाशी तोमर से लेकर पोती तक सब हैं शूटर
  10. ↑ The Hindu Business Line. Shoot, it's the revolver ranis
  11. ↑ Amar Ujala. लखनऊ पहुंची शूटर दादी, बताया कैसे एक छोटी घटना ने बदल दी जिंदगी
  12. ↑ (2017-03-27). Closeted Conversations: Pooja Bhatt to Revolver Dadi – women changemakers spill secrets of the heart. The Indian Express
  13. ↑ Nayi Duniya. (25 January 2016). पहली बार राजपथ पर परेड देखने आएंगी "रिवॉल्वर दादी"
  14. ↑ Service, Indo-Asian News. (2015-09-11). Nominate 100 women achievers on Facebook. India.com
  15. ↑ The Citizen. The Talented, Lovely Women of Uttar Pradesh!
  16. ↑ Taapsee Pannu, Bhumi Pednekar to Play World's Oldest Sharpshooters Chandro Tomar & Prakashi Tomar. News18

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ক্ৰীড়া শ্বুটাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰকাশী তোমৰ” প্ৰবন্ধৰ সংশোধন ৪২৬৫৩৬ (২৫ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।