স্বৰ্গদেউ চাওলুং চুকাফা
মূল প্ৰবন্ধ: চ্যু-কা-ফা
চাও-লুং চ্যু-কা-ফা (ৰাজত্বকাল: ১২২৮-১২৬৮) অসম ৰাজ্য বা মু'ঙ দুন চুন খামৰ প্ৰথমজন চাওফা তথা চীনৰ দেহ'ঙৰ (মধ্যযুগৰ মু'ঙ মাওৰ ৰাজকোঁৱৰ আছিল,১ আৰু আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল।২ চ্যু-কা-ফাই ১২২৮ খ্ৰীষ্টাব্দত ব্ৰহ্মপুত্ৰ উপত্যকাত অসমৰ প্ৰতিষ্ঠা কৰে আৰু ১২৫৩ চনত চে ৰাই দ'য়ত স্থায়ীকৈ ৰাজধানী পাতে। চ্যু-কা-ফাই প্ৰতিষ্ঠা কৰা সাম্ৰাজ্যই ৬১০ বছৰ ধৰি সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাজোৰা আহোম ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা কৰে। এই সময়ছোৱাত অসমত বাস কৰা সকলো জাতি-জনজাতিকে তেওঁ একত্ৰিত কৰে। সেয়ে বৰ অসম গঢ়াৰ ক্ষেত্ৰত অসম তথা অসমীয়া জাতিৰ বাবে চ্যু-কা-ফাৰ অৱদান সৰ্বস্ব।
শ্ৰীমন্ত শংকৰদেৱ
মূল প্ৰবন্ধ: শংকৰদেৱ
অংকন কৰা মহাপুৰুষজনাৰ কল্পিত চিত্ৰ]]
শ্ৰীমন্ত শংকৰদেৱ (১৪৪৯-১৫৬৮) একাধাৰে এগৰাকী ধৰ্ম প্ৰচাৰক, সমাজ সংগঠক, গায়ক, নৰ্তক, অভিনেতা, কবি আৰু চিত্ৰকৰ আছিল। শংকৰদেৱ অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) জাতি-সাহিত্য-সংস্কৃতি নিৰ্মাতা।৩ সেইবাবেই তেওঁৰ প্ৰিয়তম শিষ্য মাধৱদেৱে শঙ্কৰদেৱক “সৰ্বগুণাকৰ’’ শব্দৰে অভিহিত কৰিছিল৷৪ অসমীয়া তথা ভাৰতীয় সাংস্কৃতিক জীৱনলৈ তেওঁ যি অৱদান আগবঢ়াই গ'ল, তাৰ বাবে তেওঁক মহাপুৰুষ আৰু অৱতাৰী পুৰুষৰূপে আখ্যা দিয়া হয়।৩তেওঁ মানুহৰ আধ্যাত্মিক উত্তৰণৰ কাৰণে ভক্তি ধৰ্মৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল৷ ৫
শ্ৰীশ্ৰী দামোদৰদেৱ
মূল প্ৰবন্ধ: দামোদৰ দেৱ'দামোদৰ দেৱ' (১৪৮৮-১৫৯৮) ষোল্লশ শতিকাৰ এক শৰণ নামধৰ্মৰ এজন বিখ্যাত ধৰ্ম প্ৰচাৰক। ১৪৮৮ খ্ৰীষ্টাব্দত নগাঁও জিলাৰ নালচাত তেওঁৰ জন্ম হৈছিল।৬ ধৰ্ম প্ৰচাৰৰ বাবে বৰপেটাৰ পাটবাউসীৰ লগতে আন বহু ঠাইত সত্ৰ স্থাপন কৰে। ১৫৯৮ চনত পৰলোকপ্ৰাপ্তি ঘটে।
শ্ৰীশ্ৰী মাধৱদেৱ
মূল প্ৰবন্ধ: মাধৱদেৱ'মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ' (১৪৮৯-১৫৯৬) অসমৰ মহাপুৰুষীয়া ধৰ্ম বা একশৰণ নাম ধৰ্ম প্ৰৱৰ্তনৰ এজন মূল হোতা আছিল। তেওঁ মহাপুৰুষ শংকৰদেৱৰ অন্যতম প্ৰধান শিষ্য আছিল।৭ নামঘোষা আৰু ভক্তিৰত্নাৱলী মাধৱদেৱৰ অনুপম সৃষ্টি।৭
