ভাৰতৰ ৰাষ্ট্ৰীয় বঁটা আৰু সন্মান
৭৩ প্ৰবন্ধ
-
পদ্মশ্ৰী
পদ্মশ্ৰী ভাৰত চৰকাৰে প্ৰদান কৰা চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান। শিল্পকলা, শিক্ষা, বাণিজ্য, সাহিত্য, বিজ্ঞান, ক্ৰীড়া, সমাজ সেৱা আৰু চৰকাৰী ক্ষেত্ৰত বিশেষ অৱদানৰ বাবে ভাৰত চৰকাৰে এই সম্মান প্ৰদান কৰি আহিছে। এই সম্মান সাধাৰণতে ভাৰতীয় নাগৰিকসকলকেই প্ৰদান কৰা হয়।
-
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (National Film Awards) ভাৰতৰ চলচ্চিত্ৰ সম্পৰ্কীয় সৰ্বোচ্চ পুৰস্কাৰ। ১৯৫৪ চনৰ পৰা ভাৰত চৰকাৰে ভাৰতীয় চলচ্চিত্ৰৰ গুণগত মানৰ বিকাশ আৰু প্ৰকাশৰ কাৰণে সৰ্বভাৰতীয় পৰ্যায়ত আৰু ৰাজ্যিক পৰ্যায়ত ‘ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা’ প্ৰৱৰ্তন কৰিবলৈ কয়।
-
পদ্মভূষণ
পদ্মভূষণ (पद्म भूषण) পদ্ম সন্মানসমূহৰ ভিতৰত এই সন্মান তৃতীয় স্থানত। ইয়াৰ স্মাৰকটোও পদ্মবিভূষণ থকা স্মাৰকটোৰ দৰেই। ইয়াৰ ট্ৰফিটোৰ মাজত সোণৰ বগা পাত চৰোৱা, তিনিটা পাহিৰ সৈতে এপাহ পদুম ফুলৰ প্ৰতীক খোদিত কৰা হয়। আনটো ফালে ৰাষ্ট্ৰীয় প্ৰতীকটো অংকন কৰা থাকে।
-
সংগীত নাটক একাডেমী বঁটা
সংগীত নাটক একাডেমী বঁটা (Sangeet Natak Akademi Award) ভাৰতত পৰিৱেশ্য কলাৰ সাধনাৰ বাবে সংগীত নাটক একাডেমীয়ে প্ৰদান কৰা বঁটা। সংগীত নাটক একাডেমী ভাৰত চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠিত ভাৰতীয় সংগীত, নাটক আৰু নৃত্যৰ বিকাশ আৰু প্ৰচাৰৰ উদ্দেশ্যে স্থাপন কৰা এখন চৰকাৰী সন্থা।
-
পদ্মবিভূষণ
পদ্মবিভূষণ (Padma Vibhushan, पद्म विभूषण) ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সম্মান। পদ্মবিভূষণ প্ৰাপকে ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা এটা পদক আৰু এখন মানপত্ৰ প্ৰদান কৰে। পদ্মবিভূষণ পদ্ম সন্মানসমূহৰ ভিতৰত এই সন্মান শীৰ্ষ স্থানীয়। ১৯৫৪ চনৰ ২ জানুৱাৰীত এই সম্মান প্ৰবৰ্তিত হয়।
-
অৰ্জুন বঁটা
অৰ্জুন বঁটা আনুষ্ঠানিক ক্ৰীড়া আৰু খেলত অসাধাৰণ প্ৰদৰ্শন কৰা খেলুৱৈক দিয়া হয়। ই ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ ক্ৰীড়া সন্মান, ক্ৰীড়াৰ সৰ্বোচ্চ সন্মান হৈছে মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা। প্ৰাচীন ভাৰতৰ সংস্কৃত মহাকাব্য মহাভাৰতৰ অন্যতম চৰিত্ৰ অৰ্জুনৰ নামেৰে এই অৰ্জুন বঁটাৰ নামকৰণ কৰা হৈছে।
-
ভাৰত ৰত্ন
ভাৰত ৰত্ন (भारत रत्न, ইংৰাজী অনুবাদ জুৱেল অৱ ইণ্ডিয়া বা জেম অৱ ইণ্ডিয়া) ভাৰত দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান। জাতি, বৃত্তি, পদবী বা লিংগৰ পাৰ্থক্য নোহোৱাকৈ "উচ্চতম স্তৰৰ ব্যতিক্ৰমী সেৱা/কাৰ্য্যক্ষমতা"ৰ স্বীকৃতি স্বৰূপে এই বঁটা প্ৰদান কৰা হয়।
