অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰাজীৱ গান্ধী

ৰাজীৱ ৰত্ন গান্ধী (Rajiv Gandhi ভাৰতবৰ্ষৰ ষষ্ঠ প্ৰধানমন্ত্ৰী আছিল (১৯৮৪–১৯৮৯)। তেওঁৰ মাতৃ ইন্দিৰা গান্ধীৰ হত্যাৰ পাছত (৩১ অক্টোবৰ, ১৯৮৪) তেওঁৱেই প্ৰধানমন্ত্ৰীৰ পদৰ দায়িত্ব গ্ৰহণ কৰিছিল। তেওঁ মাত্ৰ ৪০ বছৰ বয়সতে প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হয়।

হালনাগাদ: ৩০ জুলাই ২০২৪ ৪৯৭ শব্দ · ৩ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ৰাজীৱ ৰত্ন গান্ধী (Rajiv Gandhi ভাৰতৰ ষষ্ঠ প্ৰধানমন্ত্ৰী আছিল (১৯৮৪–১৯৮৯)। তেওঁৰ মাতৃ ইন্দিৰা গান্ধীৰ হত্যাৰ পাছত (৩১ অক্টোবৰ, ১৯৮৪) তেওঁৱেই প্ৰধানমন্ত্ৰীৰ পদৰ দায়িত্ব গ্ৰহণ কৰিছিল। তেওঁ মাত্ৰ ৪০ বছৰ বয়সতে প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হয়। ১৯৯১ চনত ভাৰত চৰকাৰে দেশৰ সৰ্ব্বোচ্চ সন্মন ভাৰত ৰত্ন উপাধিৰে তেওঁক সন্মনিত কৰে১।

ৰাজীৱ গান্ধী ইন্দিৰা গান্ধী আৰু ফিৰোজ গান্ধীৰ বৰপুত্ৰ আছিল। তেওঁ ট্ৰিনিটি কলেজ, কেমব্ৰিজ আৰু তাৰ পিছত লণ্ডনৰ ইম্পেৰিয়েল কলেজত অধ্যয়ন কৰিছিল। কিন্তু কোনো এখন মহাবিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী ল'বলৈ সক্ষম নহ'ল। কেমব্ৰিজত থাকোঁতেই তেওঁ ইটালীত জন্ম, সেই সময়ৰ এখন ৰেষ্টুৰেণ্টৰ এগৰাকী পৰিচাৰক, এণ্ট'নিয়া এলবিনা মাইন' লগ পায় আৰু পাছলৈ এওঁকেই বিয়া কৰায়। বিশ্ববিদ্যালয় এৰাৰ পিছত তেওঁ ইণ্ডিয়ান এয়াৰলাইঞ্চৰ এজন পেচাদাৰী পাইলট হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে। তেওঁৰ কনিষ্ঠ ভাতৃ সঞ্জয় গান্ধীৰ ১৯৮০ চনত মৃত্যু হোৱাৰ পাছত ৰাজীৱ গান্ধীৰ ৰাজনীতিত আগমন ঘটে। তেওঁৰ মাতৃ ইন্দিৰা গান্ধীৰ ১৯৮৪ চনত হোৱা হত্যাকাণ্ডৰ পাছত, ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ বিষয়ববীয়া সকলে ৰাজীৱ গান্ধীক প্ৰধানমন্ত্ৰী পদৰ বাবে মনোনীত কৰে।

জন্ম

ৰাজীৱ গান্ধীৰ জন্ম হয় ১৯৪৪ চনৰ ২০ আগষ্টত মুম্বাইত। তেওঁৰ মাতৃ হৈছে ইন্দিৰা গান্ধী আৰু পিতৃ হৈছে ফিৰোজ গান্ধী। সৰু কাল তেওঁ লাহ-বিলাহৰ মাজেৰে কটায়। জৱাহৰলাল নেহেৰু আৰু ইন্দিৰা গান্ধীৰ দৰেই তেওঁ শৈশৱটো ৰাজকীয় পৰিবেশতে কটায়। শৈশৱত তেওঁ বিজ্ঞান আৰু কাৰিকৰী বিদ্যাত প্ৰবল অনুৰাগী দেখা গৈছিল।

