ভীমসেন যোশী ; ১ জন্ম ৪ ফেব্ৰুৱাৰী ১৯২২ - মৃত্যু ২৪ জানুৱাৰী ২০১১) এগৰাকী এজন বিশ্ববিখ্যাত ভাৰতীয় শাস্ত্ৰীয় সংগীত শিল্পী। তেওঁ মূলত শাস্ত্ৰীয় সংগীতৰ খেয়াল গায়ক হিচাপে বেছি পৰিচিত। ইয়াৰ উপৰি তেওঁ ভজন, থুমৰি, দাদৰাৰ দৰে শাস্ত্ৰীয় সংগীতৰ অন্যান্য ধাৰাতো জনাজাত আছিল।
ভাৰতৰ সংগীত জগতত তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ১৯৭২ চনত পদ্মশ্ৰী, ১৯৭৫ চনত সংগীত নাটক অকাডেমি আৰু ১৯৮৫ চনত পদ্মভূষণ বঁটা প্ৰদান কৰা হয়। ১৯৯৮ তেওঁ সংগীত নাটক একাডেমীৰ সৰ্বোচ্চ সন্মান সংগীত নাটক একাডেমী ফেল'শ্বিপ অৰ্থাৎ ৰত্ন সদস্যৰ সন্মান লাভ কৰে।২ ২০০৯ চনত ভাৰত চৰকাৰে তেওঁক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰে।৩ তেওঁ হিন্দী, কন্নড়, মাৰাঠীৰ দৰে একাধিক ভাষাৰ চলচ্চিত্ৰত কণ্ঠদান কৰিছে।
প্ৰাৰম্ভিক জীৱন
ভীমসেন যোশীৰ জন্ম হৈছিল ১৯২২ চনৰ ৪ ফেব্ৰুৱাৰীত কৰ্ণাটকৰ ধৰৱাদ জিলাৰ ৰনত এটি কানাড়া দেশস্থ মাধৱ ব্ৰাহ্মণ পৰিয়ালত। ৪৫ পিতৃ গুৰুৰাজৰাও যোশী আৰু মাতৃ গোদাবৰীবাই। তেওঁৰ পিতৃ গুৰুৰাজ যোশী স্কুলৰ শিক্ষক আছিল। ১৬ গৰাকী ভাই-ভনীৰ ভিতৰত ভীমসেন আছিল জ্যেষ্ঠ। তেওঁ কম বয়সতে মাকক হেৰুৱাইছিল।৬
শিশু অৱস্থাত যোশীয়ে সংগীতৰ প্ৰতি আকৰ্ষিত হৈছিল। লগতে হাৰমনিয়াম আৰু তানপুৰাৰ দৰে বাদ্যযন্ত্ৰৰ প্ৰতিও আকৰ্ষিত হৈছিল ৭ আৰু প্ৰায়ে সংগীত দলৰ সৈতে শোভাযাত্ৰা অনুসৰণ কৰিছিল। কিন্তু এই অভ্যাসে তেওঁক প্ৰায়ে ভাগৰুৱা কৰি তুলিছিল আৰু তেওঁ ক’ৰবাত ভাগৰুৱা হৈ শুই পৰিছিল। যাৰ ফলত তেওঁৰ সন্ধান উলিয়াবলৈ কৰা প্ৰচেষ্টা বিফল হোৱাৰ পিছত তেওঁৰ পিতৃ-মাতৃয়ে আৰক্ষীৰ ওচৰলৈ যাবলৈ বাধ্য হৈছিল। বিৰক্ত হৈ পিতৃ গুৰুৰাজাচাৰ্য্য যোশীয়ে যোশীৰ চাৰ্টত "শিক্ষকৰ পুত্ৰ যোশী" বুলি লিখি দিছিল। এইটোৱে কাম কৰিলে আৰু পাছত যিসকলে ল'ৰাটোক শুই থকা দেখিলে তেওঁলোকে তেওঁক নিৰাপদে ঘৰলৈ ঘূৰাই পঠিয়াবলৈ ধৰিলে।৮
সংগীতৰ প্ৰশিক্ষণ
তেওঁৰ প্ৰথম সংগীত শিক্ষক আছিল ধোবি সম্প্ৰদায়ৰ কুৰ্তাকোটিৰ চান্নাপ্পা, যিয়ে প্ৰবীণ গায়ক ইনাত খানৰ সৈতে প্ৰশিক্ষণ লৈছিল। ৰাগ ভৈৰৱ আৰু ভীমপালাছী শিকাৰ পিছত আন শিক্ষকৰ উন্নত প্ৰশিক্ষণৰ লগতে তেওঁ গঢ়ি তোলা একমাত্ৰ অনন্য জোৰদাৰ ৰেণ্ডাৰ শৈলীৰ কাৰণ হ’ল চান্নাপ্পাৰপৰা লাভ কৰা মৌলিক প্ৰশিক্ষণ।
তথ্যসূত্ৰ
- ↑ Films Division Interview
- ↑ SNA: List of Sangeet Natak Academi Ratna Puraskarwinners (Akademi Fellows). Official website
- ↑ Bharat Ratna for Vocalist Pandit Bhimsen Joshi. Rediff
- ↑ Bharat Ratna Bhimsen Joshi. Outlook India
- ↑ Kasturi Paigude Rane. (2021). Pandit Bhimsen Joshi. Publications Division Ministry of Information & Broadcasting. পৃ. 13. ISBN 9789354092619
- ↑ Nadkarni, Mohan. (1994). Bhimsen Joshi: A Biography. Indus Publishing. ISBN 8172231261
- ↑ Biography – Bhimsen Joshi. Hindi Lyrics
- ↑ Pattanashetti, Girish. (25 January 2011). Ron was his home and his heart. The Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভীমসেন যোশী” প্ৰবন্ধৰ সংশোধন ৬৪০১২০ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।