-
জ্ঞানপীঠ বঁটা
জ্ঞানপীঠ বঁটা (Jnanpith Award) ভাৰতৰ সৰ্বোচ্চ সাহিত্য-সন্মান। দ্য টাইমচ্ অৱ ইণ্ডিয়া বাতৰিকাকতৰ প্ৰকাশক চাহু জৈন পৰিবাৰৰ দ্বাৰা গঠন কৰা এটা ট্ৰাষ্টৰ দ্বাৰা ভাৰতীয় জ্ঞানপীঠ বঁটা প্ৰদান কৰা হয়।
-
নাৰী শক্তি পুৰস্কাৰ
নাৰী শক্তি পুৰস্কাৰ (পূৰ্বতে স্ত্ৰী শক্তি পুৰস্কাৰ) মহিলায়ে আগবঢ়োৱা উৎকৃষ্ট অৱদানৰ বাবে ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰণালয়ে প্ৰদান কৰা বঁটা। সৰ্বমুঠ ছয়টা শিতানত এই বঁটা প্ৰদান কৰা হয়।
-
দাদাচাহেব ফাল্কে বঁটা
ভাৰতীয় চলচ্চিত্ৰৰ জনকৰূপে অভিহিত দাদাচাহেব ফাল্কেৰ স্মৃতি ৰক্ষাৰ্থে দাদাচাহেব ফাল্কে বঁটা প্ৰদান কৰা হয়। ভাৰতীয় চলচ্চিত্ৰৰ উৎকৰ্ষ আৰু বিকাশৰ হকে উল্লেখযোগ্য বৰঙনিৰ স্বীকৃতিৰূপে এই বঁটা প্ৰদান কৰা হয়। ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ বঁটাৰূপে স্বীকৃত এই বঁটাৰ অৰ্থমূল্য দহ লাখ টকা।
-
মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা
মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা (Major Dhyan Chand Khel Ratna Award) হৈছে ক্ৰীড়াক্ষেত্ৰৰ বিভিন্ন উপলব্ধিৰ বাবে ভাৰত চৰকাৰৰ দ্বাৰা প্ৰদান কৰা সৰ্বোচ্চ সন্মান। পূৰ্বতে ৰাজীৱ গান্ধী খেলৰত্ন বঁটা নামেৰে জনাজাত এই বঁটাটোক প্ৰসিদ্ধ ভাৰতীয় হকী খেলুৱৈ ধ্যান চান্দৰ নামেৰে ২০২১ চনত পুনঃনামকৰণ কৰা হয়।
-
পৰম বীৰ চক্ৰ
পৰম বীৰ চক্ৰ (Param Vir Chakra) ভাৰতৰ সৰ্বোচ্চ সামৰিক পদক। যুদ্ধক্ষেত্ৰত শত্ৰুৰ সন্মুখীন হৈ অতুলনীয় সাহস আৰু আত্মত্যাগ প্ৰদৰ্শনৰ স্বীকৃতি স্বৰূপে এই পদক প্ৰদান কৰা হয়। এই পদক মৰণোত্তৰভাৱেও প্ৰদান কৰা হয় আৰু ২১জন পদক প্ৰাপকৰ ভিতৰত ১৪জনকে মৰণোত্তৰভাৱে এই পদক প্ৰদান কৰা হৈছে।
-
কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা
কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা কলা, সাহিত্য, সংস্কৃতি আৰু বিজ্ঞান-প্ৰযুক্তিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বৰঙণিৰ বাবে ব্যক্তিবিশেষ বা গোটক প্ৰদান কৰা এটা ভাৰতীয় বঁটা। ঠেঙাল, অসমৰ খঙীয়া বৰুৱা পৰিয়ালৰ বিদুষী মহিলা কমল কুমাৰী বৰুৱাৰ স্মৃতিত কমল কুমাৰী ফাউণ্ডেছনে ১৯৯০ চনত এই বঁটাৰ প্ৰচলন কৰে।
-
শিৱপ্ৰসাদ বৰুৱা ৰাষ্ট্ৰীয় বঁটা
