উপগ্ৰহ উৎক্ষেপণ যান (ইংৰাজী ভাষা: Satellite Launch Vehicle; সংক্ষেপে SLV) ১৯৭০ দশকত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই কৃত্ৰিম উপগ্ৰহ উৎক্ষেপণৰ বাবে প্ৰয়োজনীয় প্ৰযুক্তিৰ বিকাশ সাধন কৰিবলৈ আৰম্ভ কৰা এটা প্ৰকল্প। এছ এল ভি প্ৰকল্পৰ মূল লক্ষ্য আছিল এটা উন্নত মানৰ এছ এল ভি প্ৰণালীৰ (এছ এল ভি-৩) আৰ্হি তৈয়াৰ কৰা, বিকাশ সাধন কৰা আৰু তাক কাৰ্যক্ষম কৰি তোলা যাতে ইয়াৰ সহায়ত ৪০ কিলোমিটাৰ ওজনৰ উপগ্ৰহক পৃথিৱীৰ চাৰিওফালৰ ৪০০ কিলোমিটাৰ বৃত্তাকাৰ কক্ষত প্ৰক্ষেপিত কৰাৰ বিশেষ লক্ষ্য অবিলম্বে পূৰণ কৰিব পৰা যায়।১২এই প্ৰকল্পটোৰ পৰিচালক আছিল ভাৰতৰ প্ৰসিদ্ধ বিজ্ঞানী ড॰ এ পি জে আব্দুল কালাম। উল্লেখযোগ্য যে ড॰ এ পি জে আব্দুল কালামৰ উপৰিও উপগ্ৰহ উৎক্ষেপণ যান প্ৰকল্পটোৰ লগত জড়িত আছিল ড॰ এছ. শ্ৰীনিবাসন, বেদ প্ৰকাশ সন্দলাস, ডি. নাৰায়ণমূৰ্তি, জি. মাধৱন নায়াৰ, এম. এছ. আৰ. দেৱ, এম. কে. আব্দুল মজিদ, ডি. শশীকুমাৰ, পি. এছ. বীৰৰাঘৱন আৰু এ. শিৱথানুপিল্লাই।৩ এছ এল ভি আছিল চাৰিটা পৰ্যায় বিশিষ্ট এখন গোটা ইন্ধনযুক্ত ৰকেট। ১৯৭৯ চনৰ আগষ্ট মাহত এছ এল ভি-৩ ৰ প্ৰথম পৰীক্ষামূলক উৰণ বিফল হয়।৪ ১৯৮০ চনৰ ১৮ জুলাইত এছ এল ভি-৩ ৰ দ্বিতীয় পৰীক্ষামূলক উৰণ সফল হয় আৰু এয়াই আছিল এছ এল ভি-৩ ৰ প্ৰথম সফল উৎক্ষেপণ।
উৎক্ষেপণ ইতিহাস
উপগ্ৰহ উৎক্ষেপণ যানৰ চাৰিওটা উৎক্ষেপণ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰত থকা এছ এল ভি নিক্ষেপণ মঞ্চৰ পৰা কৰা হৈছিল। প্ৰথম দুটা উৎক্ষেপণ আছিল পৰীক্ষামূলক (E) আৰু পাছৰ দুটা উৎক্ষেপণ আছিল উন্নয়নমূলক (D)।৩
| ক্ৰমিক নং | শিৰোনাম | তাৰিখ / সময় (UTC) | উৎক্ষেপণ যান | উৎক্ষেপণ স্থলী | পেলোড | পেলোড ভৰ | কক্ষপথ | ব্যৱহাৰকাৰী | পৰিণাম |
|---|---|---|---|---|---|---|---|---|---|
| ১ | SLV-3E1 | ১০ আগষ্ট, ১৯৭৯ | উপগ্ৰহ উৎক্ষেপণ যান | এছ এল ভি নিক্ষেপণ মঞ্চ | ৰোহিণী প্ৰযুক্তি পেলোড (RTP)৫ | ৩৫ কিলোগ্ৰাম | নিম্ন ভূ-কক্ষপথ | ভাৰতীয় মহাকাশ গৱেষণা সংস্থা | |
| উৎক্ষেপণৰ ৩১৭ ছেকেণ্ড পাছতেই ত্ৰুটিপূৰ্ণ কপাটৰ বাবে যানখন দুৰ্ঘটনাগ্ৰস্ত হৈ বংগোপসাগৰত পৰে।৩ | |||||||||
| ২ | SLV-3E2 | ১৮ জুলাই, ১৯৮০ | উপগ্ৰহ উৎক্ষেপণ যান | এছ এল ভি নিক্ষেপণ মঞ্চ | ৰোহিণী উপগ্ৰহ RS-1 | ৩৫ কিলোগ্ৰাম | নিম্ন ভূ-কক্ষপথ | ভাৰতীয় মহাকাশ গৱেষণা সংস্থা | ৩ |
| এইটো আছিল ভাৰতৰ দেশীয় উৎক্ষেপণ যান উপগ্ৰহ উৎক্ষেপণ যানৰ দ্বাৰা সফলতাৰে প্ৰক্ষেপিত প্ৰথম উপগ্ৰহ। | |||||||||
| ৩ | SLV-3D1 | ৩১ মে’, ১৯৮১ | উপগ্ৰহ উৎক্ষেপণ যান | এছ এল ভি নিক্ষেপণ মঞ্চ | ৰোহিণী উপগ্ৰহ RS-D1 | ৩৮ কিলোগ্ৰাম | নিম্ন ভূ-কক্ষপথ | ভাৰতীয় মহাকাশ গৱেষণা সংস্থা | |
| নিম্ন কক্ষপথৰ বাবে ৯ দিন পাছতেই উপগ্ৰহটো নষ্ট হয়।৩ | |||||||||
| ৪ | SLV-3 | ১৭ এপ্ৰিল, ১৯৮৩ | উপগ্ৰহ উৎক্ষেপণ যান | এছ এল ভি নিক্ষেপণ মঞ্চ | ৰোহিণী উপগ্ৰহ RS-D2 | ৪১.৫ কিলোগ্ৰাম | নিম্ন ভূ-কক্ষপথ | ভাৰতীয় মহাকাশ গৱেষণা সংস্থা | ৩ |
| ভূ-নিৰীক্ষণ উপগ্ৰহ |
তথ্যসূত্ৰ
- ↑ Launch Vehicles. Department of Space, Government of India
- ↑ ড॰ এ পি জে আব্দুল কালাম, অৰুণ তেৱাৰী. (২০১১). অগ্নিৰ ডেউকা. জ্যোতি প্ৰকাশন
- ↑ TS Subramanian. Silver jubilee of the first successful SLV-3. Frontiline
- ↑ SLV. isro.gov.in
- ↑ Rohini Technology Payload
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উপগ্ৰহ উৎক্ষেপণ যান” প্ৰবন্ধৰ সংশোধন ৩৮০১৮৯ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।