শ্ৰীশ্ৰী হৰিদেৱ
মূল প্ৰবন্ধ: হৰিদেৱ'হৰিদেৱ' (১৪২৬-১৫৬৬) আছিল অসমত মহাপুৰুষীয়া একশৰণ নাম ধৰ্মৰ অন্যতম প্ৰচাৰক। ১৪২৬ গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ভাদ মাহৰ শুক্লা পঞ্চমী তিথিত লখিমপুৰ জিলাৰ নাৰায়ণপুৰত মহাপুৰুষ হৰিদেৱৰ জন্ম হয়। ১৫৬৬ খ্ৰীষ্টাব্দৰ (১৪৮৮ শক) জেঠ মাহৰ অমাৱস্যা তিথিত বহৰিত এইজনা মহাপুৰুষে ইহলীলা সম্বৰণ কৰে।
মহাবীৰ চিলাৰায়
মূল প্ৰবন্ধ: চিলাৰায়
ত থকা চিলাৰায়ৰ প্ৰতিমূৰ্তি]]
বীৰ চিলাৰায়ৰ (১৫১০-১৫৭১) প্ৰকৃত নাম আছিল শুক্লধ্বজ। তেওঁৰ পিতৃ ষোলশ শতিকাৰ কোচ ৰাজবংশী ৰাজ্যৰ প্ৰতিষ্ঠাপক বিশ্ব সিংহ, মাতৃ পদ্মাৱতী আৰু ভ্ৰাতৃ ৰজা নৰনাৰায়ণ।৮ তেওঁ নৰনাৰায়ণৰ সুদক্ষ সেনাপতি আছিল। তেওঁ চিলাৰ দৰে চোঁ মাৰি ৰণ কৰিছিল, সেয়ে তেওঁক চিলাৰায় বুলিও জনা যায়।৮৯ চিলাৰায়ে দেৱান বা মন্ত্ৰীৰ কামো কৰিছিল, সেই কাৰণে তেওঁক লোকে চিলাৰায় দেৱান বুলিছিল।৯ তেওঁৰ বীৰত্ব আৰু পাৰদৰ্শিতাৰ ফলতে কোচ ৰাজবংশী সৈন্যই ভূটীয়া, বড়ো-কছাৰী আৰু টাই-আহোম জনগোষ্ঠী সৈন্যক বহুকেইখন যুদ্ধত পৰাস্ত কৰিছিল। তেওঁৰ জন্মদিন মাঘী পূৰ্ণিমা অসমত বীৰ চিলাৰায় দিৱস হিচাপে পালন কৰা হয়।
লাচিত বৰফুকন
মূল প্ৰবন্ধ: লাচিত বৰফুকন

লাচিত বৰফুকন আছিল আহোম ৰাজ্যৰ নৱমজন বৰফুকন (ফু-কন লুং)। ১৬৭১ চনত তেওঁ অসমীয়া সেনাৰ দ্বাৰা বিশাল মোগল সাম্ৰাজ্য সৈন্য-বাহিনী পৰাজিত কৰি অসমৰ পৰা আঁতৰাই পঠিয়াইছিল।১০ শৰাইঘাটৰ যুদ্ধত তেওঁ দেখুওৱা বিক্ৰমৰ ফল স্বৰূপে অসমৰ বুৰঞ্জীত তেওঁৰ নাম জিলিকি আছে।
পিয়লি ফুকন
মূল প্ৰবন্ধ: পিয়লি ফুকন'পিয়লি ফুকন' অসমৰ এজন স্বাধীনতা সংগ্ৰামী। জীউৰাম দুলীয়া বৰুৱাৰ লগতে তেওঁক অসম বা ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ হিচাপে গণ্য কৰা হয়। পিয়লি ফুকন বদন বৰফুকনৰ মাজু পুতেক আছিল। ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহৰ অভিযোগত তেওঁক ১৮৩০ চনত শিৱসাগৰত ফাঁচী দিয়া হৈছিল।
লক্ষ্মীনাথ বেজবৰুৱা
মূল প্ৰবন্ধ: লক্ষ্মীনাথ বেজবৰুৱা

ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা (১৮৬৪-১৯৩৮) আধুনিক অসমীয়া সাহিত্যৰ এজন পথ-প্ৰদৰ্শক।
গোপীনাথ বৰদলৈ
মূল প্ৰবন্ধ: গোপীনাথ বৰদলৈ

