অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চিদাম্বৰম সুব্ৰমনিয়াম

চিদাম্বৰম সুব্ৰমনিয়াম (Chidambaram Subramaniam; ৩০ জানুৱাৰী ১৯১০ – ৭ নৱেম্বৰ ২০০০) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেতা আৰু স্বাধীনতা সংগ্ৰামী আছিল। তেওঁ কেন্দ্ৰীয় চৰকাৰত কৃষি, বিত্ত আৰু ৰক্ষা মন্ত্ৰণালয়ৰ মন্ত্ৰী হিচাপে কাৰ্য নিৰ্বাহন কৰিছিল। পিছলৈ মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপে দায়িত্ব পালন কৰিছিল।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ২৭২ শব্দ · ২ মিনিট সংগৃহীত ৮৯
সংশোধনৰ পৰামৰ্শ

চিদাম্বৰম সুব্ৰমনিয়াম (Chidambaram Subramaniam; ৩০ জানুৱাৰী ১৯১০ – ৭ নৱেম্বৰ ২০০০) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেতা আৰু স্বাধীনতা সংগ্ৰামী আছিল। তেওঁ কেন্দ্ৰীয় চৰকাৰত কৃষি, বিত্ত আৰু ৰক্ষা মন্ত্ৰণালয়ৰ মন্ত্ৰী হিচাপে কাৰ্য নিৰ্বাহন কৰিছিল। পিছলৈ মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপে দায়িত্ব পালন কৰিছিল। তেওঁ ভাৰতৰ খাদ্য আৰু কৃষিমন্ত্ৰী হৈ থাকোঁতে ভাৰতক খাদ্য উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল কৰিবলৈ এম এছ স্বামীনাথন, বি. শিৱৰমণ আৰু নৰ্মান ই. বৰলুঙৰ সৈতে ভাৰতত সেউজ বিপ্লৱৰ সূচনা কৰিছিল।১ তেওঁক ভাৰত চৰকাৰে সেউজ বিপ্লৱত আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ১৯৯৮ চনত ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰে।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯১০ চনৰ ৩০ জানুৱাৰী তাৰিখে তামিলনাডুৰ কৈম্বটোৰ জিলাৰ পলাচীত চিদাম্বৰম সুব্ৰমনিয়ামৰ জন্ম হৈছিল।২ তেওঁ প্ৰাৰম্ভিক শিক্ষা পলাচীত গ্ৰহণ কৰি চেন্নাইলৈ যায়। তাত তেওঁ মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত প্ৰেচিডেন্সী কলেজৰ পৰা পদাৰ্থ বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে। পিছলৈ তেওঁ একে বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত মাদ্ৰাজ আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে।৩ তেওঁৰ খুড়া স্বামী স্বামীনাথন তেওঁৰ আদৰ্শ ব্যক্তি আছিল।

ৰাজনৈতিক জীৱন

প্ৰাৰম্ভিক কালছোৱা

তেওঁ মহাবিদ্যালয়ত পঢ়ি থাকোঁতে ব্ৰিটিছৰ বিৰুদ্ধে আইন অমান্য আন্দোলনত যোগ দিছিল। ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনৰ সময়ত তেওঁ কাৰাবাস খাটিছিল।২ পিছলৈ তেওঁ সংবিধান সভালৈ নিৰ্বাচিত হয় আৰু ভাৰতৰ সংবিধানৰ প্ৰস্তুতকৰণত নিজৰ অৰিহণা আগবঢ়ায়। ভাৰত স্বাধীন হোৱাৰ পিছত তেওঁ ১৯৫২ চনৰ পৰা ১৯৬২ চনলৈ মাদ্ৰাজ ষ্টেটত মুখ্যমন্ত্ৰী চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী আৰু কে কামৰাজৰ কেবিনেটত শিক্ষা, আইন আৰু বিত্ত বিভাগৰ মন্ত্ৰী আছিল। এই কালছোৱাত তেওঁ মাদ্ৰাজ বিধানসভাৰ নেতা আছিল। ১৯৬২ চনত তেওঁ লোকসভালৈ নিৰ্বাচিত হয় আৰু কেন্দ্ৰীয় চৰকাৰৰ তীখা আৰু খনিমন্ত্ৰীৰ পদত নিযুক্ত হয়। তাৰপিছত তেওঁ ভাৰতৰ কৃষি মন্ত্ৰীৰ কাৰ্যভাৰ গ্ৰহণ কৰে। ২ মে' ১৯৭১ চনৰ পৰা ২২ জুলাই ১৯৭২ চনলৈ তেওঁ ভাৰতৰ পৰিকল্পনা আয়োগৰ উপাধ্যক্ষ আছিল।

সেউজ বিপ্লৱ

তেওঁ এম. এছ. স্বামীনাথন আৰু বি. শিৱৰমনৰ সৈতে ভাৰতীয় কৃষিব্যৱস্থাৰ আধুনিকীকৰণৰ বাবে জনা যায়। তেওঁলোকৰ আঁচনিৰ সঠিক ৰূপায়ণৰ বাবে ১৯৭২ চনত ভাৰতত সৰ্বকালৰ অভিলেখ ভংগ কৰা ঘেঁহুৰ উৎপাদন হৈছিল। খাদ্য আৰু কৃষি মন্ত্ৰী হিচাপে তেওঁ ভাৰতত উচ্চ উৎপাদনক্ষম বীজৰ জাত, সাৰ আৰু কৃষিক্ষেত্ৰত ন-ন প্ৰযুক্তিৰ ব্যৱহাৰৰ সূচনা কৰিছিল। ইয়াৰ ফলত ভাৰত খাদ্যশস্য উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হৈ পৰে।১

