চণ্ডীকাদাস অমৃতৰাও দেশমুখ বা নানাজী দেশমুখ (नानाजी देशमुख; ১১ অক্টোবৰ ১৯১৬ – ২৭ ফেব্ৰুৱাৰী ২০১০) এগৰাকী ভাৰতীয় সমাজকৰ্মী। তেওঁ শিক্ষা, স্বাস্থ্য গ্ৰাম্য অঞ্চলৰ আত্মনিৰ্ভৰশীলতাৰ বাবে কাম কৰিছিল। তেওঁ এজন ভাৰতীয় জনতা পাৰ্টীৰ নেতা আছিল। নানাজী দেশমুখ ১৯৭৭ চনত লোকসভালৈ নিৰ্বাচিত আৰু ১৯৯৯ চনত ৰাজ্যসভালৈ ৰাষ্ট্ৰপতিৰ দ্বাৰা মনোনীত হৈছিল। ভাৰত চৰকাৰে তেওঁ আগবঢ়োৱা অৱদানৰ বাবে ১৯৯৯ চনত পদ্মবিভূষণ আৰু ২০১৯ চনত মৰণোত্তৰ ভাবে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰে।১
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Who was Nanaji Deshmukh?. The Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নানাজী দেশমুখ” প্ৰবন্ধৰ সংশোধন ৫০৭৭৬৬ (১১ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।