অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
অৰ্থনীতি আৰু উদ্যোগ

ভাৰতৰ প্ৰধানমন্ত্ৰী

ভাৰতবৰ্ষত দেশখনৰ প্ৰকৃত কাৰ্যবাহী শাসকজনেই হ’ল প্ৰধানমন্ত্ৰী। সংসদৰ সংখ্যাগৰিষ্ঠ দলৰ নেতাজনক ৰাষ্ট্ৰপতিয়ে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে। একে সময়তে প্ৰধানমন্ত্ৰীজন মন্ত্ৰী পৰিষদ, লোকসভা আৰু শাসনাধিষ্ট দলৰো নেতা হয়। প্ৰধানমন্ত্ৰী হ’বলৈ প্ৰথমে তেখেত সাংসদ হ’ব লাগিব।

হালনাগাদ: ২১ ছেপ্তেম্বৰ ২০২১ ১৭১ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

ভাৰতবৰ্ষত দেশখনৰ প্ৰকৃত কাৰ্যবাহী শাসকজনেই হ’ল প্ৰধানমন্ত্ৰী। সংসদৰ সংখ্যাগৰিষ্ঠ দলৰ নেতাজনক ৰাষ্ট্ৰপতিয়ে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে। একে সময়তে প্ৰধানমন্ত্ৰীজন মন্ত্ৰী পৰিষদ, লোকসভা আৰু শাসনাধিষ্ট দলৰো নেতা হয়। প্ৰধানমন্ত্ৰী হ’বলৈ প্ৰথমে তেখেত সাংসদ হ’ব লাগিব। যদিহে প্ৰথম অৱস্থাত তেওঁৰ এই যোগ্যতা নাথাকে, পৰৱৰ্তী ছমাহৰ ভিতৰত সাংসদৰ যোগ্যতা অৰ্জন কৰি সংসদলৈ নিৰ্বাচিত হ’ব লাগিব। যদিহে প্ৰধানমন্ত্ৰীয়ে পদত্যাগ কৰে তেন্তে মন্ত্ৰী পৰিষদৰো পতন ঘটে। কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত প্ৰধানমন্ত্ৰীৰ প্ৰথম কাম হৈছে মন্ত্ৰী পৰিষদ গঠন কৰা। দ্বিতীয়তে, মন্ত্ৰী পৰিষদৰ দপ্তৰ বিতৰণ কৰা। তৃতীয়তে শাসনাধিষ্ট দলৰ নেতা হোৱাৰ লগতে লোকসভাৰ নেতা হিচাপে দায়িত্ব ভাৰ গ্ৰহণ কৰি দেশৰ শাসন কাৰ্য পৰিচালনা কৰা। প্ৰধানমন্ত্ৰীয়ে সদায় দলৰ নীতিক সমৰ্থন কৰি বিৰদধী পক্ষৰ সমালোচনাৰ উত্তৰ দিয়ে। ইয়াৰ উপৰিও দেশৰ প্ৰধান হিচাপে প্ৰধানমন্ত্ৰীয়ে বৈদেশিক নীতি গ্ৰহণ আৰু পৰিচালনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

ভাৰতৰ প্ৰধানমন্ত্ৰীসকল

মূল প্ৰবন্ধ: ভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকা

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ প্ৰধানমন্ত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতৰ প্ৰধানমন্ত্ৰী” প্ৰবন্ধৰ সংশোধন ২৯৯২৮০ (২১ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।