অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জয়প্ৰকাশ নাৰায়ণ

জয়প্ৰকাশ নাৰায়ণ (Jayaprakash Narayan; ১৯০২–১৯৭৯) ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এজন আগশাৰীৰ মুক্তি যুদ্ধা আছিল। দেশ তথা জনতাৰ নামত নিজকে উছৰ্গা কৰা এই লোকনায়ক গৰাকীক ভাৰত চৰকাৰে দেশৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন বঁটাৰে ১৯৯৯ চনত বিভূষিত কৰিছিল।

হালনাগাদ: ২১ আগষ্ট ২০২৪ ১৭৪ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

জয়প্ৰকাশ নাৰায়ণ (Jayaprakash Narayan; ১৯০২–১৯৭৯) ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এজন আগশাৰীৰ মুক্তি যুদ্ধা আছিল। দেশ তথা জনতাৰ নামত নিজকে উছৰ্গা কৰা এই লোকনায়ক গৰাকীক ভাৰত চৰকাৰে দেশৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন বঁটাৰে ১৯৯৯ চনত বিভূষিত কৰিছিল। ১৯৩০-৩২ চনত তেওঁ কংগ্ৰেছ দলৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ বাৰাণাসীত থকা ইনষ্টিটিউট অৱ গান্ধীয়ান ষ্টাডিজ নামৰ অনুষ্ঠানটিৰ প্ৰতিষ্ঠাতা আছিল।১

জন্ম আৰু পৰিয়াল

জয়প্ৰকাশ নাৰায়ণৰ জন্ম হয় ১৯০২ চনত ১১ অক্টোবৰত বিহাৰৰ সীতাৰদিয়াৰা নামেৰে এখন সৰু গাঁৱত। তেওঁ এটি কৃষক পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ পিতাকৰ নাম হৰ্য়ুদ আৰু মাকৰ নাম ফুলৰাণী। তেওঁ প্ৰভাৱতীৰ লগত বিবাহ পাশত আবদ্ধ হয়।১

শিক্ষা জীৱন

জয়প্ৰকাশ নাৰায়ণে অসহযোগ আন্দোলনৰ বাবেই তেওঁৰ কলেজীয়া শিক্ষাত আধাতে এৰি কলেজ ত্যাগ কৰে। আনকি তেওঁ বিশ্ববিদ্যালয়ৰ বৃত্তি ল'বলৈও অস্বীকাৰ কৰে। ১৯২২ চনত তেওঁ উচ্চ শিক্ষা লবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যায়। আমেৰিকাত তেওঁ প্ৰায় আঠবছৰ কাল অধ্যয়নত কটায়। তেওঁ ঘৰুৱা আৰ্থিক অৱস্থা টনকিয়াল নাছিল বাবে আমেৰিকাত পঢ়া দিন কেইটা কষ্টৰে কটাবলগীয়া হৈছিল। সেয়ে তেওঁ নিজৰ পঢ়াৰ খৰচ উলিয়াবলৈ কেতিয়াবা ফল-মূলৰ দোকানত, কেতিয়াবা ইস্পাত কাৰখানাত, কেতিয়াবা ৰেষ্টুৰাঁ আদিত কাম কৰিছিল। কামৰ মাজতো পঢ়াত তেওঁ ঠিকে মনোযোগ ৰাখিছিল। ১৯২৯ চনত তেওঁ আমেৰিকাৰ পৰা নিজ দেশ ভাৰতলৈ উভতি আহে।১

তথ্যসূত্ৰ

  1. ↑ সমীন কলিতা. ভাৰত-ৰত্ন. অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্. পৃ. ১৩৪,১৩৫,১৩৬,১৩৭

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ স্বাধীনতা সংগ্ৰামীভাৰত ৰত্ন বঁটা বিজয়ীৰমন মেগছেছে বঁটা বিজয়ীভাৰতীয় সমাজবাদী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জয়প্ৰকাশ নাৰায়ণ” প্ৰবন্ধৰ সংশোধন ৪২৯৩৩৯ (২১ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।