অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

কোচ ৰাজবংশ

অসম আৰু বংগৰ কোচ ৰাজবংশ (কোচ জনগোষ্ঠীৰ নামেৰে হোৱা) কমতা ৰাজ্যত শাসন কৰা এক শাসক গোষ্ঠী। ১৪৯৮ চনত খেন ৰাজবংশৰ পতনৰ পিছত ১৫১৫ চনত কোচ ৰাজবংশ‍ই কমতা ৰাজ্যত শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰে।

হালনাগাদ: ৮ মে’ ২০২৬ ১,১৮৭ শব্দ · ৭ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ
p=91}}</ref>
p=91}}</ref>ছবি: Chaipau at en.wikipedia · CC BY-SA 3.0
কোচ বিহাৰ ৰাজপ্ৰসাদ
কোচ বিহাৰ ৰাজপ্ৰসাদছবি: Amartyabag · CC BY-SA 3.0

অসম আৰু বংগৰ কোচ ৰাজবংশ (কোচ জনগোষ্ঠীৰ নামেৰে হোৱা)১ কমতা ৰাজ্যত শাসন কৰা এক শাসক গোষ্ঠী। ১৪৯৮ চনত খেন্‌ বংশৰ পতনৰ পিছত ১৫১৫ চনত কোচ ৰাজবংশ‍ই কমতা ৰাজ্যত শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰে। কোচ ৰাজবংশৰ প্ৰথম ৰজা বিশ্ব সিংহ আৰু তেওঁৰ পুত্ৰদ্বয় পৰৱৰ্তী ৰজা নৰনাৰায়ণ আৰু সেনাপতি চিলাৰায়ে সোনকালেই কামৰূপ ৰাজ্যৰ পশ্চিম অংশ আৰু দক্ষিণ অসমৰ কিছু অংশ অধিকাৰ কৰে। পিছলৈ বংশটো দুভাগ হৈ বেলেগ বেলেগকৈ কোচ বিহাৰ ৰাজ্যৰ আৰু কোচ হাজো শাসন কৰিবলৈ লয়। কোচ বিহাৰ মোগলসকলৰ তলতীয়া হৈ পৰে আৰু কোচ হাজো আহোমৰ নিয়ন্ত্ৰণলৈ আহে। ব্ৰিটিছৰ শাসনত কোচ বিহাৰ তলতীয়া হৈ থাকি ভাৰতৰ স্বাধীনতা লাভৰ পিছত নিঃচিহ্ন হৈ পৰে। খাছপুৰত প্ৰতিষ্ঠা লাভ কৰা ৰাজবংশটোৰ এটা তৃতীয় শাখা কছাৰী ৰাজ্যৰ অন্তৰ্গত হৈ পৰে।

ইতিহাস

ঐতিহাসিক পটভূমি

পাল ৰাজবংশৰ পতনৰ পিছত কামৰূপ ৰাজ্য বেলেগ বেলেগ ঠাইত ভাগ হৈ পৰে। একেবাৰে পূবত ব্ৰহ্মপুত্ৰ নদৰ উত্তৰে চুতীয়া ৰাজ্য গঢ় লৈ উঠে। ব্ৰহ্মপুত্ৰ দক্ষিণে আহোম ৰাজ্য আৰু ইয়াৰ পশ্চিমফালে কছাৰী ৰাজ্যই প্ৰতিষ্ঠা লাভ কৰে। তাৰো পশ্চিমফালে আছিল বাৰ ভূঞা সামন্তসকলৰ ৰাজ্য আৰু তাৰ পশ্চিমত আছিল কমতা ৰাজ্য। কোচসকলৰ শাসনৰ আগতে কমতাত থকা শেষজন ৰজা আছিল নীলাম্বৰ। ১৪৯৮ চনত গৌৰৰ আলাউদ্দিন হুছেইন ছাহে তেওঁক পৰাস্ত কৰি ৰাজ্য অধিকাৰ কৰে আৰু পুত্ৰ দানিয়েলক ইয়াৰ শাসনকৰ্তা পাতে। কিছুদিন পিছতে হাৰুপ নাৰায়ণৰ নেতৃত্বত বাৰভূঞাসকলে দানিয়েলক যুদ্ধত পৰাস্ত কৰি বধ কৰে।২

