অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চৌধুৰী চৰণ সিং

চৌধুৰী চৰণ সিং (Chaudhary Charan Singh, ২৩ ডিচেম্বৰ ১৯০২ – ২৯ মে' ১৯৮৭) এজন ভাৰতীয় ৰাজনীতিবিদ আৰু স্বাধীনতা সংগ্ৰামী আছিল। তেওঁ ভাৰতৰ পঞ্চম প্ৰধানমন্ত্ৰী আৰু উত্তৰ প্ৰদেশৰ পঞ্চম মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ২,১৮৬ শব্দ · ১২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

চৌধুৰী চৰণ সিং (Chaudhary Charan Singh, ২৩ ডিচেম্বৰ ১৯০২ – ২৯ মে' ১৯৮৭) এজন ভাৰতীয় ৰাজনীতিবিদ আৰু স্বাধীনতা সংগ্ৰামী আছিল। তেওঁ ভাৰতৰ পঞ্চম প্ৰধানমন্ত্ৰী আৰু উত্তৰ প্ৰদেশৰ পঞ্চম মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। চৰণ সিঙে মোহনদাস কৰমচান্দ গান্ধীক অনুসৰণ কৰি ভাৰতৰ স্বাধীনতাৰ বাবে অহিংস সংগ্ৰাম কৰিছিল আৰু ইয়াৰ ফলত তেওঁ কেইবাবাৰো কাৰাগাৰ খাটিবলগীয়া হৈছিল। ১৯৩০ চনত লোণ আইন উলংঘা কৰাৰ বাবে ব্ৰিটিছে তেওঁক ১২ বছৰৰ কাৰাদণ্ড বিহিছিল। ব্যক্তিগত সত্যগ্ৰহ আন্দোলনৰ বাবে ১৯৪০ চনৰ নৱেম্বৰ মাহত তেওঁ পুনৰ এবছৰৰ কাৰাদণ্ড ভুগিবলগীয়া হয়। ১৯৪২ চনৰ আগষ্ট মাহত তেওঁক পুনৰ ব্ৰিটিছে ডি আই আৰৰ অধীনত কাৰাগাৰত বন্দী কৰিছিল আৰু ১৯৪৩ চনৰ নৱেম্বৰ মাহত মুকলি কৰি দিছিল।

১৯৭০ চনত উত্তৰ প্ৰদেশৰ পঞ্চম মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পিছত ১৯৭৯ চনৰ ২৮ জুলাইৰ পৰা ১৯৮০ চনৰ ১৪ জানুৱাৰীৰ ভিতৰত ভাৰতৰ পঞ্চম প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে। যদিও জীৱনৰ বেছিভাগ সময় কংগ্ৰেছৰ সদস্য আছিল, পিছলৈ ১৯৮০ চনত তেওঁ নিজাকৈ ৰাজনৈতিক দল লোকদল প্ৰতিষ্ঠা কৰে। তেওঁ এগৰাকী কৃষক নেতা আছিল আৰু কৃষকসকলৰ স্বাৰ্থ ৰক্ষাৰ বাবে বিভিন্ন কাৰ্যপন্থা হাতত লৈছিল। তেওঁৰ জন্মদিন অৰ্থাৎ ২৩ ডিচেম্বৰ তাৰিখে ভাৰতত কৃষক দিৱস হিচাপে পালন কৰা হয়। ২০২৪ চনত ভাৰত চৰকাৰে তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে মৰণোত্তৰভাবে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰে।১২৩৪

প্ৰাৰম্ভিক জীৱন

১৯০৩ চনৰ ২৩ ডিচেম্বৰ তাৰিখে ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত আগ্ৰা আৰু অয়োধ সংযুক্ত প্ৰদেশৰ নূৰপুৰ গাঁৱৰ এক গ্ৰাম্য কৃষক পৰিয়ালত চৰণ সিঙৰ জন্ম হৈছিল।৫৬ চৰণ সিংহৰ পূৰ্বপুৰুষ বল্লভগড়ৰ ৰাজা নাহৰ সিং ১৮৫৭ চনৰ ভাৰতীয় বিদ্ৰোহৰ এজন বিশিষ্ট নেতা আছিল। দিল্লীৰ চান্দনী চকত নাহৰ সিঙক ফাঁচী দিয়া হৈছিল। ব্ৰিটিছৰ হাতত নাহৰ সিঙৰ পৰাজয়ৰ পিছত ব্ৰিটিছ চৰকাৰৰ অত্যাচাৰৰ পৰা হাত সাৰিবলৈ চৰণ সিঙৰ ককাকে ধৰি মহাৰাজৰ অনুগামীসকলে পূব দিশলৈ উত্তৰ প্ৰদেশৰ জিলা বুলন্দশাহেৰলৈ প্ৰব্ৰজন কৰে।

চৰণ সিঙে ১৯২৫ চনত কলা স্নাতকোত্তৰ (এম এ) ডিগ্ৰী আৰু ১৯২৬ চনত আগ্ৰা বিশ্ববিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰী লাভ কৰে। ১৯২৮ চনত তেওঁ গাজিয়াবাদত দেৱানী অধিবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰে।৭