লোকপ্ৰিয় গোপীনাথ বৰদলৈ (৬ জুন ১৮৯০–৫ আগষ্ট ১৯৫০) আছিল স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আৰু ভাৰতৰ স্বাধীনতা আন্দোলনৰ সক্ৰিয় কৰ্মী।১১
নলিনীবালা দেৱী
মূল প্ৰবন্ধ: নলিনীবালা দেৱী
নলিনীবালা দেৱী (১৮৯৮–১৯৭৭) এগৰাকী অসমীয়া কবি আৰু লেখিকা।১২ তাই অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি আছিল।
জ্যোতিপ্ৰসাদ আগৰৱালা
মূল প্ৰবন্ধ: জ্যোতিপ্ৰসাদ আগৰৱালা

জ্যোতিপ্ৰসাদ আগৰৱালা (১৯০৩-১৯৫১) অসমৰ এগৰাকী প্ৰসিদ্ধ গীতিকাৰ, নাট্যকাৰ, লেখক আৰু প্ৰথমগৰাকী অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা।১৩ অসমীয়া সংস্কৃতিলৈ অনবদ্য অৱদানৰ বাবে তেওঁক "ৰূপকোঁৱৰ" বুলি কোৱা হয়। ১৯৩৫ চনত তেওঁ প্ৰথম অসমৰ চলচ্চিত্ৰ জয়মতী নিৰ্মাণ কৰে। তেওঁৰ মৃত্যু তিথি ১৭ জানুৱাৰী তাৰিখটো "শিল্পী দিৱস" হিচাপে পালন কৰা হয়।১৪১৫১৬
কুশল কোঁৱৰ
মূল প্ৰবন্ধ: কুশল কোঁৱৰ

কুশল কোঁৱৰ হ'ল ভাৰতৰ স্বাধীনতা আন্দোলনত যোগদান কৰি ফাঁচি বৰণ কৰা অসমৰ শেষৰজন শ্বহীদ তথা ৪২'ৰ ভাৰত ত্যাগ আন্দোলনৰ ফাঁচি বৰণ কৰা একমাত্ৰ শ্বহীদ।১৭
বিষ্ণুপ্ৰসাদ ৰাভা
মূল প্ৰবন্ধ: বিষ্ণুপ্ৰসাদ ৰাভা
বিষ্ণুপ্ৰসাদ ৰাভা (১৯০৯-১৯৬৯) অসমৰ এগৰাকী বিশিষ্ট শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা, সংগঠক আৰু মুক্তি যুঁজাৰু আছিল।১৮ ১৯
কনকলতা
মূল প্ৰবন্ধ: কনকলতা বৰুৱা
১৯২৮ চনত জন্মগ্ৰহণ কৰা কনকলতা বৰুৱা আছিল এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলন তথা বিয়াল্লিছৰ আন্দোলনত গহপুৰ থানাত জাতীয় পতাকা উৰুৱাবলৈ গৈ ১৯৪২ চনৰ ২০ ছেপ্তেম্বৰত ব্ৰিটিছৰ গুলিত শ্বহীদ হয়।২০ তেওঁ অসমৰ প্ৰথম মহিলা শ্বহীদ।
ডঃ ভবেন্দ্ৰনাথ শইকীয়া
মূল প্ৰবন্ধ: ভবেন্দ্ৰ নাথ শইকীয়া
ড॰ ভবেন্দ্ৰ নাথ শইকীয়া (১৯৩২–২০০৩) অসমৰ এগৰাকী ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ আৰু বোলছবি পৰিচালক আছিল। কবিতা, নাটক, গল্প, উপন্যাস, প্ৰবন্ধ, সমালোচনা, হাস্য-ব্যংগাত্মক সাহিত্য, আত্মজীৱনী, শিশুসাহিত্য আদিকে ধৰি সাহিত্য-সংস্কৃতিৰ প্ৰায় সকলো দিশতে ভবেন্দ্ৰ নাথ শইকীয়াই অৱদান আগবঢ়াই গৈছে।
তথ্যসূত্ৰ
- ↑ Chaolung Sukaphaa. Assam info.com