এনে সময়তে কোচ (মেচ) জনগোষ্ঠীৰ নেতা হাড়িয়া মণ্ডল আৰু তেওঁৰ কোচ পত্নী হীৰাৰ বিশু নামৰ এজন পুত্ৰ জন্ম হয়। বিশুৱে ডাঙৰ হৈ ভিন ভিন জনগোষ্ঠীবোৰক একত্ৰিত কৰি বাৰভূঞাসকলক পৰাস্ত কৰে আৰু সমগ্ৰ কমতা অঞ্চলৰ শাসনভাৰ লয়। তেঁৱেই বিশ্ব সিংহ নাম গ্ৰহণ কৰে।

কোচ ৰাজবংশৰ আৰম্ভণি

কোচ ৰাজবংশৰ প্ৰথম শাসক আছিল বিশ্ব সিংহ। তেওঁ ১৫১৫ চনত কমতা ৰাজ্যৰ ৰাজপাটত উঠে। জে এন চৰকাৰৰ মতে বিশ্ব সিংহ এটা ক্ষমতাৱান কোচ জনগোষ্ঠীৰ লোক অছিল৩ যি মেছ, গাৰো, থাৰু আৰু দ্ৰাবিড়িয়ানৰ লগত মিল থকা কিছুমান মঙ্গোলীয় গোষ্ঠীৰ সমষ্টি আছিল।৪৫ বিশুৱে ক্ষমতা লাভ কৰাৰ লগে লগে ব্ৰাহ্মণ পণ্ডিতসকলে কোচ ৰাজবংশক দৈৱিক শক্তিৰ অধিকাৰী বুলি প্ৰচাৰ কৰি তেওঁলোকক ক্ষত্ৰিয়ৰ মৰ্যাদা দিয়ে। ইয়াৰ পিছত লাহে লাহে কোচসকল হিন্দুলৈ ৰূপান্তৰিত হ'ল।৬ বিশ্ব সিংহৰ পিতৃ হাৰিয়া মণ্ডলকে কোচসকলৰ আদি পুৰুষ বুলি কোৱা হয়।৭ তেওঁ পুৰণি গোৱালপাৰা জিলাৰ চিকণাবাৰী গাঁৱৰ বাৰটা সকলোতকৈ ক্ষমতাশালী মেছ পৰিয়ালৰ মুখিয়াল আছিল। তেওঁ "হাজো" নামৰ এজন কোচ নেতাৰ (তেওঁৰ পৰাই কোচ হাজো নাম হয়) জীয়েক জীৰা আৰু হীৰাক বিয়া কৰায়। হীৰাৰ গৰ্ভতে বিশ্ব সিংহৰ জন্ম হয়।৮

বিশ সিংহ‍ই শক্তিশালী বাৰভূঞাসকলৰ বিৰুদ্ধে জনগোষ্ঠীয় নেতাসকলক সহায় খোজে৯ আৰু ১৫০৯ চনমানত তেওঁৰ অভিযান আৰম্ভ কৰে।১০ তেওঁ ঔগুৰি, বনগাঁও, ফুলগুৰি, বিজনী, পাণ্ডু আদি ঠাইত ভূঞাসকলক পৰাস্ত কৰে। কৰ্ণপুৰৰ ভূঞাক হৰুৱাবলৈ তেওঁ কষ্ট কৰিবলগীয়া হয়। ইয়াৰ পিছত তেওঁ ১৫১৫ চনত পূবত বৰনদী নৈ আৰু পশ্চিমে কৰতোৱা নৈক সীমা হিচাপে ধৰি নিজকে কমতাৰ ৰজা ঘোষণা কৰে।৯১১ তেওঁ ৰাজধানী চিকণাৰ পৰা এতিয়াৰ কোচবিহাৰ নগৰ পৰা কেইমাইলমান দক্ষিণপূবে থকা কমতাপুৰলৈ (কান্তাপুৰ বুলিও কোৱা হয়) তুলি আনে।১২