শিৱপ্ৰসাদ বৰুৱা ৰাষ্ট্ৰীয় বঁটা সাংবাদিকতাৰ ক্ষেত্ৰত দেখুওৱা বিশেষ দক্ষতাৰ বাবে প্ৰদান কৰা হয়। কমল কুমাৰী ফাউণ্ডেছনে এই বঁটা প্ৰদান কৰে। এই বঁটাত আছে দুই লাখ টকা, এটা ট্ৰফি আৰু এখন প্ৰশস্তি পত্ৰ।
-
শংকৰ মহাদেৱন
শংকৰ মহাদেৱন ( Shankar Mahadevan; জন্ম: ৩ মাৰ্চ ১৯৬৭) এজন ভাৰতীয় গায়ক আৰু সুৰকাৰ, যি ভাৰতীয় চলচ্চিত্ৰৰ বাবে সংগীত ৰচনা কৰা শংকৰ–এহছান–লয়ৰ অংশ। ২০২৩ চনত বাৰ্মিংহাম চিটি ইউনিভাৰ্চিটিয়ে তেওঁক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে।
-
অশোক চক্ৰ (পদক)
অশোক চক্ৰ ভাৰত সৰ্বোচ্চ শান্তিকালীন সাহসিকতাৰ সৰ্বোচ্চ সামৰিক পদক। যুদ্ধক্ষেত্ৰৰ বাহিৰে আন ঠাইত অতুলনীয় সাহস আৰু আত্মত্যাগ প্ৰদৰ্শনৰ স্বীকৃতি স্বৰূপে এই পদক প্ৰদান কৰা হয়। এই পদক মৰণোত্তৰ ভাৱেও প্ৰদান কৰা হয়। এই পদক সামৰিক আৰু অসামৰিক যিকোনো ব্যক্তিয়ে লাভ কৰিব পাৰে।
-
হৰিহৰণ (গায়ক)
হৰিহৰণ অনন্ত সুব্ৰমণি ( Hariharan Anantha Subramani; জন্ম ৩ এপ্ৰিল ১৯৫৫) এগৰাকী ভাৰতীয় প্লেবেক গায়ক, ভজন আৰু গজল গায়ক যিয়ে মূলতঃ তামিল, মালয়ালম, হিন্দী, কানাড়া আৰু তেলেগু ভাষাত গীত গায়।
-
দ্ৰোণাচাৰ্য বঁটা
ক্ৰীড়াৰ ক্ষেত্ৰত খেলুৱৈৰ প্ৰশিক্ষকসকলক প্ৰদান কৰা এটা সৰ্বোচ্চ বঁটা৷ এই বঁটাত আছে ৩ লাখ টকা আৰু এটা ট্ৰফী৷ ১৯৮৫ চনৰ পৰা এই বঁটা প্ৰদান কৰি অহা হৈছে৷
-
বিজ্ঞান ৰত্ন বঁটা
বিজ্ঞান ৰত্ন বঁটা (Vigyan Ratna Award) হৈছে বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত অসাধাৰণ কৃতিত্বৰ বাবে ভাৰত চৰকাৰে আগবঢ়োৱা সৰ্বোচ্চ সন্মান। ২০২৩ চনত স্থাপিত আৰু ২০২৪ চনত প্ৰথমবাৰৰ বাবে প্ৰদান কৰা এই বঁটা বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ স্বীকৃতি হিচাপে ব্যক্তি বিশেষক…
-
ভাৰতৰ ৰাষ্ট্ৰীয় বঁটা আৰু সন্মানৰ তালিকা
মূল প্ৰবন্ধ: ভাৰত ৰত্ন ভাৰত ৰত্ন ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান। সাহিত্য, কলা, বিজ্ঞান, সমাজসেৱা আদি ক্ষেত্ৰত বিশিষ্ট সেৱা আগবঢ়োৱা ব্যক্তিক এই সন্মান প্ৰদান কৰা হয়।
-
ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ
ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ (Rashtriya Vigyan Puraskar) হৈছে বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন ক্ষেত্ৰৰ বিশিষ্ট গৱেষকসকলৰ অৱদানক স্বীকৃতি দিবলৈ ভাৰত চৰকাৰে প্ৰতিষ্ঠা কৰা ৰাষ্ট্ৰীয় বঁটা।
-
ৰিতু মেনন
ৰিতু মেনন ( Ritu Menon) এগৰাকী ভাৰতীয় নাৰীবাদী, লেখিকা আৰু প্ৰকাশক।
-
ধ্যান চান্দ বঁটা
