অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভগৱান দাস

ভগৱান দাস (১২ জানুৱাৰী ১৮৬৯ – ১৮ ছেপ্টেম্বৰ ১৯৫৮) স্বাধীনতা সংগ্ৰামী, দাৰ্শনিক আৰু শিক্ষাবিদ, মহাত্মা গান্ধী কাশী বিদ্যাপীঠৰ সহঃপ্ৰতিষ্ঠাপক। তেখেতে মদন মোহন মালব্যৰ লগত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰতিষ্থাপনৰ বাবেও কাম কৰিছিল। তেওঁ কিছুসময়ৰ বাবে ব্ৰিটিছ ভাৰতৰ কেন্দ্ৰীয় বিধানসভাৰ সদস্য আছিল।

হালনাগাদ: ৩১ আগষ্ট ২০২৬ ৬৮৬ শব্দ · ৪ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

ভগৱান দাস (১২ জানুৱাৰী ১৮৬৯ – ১৮ ছেপ্টেম্বৰ ১৯৫৮) স্বাধীনতা সংগ্ৰামী, দাৰ্শনিক আৰু শিক্ষাবিদ, মহাত্মা গান্ধী কাশী বিদ্যাপীঠৰ সহঃপ্ৰতিষ্ঠাপক। তেখেতে মদন মোহন মালৱীয়ৰ লগত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰতিষ্থাপনৰ বাবেও কাম কৰিছিল।১ তেওঁ কিছুসময়ৰ বাবে ব্ৰিটিছ ভাৰতৰ কেন্দ্ৰীয় বিধানসভাৰ সদস্য আছিল। তাৰপিছত তেওঁ হিন্দুস্তানী সাংস্কৃতিক সমাজৰ লগত জড়িত হৈছিল আৰু হিংসাত্মক ঘটনাক প্ৰতিহত কৰিবলৈ প্ৰতিবাদ কৰিছিল। ১৯৫৫ চনত ভাৰত চৰকাৰে তেওঁক ভাৰতৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন প্ৰদান কৰিছিল।

জীৱন

ভাৰতৰ বাৰাণসীত এটা অগ্ৰৱাল বনিয়া পৰিয়ালত তেওঁৰ জন্ম হৈছিল। তেওঁ বিদ্যালয়ীয়া শিক্ষা সমাপ্ত কৰি ৰাজহ সংগ্ৰহ কাৰ্যালয়ত উপ-কৰ্মচাৰী হিচাপে যোগদান কৰে আৰু পিছত নিজৰ শৈক্ষিক অধ্যয়ন অব্যাহত ৰাখিবলৈ সেই চাকৰি এৰি দিয়ে। এনী বেছাণ্টৰ এটা ভাষণৰদ্বাৰা অনুপ্ৰাণিত হৈ দাসে ১৮৯৪ চনত থিয়ছফিকেল ছ'চাইটিত যোগদান কৰে। ১৮৯৫ চনৰ বিভাজনৰ পিছত তেওঁ থিয়ছফিকেল ছ'চাইটি আদ্যাৰৰপক্ষ লয়। এই সমাজৰ ভিতৰত তেওঁ জিদ্দু কৃষ্ণমূৰ্তি আৰু তেওঁৰ অৰ্ডাৰ অৱ দা ষ্টাৰ ইন দা ইষ্ট সংগঠনৰ বিৰোধিতা কৰিছিল। অসহযোগ আন্দোলনৰ সময়ত দাসে ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে আৰু ১৯৫৫ চনত ভাৰত ৰত্নৰে সন্মানিত হয়।২

বেছেণ্টৰ সৈতে তেওঁ এক পেছাদাৰী সহযোগিতা গঢ়ি তোলে, যাৰ ফলত কেন্দ্ৰীয় হিন্দু মহাবিদ্যালয় প্ৰতিষ্ঠা হয়। পিছলৈ এইখন কেন্দ্ৰীয় হিন্দু বিদ্যালয়ত পৰিণত হয়। দাসে পিছলৈ কাশী বিদ্যাপীঠ প্ৰতিষ্ঠা কৰে আৰু তাত তেওঁ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰে। দাস সংস্কৃত ভাষা ভাষাৰ এজন পণ্ডিত আছিল আৰু তেওঁ হিন্দী ভাষাৰ সাহিত্য-ভাণ্ডাৰলৈও অৱদান আগবঢ়াইছিল। তেওঁ প্ৰায় ৩০খন গ্ৰন্থ ৰচনা কৰিছিল, যাৰ বহুতো সংস্কৃত আৰু হিন্দী ভাষা ভাষাত আছিল।

নতুন দিল্লীৰ এখন গুৰুত্বপূৰ্ণ পথ, য'ত ভাৰতৰ উচ্চতম ন্যায়ালয় অৱস্থিত, তেওঁৰ নামেৰে নামকৰণ কৰা হৈছে। বাৰাণসীৰ ছিগ্ৰা অঞ্চলত 'ড° ভগৱান দাস নগৰ' নামেৰে এখন আৱাসিক অঞ্চলৰো নাম তেওঁৰ নামেৰে ৰখা হৈছে।

বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত আইন ছাত্ৰাবাসৰ নাম তেওঁৰ নামেৰে 'ড° ভগৱান দাস ছাত্ৰাবাস' ৰখা হৈছে। ভাৰতীয় আইন প্ৰতিষ্ঠান আৰু ভাৰতীয় উকীল সন্থাৰ কাৰ্যালয় নতুন দিল্লীৰ প্ৰগতি ময়দানৰ ওচৰত ড° ভগৱান দাসৰ নামেৰে নামকৰণ কৰা পথত অৱস্থিত।

গৰ্গ্যায়নৰ প্ৰণৱবাদ

গৰ্গ্যায়নৰ প্ৰণৱবাদ (প্ৰণৱবাদ হৈছে "প্ৰণৱ (ওঁ) উচ্চাৰণ"ৰ সংস্কৃত শব্দ) ১৯১০–১৯১৩ চনত তিনিটা খণ্ডত থিয়ছফিকেল ছ'চাইটি, আদ্যাৰৰদ্বাৰা প্ৰকাশ কৰা হৈছিল আৰু এনি বেছাণ্টে ইয়াত টোকা সংযোজন কৰিছিল। দাসৰ মতে এই গ্ৰন্থখন গৰ্গ্যায়ন নামৰ এজন ঋষিয়ে ৰচনা কৰা, অন্যথা অজ্ঞাত এখন "প্ৰাচীন গ্ৰন্থ"ৰ "সাৰাংশ অনুবাদ।" দাসে কৈছিল যে তেওঁৰ থিয়ছফিষ্ট বন্ধু পণ্ডিত ধনৰাজ মিশ্ৰই স্মৃতিৰপৰা তেওঁক এই গ্ৰন্থখন কৈ গৈছিল। পণ্ডিত ধনৰাজ মিশ্ৰ দুয়োটা চকুৰে অন্ধ আছিল আৰু গ্ৰন্থখন প্ৰকাশ পোৱাৰ আগতেই তেওঁৰ মৃত্যু হৈছিল।