বিশ্ব সিংহৰ নৰনাৰায়ণে ৰজা হৈ আৰু শুক্লধ্বজে (চিলাৰায়) সেনাপতিৰূপে কোচ ৰাজ্যক উন্নতিৰ শিখৰলৈ লৈ যায়। নৰনাৰায়ণে চিলাৰাইৰ পুত্ৰ ৰঘূদেৱক ৰাজ্যৰ পূব অংশ কোচ হাজোৰ শাসক পাতে। নৰনাৰায়ণৰ মৃত্যুৰ পিছত ৰঘূদেৱে নিজকে স্বাধীন ৰজা ঘোষণা কৰে। ইয়াৰ পিছতে কমতা ৰাজ্যখন স্থায়ীভাৱে কোচ বিহাৰ ৰাজ্যআৰু কোচ হাজোত ভাগ হয়।

নৰনাৰায়ণ মহাপুৰুষ শংকৰদেৱৰ সংস্পৰ্শলৈ আহিছিল আৰু জীৱনৰ শেষৰ তিনিবছৰ তেওঁৰ সভাত গুৰুজনাক স্থান দিছিল। শঙ্কৰদেৱে কোচ ৰাজ্যত এখন সত্ৰও স্থাপন কৰিছিল।

কোচ বিহাৰৰ ইতিহাস

ব্ৰিটিছ শাসনত কোচ বিহাৰ ৰাজ্য বুলি জনা যোৱা ৰাজ্যখন ৪ৰ্থ শতিকাৰ পৰা ১২শ শতিকালৈ কামৰূপ ৰাজ্যৰ অন্তৰ্গত আছিল আৰু ইয়াত বৰ্মন, ম্লেছ আৰু পাল ৰাজবংশ‍ই শাসন কৰিছিল। ১২শ শতিকাৰ পৰা অঞ্চলটো কমতা ৰাজ্যৰ অন্তৰ্গত হয় য'ত প্ৰথমে খেন্‌ বংশ‍ই ৰাজধানী কমতাপুৰৰ পৰা ৰাজত্ব কৰে। সকলোতকৈ প্ৰখ্যাত খেন শাসকসকল আছিল নীলধ্বজ (১৪৪০-১৪৬০), চক্ৰধ্বজ (১৪৬০-১৪৮০) আৰু নীলাম্বৰ (১৪৮০-১৪৯৮)। থলুৱা জনগোষ্ঠী খেনসকলে প্ৰায় ১৪৯৮ চনলৈকে ৰাজত্ব কৰে আৰু তাৰপিছত গৌড়ৰ স্বাধীন পাঠান চুলতান আলাউদ্দিন হুছেইন ছাহৰ চক্ৰান্তত ৰাজ্য হেৰুৱায়। নতুন শাসকজন অহাৰ পিছত স্থানীয় বাৰ ভূঞাৰ লগত সংঘৰ্ষ হয় আৰু অঞ্চলটোৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলায়।

মুছলমানসকল গুছি যোৱাৰ পিছত ৰাজ্যখনত অশান্তিয়ে বিৰাজ কৰে। এই সময়তে স্বাধীন ভূঞাসকলে সৰু সৰু ঠাই শাসন কৰিবলৈ লয়। এওঁলোকৰ মাজত হাজো নামৰ এজন এজন কোচ ভূঞাৰ জীৰা আৰু জীৰা নামৰ দুজনী জীয়েক আছিল। অঞ্চলটোৰ সিপাৰে সংকোশ নদী আৰু চম্পাৱতী নদীৰ মাজত চিকণা পাহাৰ অঞ্চলটো (বৰ্তমানৰ গোৱালপাৰা জিলাৰ ধুবুৰীৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ উত্তৰে) হাৰিয়া মণ্ডল নামৰ এজন মেছ জনগোষ্ঠীৰ নেতাই শাসন কৰিছিল। চিকণাৰ লগত সম্পৰ্ক গঢ়ি তুলিবলৈ হাজোৱে তেওঁৰ জীয়েক দুজনীক হাৰিয়া মণ্ডললৈ বিয়া দিলে। জীৰাৰ গৰ্ভৰ পৰা মদন আৰু চন্দন নামৰ দুটি সন্তান আৰু হীৰাৰ গৰ্ভৰ পৰা শিশু (শিষ্য সিংহ) আৰু বিশু (বিশ্ব সিংহ)ৰ জন্ম হয়। চাৰিজন ককাই-ভাইৰ মাজত বিশু সকলোতকৈ বুধিয়ক আৰু শক্তিশালী আছিল।