মোহনদাস কৰমচান্দ গান্ধীৰ প্ৰেৰিত ভাৰতৰ স্বাধীনতা আন্দোলনৰ অংশ হিচাপে চৰণ সিঙে ৰাজনীতিত প্ৰৱেশ কৰে। ১৯৩১ চনৰ পৰা গাজিয়াবাদ জিলা আৰ্য সমাজৰ লগতে মীৰট জিলা ভাৰতীয় জাতীয় কংগ্ৰেছতো সক্ৰিয়ভাবে অংশগ্ৰহণ কৰিছিল। ইয়াৰ বাবে তেওঁক দুবাৰকৈ ব্ৰিটিছে কাৰাদণ্ড বিহিছিল। স্বাধীনতাৰ পূৰ্বে ১৯৩৭ চনত নিৰ্বাচন অনুষ্ঠিত হোৱা সংযুক্ত প্ৰদেশৰ বিধানসভাৰ সদস্য হিচাপে তেওঁ গাঁৱৰ অৰ্থনীতিৰ বাবে ক্ষতিকাৰক আইনসমূহৰ প্ৰতি গভীৰ আগ্ৰহ প্ৰকাশ কৰিছিল। লাহে লাহে তেওঁ জমিদাৰসকলৰ শোষণৰ বিৰুদ্ধে ক্ৰমান্বয়ে তেওঁ নিজৰ মতাদৰ্শগত আৰু ব্যৱহাৰিক স্থিতি গঢ়ি তুলিছিল।

১৯৫২ চনৰ পৰা ১৯৬৮ চনৰ ভিতৰত তেওঁ "কংগ্ৰেছৰ ৰাজ্যিক ৰাজনীতিৰ তিনিজন প্ৰধান নেতাৰ" অন্যতম হিচাপে পৰিগণিত হৈছিল। তেতিয়াৰ মুখ্যমন্ত্ৰী গোবিন্দ বল্লভ পণ্টৰ তত্ত্বাৱধানত ভাৰতৰ যিকোনো ৰাজ্যৰ ভিতৰতে তেতিয়াৰ আটাইতকৈ বৈপ্লৱিক ভূমি সংস্কাৰ আইনসমূহৰ খচৰা প্ৰস্তুত আৰু গৃহীত হোৱাটো নিশ্চিত কৰাৰ বাবে তেওঁ ১৯৫০ চনৰ পৰা উত্তৰ প্ৰদেশত বিশেষভাৱে উল্লেখযোগ্য হৈ পৰিছিল। প্ৰথমে সংসদীয় সচিব হিচাপে আৰু তাৰ পিছত ভূমি সংস্কাৰৰ বাবে দায়বদ্ধ ৰাজহ মন্ত্ৰী হিচাপে তেওঁ এই কাৰ্যপন্থা হাতত লৈছিল। ১৯৫৯ চনত নাগপুৰ কংগ্ৰেছ অধিৱেশনত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ সমাজবাদী আৰু সামূহিকতাবাদী ভূমি নীতিৰ ৰাজহুৱা বিৰোধিতা কৰি তেওঁ ৰাষ্ট্ৰীয় মঞ্চত দৃশ্যমান হৈছিল। অৱশ্যে দল-সংগঠনৰে ভৰা উত্তৰ প্ৰদেশ কংগ্ৰেছত তেওঁৰ স্থিতি দুৰ্বল হৈ পৰিছিল। তথাপিও সেই সময়ত উত্তৰ ভাৰতৰ জাতি-জনগোষ্ঠীৰ কৃষক সম্প্ৰদায়ে তেওঁক নিজৰ মুখপাত্ৰ হিচাপে আৰু পিছলৈ নিজৰ নেতা হিচাপে গণ্য কৰিবলৈ আৰম্ভ কৰিছিল। সিঙে চৰকাৰী খৰচৰ মিতব্যয়ীতাৰ থিয় দিছিল, দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বাবে শাস্তি বলবৎ কৰিছিল আৰু "চৰকাৰী কৰ্মচাৰীৰ মজুৰি আৰু মহলা ভাট্টা বৃদ্ধিৰ দাবীৰ সৈতে মোকাবিলা কৰাত দৃঢ় পদক্ষেপ"ৰ পোষকতা কৰিছিল। মন কৰিবলগীয়া যে দলীয় উত্তৰ প্ৰদেশ কংগ্ৰেছৰ ভিতৰত তেওঁৰ স্পষ্ট নীতি আৰু মূল্যবোধৰ কথা উল্লেখ কৰাৰ ক্ষমতাই তেওঁক সহকৰ্মীসকলৰ পৰা আঁতৰাই ৰাখিছিল। এই সময়ছোৱাৰ পিছত ১৯৬৭ চনৰ ১ এপ্ৰিলত চৰণ সিঙে কংগ্ৰেছ দল ত্যাগ কৰি বিৰোধী দলত যোগদান কৰে আৰু উত্তৰ প্ৰদেশৰ প্ৰথমজন অনাকংগ্ৰেছী মুখ্যমন্ত্ৰী হয়।৮ উল্লেখযোগ্য যে এই সময়ছোৱাত ১৯৬৭ চনৰ পৰা ১৯৭১ চনলৈকে ভাৰতত অনাকংগ্ৰেছ চৰকাৰসমূহ শক্তিশালী হৈ পৰিছিল।

কৰ্মজীৱন

১৯৩৭ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁ ছপৰৌলি (বাঘপথ) সমষ্টিৰ পৰা ৩৪ বছৰ বয়সত সংযুক্ত প্ৰদেশৰ বিধানসভালৈ নিৰ্বাচিত হয়। ১৯৩৮ চনত তেওঁ বিধানসভাত কৃষি উৎপাদিত সামগ্ৰীৰ বিপনন বিধেয়ক উত্থাপন কৰে। এই বিধেয়কখন ১৯৩৮ চনৰ ৩১ মাৰ্চ তাৰিখে দিল্লীৰ দ্য হিন্দুস্তান টাইমছৰ সংখ্যাত প্ৰকাশ পায়। ব্যৱসায়ীসকলৰ লুণ্ঠনৰ পৰা কৃষকৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ উদ্দেশ্য আগত ৰাখি এই বিধেয়কখন উত্থাপন কৰা হৈছিল। পিছলৈ ভাৰতৰ প্ৰায়বোৰ ৰাজ্যই এই বিধেয়কখন গ্ৰহণ কৰে। ১৯৪০ চনত পঞ্জাব এই বিধেয়কখন গ্ৰহণ কৰা প্ৰথম ৰাজ্য হিচাপে পৰিগণিত হয়।

