অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

কাৰ্গিল যুদ্ধ

কাৰ্গিল যুদ্ধ ( Kargil War) হৈছে ১৯৯৯ চনৰ মে’ মাহৰ পৰা জুলাই মাহলৈকে ভাৰত আৰু পাকিস্তানৰ মাজত জম্মু-কাশ্মীৰৰ কাৰ্গিল জিলা আৰু নিয়ন্ত্ৰণ ৰেখাৰ (LoC)ৰ অন্যান্য ঠাইত সংঘটিত হোৱা এক সশস্ত্ৰ যুদ্ধ বা সংঘাত। ভাৰতত এই সংঘাতক ‘অপাৰেচন বিজয়’ বুলিও কোৱা হয়।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৪০৬ শব্দ · ২ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

কাৰ্গিল যুদ্ধ ( Kargil War) হৈছে ১৯৯৯ চনৰ মে’ মাহৰ পৰা জুলাই মাহলৈকে ভাৰত আৰু পাকিস্তানৰ মাজত জম্মু-কাশ্মীৰৰ কাৰ্গিল জিলা আৰু নিয়ন্ত্ৰণ ৰেখাৰ (LoC)ৰ অন্যান্য ঠাইত সংঘটিত হোৱা এক সশস্ত্ৰ যুদ্ধ বা সংঘাত। ভাৰতত এই সংঘাতক ‘অপাৰেচন বিজয়’ বুলিও কোৱা হয়। সেয়া আছিল এই অঞ্চলত হোৱা ভাৰতীয় সামৰিক অভিযানৰ ক'ডনেম বা সাংকেতিক নাম।১ ভাৰতীয় বায়ুসেনাই ভাৰতীয় স্থলসেনাৰ সৈতে যৌথভাৱে অভিযান কৰি পাকিস্তানী সেনা আৰু অৰ্ধসামৰিক সৈন্যক “নিয়ন্ত্ৰণ ৰেখা (LoC)ৰ কাষৰ উকা ভাৰতীয় স্থানৰ পৰা বাহিৰ কৰি পঠিয়াই।২ এই যৌথ অভিযানক “অপাৰেচন সফেদ সাগৰ” (Operation Safed Sagar; ऑपरेशन सफेद सागर;) হিচাপে নিৰ্ধাৰণ কৰা হৈছিল।

কাশ্মীৰী উগ্ৰপন্থীৰ বেশত পাকিস্তানী সৈন্যই নিয়ন্ত্ৰণ ৰেখা পাৰ হৈ বিবাদমান কাশ্মীৰত থকা দুয়োখন দেশৰ মাজৰ সীমান্ত হিচাপে কাম কৰা কিছুমান গুৰুত্বপূৰ্ণ স্থানত অনুপ্ৰৱেশ কৰাৰ ফলত এই সংঘাতৰ সূচনা হৈছিল।৩ প্ৰাৰম্ভিক পৰ্যায়ত পাকিস্তানে এই যুদ্ধ সম্পূৰ্ণৰূপে স্বতন্ত্ৰ কাশ্মীৰী বিদ্ৰোহীৰ লগত সংঘটিত হৈছিল বুলি কৈছিল যদিও যুদ্ধস্থলিত এৰি থৈ যোৱা নথি-পত্ৰ আৰু পিছলৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী আৰু সেনাধ্যক্ষৰ বক্তব্যই জেনেৰেল আশ্ৰফ ৰছিদৰ নেতৃত্বত৪ পাকিস্তানী অৰ্ধসামৰিক বাহিনী জড়িত থকাৰ কথা প্ৰমাণিত হয়।৫৬৭ পাছলৈ ভাৰতীয় বায়ুসেনাৰ সহযোগত ভাৰতীয় সেনাই নিয়ন্ত্ৰণ ৰেখাৰ ওচৰৰ অধিকাংশ ভাৰতীয় স্থান পুনৰ দখল কৰে; অৱশেষত আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক বিৰোধিতাৰ সন্মুখীন হৈ পাকিস্তানী বাহিনীয়ে নিয়ন্ত্ৰণ ৰেখাৰ কাষৰ বাকী থকা সকলো ভাৰতীয় স্থানৰ পৰা আঁতৰি যাবলৈ বাধ্য হয়।