প্ৰবাদমতে এদিন চাৰি ককাই-ভায়ে দেৱী ভগৱতীক প্ৰাৰ্থনা কৰি আছিল আৰু ধেমালিতে তেওঁলোকৰ এজন বন্ধুক বলি হিচাপে আগবঢ়ায়। তাৰ পিছত আচৰিতভাৱে সেই বন্ধুজনৰ মূৰটো গাৰপৰা কাট খাই যায়। তুৰ্ক কটোৱালে তেওঁলোকক কৰায়ত্ত কৰিবলৈ আদেশ দিলে। তেতিয়া তেওঁলোকে অৰণ্যলৈ পলাই যায়।

পিছত তেওঁলোকে সৈন্য, হাতী আদি গোটাই তুৰ্ক কটোৱালক আক্ৰমণ কৰে। মদন যুদ্ধত নিহত হয় আৰু তাৰ প্ৰতিশোধ ল'বলৈ বিশ্ব সিংহ‍ই তুৰ্ক কটোৱালক হত্যা কৰে। মাহীআই জীৰাৰ দুখ পাতলাবলৈ বিশ্ব সিংহ‍ই চন্দনক ৰজা পাতে। এনেদৰে ১৫১০ চনত কমতা ৰাজ্যৰ আৰম্ভণি হয়।

ৰজাসকল

অবিভক্ত কোচ ৰাজ্যৰ শাসক

  • বিশ্ব সিংহ (১৫১৫-১৫৪০)
  • নৰনাৰায়ণ (১৫৪০-১৫৮৬)
  • ৰঘু নাৰায়ণ বা ৰঘুৰায় বা ৰঘুদেও (১৫৮৬-১৬০৩)
  • পৰীক্ষিত নাৰায়ণ (১৬০৩-১৬১৫)
  • বলি নাৰায়ণ বা ধৰ্ম নাৰায়ণ (১৬১৫-১৬৩৭)
  • বিজিত নাৰায়ণ (বিজিণী ফৈদ) (১৬৩৭-১৬৪০)
  • মহেন্দ্ৰ নাৰায়ণ (দৰঙী ফৈম) (১৬৪০-১৬৪৩)
  • চন্দ্ৰ নাৰায়ণ (দৰঙী ফৈদ) (১৬৪৩-১৬৬০)
  • সূৰ্য নাৰায়ণ (দৰঙী ফৈদ) (১৬৬০-১৬৮২)
  • ইন্দ্ৰ নাৰায়ণ (দৰঙী ফৈদ) (১৬৮২-১৭২৫)
  • আদিত্য নাৰায়ণ (দৰঙী ফৈদ) (১৭২৫-১৭২৭)
  • মধু নাৰায়ণ (দৰঙী ফৈদ) (১৭২৭-১৭২৮)

কোচ বিহাৰৰ শাসক

কোচ বিহাৰৰ মহৰাজা জগদ্দীপেন্দ্ৰ নাৰায়ণ
কোচ বিহাৰৰ মহৰাজা জগদ্দীপেন্দ্ৰ নাৰায়ণছবি: Amartyabag · CC BY-SA 4.0
  • লক্ষ্মী নাৰায়ণ
  • বীৰ নাৰায়ণ
  • প্ৰাণ নাৰায়ণ
  • বসুদেৱ নাৰায়ণ
  • মহেন্দ্ৰ নাৰায়ণ
  • ৰূপ নাৰায়ণ
  • উপেন্দ্ৰ নাৰায়ণ
  • দেৱেন্দ্ৰ নাৰায়ণ
  • ধৈৰ্জেন্দ্ৰ নাৰায়ণ
  • ৰাজেন্দ্ৰ নাৰায়ণ
  • ধৰেন্দ্ৰ নাৰায়ণ
  • হৰেন্দ্ৰ নাৰায়ণ
  • শিৱেন্দ্ৰ নাৰায়ণ
  • নৰেন্দ্ৰ নাৰায়ণ
  • নৃপেন্দ্ৰ নাৰায়ণ১৩
  • ৰাজৰাজেন্দ্ৰ নাৰায়ণ
  • জিতেন্দ্ৰ নাৰায়ণ (গায়ত্ৰী দেৱীৰ পিতৃ)
  • জগদ্দীপেন্দ্ৰ নাৰায়ণ
  • বিৰাজেন্দ্ৰ নাৰায়ণ

