অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰণব মুখাৰ্জী

প্ৰণব কুমাৰ মুখাৰ্জী (Pranab Kumar Mukherjee; ১১ ডিচেম্বৰ ১৯৩৫ — ৩১ আগষ্ট, ২০২০) ভাৰতৰ ত্ৰয়োদশ ৰাষ্ট্ৰপতি। ছয় দশক জোৰা ৰাজনৈতিক জীৱনেৰে তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন প্ৰবীন ৰাজনেতা আছিল আৰু ভাৰতৰ কেইবাটাও মন্ত্ৰীদপ্তৰত কাৰ্য্যনিৰ্বাহ কৰিছিল।

হালনাগাদ: ৩১ অক্টোবৰ ২০২৬ ৬২২ শব্দ · ৩ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

প্ৰণব কুমাৰ মুখাৰ্জী (Pranab Kumar Mukherjee; ১১ ডিচেম্বৰ ১৯৩৫ — ৩১ আগষ্ট, ২০২০) ভাৰতৰ ত্ৰয়োদশ ৰাষ্ট্ৰপতি। ছয় দশক জোৰা ৰাজনৈতিক জীৱনেৰে তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন প্ৰবীন ৰাজনেতা আছিল আৰু ভাৰতৰ কেইবাটাও মন্ত্ৰীদপ্তৰত কাৰ্য্যনিৰ্বাহ কৰিছিল। ২০১২ চনত ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ আগলৈকে ২০০৯ৰ পৰা ২০১২ চনলৈকে তেওঁ ভাৰতৰ বিত্তমন্ত্ৰী আছিল। তেওঁ কংগ্ৰেছৰ এজন শীৰ্ষস্থানীয় সমস্যা সমাধানকাৰী নেতা (troubleshooter) আছিল।

ব্যক্তিগত জীৱন

১৯৫৭ চনৰ ১৩ জুলাইত প্ৰণৱ মুখাৰ্জী সুভৰা মুখাৰ্জীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। সুভৰা মুখাৰ্জীৰ জন্ম হৈছিল বৰ্তমান বাংলাদেশৰ বংগ প্ৰেচিডেন্সিৰ নাৰায়লত। তেওঁ ১০ বছৰ বয়সত কলকাতালৈ গুচি যায় আৰু ১৯৫৭ চনত প্ৰণৱ মুখাৰ্জীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।১ দম্পতীহালৰ দুজন পুত্ৰ আৰু এগৰাকী কন্যা আছিল।২ ২০১৫ চনৰ ১৮ আগষ্টত ৭৪ বছৰ বয়সত হৃদযন্ত্ৰ বিকল হৈ সুভৰা মুখাৰ্জীৰ মৃত্যু হয়। তেওঁলোকৰ জ্যেষ্ঠ পুত্ৰ অভিজিৎ মুখাৰ্জী ২০১৯ চনলৈকে পশ্চিমবংগৰ জংগীপুৰৰ ভাৰতীয় জাতীয় কংগ্ৰেছ সাংসদ আছিল। দেউতাকৰ আসনখন খালী হোৱাৰ পিছত তেওঁ উপ-নিৰ্বাচনত নিৰ্বাচিত হৈছিল। লোকসভালৈ নিৰ্বাচিত হোৱাৰ পূৰ্বে অভিজিত বীৰভূমৰ নলহাটীৰ বিধায়ক আছিল।৩

মুখাৰ্জী ডেং জিয়াওপিঙৰ পৰা অনুপ্ৰাণিত হৈছিল।৪ তেওঁৰ পঢ়া, বাগিচা আৰু সংগীতত চখ আছিল।

তেওঁৰ কন্যা শৰ্মিষ্ঠা মুখাৰ্জী এগৰাকী কথক নৃত্যশিল্পী আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজনীতিবিদ।৫

ৰাজনৈতিক জীৱন

১৯৬৯ চনত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সহায়ত কংগ্ৰেছ দলৰ পৰা ৰাজ্যসভাৰ সদস্যপদলৈ নিৰ্বাচিত হোৱাৰ লগে লগে তেওঁৰ ৰাজনৈতিক জীৱন আৰম্ভ হয়। ১৯৭৫-৭৭ চনত ভাৰতৰ জৰুৰীকালীন অৱস্থাৰ সময়ত কংগ্ৰেছৰ অন্যান্য নেতাৰ লগতে তেওঁৰ ওপৰতো ক্ষমতাৰ অতিমাত্ৰা অপব্যৱহাৰ কৰাৰ আৰোপ লগোৱা যায়। ১৯৮২-৮৪ চনত বিত্তমন্ত্ৰী পদেৰে তেওঁ প্ৰথমবাৰৰ বাবে মন্ত্ৰিত্ব পায়। ১৯৮০-৯৫ সময়চোৱাত তেওঁ ৰাজ্যসভাৰ নেতাও আছিল।