ধ্যান চান্দ বঁটা (Dhyan Chand Award) ভাৰতৰ ক্ৰীড়া ক্ষেত্ৰত জীৱনজোৰা অৱদানৰ বাবে ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰণালয়ে প্ৰদান কৰা সৰ্বোচ্চ বঁটা। এই বঁটা মহান ভাৰতীয় হকী খেলুৱৈ ধ্যান চান্দৰ নামেৰে নামকৰণ কৰা হৈছে। এই বঁটা ২০০২ চনৰ পৰা প্ৰৱৰ্তন কৰা হৈছিল।
-
নিশা মিলেট
নিশা মিলেট ( Nisha Millet; জন্ম: ২০ মাৰ্চ ১৯৮২) ভাৰতৰ কৰ্ণাটকৰ বেংগালুৰুৰ এগৰাকী সাঁতোৰবিদ। অৰ্জুন বঁটা বিজয়ী তেওঁ ২০০০ চনৰ ছিডনী অলিম্পিকৰ সাঁতোৰ দলত ভাৰতৰ বাবে একমাত্ৰ মহিলা আছিল।
-
বুলা চৌধুৰী
বুলা চৌধুৰী ( Bula Choudhury; জন্ম: ২ জানুৱাৰী ১৯৭০ চনত) এগৰাকী ভাৰতীয় প্ৰাক্তন সাঁতোৰবিদ। তেওঁ অৰ্জুন বঁটা বিজয়ী, পদ্মশ্ৰী বঁটা বিজয়ী, ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰীয় মহিলা সাঁতোৰ চেম্পিয়ন আৰু ২০০৬ চনৰ পৰা ২০১১ চনলৈকে ভাৰতৰ পশ্চিম বংগ ৰাজ্যৰ নন্দনপুৰক প্ৰতিনিধিত্ব কৰি বিধায়ক হিচাপে নিৰ্বাচিত হয়।
-
শিখা টেণ্ডন
শিখা টেণ্ডন ( Shikha Tandon; জন্ম: ২০ জানুৱাৰী ১৯৮৫) ভাৰতৰ বাংগালুৰুৰ এগৰাকী ভাৰতীয় প্ৰাক্তন সাঁতোৰবিদ। টেণ্ডনে ১৪৬টা ৰাষ্ট্ৰীয় পদক লাভ কৰিছে, আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ৩৬টা পদক লাভ কৰিছে, য'ত পাঁচটা সোণৰ পদক আছে।
-
হৰিচৰণ শইকীয়া
হৰিচৰণ শইকীয়া ( Haricharan Saikia) অসমৰ এগৰাকী ভাৰতীয় সত্ৰীয়া নৃত্য শিল্পী। অসমৰ শাস্ত্ৰীয় নৃত্য সত্ৰীয়াৰ সংৰক্ষণ, অনুশীলন আৰু প্ৰচাৰৰ ক্ষেত্ৰত তেওঁৰ জীৱনজোৰা অৱদানৰ স্বীকৃতি স্বৰূপে ২০২৬ চনত তেওঁক ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয়।
-
অদিতি স্বামী
অদিতি স্বামী ( Aditi Swami) মহাৰাষ্ট্ৰৰ এগৰাকী ভাৰতীয় ধনুৰ্বিদ। ২০২৩ চনৰ বিশ্ব আৰ্চাৰী চেম্পিয়নশ্বিপত কম্পাউণ্ড মহিলাৰ ফাইনেলত সোণৰ পদক লাভ কৰি তেওঁ ছিনিয়ৰ পৰ্যায়ত ভাৰতৰ প্ৰথম ব্যক্তিগত বিশ্ব চেম্পিয়ন হৈছিল।
-
অনিতা ৰেড্ডী
অনিতা ৰেড্ডী (Anita Reddy )কৰ্ণাটকৰ এগৰাকী ভাৰতীয় সমাজকৰ্মী আৰু এছ'চিয়েচন ফৰ ভলাণ্টেৰী একচন এণ্ড চাৰ্ভিচেছ (AVAS)ৰ প্ৰতিষ্ঠাপক, কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশৰ বস্তিবাসীসকলৰ পুনৰ্বাসন আৰু উত্থানৰ বাবে তেওঁৰ সেৱাৰ বাবে পৰিচিত।
-
অনিল কুমাৰ বড়ো
অনিল কুমাৰ বড়ো ( Anil Kumar Boro; জন্ম: ৯ ডিচেম্বৰ ১৯৬১) বডো সাহিত্য আৰু লোককথা অধ্যয়নত অৱদানৰ বাবে পৰিচিত এজন ভাৰতীয় শিক্ষাবিদ আৰু লোককথাবিদ। তেওঁ গৌহাটী বিশ্ববিদ্যালয়ৰ লোককথা অধ্যয়ন বিভাগৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। সাহিত্য আৰু শিক্ষাৰ কামৰ বাবে ২০২৫ চনত পদ্মশ্ৰী বঁটা লাভ কৰে।