কোচ হাজোৰ শাসক

  • ৰঘুদেৱ বা ৰঘুৰায় বা ৰঘু নাৰায়ণ (চিলাৰায়ৰ পুত্ৰ)
  • পৰীক্ষিত নাৰায়ণ

দৰঙৰ শাসক

কোচ বিহাৰৰ লক্ষ্মী নাৰায়ণৰ সহযোগত ১৬১২ চনত মোগলসকলে পৰীক্ষিত নাৰায়ণক আক্ৰমণ কৰে। পশ্চিমে সংকোশ নৈ আৰু পূবে বৰনদী নৈৰে আৱৰা তেওঁৰ ৰাজ্য সেই বছৰৰ শেষৰফালে অধিকাৰ কৰা হয়। পৰীক্ষিত নাৰায়ণক দিল্লীলৈ মোগল ৰজাৰ ওচৰলৈ পঠিওৱা হয় যদিও তেওঁৰ ভায়েক বলিনাৰায়ণে আহোম ৰাজ্যত আশ্ৰয় লয়। ভৰলী নদীলৈকে বৰনদীৰ পূব অংশটোত কোনোবা বাৰ ভূঞা নেতাই শাসন কৰি আছিল কিন্তু তেওঁলোকক সোনকালেই মোগলে আঁতৰাই পঠিয়ায়। ১৬১৫ চনত চৈয়দ হাকিম আৰু চৈয়দ আবা বকৰৰ নেতৃত্বত মোগলসকলে আহোম ৰাজ্য আক্ৰমণ কৰে। আহোমৰ হাতত তেওঁলোক পৰাস্ত হৈ বৰনদীলৈ পিছুৱাই যায়। আহোম ৰজা চুচেংফাই তাৰপিছত বলিনাৰায়ণক বৰনদী আৰু ভৰলী নৈৰ মাজত নতুনকৈ লাভ কৰা অঞ্চলটোত তলতীয়া ৰজা পাতে আৰু অঞ্চলটোক "দৰং" নাম দিয়ে। ১৮২৬ চনত ব্ৰিটিছ শাসন আৰম্ভ হোৱাৰ আগলৈকে ইয়াত বলিনাৰায়ণৰ বংশ‍ই ৰাজত্ব কৰি আছিল।১৪

  • বলিনাৰায়ণ (পৰীক্ষিত নাৰায়ণৰ ভায়েক)
  • মহেন্দ্ৰ নাৰায়ণ
  • চন্দ্ৰ নাৰায়ণ
  • সূৰ্য নাৰায়ণ
  • ...

বেলতলাৰ শাসক

মূল প্ৰবন্ধ: বেলতলাৰ ইতিহাস

  • গজ নাৰায়ণ (কোচ হাজোৰ শাসক পৰীক্ষিত নাৰায়ণৰ ভাতৃ, দৰঙৰৰ প্ৰথম শাসক বলিনাৰায়ণৰ ভাতৃ)
  • শিৱেন্দ্ৰ নাৰায়ণ
  • গন্ধৰ্ব নাৰায়ণ দেৱ
  • উত্তম নাৰায়ণ দেৱ
  • ধ্বজ নাৰায়ণ দেৱ
  • জয় নাৰায়ণ দেৱ
  • লম্বোদৰ নাৰায়ণ দেৱ
  • লোকপাল নাৰায়ণ দেৱ
  • অমৃত নাৰায়ণ দেৱ
  • চন্দ্ৰ নাৰায়ণ দেৱ (১৯১০ চনত মৃত্যু)
  • ৰাজেন্দ্ৰ নাৰায়ণ দেৱ (১৯৩৭ চনত মৃত্যু)
  • লক্ষ্মীপ্ৰিয়া দেৱী (ৰাজেন্দ্ৰ নাৰায়ণ দেৱৰ পত্নী) (ৰাজত্ব ১৯৩৭-১৯৪৭, মৃত্যু ১৯৯১)