এই গ্ৰন্থখন মামুণি মায়নৰ মূল প্ৰণৱ বেদৰ সৈতে কোনো সম্পৰ্ক নাই।

অন্যান্য ৰচনা

ইংৰাজী

  • পতঞ্জলিৰ যোগ-সূত্ৰ আৰু ব্যাসভাষ্যৰ সমন্বিত অভিধান. কাশী, বেনাৰস ১৯৩৮।
  • থিয়ছফিৰ বিষয়ে কেইটামান সত্য, থিয়ছফিষ্ট, আদ্যাৰ, ছেপ্টেম্বৰ ১৮৮৯।
  • আধুনিক সমস্যাৰ প্ৰাচীন সমাধান. থিয়ছফিকেল পাব্লিছিং হাউছ, আদ্যাৰ ১৯৩৩।
  • প্ৰাচীন বনাম আধুনিক "বৈজ্ঞানিক সমাজবাদ", অথবা, থিয়ছফি আৰু পুঁজিবাদ, ফেচিবাদ, সাম্যবাদ. থিয়ছফিকেল পাব্লিছিং হাউছ, আদ্যাৰ ১৯৩৪।
  • এনি বেছেণ্ট আৰু পৰিৱৰ্তনশীল বিশ্ব. থিয়ছফিকেল পাব্লিছিং হাউছ, আদ্যাৰ ১৯৩৪।
  • সাম্প্ৰদায়িকতা আৰু থিয়ছফিৰদ্বাৰা ইয়াৰ নিৰাময়, অথবা, আধ্যাত্মিক স্বাস্থ্যই হৈছে বস্তুগত সমৃদ্ধিৰ একমাত্ৰ নিশ্চিত ভিত্তি. থিয়ছফিকেল পাব্লিছিং হাউছ, আদ্যাৰ ১৯৩৪।
  • বংশশুদ্ধি বিজ্ঞান, নৈতিকতা আৰু অধিবিদ্যা. থিয়ছফিকেল পাব্লিছিং হাউছ, আদ্যাৰ ১৯৩০।
  • মহিলাৰ শিক্ষাৰ ভাৰতীয় আদৰ্শ. কাৰেণ্ট থট প্ৰেছ, মাদ্ৰাজ ১৯২৯।
  • কৃষ্ণ, অৱতাৰ তত্ত্বৰ এক অধ্যয়ন. থিয়ছফিকেল পাব্লিছিং হাউছ, আদ্যাৰ ১৯২৪।
  • মুক্ত ভাৰতৰ মোৰ চিত্ৰ. ইণ্ডিয়ান বুক শ্বপ, বেনাৰস আদি ১৯৪৪।
  • কেন্দ্ৰীয় হিন্দু মহাবিদ্যালয় আৰু শ্ৰীমতী বেছেণ্ট, এলচায়ন পূজাৰ উত্থান. ডিভাইন লাইফ প্ৰেছ, লণ্ডন ১৯১৩।
  • আন এক নৱ-জাগৰণৰ প্ৰভাত. থিয়ছফিকেল পাব্লিছিং হাউছ, আদ্যাৰ ১৯৩১।
  • সকলো ধৰ্মৰ মৌলিক ঐক্য. থিয়ছফিকেল প্ৰেছ, হুইটন ১৯৩৯।
  • ৰাজনীতি বিজ্ঞান আৰু কলাত নৈতিক-মনস্তাত্ত্বিক সংকট, অথবা, বিধায়ক কোন হোৱা উচিত?. থিয়ছফিকেল পাব্লিছিং হাউছ, আদ্যাৰ ১৯৩১।
  • থিয়ছফিৰ মৌলিক ধাৰণা. থিয়ছফিষ্ট কাৰ্যালয়, মাদ্ৰাজ ১৯১২।
  • থিয়ছফিৰ অধিবিদ্যা আৰু মনোবিজ্ঞান. থিয়ছফিষ্ট, আদ্যাৰ ১৯১৬। আৰু
  • অসহযোগ আৰু আধ্যাত্মিক-ৰাজনৈতিক স্বৰাজৰ দৰ্শন. ঠাকুৰ এণ্ড কো., মাদ্ৰাজ ১৯২২।
  • ধৰ্মান্তৰৰ মনোবিজ্ঞান. থিয়ছফিকেল পাব্লিছিং হাউছ, আদ্যাৰ ১৯১৭।
  • থিয়ছফিৰ ধৰ্ম. থিয়ছফিষ্ট কাৰ্যালয়, মাদ্ৰাজ ১৯১১।
  • শান্তিৰ বিজ্ঞান, আত্মবিজ্ঞানৰ প্ৰথম নীতিসমূহৰ ব্যাখ্যাৰ এক প্ৰয়াস. থিয়ছফিকেল পাব্লিছিং হাউছ, বেনাৰস আদি ১৯০৪।
  • ধৰ্মৰ বিজ্ঞান, অথবা, সনাতন বৈদিক ধৰ্ম, নীতিসমূহৰ ব্যাখ্যাৰ এক প্ৰয়াস. ইণ্ডিয়ান বুক শ্বপ, বেনাৰস ১৯৪৮।
  • সামাজিক সংগঠনৰ বিজ্ঞান, অথবা, আত্মবিদ্যাৰ পোহৰত মনুৰ বিধান. থিয়ছফিকেল পাব্লিছিং হাউছ, আদ্যাৰ ১৯৩৫।
  • সামাজিক সংগঠনৰ বিজ্ঞান, অথবা, থিয়ছফিৰ পোহৰত মনুৰ বিধান. থিয়ছফিষ্ট কাৰ্যালয়, আদ্যাৰ ১৯১০।
  • অনুভূতিৰ বিজ্ঞান. থিয়ছফিকেল পাব্লিছিং হাউছ, বেনাৰস আদি ১৯০৮।
  • ব্ৰহ্মবিদ্যাৰদ্বাৰা ৰাজনীতি বিজ্ঞানৰ আধ্যাত্মিকীকৰণ. থিয়ছফিকেল পাব্লিছিং হাউছ, আদ্যাৰ ১৯১৯।
  • মহাযুদ্ধৰ অতিপদাৰ্থবিজ্ঞান. থিয়ছফিকেল পাব্লিছিং হাউছ, আদ্যাৰ ১৯১৬।
  • মহাত্মা গান্ধীৰ ঐতিহাসিক বিচাৰ, ১৯২২।

হিন্দী

  • দৰ্শনৰ প্ৰয়োজন
  • মনুপদ অনুক্ৰমণিকা
  • পুৰুষাৰ্থ
  • মহাবীৰ বাণী
  • মীৰাৰ কাব্য
  • ৰাষ্ট্ৰ নিৰ্মাতা তিলক
  • সৰল মনোবিজ্ঞান
  • মন্দিৰ প্ৰৱেশ আৰু অস্পৃশ্যতা নিৰাময়
  • দেৱনাগৰী লিপিৰ স্বৰূপ, বিকাশ আৰু সমস্যা

সাহিত্য

  • কেথৰিন ব্ৰাউনিং: "অনুভূতিৰ বিজ্ঞান"ৰ সাৰাংশ, পণ্ডিত ভগৱান দাসৰ গ্ৰন্থৰ সংক্ষিপ্ত ৰূপ. থিয়ছফিকেল পাব্লিছিং হাউছ, লণ্ডন ১৯২৫।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ About Us—Mahatma Gandhi Kashi Vidyapith Varanasi. Mahatma Gandhi Kashi Vidyapith * Masih, Niha. (1 January 2015). Varanasi: The City of Bharat Ratnas. NDTV
  2. ↑ Padma Awards Directory (1954–2007). Ministry of Home Affairs

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ স্বাধীনতা সংগ্ৰামীভাৰত ৰত্ন বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভগৱান দাস” প্ৰবন্ধৰ সংশোধন ৬৩৩৭৩৭ (৩১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।