অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এম এছ চুব্বালক্ষ্মী

এম এছ চুব্বালক্ষ্মী (M.S. Subbalakshmi) (১৯১৬-২০০৪) কৰ্ণাটকী শাস্ত্ৰীয় সংগীতৰ বিশিষ্ট সংগীত শিল্পী আছিল এম. এছ চুব্বালক্ষ্মী। তেওঁ ভাৰতীয় সংগীতক পৃথিৱীৰ বিভিন্ন দেশত প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। ১৯৯৮ চনত ভাৰত চৰকাৰে ভাৰতৰ শ্ৰেষ্ঠতম বঁটা ভাৰত-ৰত্ন বঁটাৰে সন্মানিত কৰে।

হালনাগাদ: ১৬ ছেপ্তেম্বৰ ২০২৬ ৩২১ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ
এম এছ চুব্বালক্ষ্মী
এম এছ চুব্বালক্ষ্মীছবি: M S Subbulakshmi, digitalization by Hindustanilanguage · CC BY-SA 3.0

এম এছ চুব্বালক্ষ্মী (M.S. Subbalakshmi) (১৯১৬-২০০৪) কৰ্ণাটকী শাস্ত্ৰীয় সংগীতৰ বিশিষ্ট সংগীত শিল্পী আছিল এম. এছ চুব্বালক্ষ্মী। তেওঁ ভাৰতীয় সংগীতক পৃথিৱীৰ বিভিন্ন দেশত প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। ১৯৯৮ চনত ভাৰত চৰকাৰে ভাৰতৰ শ্ৰেষ্ঠতম বঁটা ভাৰত ৰত্ন বঁটাৰে সন্মানিত কৰে। চুব্বালক্ষ্মী এগৰাকী প্ৰখ্যাত অভিনেত্ৰীৰূপেও জনাজাত আছিল।১

জন্ম আৰু পৰিয়াল

এম. এছ. চুব্বালক্ষ্মীৰ জন্ম হয় ১৯১৬ চনত দক্ষিণ ভাৰতৰ মাদুৰাই নামৰ ঠাইত। ২৪ বছৰ বয়সত চুব্বালক্ষ্মী চেহ. টি. সদাশিৱমৰ লগত বিবাহপাশত আবদ্ধ হয়। তেওঁ সদায় কপালত এটা ডাঙৰকৈ সেন্দূৰৰ ফোট আঁকিছিল। নাকৰ দুয়োফালে দুটা সৰু সৰু নাকফুল পিন্ধিছিল আৰু হাতত তেওঁ এধাৰি বগা ফুলৰ মালা লৈ ভাল পাইছিল। সৰুতে তেওঁ ঘৰখনৰ পৰা এটি সংগীতৰ পৰিবেশ লাভ কৰিছিল। চুব্বালক্ষ্মীৰ মাক আছিল এগৰাকী প্ৰখ্যাত গায়িকা। মাতৃয়ে নিজৰ জীয়েক এগৰাকী সু-গায়িকা হোৱাটোকে কামনা কৰিছিল। সেয়ে সৰুতে তেওঁ মাকৰ পৰাই সংগীতৰ অনুপ্ৰেৰণা লাভ কৰে আৰু মাকৰ পৰাই প্ৰয়োজনীয় সংগীতৰ শিক্ষান্ত লাভ কৰে। মীনাক্ষী মন্দিৰত চুব্বালক্ষ্মীৰ মাকে সংগীতানুষ্ঠাতন যোগদান কৰিছিল আৰু মাকৰ লগত চুব্বালক্ষ্মীয়েও মীনাক্ষী মন্দিৰলৈ গৈ মাকক সহায় কৰিছিল।১

শিক্ষা আৰু সঙ্গীত সাধনা

চুব্বালক্ষ্মীৰ সোতৰ বছৰ বয়সত তেওঁ চেন্নাই মিউজিক অকাডেমীত সংগীত পৰিবেশন কৰাৰ সুবিধা লাভ কৰে আৰু দৰ্শকৰ ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সমৰ্থ হয়। এগৰাকী ভাল গায়িকা হিচাপে সমাজৰ পৰা স্বীকৃতি লাভ কৰে। ১৯৪৩ চনত তেওঁ সৰ্বভাৰতীয় সংগীতানুষ্ঠানত সংগীত পৰিবেশন কৰাত, সৰ্বভাৰতত তেওঁৰ নাম-যশ বিয়পি পৰে। তেওঁ এগৰাকী প্ৰখ্যাত অভিনেত্ৰী ৰূপেও জনাজাত আছিল। তেওঁ মীৰা নামৰ এখন চলচ্চিত্ৰত অভিনয় কৰি দৰ্শকক আকৰ্ষিত কৰিব পাৰিছিল আৰু সেই চলচ্চিত্ৰত তেওঁ নিজে সংগীত পৰিবেশন কৰিছিল। তেওঁ কৰ্ণাটকী সংগীতৰ এগৰাকী নিপুণ গায়িকা। মোহনদাস কৰমচান্দ গান্ধীৰ ৭৮ তম জন্মোত্সৱ উপলক্ষে চুব্বালক্ষ্মীয়ে হৰি তুম হাৰো জান কী পীৰ নামৰ ভজন পৰিবেশন কৰিছিল।১ ১৯৬৬ চনত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰ কমন ওৱেলথৰ মহা সচিবৰ আমন্ত্ৰণ ক্ৰমে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যায় আৰু তাত সংগীত পৰিবেশন কৰি শ্ৰোতাৰ মন জয় কৰিবলৈ সমৰ্থ হয়। ১৯৫৪ চনত ভাৰত চৰকাৰে তেওঁক পদ্মভূষণ উপাধিৰে বিভূষিত কৰিছিল। তেওঁক সংগীত নাটক অকাডেমী আৰু সংগীত কলানিধি বঁটাৰেও সন্মানিত কৰা হৈছিল। ১৯৭৪ চনত তেওঁ সন্মানীয় ৰামণ মেগছেছে বঁটা লাভ কৰে।১

পুৰস্কাৰ প্ৰাপ্ত বঁটা

  1. ভাৰত-ৰত্ন বঁটা, (১৯৯৮)
  2. পদ্মভূষণ, (১৯৫৪)
  3. সংগীত নাটক অকাডেমী বঁটা, (১৯৫৬)
  4. ৰামণ মেগছেছে বঁটা, (১৯৭৪)
  5. পদ্মবিভূষণ, (১৯৭৫)

মৃত্যু

এইগৰাকী কিংবদন্তি শিল্পীৰ ২০০৪ চনত পৰলোকপ্ৰাপ্তি ঘটে।

তথ্যসূত্ৰ

  1. ↑ সমীন কলিতা. ভাৰত-ৰত্ন. অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্. পৃ. ১৩০,১৩১

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় কণ্ঠশিল্পীভাৰত ৰত্ন বঁটা বিজয়ীৰমন মেগছেছে বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এম এছ চুব্বালক্ষ্মী” প্ৰবন্ধৰ সংশোধন ৬৩৫৭৬২ (১৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।