ৰাজীৱ গান্ধীৰ প্ৰধানমন্ত্ৰিত্বৰ কালত মুখাৰ্জীক পাৰ্শ্ববৰ্তী কৰি ৰখা হয়। অসন্তুষ্ট মুখাৰ্জীয়ে কংগ্ৰেছ পৰিত্যাগ কৰি "ৰাষ্ট্ৰীয় সমাজবাদী কংগ্ৰেছ" বুলি নিজৰ দল খোলে। পাচত ১৯৮৯ চনত ইয়াক আকৌ কংগ্ৰেছৰ লগত সমন্বিত কৰা হয়। ১৯৯১ চনত প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওৰ দিনত তেওঁক পৰিকল্পনা আয়োগৰ অধ্যক্ষ আৰু ১৯৯৫ চনত বিদেশ মন্ত্ৰীৰ পদত অধিষ্ঠিত কৰা হয়। পৰবৰ্তী কালত ১৯৯৮ চনত ছোনিয়া গান্ধীক কংগ্ৰেছ দলৰ অধ্যক্ষৰ পদানসীন কৰাত এজন বৰিষ্ঠ নেতা হিচাবে প্ৰণব মুখাৰ্জীয়ে প্ৰভুত ভূমিকা গ্ৰহণ কৰে।

২০০৪ চনত কংগ্ৰেছৰ নেতৃত্বত ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স (UPA) ক্ষমতালৈ অহাৰ সময়ত প্ৰণব মুখাৰ্জী প্ৰথমবাৰৰ বাবে ভাৰতীয় সংসদৰ জনপ্ৰিয়তাৰে নিৰ্বাচিত হোৱা নিম্ন সদন লোকসভাৰ সমষ্টিৰ পৰা নিৰ্বাচিত হয়। তেতিয়াৰ পৰা ২০১২ চনত ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ চৰকাৰৰ পৰা ইস্তফা দিয়া সময়লৈকে মুখাৰ্জী প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ মন্ত্ৰীসভাত দ্বিতীয় বৰিষ্ঠ নেতা আছিল। এই সময়ছোৱাত লোকসভাৰ নেতা আৰু বিভিন্ন মন্ত্ৰীৰ গোটৰ অধ্যক্ষতা কৰাৰ উপৰিও তেওঁ প্ৰতিৰক্ষা মন্ত্ৰী (২০০৪-২০০৬), বিদেশ মন্ত্ৰী (২০০৬-০৯) আৰু বিত্তমন্ত্ৰী (২০০৯-১২) পদত আসীন আছিল।