বিজনীৰ শাসক

বিজনীৰ শাসকসকলে কোচ বিহাৰ ৰাজ্যৰ পূবে সংকোশ আৰু মানস নদীৰ মাজৰ অঞ্চলটোত ৰাজত্ব কৰিছিল।

  • চন্দ্ৰ নাৰায়ণ (পৰীক্ষিত নাৰায়ণৰ পুত্ৰ)
  • জয় নাৰায়ণ
  • শিৱ নাৰায়ণ
  • বিজয় নাৰায়ণ
  • মুকুন্দ নাৰায়ণ
  • হৰিদেৱ নাৰায়ণ
  • ইন্দ্ৰ নাৰায়ণ
  • অমৃত নাৰায়ণ
  • কুমুদ নাৰায়ণ
  • ভৈৰৱেন্দ্ৰ নাৰায়ণ

খাছপুৰৰ শাসক

  • কমল নাৰায়ণ
  • উদিত নাৰায়ণ (খাছপুৰৰ স্বাধীনতা ঘোষণা কৰে)
  • বিজয় সিংহ
  • ধীৰ সিংহ
  • মহেন্দ্ৰ সিংহ
  • ৰঞ্জিত সিংহ
  • নৰ সিংহ
  • ভীম সিংহ (তেওঁৰ একমাত্ৰ সন্তান জী কাঞ্চনীক কছাৰী ৰাজ্যৰ কোঁৱৰ লক্ষ্মীচন্দ্ৰলৈ বিয়া দিয়ে, পিছলৈ খাছপুৰ কছাৰী ৰাজ্যত অন্তৰ্ভুক্ত হয়। )

তথ্যসূত্ৰ

  • Gogoi, Jahnabi. (2002). Agrarian system of medieval Assam. Concept Publishing Company, New Delhi
  • Nath, D. (1989). History of the Koch Kingdom: 1515-1615. Mittal Publications
  • Sarkar, J N. (1992). The Comprehensive History of Assam. Assam Publication Board
  • Royal History of Koch Bihar

তথ্যসূত্ৰ

  1. ↑ Nath 1989, পৃ. 2–11
  2. ↑ Nath 1989, পৃ. 21
  3. ↑ Sarkar 1992, পৃ. 69
  4. ↑ Sarkar1992, পৃ. 69f. "Minjahuddin found the features of the Koch, Mech and Tharu tribes similar to a south Siberian tribe. Bryan Hodgson (JASB) xviii (2) 1849, 704-5, classes the Koches with the Bodo and Dhimal tribes. Buchanan agrees. Dalton takes them to be Dravidian. But Risley thinks they represented a fusion of Mongoloid and Dravidian stock, with the later predominating. According to Waddell Mongoloid type of Koches predominated in Assam."
  5. ↑ Nath 1989, পৃ. 2–3
  6. ↑ Gogoi 2002, পৃ. 18
  7. ↑ Sarkar 1992, পৃ. 70f
  8. ↑ Sarkar 1992, পৃ. 70f কিছুমান কোচ বংশাৱলীৰ মতে হাৰিয়া মণ্ডলৰ এজন পুত্ৰ চন্দন ১৫১০ চনত ৰজা হোৱাৰ পিছত বিশ সিংহ ৰাজপাটত উঠে। আন কিছুমানৰ মতে চন্দন তাতকৈ আগৰ সময়ৰ ৰজা আছিল। Nath 1989, পৃ. 17
  9. ↑ Nath 1989, পৃ. 23–24
  10. ↑ Nath 1989, পৃ. 28–29
  11. ↑ Nath 1989, পৃ. 28
  12. ↑ Nath 1989, পৃ. 35
  13. ↑ An Introduction to Shri Sir Nripendra Narayan
  14. ↑ Nath 1989, পৃ. 102–104

সম্পৰ্কিত শ্ৰেণী

অসমৰ ইতিহাসঅসমৰ ৰাজবংশসমূহকোচ ৰাজবংশকামতাপুৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কোচ ৰাজবংশ” প্ৰবন্ধৰ সংশোধন ৬০৫৩০৭ (৮ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।