পুৰুষোত্তম দাস টেণ্ডন (पुरुषोत्तम दास टंडन; Purushottam Das Tandon, জন্ম:১৮৮২- মৃত্যু:১৯৬২) এগৰাকী ভাৰতীয় স্বাধীনতা যুঁজাৰু আছিল। ১৯৫১ চনত ৰাষ্ট্ৰীয় কংগ্ৰেছৰ অধ্যক্ষ নিৰ্বাচিত হৈছিল। মোহনদাস কৰমচান্দ গান্ধীয়ে তেওঁক সেৱাৰ প্ৰতিমূৰ্ত্তি হিচাপে আদৰিছিল।১ গোৰখপুৰ সাধু সমাজৰ পৰা ৰাজৰ্ষি উপাধিৰে সন্মানিত হৈছিল তেওঁ। প্ৰয়াগ বিদ্যাপীঠ তেওঁৰ জীৱনৰ অমূল্য অৱদান আছিল, এইখনেই পাছলৈ সৰ্বভাৰতীয় ৰাষ্ট্ৰীয় মৰ্য্যদাৰ শিক্ষানুষ্ঠান হিন্দী সাহিত্য সন্মিলন বা হিন্দী বিশ্ববিদ্যালয় হিচাপে স্বীকৃতি পাইছিল।১
জন্ম আৰু শিক্ষা
পুৰুষোত্তম দাস টেণ্ডনৰ জন্ম হয় ১৮৮২ চনৰ এক আগষ্টত, প্ৰয়াগ নামে ঠাইত।১ তেওঁৰ পিতাকৰ নাম শালিকৰাৰ্ম টেণ্ডন তেওঁ প্ৰাথমিক শিক্ষা ঘৰতে মৌলবী এজনৰ তলত লাভ কৰিছিল। ১৮৯৭ চনত তেওঁ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল। ১৯০২ চনত তেওঁ স্নাতক আৰু ১৯০৬ চনত স্নাতক আইন সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। ঠিক তেনেদৰে ১৯০৭ চনত তেওঁ স্নাতকোত্তৰ সন্মান লাভ কৰিছিল। মহাবিদ্যালয়ত পঢ়া কালছোৱাত, তেওঁৰ খেলা-ধুলাৰ প্ৰতি অত্যন্ত ৰাপ আছিল। তেওঁৰ ডবা খেলাতো খুব নিচা আছিল। এই খেলৰ নিচাৰ বাবে তেওঁ এবাৰ পৰীক্ষাতো বিফল হবলগীয়া হৈছিল। ছাত্ৰ অৱস্থাৰ পৰাই তেওঁ সত্যবাদী, কৰ্ম নিপুণ আৰু আত্মসন্মান বোধেৰে উজ্বল ব্যক্তি আছিল।১
কৰ্ম-জীৱন
পুৰুষোত্তম দাস টেণ্ডনে তেওঁৰ কৰ্ম জীৱনৰ পাতনি মেলে এলাহাবাদ উচ্চ ন্যায়লয়ত ওকালতি কৰি। তেওঁৰ ওকালতি জীৱনত মিছা আৰু জাল মোকৰ্দমাক প্ৰশ্ৰয় দিয়া নাছিল। তেওঁ এলাহাবাদৰ পৌৰসভাৰ চেয়াৰমেন আছিল, সেই সময়ত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল লক্ষ্ণৌৰ পৰা এলাহাবাদলৈ আহিছিল, এলাহাবাদলৈ গৱৰ্ণৰ আহিলে গৱৰ্ণমেণ্ট হাউছৰ মাজত থকা পুখুৰীটো গৱৰ্ণয়ে গা-ধোৱাৰ সুবিধাৰ কাৰণে পানীৰে পৰিপূৰ্ণ কৰি দিয়াৰ নিয়ম আছিল। কিন্তু সেইসময়ত চহৰত পানীৰ বৰ হাহাকাৰ আছিল, জনসাধাৰণে এটুপী পানীৰ বাবে আতুৰ হৈ আছিল, সেয়ে পুৰুষোত্তম দাস টেণ্ডনে গৱৰ্ণৰৰ চেক্ৰেটাৰীক জনালে যে বৰ্তমানৰ জনসাধাৰণৰ পানীৰ নাটনিৰ সময়ত তেওঁ গৱৰ্ণৰে গা-ধোৱাৰ নামত এটুপি পানীও মঞ্জুৰ কৰিব নোৱাৰে। তেওঁ সদায় জনসাধাৰণৰ স্বাৰ্থক আগস্থান দিছিল, যাৰ এনে ত্যাগৰ বাবে ভাৰত চৰকাৰে তেওঁক ১৯৬১ চনত ভাৰত ৰত্ন উপাধিৰে বিভূষিত কৰিছিল। তেওঁ মদন মোহন মালৱীয়ৰ কাৰণে কিছুদিন পঞ্জাব, ভাৰতৰ নাভা নামৰ দেশীয় ৰাজ্যৰ আইন মন্ত্ৰী হিচাপে কাম কৰিব লগিয়া হৈছিল। কিন্তু ১৯১৯ চনত জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ বিভীষিকা ৰূপ দেখি, তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনত যোগদান কৰে। ১৯২১, ১৯৩২, ১৯৪১ আৰু ১৯৪২ চনৰ আন্দোলনত সক্ৰিয় হৈ পৰাৰ বাবে তেওঁ কেইবা বছৰো কাৰাবৰণ খাতিব লগীয়া হৈছিল।১ ১৮৯৯ চনত তেওঁ কংগ্ৰেছত যোগদান কৰি, ১৯৫১ চনত ৰাষ্ট্ৰীয় কংগ্ৰেছৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়। তেওঁ উত্তৰ প্ৰদেশৰ বিধানসভালৈ ১৯৩৭ চনত আৰু ১৯৪৬ চনত দুবাৰ সদস্য নিৰ্বাচিত হৈছিল আৰু পাছলৈ তেওঁ বিধানসভাৰ অধ্যক্ষ হৈছিল। বিধানসভাত তেওঁ মাতৃ-ভাষাৰ মাধ্যমেৰে কাম কৰাত গুৰুত্ব আৰোপ কৰিছিল। তেওঁ হিন্দী ভাষাক ৰাষ্ট্ৰৰ একতা স্থাপনৰ বাবে ৰাষ্ট্ৰভাষা কৰাত গুৰি ধৰিছিল। তেওঁক কাশী আৰু এলাহাবাদ বিশ্ববিদ্যালয়ে ডক্টৰেট উপাধি প্ৰদান কৰিছিল। গোৰখপুৰ সাধু সমাজে সন্মান যাঁচিছিল ৰাজৰ্ষি উপাধিৰে আৰু মোহনদাস কৰমচান্দ গান্ধীয়ে তেওঁক সেৱাৰ প্ৰতিমূৰ্ত্তি হিচাপে আদৰিছিল।
পুৰস্কাৰ প্ৰাপ্ত বঁটা আৰু সন্মান
মৃত্যু
পুৰুষোত্তম দাস টেণ্ডনৰ ১৯৬২ চনৰ জুলাই মাহত নিজা বাসভৱনত পৰলোক প্ৰাপ্তি হয়।১
বাহ্যিক সংযোগ
- An article on Purushottam Das Tandon
- Opposition to Partition
- Path to Partition
- A snippet on the relation between Nehru and Purushottam Das Tandon
- Article saying that Purushottam Das Tandon shifted to Rubber Chappals
- Arrest of Nehru and Purushottam Das Tandon
- In a time warp
তথ্যসূত্ৰ
- ↑ সমীন কলিতা. ভাৰত-ৰত্ন. অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্. পৃ. ৩৬, ৩৭
- ↑ Padma & Bharat Ratna Awards Directory (1954-2007). Ministry of Home Affairs
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পুৰুষোত্তম দাস টেণ্ডন” প্ৰবন্ধৰ সংশোধন ৫৬৩৩২৫ (১৩ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।