পদবীসমূহ

  • কেন্দ্ৰীয় ঔদ্যোগিক উন্নয়ন মন্ত্ৰী (১৯৭৩–১৯৭৪)
  • কেন্দ্ৰীয় জাহাজ আৰু পৰিবহণ মন্ত্ৰী (১৯৭৪)
  • ৰাজ্যিক বিত্ত মন্ত্ৰী (১৯৭৪–১৯৭৫)
  • কেন্দ্ৰীয় ৰাজহ আৰু বেংকিং মন্ত্ৰী (১৯৭৫–১৯৭৭)
  • কংগ্ৰেছৰ কোষাধ্যক্ষ (১৯৭৮–৭৯)
  • নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ কোষাধ্যক্ষ (১৯৭৮–৭৯)
  • ৰাজ্যসভাৰ সদনৰ নেতা (১৯৮০–৮৫)
  • কেন্দ্ৰীয় বাণিজ্য, তীখা আৰু খনি মন্ত্ৰী (১৯৮০–১৯৮২)
  • কেন্দ্ৰীয় বিত্তমন্ত্ৰী (১৯৮২–১৯৮৪)
  • আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ গৱৰ্ণৰ ব’ৰ্ড (১৯৮২–১৯৮৫)
  • বিশ্ব বেংকৰ গৱৰ্ণৰ ব’ৰ্ড (১৯৮২–১৯৮৫)
  • এছিয়ান ডেভেলপমেণ্ট বেংকৰ গৱৰ্ণৰ ব’ৰ্ড (১৯৮২–১৯৮৪)
  • আফ্ৰিকান ডেভেলপমেণ্ট বেংকৰ গৱৰ্ণৰ ব’ৰ্ড (১৯৮২–১৯৮৫)
  • কেন্দ্ৰীয় বাণিজ্য আৰু যোগান মন্ত্ৰী (১৯৮৪)
  • অধ্যক্ষ: সংসদলৈ ৰাষ্ট্ৰীয় নিৰ্বাচন, ১৯৮৪ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচন, ১৯৯১ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচন, ১৯৯৬ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচন আৰু ১৯৯৮ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে কংগ্ৰেছ-I ৰ প্ৰচাৰ সমিতি
  • ২৪ নং গোটৰ অধ্যক্ষ (আই এম এফ আৰু বিশ্ব বেংকৰ সৈতে সংযুক্ত এটা মন্ত্ৰী গোট) (১৯৮৪ আৰু ২০০৯–২০১২ চন)
  • কংগ্ৰেছ পাৰ্টিৰ ৰাজ্যিক এককৰ সভাপতি (১৯৮৫ আৰু ২০০০–০৮)
  • এআইচিচিৰ অৰ্থনৈতিক পৰামৰ্শদাতা কোষৰ অধ্যক্ষ (১৯৮৭–১৯৮৯)
  • পৰিকল্পনা আয়োগৰ উপ-অধ্যক্ষ (১৯৯১–১৯৯৬)
  • কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী (১৯৯৩–১৯৯৫)
  • কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী (১৯৯৫–১৯৯৬)
  • সভাপতি, ছাৰ্ক মন্ত্ৰী পৰিষদৰ সন্মিলন (১৯৯৫)
  • এআইচিচিৰ সাধাৰণ সম্পাদক (১৯৯৮–১৯৯৯)
  • কেন্দ্ৰীয় নিৰ্বাচন সমন্বয় সমিতিৰ অধ্যক্ষ (১৯৯৯–২০১২)
  • লোকসভাৰ নেতা (২০০৪–২০১২)
  • কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী (২০০৪–২০০৬)
  • কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী (২০০৬–২০০৯)
  • কেন্দ্ৰীয় বিত্তমন্ত্ৰী (২০০৯–২০১২)
  • ভাৰতৰ ৰাষ্ট্ৰপতি (২৫ জুলাই ২০১২ – ২৫ জুলাই ২০১৭)

সন্মান

জুলাই, ২০১২ চনত পূৰ্ণ এ চাংমাক প্ৰায় ৭০% ইলেক্টৰেল কলেজৰ ভোটেৰে পৰাস্ত কৰি প্ৰণব মুখাৰ্জী ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়। ভাৰত চৰকাৰে তেওঁ আগবঢ়োৱা অৱদানৰ বাবে ২০০৮ চনত পদ্মবিভূষণ আৰু ২০১৯ চনত ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰে।

মৃত্যু

২০২০ চনৰ ৩১ আগষ্ট তাৰিখে ৮৪ বছৰ বয়সত প্ৰণৱ মুখাৰ্জীৰ মৃত্যু হয়।৬

অধিক পঢ়ক

তথ্যসূত্ৰ

  1. ↑ (9 February 2013). Pranab to visit in-laws' home in Narail
  2. ↑ Suvra Mukherjee, President Pranab Mukherjee's wife, passes away – Times of India. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  3. ↑ (24 July 2012). Pranab Mujherjee's son wants his LS seat, party to take call
  4. ↑ (11 December 2016). 'A man of all seasons' Pranab Mukherjee turns 81: Lesser known facts about the President. India Today
  5. ↑ Das, Mohua. (12 January 2011). Dancer who happens to be 'his' daughter-Father Pranab Mukherjee misses Sharmistha's tribute to Tagore, mom in front row. Telegraph India
  6. ↑ timesofindia

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ৰাজনীতিবিদভাৰতৰ ৰাষ্ট্ৰপতিপদ্মবিভূষণ বঁটা বিজয়ীভাৰত ৰত্ন বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰণব মুখাৰ্জী” প্ৰবন্ধৰ সংশোধন ৩২৮৮৬৩ (২৫ জুলাই ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।