শিক্ষা

দহ বছৰ বয়সত ৰাজীৱ গান্ধীক বৰ্ডিং স্কুলত ভৰ্তি কৰোৱা হয়। প্ৰথমতে উত্তৰাখণ্ডৰ দেৰাডুনত অৱস্থিত ৱেলহাম বয়ছ স্কুল (Welham Boys' School) আৰু পাছলৈ ডুন স্কুলত। তেওঁক ১৯৬১ চনত লণ্ডনলৈ এ-লেভেল অধ্যয়নৰ বাবে যায়। ১৯৬২ চনত, ট্ৰিনিটি কলেজ, কেম্ব্ৰিজত তেওঁ অভিযান্ত্ৰিক বিভাগত পঢ়িবলৈ সুবিধা পায়। ৰাজীৱ গান্ধী ১৯৬৫ চনলৈকে ট্ৰিনিটি কলেজত আছিল। কিন্তু পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ আগতেই, তেওঁ বিশ্ববিদ্যালয় ত্যাগ কৰে। ১৯৬৬ চনত, তেওঁ পুনৰ লণ্ডনৰ ইম্পেৰিয়েল কলেজত অধ্যয়নৰ সুবিধা পায় যদিও স্নাতক ডিগ্ৰী অবিহনেই অধ্যয়ন সমাপ্ত কৰে। ডুন স্কুলৰ পৰা উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ ইংলেণ্ডলৈ যায়।

ৰাজনীতিত প্ৰৱেশ

১৯৮০ চনত তেওঁৰ ভাতৃৰ মৃত্যুৰ পাছত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ৰাজনৈতিক নেতা আৰু তেওঁৰ মাতৃ ইন্দিৰা গান্ধীয়ে ৰাজীৱ গান্ধীক ৰাজনীতিত প্ৰৱেশ কৰিবলৈ গুৰুত্ব দিছিল। তেওঁ আৰু তেওঁৰ পত্নী ইয়াৰ বিৰুদ্ধে আছিল, আৰু ৰাজীৱ গান্ধীয়ে তেওঁৰ ভাতৃৰ লোকসভাৰ আসনৰ পৰা প্ৰতিদ্বন্দ্ব্ব্বিতা নকৰে বুলি ৰাজহুৱাভাৱে প্ৰকাশ কৰিছিল। সৰ্বশেষত, তেওঁ লোকসভাৰ আসনৰ বাবে প্ৰতিদ্বন্দ্ব্ব্বিতা কৰিব বুলি ঘোষণা কৰিছিল। তেওঁৰ ৰাজনীতিত প্ৰৱেশ কৰাত বহুটো প্ৰেছ, জনসাধৰণ তথা ৰাজনৈতিক দলসমূহে সমালোচনা কৰিছিল। তেওঁ আমেথি লোকসভা আসনৰ পৰা প্ৰথমবাৰৰ বাবে নিৰ্বাচনী প্ৰতিদ্বন্দ্ব্ব্বিতাত নামিছিল। সেই নিৰ্বাচনত তেওঁ লোকদলৰ নেতা শৰদ যাদৱক দুই লক্ষাধিকৰো অধিক ভোটত পৰাস্ত কৰিছিল।

উত্তৰ প্ৰদেশৰ আমেথিৰ পৰা ১৯৮১ চনৰ ফেব্ৰুৱাৰীত সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত, ৰাজীৱ গান্ধী তেওঁৰ মাতৃৰ এজন গুৰুত্বপূৰ্ণ ৰাজনৈতিক পৰামৰ্শক হৈ পৰিছিল। ইয়াৰ পৰাই বুজিব পাৰি যে, ৰাজীৱ গান্ধীক প্ৰধানমন্ত্ৰীৰ পদ যাঁচিবলৈ তেওঁৰ মাতৃ ইন্দিৰা গান্ধী উঠি-পৰি লাগিছিল। ইয়াৰ পাছতেই তেওঁ জাতীয় যুৱ কংগ্ৰেছ দলৰ সভাপতি হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰে।

ৰাজীৱ গান্ধীক হত্যা কৰা স্থানত শিলৰ এক কাৰুকাৰ্য্য
ৰাজীৱ গান্ধীক হত্যা কৰা স্থানত শিলৰ এক কাৰুকাৰ্য্যছবি: This Image was created by User:PlaneMad. If you are using the image under the cr · CC BY-SA 2.5

হত্যা

ৰাজীৱ গান্ধীৰ অন্তিম ৰাজহুৱা সভা আছিল ১৯৯১ চনৰ ২১ মে' তাৰিখে, চেন্নাইৰ পৰা প্ৰায় ৩০ মাইল নিলগৰ এখন গাঁৱত। তাত তেওঁ শ্ৰীপেৰুম্বুদূৰ লোকসভা আসনৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাইছিল।২ এই সভাতেই তেওঁক তামিল আত্মঘাতী উগ্ৰপন্থী এল টি টি ইৰ এগৰাকী সদস্যাই হত্যা কৰিছিল।

বাহ্যিক সংযোগ

|-

|-

|-

|-

|-

তথ্যসূত্ৰ

  1. ↑ Padma Awards Directory (1954–2007). Ministry of Home Affairs
  2. ↑ N Sathiya Moorthy. (January 1998). Sonia checks her emotions, but her interpreter goes full throttle. Rediff On The NeT. Rediff.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ প্ৰধানমন্ত্ৰীভাৰত ৰত্ন বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাজীৱ গান্ধী” প্ৰবন্ধৰ সংশোধন ৪২৭১৭৭ (৩০ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।