চৌধুৰী চৰণ সিঙে জৱাহৰলাল নেহৰুৰ ছোভিয়েট শৈলীৰ অৰ্থনৈতিক সংস্কাৰৰ বিৰোধিতা কৰিছিল। তেওঁ বিশ্বাস কৰিছিল যে ভাৰতত সমবায় পাম সফল নহ’ব। এজন কৃষকৰ পুত্ৰ হোৱাৰ বাবে চৰণ সিঙে মতামত দিছিল যে খেতিয়ক হৈ থকাত কৃষকৰ বাবে মাটিৰ মালিকীস্বত্বৰ অধিকাৰ অতি গুৰুত্বপূৰ্ণ। তেওঁ কৃষকৰ মাটিৰ মালিকীস্বত্বৰ ব্যৱস্থা সংৰক্ষণ আৰু সুস্থিৰ কৰিব বিচাৰিছিল। নেহৰুৰ অৰ্থনৈতিক নীতিক মুকলিকৈ সমালোচনা কৰাৰ বাবেই চৰণ সিঙৰ ৰাজনৈতিক জীৱন ক্ষতিগ্ৰস্ত হয় বুলি কোৱা হয়।৯

চৰণ সিঙে ১৯৬৭ চনত কংগ্ৰেছ দল এৰি নিজাকৈ ৰাজনৈতিক দল ভাৰতীয় ক্ৰান্তি দল গঠন কৰে। ৰাজ নাৰায়ণ আৰু ৰাম মনোহৰ লোহিয়াৰ সহায় আৰু সহযোগত ১৯৬৭ চনত তেওঁ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হয়। ১৯৭৫ চনত পুনৰ জেলত বন্দী কৰা হৈছিল। সেই সময়ত ইন্দিৰা গান্ধীয়ে জৰুৰীকালীন অৱস্থা ঘোষণা কৰি তেওঁৰ সকলো ৰাজনৈতিক বিৰোধীক কাৰাগৰত বন্দী কৰি ৰাখিছিল।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী

চৰণ সিং প্ৰথমবাৰৰ বাবে সংযুক্ত বিধায়ক দলৰ মিত্ৰজোঁটৰ সহায়ত ১৯৬৭ চনৰ ৩ এপ্ৰিল তাৰিখে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হয়। গুপ্তাৰ মন্ত্ৰালয়ৰ গঠন সম্পৰ্কে চৰণ সিং আৰু চন্দ্ৰ ভানু গুপ্তাৰ মাজত হোৱা আলোচনা ব্যৰ্থ হোৱাৰ পিছত সংযুক্ত বিধায়ক দল গঠন কৰা হৈছিল। সিঙে জয়ৰাম বৰ্মা আৰু উদিত নৰেইন শৰ্মাৰ দৰে তেওঁৰ একাংশ মিত্ৰক কেবিনেটত অন্তৰ্ভুক্ত কৰা আৰু কেবিনেটৰ পৰা কিছু লোকক অপসাৰণ কৰা বিচাৰিছিল। তেওঁলোকৰ আলোচনাত বিফলতাৰ ফলত ১৬জন বিধায়কৰ সৈতে চৰণ সিঙে কংগ্ৰেছ ত্যাগ কৰে। ভাৰতীয় জনসংঘ, সংযুক্ত সমাজবাদী পাৰ্টি, ভাৰতীয় কমিউনিষ্ট পাৰ্টি, স্বতন্ত্ৰ পাৰ্টি, প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টি, ভাৰতীয় ৰিপাব্লিকান পাৰ্টি, ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) আদি অনাকংগ্ৰেছ দলৰ সহযোগত সংযুক্ত বিধায়ক দল মিত্ৰজোঁট গঠন কৰা হৈছিল। ১০ তেওঁৰ চৰকাৰ গঠনৰ কেইমাহমানৰ ভিতৰতে এছ ভি ডি মিত্ৰজোঁটত বিবাদৰ সৃষ্টি হ'বলৈ ধৰে। এই মিত্ৰজোঁটৰ অন্যতম গঠনকাৰী সংযুক্ত সমাজবাদী পাৰ্টিয়ে ভূমিৰ ৰাজহ সম্পূৰ্ণৰূপে বিলুপ্ত কৰিবলৈ বা অন্ততঃ অ-অৰ্থনৈতিক ভূমি বিলুপ্ত কৰিবলৈ দাবী জনাইছিল যদিও চৰণ সিঙে ৰাজহ আহৰণ আৰু সম্পদৰ বাবে চিন্তিত হৈ এই দাবী মানি ল’বলৈ অস্বীকাৰ কৰিছিল।১১ এই মিত্ৰজোঁটৰ আন এটা গঠনকাৰী প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টিয়ে ধৰ্মঘটৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থাত বন্দী কৰি ৰখা চৰকাৰী কৰ্মচাৰীসকলক মুকলি কৰি দিয়াৰ দাবী জনায় যদিও এই দাবী সিঙেও মানি ল'বলৈ অস্বীকাৰ কৰে।১২

এছ এছ পিয়ে 'আংগ্ৰেজী হাটাও' (ইংৰাজীৰ আতঁৰাওক) আন্দোলন আৰম্ভ কৰাৰ সিদ্ধান্ত লয় আৰু এই আন্দোলনৰ সময়ত ইয়াৰ দুজন মন্ত্ৰীয়ে গ্ৰেপ্তাৰৰ পিছত আদালতত হাজিৰ কৰোৱা হয়।১৩ ইয়াৰ ফলত চৰণ সিং আৰু সংযুক্ত সমাজবাদী পাৰ্টিৰ মাজত হোৱা বিবাদ ৰাজহুৱা হৈ পৰে। ১৯৬৮ চনৰ ৫ জানুৱাৰীত এছ এছ পিয়ে মিত্ৰজোঁটৰ পৰা আঁতৰি যায় আৰু চৰণ সিঙৰ চৰকাৰ ভংগ হয়।