- ↑ He, Ping (2004). 德宏傣族的西迁与印度阿洪姆人的形成 [The Westward Immigration of Dai People from Dehong and the Coming-into-Being of the Ahoms in Northeastern India]. Social Sciences in Yunnan (in Simplified Chinese) (2): 76–81. doi:10.3969/j.issn.1000-8691.2004.02.019
- ↑ (25 September 2012). Sankardeva: saint-reformer of Assam. atributetosankaradeva.org
- ↑ শঙ্কৰদেৱ আৰু অংকীয়া নাট-ড° নগেন শইকীয়া: ভাওনা ঐতিহ্য আৰু বিস্তৃতি, সম্পা: কমল দত্ত, অসম ভাওনা সমাৰোহৰ স্মাৰক গ্ৰন্থ, ২০১৪
- ↑ শংকৰদেৱৰ দৰ্শন, ড° ফণীভূষণ দাস, গৰীয়সী, পৃ:নং; ১৩ আগষ্ট, ২০০৯
- ↑ Neog 1980, পৃ. 128
- ↑ Mahapurush Srimanta Madhabdeva | Srimanta Madhabdeva | Mahapurush Madhabdeva | Madhabdeva | Sri Sri Madhabdeva | History of Madhabdeva. Assaminfo.com
- ↑ (২০১২). চিলাৰায়ৰ বিষয়ে. assaminfo.com
- ↑ হৰিনাৰায়ণ দত্তবৰুৱা. (১৯৯০). চিলাৰায় (পঞ্চম প্ৰকাশ). জ্যোতীন্দ্ৰ নাৰায়ণ দত্ত বৰুৱা, দত্তবৰুৱা এণ্ড কোম্পানী. পৃ. ১ৰ পৰা ১৫লৈ
- ↑ (2022-03-03). Explained: Ahom warrior Lachit Borphukan and the battles of Alaboi & Saraighat. The Indian Express
- ↑ Lokapriya Gopinath Bordoloi. www.assaminfo.com
- ↑ কাব্যভাৰতী নলীনিবালা দেৱী
- ↑ (২০০৩). জ্যোতিপ্ৰসাদ জন্ম-শতবৰ্ষ অৰ্ঘ্য. গৰীয়সী
- ↑ Jyoti Prasad Agarwala, Indian Theatre Artist. Indianetzone.com
- ↑ অনলাইন শিৱসাগৰ
- ↑ বিপুলজ্যোতি শইকীয়াৰ ৱেবছাইট
- ↑ KUSHAL KONWAR OR SWAHID KUSHAL KONWAR OR MARTYR KUSHAL KONWAR. assaminfo.com
- ↑ Babul Tamuli. (February 2008). Bishnu Rabha – A Revolutionary Artiste. bipuljyoti.in
- ↑ গৰীয়সী, পঞ্চদশ বছৰ, তৃতীয় সংখ্যা,ডিচেম্বৰ, ২০০৭, বিষ্ণুৰাভা শ্ৰদ্ধাৰ্ঘ্য সংখ্যা
- ↑ Pathak, Guptajit. (2008). Assamese Women in Indian Independence Movement: With a Special Emphasis on Kanaklata Barua. Mittal Publications. পৃ. 52. ISBN 9788183242332
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমৰ কেইগৰাকীমান মহান ব্যক্তি” প্ৰবন্ধৰ সংশোধন ৬৩৭০৯৬ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।