তেওঁ ভাৰতীয় শ্বেত বিপ্লৱৰ জনক ভাৰ্গিজ কুৰিয়েনক আমুলৰ অধ্যক্ষ হিচাপে নিয়োগ কৰিছিল। তেওঁ চেন্নাইত ৰাষ্ট্ৰীয় কৃষি ফাউণ্ডেচন আৰু তিৰুচিৰাপল্লীত ভাৰতীদৰ্শন ব্যৱস্থাপনা প্ৰতিষ্ঠান স্থাপন কৰিছিল।৪

বিত্ত মন্ত্ৰালয় আৰু অপাতকাল

১৯৬৯ চনত কংগ্ৰেছৰ বিভাজন হোৱাত ইন্দিৰা গান্ধীয়ে আৰম্ভ কৰা কংগ্ৰেছ-১ৰ তেওঁ অধ্যক্ষ আছিল। পিছলৈ তেওঁ ইন্দিৰা গান্ধীৰ কেবিনেটত বিত্ত মন্ত্ৰীৰ দায়িত্বভাৰ লাভ কৰে। এই সময়ত তেওঁ ভাৰতীয় মুদ্ৰাৰ মূল্য কম কৰাৰ দৰে ব্যৱস্থা হাতত লয়। তেওঁ ১৯৭৬ চনত অপাতকালৰ সময়ত ভাৰতৰ বিত্তমন্ত্ৰী আছিল।৩ আপাতকালৰ পিছত তেওঁ ইন্দিৰা গান্ধীৰ কংগ্ৰেছ এৰি দেৱৰাজ উৰ্ছ আৰু কাশু ব্ৰহ্মানন্দ ৰেড্ডীৰ কংগ্ৰেছত যোগ দিয়ে।

পিছৰ কালছোৱা

তেওঁ ১৯৭৯ চনত চৌধুৰী চৰণ সিংৰ কেবিনেটত ৰক্ষামন্ত্ৰী আছিল। ১৯৯০ চনত তেওঁ মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰিছিল।৫

মৃত্যু

২০০০ চনৰ ৭ নৱেম্বৰ তাৰিখে ৯০ বছৰ বয়সত চিদাম্বৰম সুব্ৰমনিয়ামৰ মৃত্যু হয়।

বঁটা আৰু সন্মান

ডাক টিকটত চিদাম্বৰম সুব্ৰমনিয়াম
ডাক টিকটত চিদাম্বৰম সুব্ৰমনিয়ামছবি: India Post, Government of India · GODL-India
  • ভাৰত ৰত্ন, ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান, ১৯৯৮৬
  • ৱাই. বি. চৌহান ৰাষ্ট্ৰীয় একত্ৰীকৰণ বঁটা৭
  • ইউ ঠান্ত শান্তি বঁটা, ১৯৯৬
  • নৰ্মান বৰলুং বঁটা, ১৯৯৬২
  • অনুব্ৰত বঁটা, ১৯৮৮১

২০১০ চনৰ আগষ্ট মাহত ভাৰত চৰকাৰে তেওঁৰ স্মৃতিত এটি মুদ্ৰা প্ৰচলন কৰিছিল।৮ একেবছৰে ভাৰতীয় ডাক বিভাগে তেওঁৰ স্মৃতিত এক ডাক টিকট প্ৰচলন কৰে।

গ্ৰন্থৰাজি

  • দা নিউ ষ্ট্ৰেতেজী ইন ইণ্ডিয়ান এগ্ৰীকাল্চাৰ
  • চাম কাউন্ত্ৰীজ হুইছ আই ভিজিটেড ৰাউণ্ড দা ৱৰ্ল্ড
  • ইণ্ডিয়া অফ মাই ড্ৰিমছ

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ C. Subramaniam, bio data. Rajbhavan, Maharashra state, India
  2. ↑ (8 November 2000). CS ushered in Green Revolution. The Hindu
  3. ↑ (20 March 1998). A visionary and a statesman. Frontline
  4. ↑ (31 October 2010). More light on personal facets of C. Subramaniam. The Hindu
  5. ↑ C Subramaniam resigns
  6. ↑ (18 February 1998). C.Subramaniam awarded Bharat Ratna. Rediff
  7. ↑ (8 November 2000). C Subramaniam passes away. Business Line
  8. ↑ (28 August 2010). Yeoman services rendered by Subramaniam to nation recalled. The Hindu

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ৰাজনীতিবিদভাৰত চৰকাৰৰ মন্ত্ৰীভাৰতৰ স্বাধীনতা সংগ্ৰামীভাৰত ৰত্ন বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিদাম্বৰম সুব্ৰমনিয়াম” প্ৰবন্ধৰ সংশোধন ৩৮০৮৩৪ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।