কংগ্ৰেছ দলত বিভাজনৰ পিছত চন্দ্ৰ ভানু গুপ্তাই ১৯৭০ চনৰ ১০ ফেব্ৰুৱাৰীত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে।১৪ ১৯৭০ চনৰ ১৮ ফেব্ৰুৱাৰীত ইন্দিৰা গান্ধীৰ কংগ্ৰেছ (আৰ)ৰ সহায়ত চৰণ সিং দ্বিতীয়বাৰৰ বাবে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হয়। ভাৰতীয় ক্ৰান্তি দলৰ তিনিজন ৰাজ্যসভাৰ সদস্যই ইন্দিৰা গান্ধীয়ে প্ৰিভি পাৰ্চক অপসাৰণ কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে ভোটদান কৰাৰ পিছত কমলাপতি ত্ৰিপাঠীয়ে সিং চৰকাৰৰ প্ৰতি কংগ্ৰেছ (আৰ)ৰ সমৰ্থন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰে। চৰণ সিঙে ১৪ কংগ্ৰেছ (আৰ) মন্ত্ৰীৰ পদত্যাগৰ দাবী কৰে যদিও তেওঁলোকে পদত্যাগ কৰিবলৈ অস্বীকাৰ কৰে।১৫১৬ ১৯৭০ চনৰ ২৭ ছেপ্টেম্বৰত ৰাজ্যপাল বেজাৱাদা গোপাল ৰেড্ডীয়ে মন্ত্ৰীসকলৰ পদত্যাগ মানি লয় যদিও তেওঁ চৰণ সিঙকো পদত্যাগ কৰিবলৈও কয়। ১৯৭০ চনৰ ১ অক্টোবৰত উত্তৰ প্ৰদেশত ৰাষ্ট্ৰপতিৰ শাসন বলৱত কৰা হয়। মাত্ৰ দুসপ্তাহৰ পিছত উত্তৰ প্ৰদেশৰ বিধানসভা পুনৰ আহ্বান কৰাৰ লগে লগে কংগ্ৰেছ (অ), ভাৰতীয় জনসংঘ, স্বতন্ত্ৰ পাৰ্টি আৰু সংযুক্ত ছোচিয়েলিষ্ট পাৰ্টিৰ সহযোগত ত্ৰিভুৱন নাৰায়ণ সিং সদনৰ নেতা নিৰ্বাচিত হয় উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হয় সমাজবাদী পাৰ্টি।১৭১৮

কেন্দ্ৰীয় কেবিনেট

চৰণ সিঙে মোৰাৰজী দেশাইৰ চৰকাৰত কেবিনেট মন্ত্ৰীৰ আৰু ১৯৭৭ চনৰ ২৪ মাৰ্চত গৃহমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে।৭১৯ গৃহমন্ত্ৰী হিচাপে চৰণ সিঙে কংগ্ৰেছ শাসনৰ অধীনত থকা সকলো ৰাজ্যিক বিধানসভা ভংগ কৰাৰ সিদ্ধান্ত লৈছিল। তেওঁ যুক্তি দিছিল যে এই বিধানসভাসমূহে নিজ নিজ ৰাজ্যৰ ভোটাৰসকলৰ ইচ্ছাক প্ৰতিনিধিত্ব নকৰে।২০২১ চৰণ সিঙে এই পত্ৰখন নজন মুখ্যমন্ত্ৰীলৈ লিখিছিল যাতে তেওঁলোকৰ ৰাজ্যপালসকলক তেওঁলোকৰ ৰাজ্যিক বিধানসভা ভংগ কৰিবলৈ পৰামৰ্শ দিয়ে।২২ এই ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীয়ে এই বিধানসভা ভংগৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্ত হৈছিল যদিও উচ্চতম ন্যায়ালয়ে এই সিদ্ধান্তক বৈধতা প্ৰদান কৰিছিল।২৩২৪

১৯৭৭ চনৰ ৩ অক্টোবৰ তাৰিখে চৰণ সিঙে ইন্দিৰা গান্ধীক তেওঁৰ ১২ উইলিংডন ক্ৰেচেণ্টৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে।২৫২৬২৭ ১৯৭৭ চনৰ নিৰ্বাচনৰ সময়ত তেওঁ নিজৰ পদৰ অপব্যৱহাৰ কৰি নিৰ্বাচনী প্ৰচাৰৰ বাবে জীপ গাড়ী ব্যৱহাৰ কৰিছিল আৰু তেওঁৰ বিৰুদ্ধে আন এটা অভিযোগ অ'এনজিচি আৰু ফ্ৰান্সৰ তেল কোম্পানী চিএফপিৰ মাজৰ চুক্তিৰ সৈতে জড়িত আছিল।২৮২৯ কিন্তু যিজন দণ্ডাধীশৰ আগত গান্ধী হাজিৰ হৈছিল, তেওঁৰ গ্ৰেপ্তাৰৰ সমৰ্থনত কোনো প্ৰমাণ নাই বুলি উল্লেখ কৰি তেওঁক মুকলি কৰি দিছিল। তাৰপিছত সিঙে পদত্যাগ পত্ৰ দাখিল কৰিছিল যদিও প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইয়ে সেইখন গ্ৰহণ কৰা নাছিল।৩০

