পুৰন্দৰ সিংহ (১৮১৮–১৯, ১৮৩৩–১৮৩৮) অসমৰ আহোম ৰাজ্যৰ শেষ ৰজা আছিল। তেওঁক দুবাৰ ৰজা পতা হৈছিল। প্ৰথমবাৰ ১৮১৮ চনত চুদিংফাক পদচ্যুত কৰাৰ পাছত ৰুচিনাথ বুঢ়াগোঁহাইয়ে তেওঁক ৰজা পাতিছিল।১ ১৮১৯ চনত মানে দ্বিতীয়বাৰ অসম আক্ৰমণ কৰি আহোম সেনাক পৰাস্ত কৰে আৰু চন্দ্ৰকান্ত সিংহক পুনৰ সিংহাসনত বহুৱায়। পুৰন্দৰ সিংহই ব্ৰিটিছৰ সহায় লৈ ৰুচিনাথ বুঢ়াগোহাঁইৰ লগত মানক আঁতৰাবলৈ চেষ্টা অব্যাহত ৰাখে। প্ৰথম ইংগ'-বৰ্মী যুদ্ধৰ পাছত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে মানৰ হাতৰ পৰা অসম উদ্ধাৰ কৰে। অচিনাকী ঠাইত শাসন কৰিবলৈ অসুবিধা পাই আৰু বিদেশী প্ৰশাসনৰ প্ৰতি স্থানীয় লোকৰ অসন্তোষ দেখি ব্ৰিটিছ প্ৰশাসনে উজনি অসম অংশ আহোম কোঁৱৰ এজনক গতাই দিবলৈ সিদ্ধান্ত লয়। পুৰন্দৰ সিংহ বাছনিত উঠাত ১৮৩৩ চনৰ এপ্ৰিলত শদিয়া আৰু মটক অঞ্চলৰ বাহিৰে গোটেই উজনি অসম আনুষ্ঠানিকভাৱে তেওঁক গতাই দিয়া হয়। বিনিময়ত পুৰন্দৰ সিংহই বছৰি ৫০,০০০ টকা কৰ দিবলৈ গাত লয়। ১৮৩৩ চনত নিয়মিতভাৱে কৰ নোশোধোৱা পুৰন্দৰ সিংহক অনুপযুক্ত যেন দেখি ব্ৰিটিছে তেওঁৰ ৰাজ্য অধিকাৰ কৰে আৰু ফলত আহোম ৰাজবংশৰ ৬০০ বছৰীয়া শাসনৰ অন্ত পৰে।২
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পুৰন্দৰ সিংহ” প্ৰবন্ধৰ সংশোধন ৫২৭৮৬০ (২৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।