অৱস্থান

১৯৪৭ চনত ভাৰত বিভাজন হোৱাৰ আগতে কাৰ্গিল লাডাখৰ এটা মৌজা আছিল। বিশ্বৰ উচ্চতম পৰ্বতৰ এই উপত্যকা এই অঞ্চলত বিভিন্ন ভাষা তথী ধৰ্মৰ জনগোষ্ঠী বাস কৰিছিল। ১৯৪৭-১৯৪৮ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ পৰিণাম স্বৰূপে লাডাখ জিলাক দুভাগ কৰি নিয়ন্ত্ৰণ ৰেখা সংস্থাপিত কৰা হয় আৰু স্কাৰডু মৌজা পাকিস্তানৰ (বৰ্তমান গিলগিট-বাল্টিস্তানৰ অংশ) অন্তৰ্গত হয়। ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধত পাকিস্তানৰ পৰাজয়ৰ পিছত দুয়োখন ৰাষ্ট্ৰই সেই সীমাৰ প্ৰতি সন্মান জনাই ভৱিষ্যতে কোনো সশস্ত্ৰ সংঘাতত লিপ্ত নহ’ব বুলি প্ৰতিশ্ৰুতি দি ছিমলা চুক্তিত স্বাক্ষৰ কৰে।

নিয়ন্ত্ৰণ ৰেখাৰ উত্তৰ দিশে শ্ৰীনগৰৰ পৰা ২০৫ কিলোমিটাৰ (১২৭ মাইল) দূৰত কাৰ্গিল চহৰখন অৱস্থিত। হিমালয়ৰ অন্যান্য অঞ্চলৰ দৰে কাৰ্গিলত মহাদেশীয় জলবায়ু বিদ্যমান। এই অঞ্চলত গ্ৰীষ্মকাল শীতল আৰু ৰাতি ঠাণ্ডা হয়, আনহাতে শীতকাল দীঘলীয়া আৰু ঠাণ্ডা আৰু উষ্ণতা প্ৰায়ে −৪৮ °C (−৫৪ °F) লৈ হ্ৰাস পায়।

কাৰ্গিলৰ মাজেৰে শ্ৰীনগৰৰ পৰা লেহ সংযোগী ভাৰতৰ ১ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে। শ্ৰীনগৰ আৰু লেহ সংযোগী এই একমাত্ৰ পথটোৰ পৰা অনুপ্ৰৱেশ আৰু যুদ্ধৰ সাক্ষী স্বৰূপ ১৬০ কিলোমিটাৰ (১০০ মাইল) দীঘল এই শিখৰ অঞ্চলটো দেখা পোৱা যায়। ঘাইপথৰ ওপৰৰ শিখৰবোৰত সাধাৰণতে প্ৰায় ৫,০০০ মিটাৰ (১৬,০০০ ফুট) উচ্চতাত, আৰু কিছুমান ৫,৪৮৫ মিটাৰ (১৭,৯৯৫ ফুট) উচ্চতাত ভাৰতৰ সামৰিক আউটপোষ্টসমূহ অৱস্থিত। জিলাৰ ৰাজধানী কাৰ্গিলৰ উপৰিও ফ্ৰণ্ট লাইনৰ ওচৰৰ কাৰ্গিলৰ দক্ষিণ-পশ্চিমে থকা মুছকোহ উপত্যকা আৰু দ্ৰাছ চহৰৰ জনবসতিপূৰ্ণ অঞ্চলসমূহৰ লগতে বাটালিক খণ্ড আৰু কাৰ্গিলৰ উত্তৰ-পূবৰ অন্যান্য অঞ্চলসমূহতো এই সংঘাত সংঘটিত হৈছিল।

তথ্যসূত্ৰ

  1. ↑ It is also sometimes referred to as Operation Vijay Kargil so as to distinguish it from Operation Vijay, the 1961 operation by the military of India that led to the capture of Goa, Daman and Diu and Anjidiv Islands
  2. ↑ >.nic.in/content/op-safed-sagar
  3. ↑ Musharraf, Pervez. (2006). In the Line of Fire: A Memoir. Free Press. পৃ. 90-91. ISBN 0-7432-8344-9
  4. ↑ Nawaz, Shuja, Crossed Swords: Pakistan, Its Army, and the Wars Within, p. 420 (2007)
  5. ↑ Tom Clancy; Tony Zinni; Tony Koltz. (2004). Battle Ready. Grosset & Dunlap. ISBN 0-399-15176-1
  6. ↑ (12 June 2009). Pak commander blows the lid on Islamabad's Kargil plot
  7. ↑ (10 September 2007). Sharif admits he let down Vajpayee on Kargil conflict. The Hindu

সম্পৰ্কিত শ্ৰেণী

সামৰিক অভিযান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাৰ্গিল যুদ্ধ” প্ৰবন্ধৰ সংশোধন ৬৩২৩৬৪ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।