১৯৭৮ চনৰ ১ জুলাই তাৰিখে ইন্দিৰা গান্ধীৰ বিচাৰক লৈ তেওঁলোকৰ মাজত মতানৈক্য বাঢ়ি অহাৰ বাবে চৰণ সিঙে মোৰাৰজী দেশাইৰ মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰে।৭৩১ ১৯৭৮ চনৰ ডিচেম্বৰ মাহত সিঙে জনতা পাৰ্টিক বাতিল কৰিব বিচাৰিছিল আৰু জনতা পাৰ্টি চৰকাৰৰ ঠাইত মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিব বিচাৰিছিল।৩২ ১৯৭৯ চনৰ ২৪ জানুৱাৰীত সিং পুনৰ মন্ত্ৰীসভালৈ আহি উপ-প্ৰধানমন্ত্ৰী আৰু বিত্তমন্ত্ৰীৰ পদত অধিষ্ঠিত হয়।৩৩৭

ভাৰতৰ প্ৰধানমন্ত্ৰী

১৯৭৭ চনত জনতা পাৰ্টিয়ে লোকসভা নিৰ্বাচনত জয়লাভ কৰাৰ সময়ত ইয়াৰ সাংসদসকলে আন্দোলনৰ জ্যেষ্ঠ নেতা জয়প্ৰকাশ নাৰায়ণ আৰু আচাৰ্য কৃপালানীক প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী বাছনি কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰিছিল। তেওঁলোকে মোৰাৰজী দেশাইক দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰে হয় আৰু তেওঁ সিঙক গৃহমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে। দেশাইৰ সৈতে মতানৈক্যৰ বাবে ১৯৭৮ চনৰ জুন মাহত সিঙক পদত্যাগ কৰিবলৈ কোৱা হৈছিল যদিও ১৯৭৯ চনৰ জানুৱাৰী মাহত তেওঁক উপ-প্ৰধানমন্ত্ৰী হিচাপে পুনৰ মন্ত্ৰীসভালৈ অনা হয়। ১৯৭৯ চনত জনতা দলৰ কিছুমান সদস্য যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ প্ৰতি আনুগত্যৰ বিষয়টোক লৈ জনতা চৰকাৰে উন্মোচন কৰিবলৈ আৰম্ভ কৰে।৩৪৩৫ বিগত বছৰ সমূহত কেন্দ্ৰীয় গৃহমন্ত্ৰী হিচাপে ইন্দিৰা গান্ধী ক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিয়া সিঙে ইয়াৰ সুযোগ লৈ ইন্দিৰা গান্ধীৰ কংগ্ৰেছ (স্ব) দলৰ লগত সম্পৰ্ক স্থাপন কৰিবলৈ আৰম্ভ কৰে। জনতা দলৰ পৰা সিঙৰ ফৈদলৈ গতি কৰাৰ পিছত মোৰাৰজী দেশাইয়ে ১৯৭৯ চনৰ জুলাই মাহত প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে। ইন্দিৰা গান্ধী আৰু সঞ্জয় গান্ধীয়ে সিঙক প্ৰতিশ্ৰুতি দিয়াৰ পিছত যে কংগ্ৰেছে (স্ব) তেওঁৰ চৰকাৰক বাহিৰৰ পৰা সমৰ্থন কৰিব বুলি সিঙক প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে। ১৯৭৯ চনৰ ২৮ জুলাইত ইন্দিৰা গান্ধীৰ কংগ্ৰেছ (স্ব) দলৰ বাহিৰৰ সমৰ্থনত আৰু কংগ্ৰেছ (সমাজবাদী) দলৰ যশৱন্তৰাও চাভানক উপ-প্ৰধানমন্ত্ৰী হিচাপে লৈ সিঙে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।৩৬৩৭ ইন্দিৰা গান্ধীৰ চৰ্তসমূহৰ ভিতৰত তেওঁৰ আৰু সঞ্জয় গান্ধীৰ বিৰুদ্ধে থকা সকলো অভিযোগ বাদ দিয়া অন্যতম চৰ্ত আছিল। যিহেতু সিঙে এই চৰ্ত মানি লবলৈ অস্বীকাৰ কৰিছিল, সেয়েহে সিঙে লোকসভাত সংখ্যাগৰিষ্ঠতা নিশ্চিত কৰাৰ ঠিক আগতেই কংগ্ৰেছে নিজৰ সমৰ্থন প্ৰত্যাহাৰ কৰিছিল। ১৯৭৯ চনৰ ২০ আগষ্টত মাত্ৰ ২৩ দিনৰ কাৰ্যকালৰ অন্তত প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি চৰণ সিং সংসদৰ আস্থা কেতিয়াও লাভ নকৰা একমাত্ৰ প্ৰধানমন্ত্ৰী হৈ পৰে। ইয়াৰ পিছত সিঙে ৰাষ্ট্ৰপতি নীলম সঞ্জীৱ ৰেড্ডীক লোকসভা ভংগ কৰিবলৈ পৰামৰ্শ দিয়ে। জনতা পাৰ্টিৰ নেতা জগজীৱন ৰামে সেই পৰামৰ্শক প্ৰত্যাহ্বান জনাই সমৰ্থন গোটাবলৈ সময় বিচাৰিছিল কিন্তু তদসত্ত্বে লোকসভা ভংগ কৰা হয়। তাৰপিছত চৰণ সিঙে ১৯৮০ চনৰ জানুৱাৰীলৈকে তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰী হিচাপে নিজৰ কাৰ্য সম্পাদন কৰে।৩৮

পৰৱৰ্তী জীৱন

১৯৭৯ চনৰ ২৬ ছেপ্টেম্বৰত তেওঁ জনতা পাৰ্টি (নিৰপেক্ষ), সমাজবাদী পাৰ্টি আৰু উৰিষ্যা জনতা পাৰ্টি একত্ৰিত কৰি লোকদল গঠন কৰে।৩৯ তেওঁ লোকদলৰ সভাপতি নিৰ্বাচিত হয় আৰু ৰাজ নাৰায়ণক ইয়াৰ কাৰ্যকৰী সভাপতি হিচাপে নিৰ্বাচিত কৰা হয়।৩৯৪০ ১৯৮২ চনৰ আগষ্ট মাহত লোকদলত এক বৃহৎ বিভাজন ঘটে। এই বিভাজনত চৰণ সিঙৰ এটা ফৈদ আৰু আন এটা ফৈদত কৰ্পূৰী ঠাকুৰ, মধু লিমায়ে, বিজু পাটনায়ক, দেৱী লাল, জৰ্জ ফাৰ্নাণ্ডেছ আৰু কুম্ভ ৰাম আৰ্য থাকে।৪১৪২

