অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ৰমন মেগছেছে বঁটা

ৰমন মেগছেছে বঁটা ফিলিপাইনৰ ৰাষ্ট্ৰপতি ৰমন মেগছেছেৰ সোঁৱৰণত প্ৰতি বছৰে আগবঢ়োৱা আন্তৰ্জাতিক বঁটা। এই বঁটা আন্তৰ্জাতিক বুজা-পৰা, সাংবাদিকতা, সাহিত্য আৰু সৃষ্টিশীল কৰ্মৰাজি, সমাজ সেৱা, উজ্জীৱিত নেতৃত্ব, চৰকাৰী সেৱা আৰু ৰাজহুৱা নেতৃত্বৰ বিষয়ত বিশিষ্ট সেৱা আগবঢ়োৱা ব্যক্তিক প্ৰদান কৰা হয়।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৩ ২৮৩ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ৰমন মেগছেছে বঁটা ফিলিপাইনৰ ৰাষ্ট্ৰপতি ৰমন মেগছেছেৰ সোঁৱৰণত প্ৰতি বছৰে আগবঢ়োৱা আন্তৰ্জাতিক বঁটা। এই বঁটা আন্তৰ্জাতিক বুজা-পৰা, সাংবাদিকতা, সাহিত্য আৰু সৃষ্টিশীল কৰ্মৰাজি, সমাজ সেৱা, উজ্জীৱিত নেতৃত্ব, চৰকাৰী সেৱা আৰু ৰাজহুৱা নেতৃত্বৰ বিষয়ত বিশিষ্ট সেৱা আগবঢ়োৱা ব্যক্তিক প্ৰদান কৰা হয়। এই বঁটা ১৯৫৮ চনৰ পৰা প্ৰদান কৰি অহা হৈছে।১২ ১৯৫৭ চনৰ এপ্ৰিল মাহত নিউয়ৰ্ক মহানগৰ চিটিৰ ৰকফেলাৰ ব্ৰাদাৰ ফাণ্ডৰ ট্ৰাষ্টি সকলে ফিলিপাইন চৰকাৰৰ লগত লগ লাগি এই বঁটা প্ৰদান কৰিছিল।৩৪এই বঁটাক এছিয়াৰ ন'বেল বঁটা হিচাপেও অভিহিত কৰা হয়। এছিয়া মহাদেশৰ দেশ সমূহৰ ব্যক্তি বা সংস্থাকহে এই বঁটা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।৫

উদ্দেশ্য

ৰমন মেগছেছে বঁটা ফিলিপাইনৰ সপ্তম ৰাষ্ট্ৰপতি ৰমন মেগছেছেৰ সোঁৱৰণত প্ৰতি বছৰে আগবঢ়োৱা হয়। ৰমন মেগছেছে ফাউণ্ডেচনে প্ৰতিবছৰে এছিয়াৰ ব্যক্তি বা সংস্থাক নিজ নিজ ক্ষেত্ৰসমূহলৈ আগবঢ়োৱা উৎকৃষ্ট অৱদানৰ বাবে এই বঁটা প্ৰদান কৰে। প্ৰথমে এই বঁটা ছয়টা শ্ৰেণীত আগবঢ়োৱা হৈছিল যদিও ২০০৯ চনৰ পৰা পাঁচটা শ্ৰেণীত বঁটা প্ৰদান বন্ধ কৰা হয়। এই শ্ৰেণী কেইটা হ'ল:

  • চৰকাৰী সেৱা (১৯৫৮–২০০৮)
  • সমাজ সেৱা (১৯৫৮–২০০৮)
  • ৰাজহুৱা নেতৃত্ব (১৯৫৮–২০০৮)
  • সাংবাদিকতা, সাহিত্য আৰু সৃষ্টিশীল কৰ্মৰাজি (১৯৫৮–২০০৮)
  • শান্তি আৰু আন্তৰ্জাতিক বুজা-পৰা (১৯৫৮–২০০৮)
  • উজ্জীৱিত নেতৃত্ব (২০০১– )
  • অশ্ৰেণীকৃত (২০০৯– )

ইতিহাস

১৯৫৭ চনৰ মে মাহত ফিলিপাইন দেশৰ সাতজন বিখ্যাত নাগৰিকক ৰমন মেগছেছে ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক ট্ৰাষ্টি হিচাপে বাছনি কৰা হৈছিল। ইয়াৰ বাবে এক লাভ নিৰপেক্ষ সংগঠন এটা গঠন কৰি এই বঁটা প্ৰদান কাৰ্য সমাধা কৰা হৈছিল। পিছলৈ গোটেই এছিয়াৰ বিখ্যাত লোকক ইয়াৰ ট্ৰাষ্টি পদ দিয়া হৈছিল।

ৰমন মেগছেছে বঁটা ফাউণ্ডেচনে এছিয়া মহাদেশ ব্যক্তি বা সংস্থাক নিজ নিজ ক্ষেত্ৰসমূহলৈ আগবঢ়োৱা উৎকৃষ্ট অৱদানৰ বাবে এই বঁটা প্ৰদান কৰে। ইয়াৰ বাবে দেহৰ বৰণ, লিংগ বা ৰাষ্ট্ৰীয়তালৈ ভেদা-ভেদ কৰা নহয়।

বঁটা প্ৰাপক

ৰমন মেগছেছে বঁটা এছিয়া মহাদেশৰ বিভিন্ন দেশৰ নাগৰিকে লাভ কৰিছে। লগতে চাকৰিসূত্ৰে এছিয়া মহাদেশত বাস কৰা বা এছিয়া মহাদেশত বহু সময় কটোৱা আন মহাদেশৰ নাগৰিককো এই বঁটা প্ৰদান কৰা হৈছে।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Clare Arthurs. (2000-07-25). Activists share 'Asian Nobel Prize'. BBC News
  2. ↑ Ann Bernadette Corvera. (2003-10-08). '03 RAMON MAGSAYSAY AWARDEE: A LEAGUE OF EXTRAORDINARY MEN & WOMEN. Philippine Star
  3. ↑ AsiaNews.it. Magsaysay Awards, Asia’s Nobel Prize, in the social and cultural fields. www.asianews.it
  4. ↑ Ballaran, Jhoanna. 5 persons, 1 organization honored at 2017 Ramon Magsaysay Award
  5. ↑ ‘Asia’s Nobel Prize’: now more than ever

সম্পৰ্কিত শ্ৰেণী

আন্তঃৰাষ্ট্ৰীয় বঁটাসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰমন মেগছেছে বঁটা” প্ৰবন্ধৰ সংশোধন ৩৮৩৪৫০ (২৯ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।