অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কুমাৰ স্বামী কামৰাজ নাদাৰ

কুমাৰা স্বামী কামৰাজ নাদাৰ (Kumara Swami Kamraj Nadar) (১৯০৩-১৯৭৫) ১৯৭৬ চনত ভাৰত-ৰত্ন সন্মানেৰে সন্মানিত হোৱা বিশিষ্ট ব্যক্তিগৰাকী হৈছে কুমাৰা স্বামী কামৰাজ নাদাৰ। ভাৰত ৰাজনৈতিক আৰু সামাজিক দিশলৈ তেওঁৰ বিশিষ্ট বৰঙণিৰ বাবে ভাৰত চৰকাৰে এই সন্মান আগবঢ়াইছিল।

হালনাগাদ: ১১ ডিচেম্বৰ ২০২৫ ২৮৪ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

কুমাৰা স্বামী কামৰাজ নাদাৰ (Kumara Swami Kamraj Nadar) (১৯০৩-১৯৭৫) ১৯৭৬ চনত ভাৰত ৰত্ন সন্মানেৰে সন্মানিত হোৱা বিশিষ্ট ব্যক্তিগৰাকী হৈছে কুমাৰা স্বামী কামৰাজ নাদাৰ। ভাৰত ৰাজনৈতিক আৰু সামাজিক দিশলৈ তেওঁৰ বিশিষ্ট বৰঙণিৰ বাবে ভাৰত চৰকাৰে এই সন্মান আগবঢ়াইছিল। সাধাৰণ পৰিয়ালৰ পৰা অহা স্কুলীয়া শিক্ষা-দীক্ষাত আগবাঢ়িব নোৱাৰা ব্যক্তি এজনে সমাজ সংগঠনৰ দিশত যি কৃতিত্ব আৰু সাফল্য প্ৰদৰ্শন কৰিছিল-সেয়া আদৰ্শ হৈ ৰল। ১৯৫৪ চনত তেওঁ চেন্নাইৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল। তেওঁৰ ইংৰাজী ভাষাৰ প্ৰতি অকণো মোহ নাছিল।১

জন্ম আৰু পৰিয়াল

কামৰাজ নাদাৰৰ জন্ম হয় ১৯০৩ চনৰ ১৫ জুলাই তাৰিখে ৰামনাদৰ বিৰুধুনাগাৰত। তেওঁৰ পিতাক এজন সাধাৰণ নাৰিকল ব্যৱসায়ী আছিল। কামৰাজৰ ছয় বছৰ বয়সতে তেওঁৰ পিতাকৰ মৃত্যু হৈছিল। তেওঁলোকৰ নিঠৰুৱা পৰিয়ালটোৱে মোমায়েকৰ আশ্ৰয়ত লালিত-পালিত হৈছিল। কামৰাজে সংসাৰ ধৰ্মত প্ৰৱেশ কৰা নাছিল।১

সংগ্ৰামী জীৱন

কুমাৰা স্বামী কামৰাজ নাদাৰে মাত্ৰ ওঠৰ বছৰ বয়সৰ পৰা ভাৰতৰ স্বাধীনতা সংগ্ৰামত যোগদান কৰিবলৈ ওলাই আহে। তেওঁৰ নিজৰ জিলাতে স্বাধীনতা সংগ্ৰমাৰ সেৱাত ব্ৰতী হয়। এই আন্দোলনৰ প্ৰতিটো কাৰ্যসূচীত তেওঁ সক্ৰিয় অংশ লোৱাত ব্ৰিটিছ কোপ নলত পৰে আৰু ইয়াৰ বাবে তেওঁ কেইবামাহো কাৰাবৰণ খাটিবলগীয়া হয়। ১৯৪০ চনত তেওঁ তামিলনাডু কংগ্ৰেছ কমিটীৰ সভাপতি নিৰ্বাচিত হয়। এনেদৰে ১৯৪৭ চনৰ পৰা ১৯৬৯ চনলৈকে তেওঁ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ বিভিন্ন বিষয় পদত অধিষ্ঠিত হয়। মাদ্ৰাজ বিধান সভাৰ তেওঁ কেইবাবাৰো সদস্য নিৰ্বাচিত হৈছিল। ১৯৫৪ চনত তেওঁ মাদ্ৰাজৰ মুখ্যমন্ত্ৰী নিৰ্বাচিত হয়। ১৯৬৩ চনৰ ৯ অক্টোৱৰত তেওঁ নিখিল ভাৰত জাতীয় কংগ্ৰেছ কমিটীৰ সভাপতি নিৰ্বাচিত হয়। ১৯৬৩ চনত কামৰাজে জ্যেষ্ঠ কংগ্ৰেছী নেতাসকলক মন্ত্ৰী পদৰ পৰা এৰুৱাই সংগঠনৰ কামত ব্ৰতী হবলৈ জৱাহৰলাল নেহৰুক দিহা দিছিল। ইয়াকে কমাৰাজ আঁচিনি বুলি কোৱা হৈছিল।১

পুৰস্কাৰ প্ৰাপ্ত বঁটা

  1. ভাৰত ৰত্ন বঁটা (১৯৭৬),

মৃত্যু

কুমাৰা স্বামী কামৰাজ নাদাৰৰ ১৯৭৫ চনত পৰলোক প্ৰাপ্তি ঘটে।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ সমীন কলিতা. ভাৰত-ৰত্ন. অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্. পৃ. ৬৯

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ স্বাধীনতা সংগ্ৰামীভাৰত ৰত্ন বঁটা বিজয়ীভাৰতীয় ৰাজনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুমাৰ স্বামী কামৰাজ নাদাৰ” প্ৰবন্ধৰ সংশোধন ৫৬২৯৩৭ (১১ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।