১৯৮৪ চনৰ ২১ অক্টোবৰত চৰণ সিঙে লোকদল, হেমৱতী ডেম'ক্ৰেটিক ছ'চিয়েলিষ্ট পাৰ্টি, ৰাতুভাই আদানীৰ ৰাষ্ট্ৰীয় কংগ্ৰেছ আৰু দেৱীলালৰ দৰে জনতা পাৰ্টিৰ কিছুমান নেতাক একত্ৰিত কৰি এটা নতুন দল দলিত মজদুৰ কিষাণ পাৰ্টি প্ৰতিষ্ঠা কৰে।৪৩ এই দলে পিছলৈ পুনৰ নাম সলনি কৰি নিজৰ নাম লোকদল ৰাখে।৪৪

ব্যক্তিগত জীৱন

চৰণ সিং গায়ত্ৰী দেৱীৰ (১৯০৫–২০০২) সৈতে বিবাহপাশত আৱদ্ধ হৈছিল আৰু তেওঁলোকৰ ছয় গৰাকী সন্তান জন্ম হৈছিল। গায়ত্ৰী দেৱী ১৯৬৯ চনত ইগলাছৰ পৰা আৰু ১৯৭৪ চনত গকুলৰ পৰা উত্তৰ প্ৰদেশ বিধানসভাৰ বিধায়ক নিৰ্বাচিত হোৱাৰ পিছত ১৯৮০ চনত কৈৰানাৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল। তেওঁৰ পুত্ৰ অজিত সিং ৰাষ্ট্ৰীয় লোকদল নামৰ ৰাজনৈতিক দলৰ সভাপতি আছিল। লগতে তেওঁ এগৰাকী প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু বহুবাৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। অজিত সিঙৰ পুত্ৰ জয়ন্ত চৌধুৰী ১৫তম লোকসভালৈ নিৰ্বাচিত হৈছিল।

১৯৮৫ চনৰ ২৯ নৱেম্বৰত চৰণ সিঙৰ ষ্ট্ৰোক হয়। আমেৰিকাৰ এখন চিকিৎসালয়ত চিকিৎসা লাভ কৰাৰ পিছতো তেওঁ এই অৱস্থাৰ পৰা সম্পূৰ্ণৰূপে সুস্থ হ’ব পৰা নাছিল। ১৯৮৭ চনৰ ২৮ মে' তাৰিখে ভাৰতীয় মান সময় অনুসৰি ১১:৩৫ বজাত তেওঁৰ শ্বাস-প্ৰশ্বাস "অস্থিৰ" বুলি ধৰা পৰাৰ পিছত তেওঁৰ নতুন দিল্লীত থকা বাসগৃহলৈ চিকিৎসকক মাতি অনা হয়। পিছদিনা পুৱা ২:৩৫ বজাত "হৃদযন্ত্ৰ বিফল" হোৱাৰ পিছত তেওঁক মৃত বুলি ঘোষণা কৰা হয়।৪৫

উত্তৰাধিকাৰ

তেওঁক উত্তৰ প্ৰদেশৰ ভূমি সংস্কাৰৰ মুখ্য স্থপতি বুলি গণ্য কৰা হয়। তেওঁ ১৯৩৯ চনৰ ডিপাৰ্টমেণ্ট ৰিডেম্পচন আইন প্ৰণয়ন আৰু চূড়ান্ত কৰাত অগ্ৰণী অংশ লৈছিল। এই আইনে গ্ৰাম্য ঋণীসকলক যথেষ্ট সকাহ দিছিল। তেওঁৰ উদ্যোগতেই উত্তৰ প্ৰদেশৰ মন্ত্ৰীসকলৰ দৰমহা আৰু অন্যান্য সুবিধা যথেষ্ট হ্ৰাস পাইছিল। মুখ্যমন্ত্ৰী হিচাপে তেওঁ ১৯৬০ চনৰ ভূমি ধাৰণ আইন প্ৰণয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কৃষক সম্প্ৰদায়ৰ সৈতে তেওঁৰ সম্পৰ্কৰচিন স্বৰূপে নতুন দিল্লীত তেওঁৰ স্মৃতিসৌধৰ নাম কিষাণ ঘাট ৰখা হৈছে। ২৩ ডিচেম্বৰত তেওঁৰ জন্মদিন ভাৰতত কিষাণ দিৱস বা কৃষক দিৱস হিচাপে পালন কৰা হয়। ১৯৯০ চনৰ ২৯ মে' তাৰিখে চৰণ সিঙৰ তৃতীয় মৃত্যু বাৰ্ষিকীত ভাৰত চৰকাৰে এলানি স্মৃতিচাৰণ ডাক টিকট জাৰি কৰিছিল।

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ আমাউছি বিমানবন্দৰৰ নাম তেওঁৰ নামেৰে চৌধুৰী চৰণ সিং আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ নামেৰে নামকৰণ কৰা হৈছে আৰু উত্তৰ প্ৰদেশৰ মিৰট বিশ্ববিদ্যালয়কো তেওঁৰ সন্মানত চৌধুৰী চৰণ সিং বিশ্ববিদ্যালয়ৰ নামেৰে নামকৰণ কৰা হৈছে। ২০২৪ চনত ভাৰত চৰকাৰে তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে মৰণোত্তৰভাবে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰে।

