অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এম জি ৰামচন্দ্ৰন

এম. জি. ৰামচন্দ্ৰন (M. G. Ramachandran; ১৯১৭-১৯৮৭) অকুণ্ঠ দেশসেৱাৰ বাবে ১৯৮৮ চনত ভাৰত চৰকাৰে ভাৰত ৰত্ন উপাধিৰে সন্মানিত কৰে। ইণ্ডিয়ান এক্সপ্ৰেছ কাকতৰ যুটীয়া সম্পাদক আছিল তেওঁ।

হালনাগাদ: ১৭ জানুৱাৰী ২০২৬ ৩২৬ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

এম. জি. ৰামচন্দ্ৰন (M. G. Ramachandran; ১৯১৭-১৯৮৭) অকুণ্ঠ দেশসেৱাৰ বাবে ১৯৮৮ চনত ভাৰত চৰকাৰে ভাৰত ৰত্ন উপাধিৰে সন্মানিত কৰে। ইণ্ডিয়ান এক্সপ্ৰেছ কাকতৰ যুটীয়া সম্পাদক আছিল তেওঁ। তেওঁ জামিয়ামিলা মুছলিম বিশ্ববিদ্যালয়ৰ প্ৰবক্তা আছিল আৰু সেৱাগ্ৰামত হিন্দুস্তান তামিল সংঘৰ যুটীয়া সম্পাদকৰ দায়িত্বত আছিল। হৰিজন সেৱক সংঘৰ মাদ্ৰাজ আৰু কেৰালা ৰাজ্যৰ ৰামচন্দ্ৰন সম্পাদক আছিল। তেওঁ এগৰাকী স্বাধীনতা সংগ্ৰামী আছিল।১

জন্ম আৰু পৰিয়াল

এম. জি. ৰামচন্দ্ৰনৰ জন্ম হয় ১৯১৭ চনৰ ১৭ জানুৱাৰী তাৰিখে, কেৰালাৰ তিৰুৱনন্তপুৰমৰ পেৰুমথান্নিত। তেওঁৰ পিতাকৰ নাম আছিল কে. গোবিন্দ পিল্লাই আৰু মাকৰ নাম আছিল মাধৱী থানকাচি।১

শিক্ষা জীৱন

এম. জি. ৰামচন্দ্ৰনে বিশ্ব ভাৰতী শান্তি নিকেতনৰ পৰা উচ্চ শিক্ষা লাভ কৰি, দেশ সেৱাত ব্ৰতী হয়। তেওঁ স্বামী বিবেকান্দ, মোহনদাস কৰমচান্দ গান্ধী আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ পৰা ৰাজনৈতিক-সামাজিক জ্ঞানৰ শিক্ষা গ্ৰহণ কৰে। তেওঁ এটা বছৰ সবৰমতী আশ্ৰমত মহাত্মা গান্ধীৰ লগত কটাইছিল। সবৰমতীত থকা পিছৰ পৰাই তেওঁৰ সামাজিক জীৱন-যাত্ৰা আৰম্ভ হোৱা হয়।১

কৰ্মজীৱন

এম. জি. ৰামচন্দ্ৰন জামিয়ামিলা মুছলিম বিশ্ববিদ্যালয়ত কিছুদিন প্ৰবক্তা হৈ থকাৰ পাছত সেৱাগ্ৰামত হিন্দুস্তান তামিল সংঘৰ যুটীয়া সম্পাদক নিযুক্ত হয়। কেইবাবছৰৰ কাৰণে তেওঁ সৰ্বভাৰতীয় স্পিনাৰ্চ এচোছিয়েশ্যনৰ লগতো জড়িত হৈ আছিল। তেওঁ খাদী আন্দোলনৰো এগৰাকী গুৰি ধৰোঁতা আছিল। মহাত্মাই সংগঠন কৰা হৰিজন সেৱক সংঘৰ চেন্নাই আৰু কেৰালা ৰাজ্যৰ ৰামচন্দ্ৰন সম্পাদক নিযুক্ত হৈছিল। জাতি ভেদ আৰু অস্পৃশ্যতা বৰ্জনৰ বাবে তেওঁ যথেষ্ট ত্যাগ স্বীকাৰ কৰিছিল। কিছুদিন তেওঁ সৰ্বভাৰতীয় গ্ৰাম্য শিল্পকৰণ এচোছিয়েশ্যনৰ সাধাৰণ সম্পাদক আছিল আৰু তেওঁ এগৰাকী গান্ধী স্মাৰক-নিধিৰ নিষ্ঠাবান কৰ্মী আছিল। তদুপৰি তেওঁ আন আন সংগঠনৰ লগতো জড়িত হৈ দেশ সেৱা আগবঢ়াইছিল। ১৯৬২ চনত তেওঁ বিশ্ব শান্তি সন্মিলনত অংশ গ্ৰহণ কৰিছিল। ১৯২১ চন, ১৯৩০ চন, ১৯৪২ চনকে ধৰি ভাৰত স্বাধীনতা সংগ্ৰামৰ প্ৰতিটো আন্দোলনতে তেওঁ সক্ৰিয় ভূমিকা পালন কৰিছিল। এনেকৈ আন্দোলনত অংশ লোৱা বাবে তেওঁ কেইবাবাৰো জেল জীৱন কটাবলগীয়া হৈছিল। জেলৰ পৰা ওলাই ১৯৪৪-৪৫ চনত তেওঁ ইণ্ডিয়ান এক্সপ্ৰেছ কাকতৰ যুটীয়া সম্পাদক নিযুক্ত হৈছিল। ১৯৪৭ চনত তেওঁ ত্ৰিবান্দ্ৰম বিধান সভা সমষ্টিৰ পৰা সদস্য নিৰ্বাচিত হয়। ১৯৬৪ চনত তেওঁ ৰাজ্যসভাৰ সদস্য নিৰ্বাচিত হয়।১

বঁটা

মৃত্যু

এম. জি. ৰামচন্দ্ৰনৰ ১৯৮৭ চনত পৰলোকপ্ৰাপ্তি ঘটে।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ সমীন কলিতা. ভাৰত ৰত্ন. অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্. পৃ. ৭৯,৮০

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ স্বাধীনতা সংগ্ৰামীভাৰতীয় অভিনেতাভাৰতৰ চলচ্চিত্ৰ পৰিচালকভাৰত ৰত্ন বঁটা বিজয়ীশ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এম জি ৰামচন্দ্ৰন” প্ৰবন্ধৰ সংশোধন ৫৭০৩২৩ (১৭ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।