গোবিন্দ বল্লভ পণ্ট (Govind Ballabh Pant; ১৮৮৭-১৯৬১) ভাৰতৰ অৰ্থ শাস্ত্ৰ, ৰাজনীতি আৰু সমাজ সংস্কাৰৰ ক্ষেত্ৰত অসাধাৰণ প্ৰতিভা দেখুওৱা বিশিষ্ট ব্যক্তি আছিল। তেওঁ দুবাৰকৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হৈছিল। তেওঁ স্বাধীনতা যুঁজাৰু আছিল। তেওঁ ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী হৈ কাৰ্য-নিৰ্বাহ কৰিছিল। তেওঁৰ বিৰল প্ৰতিভাৰ বাবে ভাৰত চৰকাৰে ১৯৫৭ চনত ভাৰত-ৰত্ন সন্মানেৰে সন্মানিত কৰিছিল।১
জন্ম আৰু শিক্ষা

গোবিন্দ বল্লভ পণ্টৰ জন্ম হয় ১৮৮৭ চনৰ ১০ ছেপ্তেম্বৰ তাৰিখে, উত্তৰ প্ৰদেশৰ আলমোড়া জিলাৰ খুঁট নামৰ গাঁৱত। তেওঁৰ পিতৃ আছিল মনোৰথ পণ্ট। সৰুকালৰ শিক্ষা তেওঁ মোমায়েকৰ ঘৰতে থাকি লাভ কৰিছিল। ইণ্টাৰমিডিয়েট পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ প্ৰয়াগৰাজ ম্যোৰ চেণ্ট্ৰেল কলেজৰ পৰা স্নাতক উপাধি লাভ কৰে। সৰুতে তেওঁক গোখলেৰ মৰ্মস্পৰ্শী ভাষণে মুগ্ধ কৰে আৰু তেতিয়াৰে পৰাই ভাৰতীয় জাতীয় কংগ্ৰেছলৈ মন ঢাল খায়। তেতিয়াই তেওঁ সিদ্ধান্ত লৈছিল যে তেওঁ কেতিয়াও ব্ৰিটিছৰ তলত চাকৰি নকৰে। ইয়াৰ পিছত তেওঁ আইনৰ পৰীক্ষা দি ১৯০৯ চনত উত্তীৰ্ণ হয়। আইন পৰীক্ষা পাছ কৰি পোনতে তেওঁ আলমোড়াত আইন ব্যৱসায় কৰিছিল আৰু তাৰ পিছত ৰাণীখত, পিছলৈ কাশীপুৰলৈ যায়। নাইনিতালত ওকালতি কৰাৰ পিছত তেওঁৰ যশস্যা কেউফালে বিয়পি পৰে।১
ৰাজনৈতিক জীৱন
লক্ষ্ণৌ কংগ্ৰেছ অধিবেশনত গোবিন্দ বল্লভ পণ্টে কুমায়ুণৰ কংগ্ৰেছ প্ৰতিনিধি হিচাপে যোগদান কৰাৰ পিছৰে পৰা তেওঁৰ ৰাজনৈতিক জীৱন আৰম্ভ হয়। ১৯২৩ চনত মতিলাল নেহৰুৱে তেওঁক উত্তৰ প্ৰদেশ বিধান পৰিষদৰ স্বৰাজ পাৰ্টিৰ নেতৃত্বৰ দায়িত্ব দিয়ে। ১৯২৭ চনত উত্তৰ প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি নিৰ্বাচিত হয়। ১৯২৮ চনত তেওঁ নেহেৰুৰ সৈতে চাইমন কমিচনৰ বিৰুদ্ধে বিক্ষোভ কৰি, লাঠীৰ কোব খাই চিৰদিনলৈ এখন হাত ঘুণীয়া কৰিছিল। ১৯৩০ চনত লোণ সত্যাগ্ৰহত ভাগ লৈ ছয় মাহ কাৰাবৰণ খাটিছিল। ১৯৩২ চনতো কাৰাবৰণ খাটিছিল। ১৯৩৪ চনত তেওঁ কেন্দ্ৰেীয় বিধান পৰিষদৰ সদস্য নিৰ্বাচিত হৈছিল। ১৯৩৭ চনত তেওঁ উত্তৰ প্ৰদেশৰ বিধান পৰিষদৰ নিৰ্বাচনত জয়ী হৈ মুখ্যমন্ত্ৰী হিচাপে শপত বাক্য গ্ৰহণ কৰিছিল। ১৯৩৯ চনত তেওঁ ৰাষ্ট্ৰীয় কংগ্ৰেছৰ নিৰ্দেশমতে পদত্যাগ কৰিছিল। ১৯৪০-৪২ চনৰ আন্দোলনত যোগদান কৰি তেওঁ পুনৰ কাৰাবৰণ কৰিছিল। ১৯৪৬ চনত পুনৰ তেওঁ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল। ১৯৫৪ চনত তেওঁ কেন্দ্ৰীয় কেবিনেটত যোগদান কৰি, ১৯৫৫ চনত তেওঁ গৃহমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল। তেওঁ গৃহমন্ত্ৰী হৈ থকা কালত--কাশ্মীৰ প্ৰশ্ন, নগা জনগোষ্ঠী বিদ্ৰোহ, ৰাজ্য পুনগঠনৰ সমস্যা, ভাষা কমিচনৰ সমস্যা, ৰাজস্থানৰ সমস্যা অদিয়ে দেখা দিছিল। তেওঁ জমিদাৰী প্ৰথাৰ বিৰোধী আছিল আৰু ১৯৫০ চনৰ পৰা ভৰতবৰ্ষত থকা জমিদাৰী প্ৰথা লোপ কৰিছিল। তেওঁ সদায় খেতিয়ক, বনুৱা আৰু দলিত সকলৰ মঙ্গলৰ কথা বিবেচনা সহকাৰে চিন্তা কৰিছিল। তেওঁ পাহাৰীয়া অনুন্নত অঞ্চলৰ কমাও সম্প্ৰদায়ৰ কাৰণেযথেষ্ট ত্যাগ স্বীকাৰ কৰি গৈছিল। তেওঁৰ চিন্তাই আছিল জনসাধাৰণৰ মঙ্গল সাধন কৰা আৰু এই চিন্তাৰ প্ৰতিফলন ঘটিছে ৰাজনীতি, অৰ্থনীতি, সমাজিক আৰু বৌদ্ধিক মহলৰ মাজত।১
পুৰস্কাৰ প্ৰাপ্ত বঁটা
- ভাৰত-ৰত্ন বঁটা (১৯৫৭ চন)
মৃত্যু
এই ৰাজনীতিজ্ঞ পণ্ডিত গোবিন্দ বল্লভ পণ্টৰ দেহাৱসান ঘটে ১৯৬১ চনত।
বাহ্যিক সংযোগ
- View Profile/Photos and Videos of Govind Ballabh Pant
- Govind Ballabh Pant University of Agriculture and Technology, named in his honor
- Govind Ballabh Pant Institute of Social Sciences, named in his honor
- Govind Ballabh Pant Engineering College, named in his honor
- Text of a 1922 book by Pant, Forest problems in Kumaun via Archive.org
তথ্যসূত্ৰ
- ↑ সমীন কলিতা. ভাৰত-ৰত্ন. অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্. পৃ. ৩০,৩১
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গোবিন্দ বল্লভ পণ্ট” প্ৰবন্ধৰ সংশোধন ৩৮৫০০৩ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।