জনপ্ৰিয় মাধ্যমত

'কিষাণ ক্ৰান্তি কে প্ৰণেতা - চৌধুৰী চৰণ সিং' ১৯৯৬ চনত অশোক বজিৰানীৰ পৰিচালিত আৰু ভাৰতৰ চলচ্চিত্ৰ বিভাগৰ দ্বাৰা নিৰ্মিত চৰণ সিং জীৱনীমূলক এখন চুটি তথ্যচিত্ৰ নিৰ্মাণ কৰা হয়। ভাৰতীয় কৃষি খণ্ডলৈ তেওঁৰ অৱদানকে ধৰি প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ জীৱন আৰু কৃতিত্বৰ বিষয়ে এই তথ্যচিত্ৰখন নিৰ্মাণ কৰা হৈছিল।৪৬৪৭ ভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ কাৰ্যকাল সামৰি লোৱা টেলিভিছন ধাৰাবাহিক 'প্ৰধানমন্ত্ৰী'ত আনোৱাৰ ফাতেহানে চৰণ সিঙৰ চৰিত্ৰ ৰূপায়ণ কৰিছে।৪৮ ২০১৯ চনত সুন্দৰমে পৰিচালনা কৰা ভাৰতীয় অভিনেতা-ৰাজনীতিবিদ এন টি ৰামাৰাওৰ জীৱনৰ আধাৰত নিৰ্মিত ছবি 'এনটিআৰ:মহানায়কাকুডু'৪৯ আৰু ২০২১ চনৰ গোবিন্দ নাম দেৱে পৰিচালনা কৰা উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুলায়ম সিং যাদৱৰ জীৱনৰ আধাৰত নিৰ্মিত ছবি ‘মে মুলায়ম সিং যাদৱ’ত চৰণ সিঙৰ চৰিত্ৰ দেখা পোৱা হৈছিল।৫০

গ্ৰন্থৰাজি

  • Agrarian Revolution in Uttar Pradesh (1957)৫১
  • Joint Farming X-rayed (1959)৫২
  • India's Economic Policy – The Gandhian Blueprint (1978)৫৩
  • Economic Nightmare of India: Its Cause and Cure (1981)৫৪
  • Abolition of Zamindari (1947)৫৫
  • Whither Co-operative Farming (1956)৫৬
  • Prevention of Division of Holdings Below a Certain Minimum
  • India’s Poverty and It’s Solution (1964)৫৭
  • Land Reforms in UP and the Kulaks (1986)৫৮

