অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পিয়লি ফুকন

পিয়লি ফুকন অসমৰ এজন স্বাধীনতা সংগ্ৰামী। জীউৰাম দুলীয়া বৰুৱাৰ লগতে তেওঁক অসম বা ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথম শ্বহীদ হিচাপে গণ্য কৰা হয়। পিয়লি ফুকন বদন বৰফুকনৰ মাজু পুতেক আছিল। সৰুতে তেওঁৰ হাতীৰ পৰা পৰি ভৰি এখন ভাঙিছিল, ঘুণীয়া হোৱাত মানুহে চাকোলা পিয়লি বুলিও নাম দিছিল।

হালনাগাদ: ২৫ মাৰ্চ ২০২৪ ২৬২ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

পিয়লি ফুকন অসমৰ এজন স্বাধীনতা সংগ্ৰামী। জীউৰাম দুলীয়া বৰুৱাৰ লগতে তেওঁক অসম বা ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ হিচাপে গণ্য কৰা হয়। পিয়লি ফুকন বদন বৰফুকনৰ মাজু পুতেক আছিল। সৰুতে তেওঁৰ হাতীৰ পৰা পৰি ভৰি এখন ভাঙিছিল, ঘুণীয়া হোৱাত মানুহে চাকোলা পিয়লি বুলিও নাম দিছিল।১ ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহৰ অভিযোগত তেওঁক ১৮৩০ চনত শিৱসাগৰত ফাঁচী দিয়া হৈছিল।

বিদ্ৰোহ

ইয়াণ্ডাবু সন্ধিৰ পাছত ইংৰাজে লাহে লাহে অসমত খোপনি পোতে। ইংৰাজ শাসনত এচাম লোক অসন্তুষ্ট হৈ উঠিল। গমধৰ কোঁৱৰৰ নেতৃত্বত কোম্পানীৰ শাসনৰ বিৰুদ্ধে গোপনে বিদ্ৰোহৰ আয়োজন চলিছিল। গদাধৰ কোঁৱৰ, ৰূপচন্দ্ৰ কোঁৱৰ, পিয়লি ফুকন, ধৰ্মধৰ ৰাজগুৰু, বেণুধৰ কোঁৱৰ, ধনঞ্জয় বৰগোহাঞি, হৰনাথ বৰগোহাঞি, জীউৰাম দুলীয়া বৰুৱা, মইনা খাৰঘৰীয়া ফুকন আদিয়ে গোমধৰক সক্ৰিয় সহযোগ কৰিছিল।২ বিদ্ৰোহীসকলে কোম্পানীৰ খাৰঘৰবোৰত অগ্নিসংযোগ কৰি কোম্পানীৰ সৈন্যক আক্ৰমণেৰে অসম দেশ ঘূৰাই লোৱাৰ পৰিকল্পনা কৰিছিল। ১৮২৮ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈকে এই ছমাহ কাল প্ৰস্তুতি চলিল। তেওঁলোকে এৰাতি শদিয়াত অৱস্থিত খাৰঘৰত জুই দিলে। কিন্তু খাৰঘৰৰ দায়িত্বত থকা লেফটেনেণ্ট ৰুথাৰফোৰ্ডে চিপাহীবোৰৰ সহযোগত গোমধৰকে ধৰি বেছিভাগ বিদ্ৰোহীকে আটক কৰিলে। গোমধৰ কোঁৱৰক ১৪ বছৰ নিৰ্বাসন দণ্ড দি আনকেইজনক সাত বছৰকৈ ফাটেক দিলে।১

ইয়াৰ পাছত পিয়লি ফুকন আৰু সহযোগীসকলে ১৮২৯ চনৰ পৰা ১৮৩০ চনৰ ফাগুনলৈকে গোপনে অস্ত্ৰ-শস্ত্ৰ গোটাই পুনৰ বিদ্ৰোহৰ আঁচনি কৰিলে।৩ ১৮৩০ চনৰ ২৫ মাৰ্চত তেওঁলোকে ৰংপুৰৰ খাৰঘৰ আৰু চিপাহীৰ কোঠত অগ্নিসংযোগ কৰিলে। কোম্পানীৰ সেনাৰ গুলীত বেণুধৰ কোঁৱৰ আৰু দঁহা কোঁৱৰৰ মৃত্যু হ’ল। পিয়লি ফুকনক ইংৰাজে ঘটনাস্থলীতে বন্দী কৰিলে। পাছত জীউৰাম দুলীয়া বৰুৱা, ৰূপচন্দ্ৰ কোঁৱৰ, দেউৰাম দিহিঙীয়া ফুকন, বম চিংফৌ আৰু হৰনাথ বৰগোহাঞিকো আটক হ'ল। তেওঁলোকৰ পঞ্চায়তী বিচাৰ বহিল। মণিৰাম দেৱানৰ পৰামৰ্শ অনুসৰি নিউভিল চাহাবে পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক ফাঁচীৰ হুকুম দিয়াৰ বিপৰীতে বাকীকেইজনক চৈধ্য বছৰকৈ কাৰাদণ্ড বিহিলে।২ সেইমতে শিৱসাগৰ বৰপুখুৰীৰ পাৰত পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক ৰাজহুৱাকৈ ফাঁচী দিয়া হ'ল।

আন মাধ্যমত

তথ্যসূত্ৰ

  1. ↑ চেতিয়া, গগন. (25 March 2019). মণিৰাম বনাম গমধৰ কোঁৱৰ-পিয়লি. জনমভূমি
  2. ↑ গগৈ, টুনুজ্যোতি. (জুলাই ২০১৯). স্বাধীন অসম: সপোন আৰু বাস্তৱ. বৌদ্ধিক বিচাৰ
  3. ↑ মহন্ত, প্ৰফুল্লপ্ৰাণ. স্বাধীনতা সংগ্ৰামত অসম. বিকাশপেডিয়া

সম্পৰ্কিত শ্ৰেণী

অসমৰ স্বাধীনতা সংগ্ৰামী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পিয়লি ফুকন” প্ৰবন্ধৰ সংশোধন ৪১৪০৬৫ (২৫ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।