অধিক পঢ়ক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Byres, Terence J. (1 January 1988). Charan Singh, 1902–87: An assessment. The Journal of Peasant Studies. পৃ. 139–189
  2. ↑ Shri Charan Singh · Prime Minister of India. www.pmindia.gov.in
  3. ↑ Charan Singh · Indian Politician, Peasant Leader, Socialist · Britannica. www.britannica.com
  4. ↑ Chaudhary Charan Singh University, Meerut. www.ccsuniversity.ac.in
  5. ↑ Prime Ministers of India - Charan Singh
  6. ↑ The Churchill Centre. (2002). India: Making headway with the critics. The Churchill Centre
  7. ↑ (2022-05-22). Chaudhary Charan Singh: Stalwart farmer leader who was PM for 170 days. The Indian Express
  8. ↑ Brass, Paul R. (1993). Chaudhuri Charan Singh: An Indian Political Life. Economic and Political Weekly. পৃ. 2087–2090
  9. ↑ Brass, Paul. (2014). An Indian Political Life: Charan Singh and Congress Politics, 1967 to 1987 - Vol.3 (The Politics of Northern India).. Sage India. পৃ. 4–6. ISBN 978-9351500322
  10. ↑ Brass, Paul R. (2014). An Indian Political Life: Charan Singh and Congress Politics, 1967 to 1987 - Vol.3 (The Politics of Northern India). SAGE India. পৃ. 7. ISBN 978-9351500322
  11. ↑ Brass, Paul R. (2014). An Indian Political Life: Charan Singh and Congress Politics, 1967 to 1987 - Vol.3 (The Politics of Northern India). Sage India. পৃ. 10–12. ISBN 978-9351500322
  12. ↑ Brass, Paul R. (2014). An Indian Political Life: Charan Singh and Congress Politics, 1967 to 1987 - Vol.3 (The Politics of Northern India). Sage India. পৃ. 12–13. ISBN 978-9351500322
  13. ↑ Brass, Paul R. (2014). An Indian Political Life: Charan Singh and Congress Politics, 1967 to 1987 - Vol.3 (The Politics of Northern India). Sage India. পৃ. 14. ISBN 978-9351500322
  14. ↑ (2022-02-02). Chandra Bhanu Gupta, third UP CM, formidable politician. The Indian Express
  15. ↑ Brass, Paul R. (2014). An Indian Political Life: Charan Singh and Congress Politics, 1967 to 1987 - Vol.3 (The Politics of Northern India). Sage India. পৃ. 56. ISBN 978-9351500322
  16. ↑ (2022-02-09). Chaudhary Charan Singh, India's 6th PM, first non-Congress CM of UP. The Indian Express
  17. ↑ (2022-02-16). HT This Day: Feb 18, 1968 -- Charan Singh quits as CM. Hindustan Times
  18. ↑ Brass, Paul R. (2014). An Indian Political Life: Charan Singh and Congress Politics, 1967 to 1987 - Vol.3 (The Politics of Northern India). Sage India. পৃ. 16. ISBN 978-9351500322
  19. ↑ Deol, Taran. (2019-12-23). Chaudhary Charan Singh — prime minister for 23 days and champion of India's farmers. ThePrint
  20. ↑ Brass, Paul R. (2014). An Indian Political Life: Charan Singh and Congress Politics, 1967 to 1987 - Vol.3 (The Politics of Northern India). Sage India. পৃ. 210–211. ISBN 978-9351500322
  21. ↑ Impending dissolution of Congress-led state assemblies reaches a controversial climax. India Today
  22. ↑ (1977-04-26). India's Congress Party Wins Delay Of Move to Dissolve Legislatures. The New York Times
  23. ↑ Borders, William. (1977-04-30). New Indian Regime Moves to Hold New Assembly Elections in 9 States. The New York Times
  24. ↑ Brass, Paul R. (2014). An Indian Political Life: Charan Singh and Congress Politics, 1967 to 1987 - Vol.3 (The Politics of Northern India). Sage India. পৃ. 216. ISBN 978-9351500322
  25. ↑ Simons, Lewis. (1977-10-04). Indira Gandhi Arrested in India. Washington Post
  26. ↑ Frank, Katherine. (2007). Indira: The Life of Indira Nehru Gandhi. Harper Perennial. পৃ. 654. ISBN 978-0007259304
  27. ↑ Brass, Paul R. (2014). An Indian Political Life: Charan Singh and Congress Politics, 1967 to 1987 - Vol.3 (The Politics of Northern India). Sage India. পৃ. 227. ISBN 978-9351500322
  28. ↑ How Indira Gandhi's arrest in 1977 revamped Congress. India Today
  29. ↑ Times, William Borde Special to The New York. (1977-10-04). WIRS. GANDHI ARRESTED ON CHARGE OF MISUSE OF PREMIER'S OFFICE. The New York Times
  30. ↑ Brass, Paul R. (2014). An Indian Political Life: Charan Singh and Congress Politics, 1967 to 1987 - Vol.3 (The Politics of Northern India). Sage India. পৃ. 228. ISBN 978-9351500322
  31. ↑ Brass, Paul R. (2014). An Indian Political Life: Charan Singh and Congress Politics, 1967 to 1987 - Vol.3 (The Politics of Northern India). Sage India. পৃ. 243. ISBN 978-9351500322
  32. ↑ (2018-12-18). December 18, 1978, Forty Years Ago. The Indian Express
  33. ↑ (2022-01-23). HT This Day: Jan 24, 1979 - Charan Singh, J. Ram become Dy PMs today. Hindustan Times
  34. ↑ Horowitz, Donald L. (2001). The Deadly Ethnic Riot. University of California Press. পৃ. 244. ISBN 978-0-520-22447-6
  35. ↑ Jeff Haynes. (2 September 2003). Democracy and Political Change in the Third World. Routledge. পৃ. 168–. ISBN 978-1-134-54184-3
  36. ↑ de Mesquita, Bruce Bueno. (2010). The Predictioneer's Game: Using the Logic of Brazen Self-Interest to See and shapte the future. Random House. পৃ. xxiii. ISBN 978-0-8129-7977-0
  37. ↑ Sanghvi, Vijay. (2006). The Congress, Indira to Sonia Gandhi By. Kalpaz. পৃ. 114–122. ISBN 978-81-7835-340-1
  38. ↑ (21 August 2019). Forty Years Ago, August 21, 1979: Charan Govt Resigns
  39. ↑ (2019-09-27). September 27, 1979, forty years ago: Lok Dal formed. The Indian Express
  40. ↑ With Chaudhury Charan Singh in hospital, Ajit Singh likely to step in as Lok Dal chief. India Today
  41. ↑ (2022-08-10). August 10, 1982, Forty Years Ago: Two Lok Dals. The Indian Express
  42. ↑ (2022-08-03). August 3, 1982, Forty Years Ago: Lok Dal Split. The Indian Express
  43. ↑ Formation of DMKP gives decent burial to Lok Dal-Janata merger talks. India Today
  44. ↑ Sharad Yadav's revolt against Nitish Kumar: How Janata Parivar unites to split. India Today
  45. ↑ (30 May 1987). Charan Singh Dead. The Indian Express
  46. ↑ KISAN KRANTI KE PRENTA CHOWDHARY CHARAN SINGH · Films Division. filmsdivision.org
  47. ↑ Films Division. Kisan Kranti Ke Praneta - Ch. Charan Singh - Part 2
  48. ↑ (Oct 6, 2013). Pradhanmantri - Episode 13: India after emergency, Janata Party wins general election. ABP News
  49. ↑ NTR: Kathanayakudu. Amazon Prime Video
  50. ↑ (Jul 15, 2020). Main Mulayam Singh Yadav · Official Trailer. YouTube
  51. ↑ (22 September 2015). Agrarian Revolution in Uttar Pradesh · Charan Singh. charansingh.org
  52. ↑ (22 September 2015). Joint Farming X-Rayed: the Problem and its Solution · Charan Singh. charansingh.org
  53. ↑ (22 September 2015). India's Economic Policy – The Gandhian Blueprint · Charan Singh. charansingh.org
  54. ↑ (22 September 2015). Economic Nightmare of India – Its Cause and Cure · Charan Singh. charansingh.org
  55. ↑ (22 September 2015). Abolition of Zamindari, Two Alternatives · Charan Singh. charansingh.org
  56. ↑ (22 September 2015). Whither Co-operative Farming · Charan Singh Archives. charansingh.org
  57. ↑ (22 September 2015). India's Poverty and It's Solution · Charan Singh. charansingh.org
  58. ↑ (22 September 2015). Land Reforms in UP and the Kulaks · Charan Singh. charansingh.org

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ৰাজনীতিবিদলোকসভাৰ সাংসদভাৰতৰ প্ৰধানমন্ত্ৰীভাৰত ৰত্ন বঁটা বিজয়ীগান্ধীবাদীউত্তৰ প্ৰদেশৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চৌধুৰী চৰণ সিং” প্ৰবন্ধৰ সংশোধন ৬২৪৩৫৪ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।