অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দামোদৰ দেৱ

দামোদৰ দেৱ (১৪৮৮-১৫৯৮) ষোল্লশ শতিকাৰ এক শৰণ নামধৰ্মৰ এজন বিখ্যাত ধৰ্ম প্ৰচাৰক। দামোদৰদেৱৰ মিনতিক অগ্ৰাহ্য কৰি শংকৰদেৱে তেৰাৰ ব্ৰাহ্মণ শিষ্য ৰামৰাম গুৰুৰ হতুৱাই দামোদৰদেৱক শৰণ দিয়াইছিল৷ (লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰবন্ধ— ’দামোদৰদেৱৰ ধৰ্মমত’, বেজবৰুৱাৰ ৰচনাৱলী পৃষ্ঠা— ৬০২ দ্ৰষ্টব্য৷) ১৪৮৮ খ্ৰীষ্টাব্দত…

হালনাগাদ: ২ ছেপ্তেম্বৰ ২০২৬ ২০০ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

দামোদৰ দেৱ (১৪৮৮-১৫৯৮) ষোল্লশ শতিকাৰ এক শৰণ নামধৰ্মৰ এজন বিখ্যাত ধৰ্ম প্ৰচাৰক। দামোদৰদেৱৰ মিনতিক অগ্ৰাহ্য কৰি শংকৰদেৱে তেৰাৰ ব্ৰাহ্মণ শিষ্য ৰামৰাম গুৰুৰ হতুৱাই দামোদৰদেৱক শৰণ দিয়াইছিল৷ (লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰবন্ধ— ’দামোদৰদেৱৰ ধৰ্মমত’, বেজবৰুৱাৰ ৰচনাৱলী পৃষ্ঠা— ৬০২ দ্ৰষ্টব্য৷) ১৪৮৮ খ্ৰীষ্টাব্দত নগাঁও জিলাৰ নালচাত তেওঁৰ জন্ম হৈছিল। দামোদৰ দেৱ মহাপুৰুষ ভট্টদেৱৰ দৰে সাহিত্যিকক প্ৰেৰণা যোগাইছিল।১

প্ৰাৰম্ভিক জীৱন

দামোদৰ দেৱৰ পিতৃ-মাতৃ ক্ৰমে শতানন্দ আৰু সুশীলা কামৰূপৰ হাজোৰ নিৱাসী আছিল। কালক্ৰমত তেওঁলোকৰ পৰিয়াল বৰ্তমান নগাঁৱৰ নলচাত থিতাপি লয় আৰু তাতেই দামোদৰ দেৱৰ জন্ম হয়। বৰদোৱাত তেওঁৰ দেউতাকে শ্ৰীমন্ত শংকৰদেৱৰ লগত বন্ধুত্ব স্থাপন কৰে। নৱদ্বীপৰ কল্পাভ বল্লভ ভট্টাচাৰ্যৰ ওচৰত দামোদৰ দেৱে তেওঁৰ দুই ভায়েকৰ লগত শিক্ষা গ্ৰহণ কৰিছিল। তেওঁলোকে ব্যাকৰণ, শব্দৰ অৱৰূপ আৰু ব্যৱহাৰ, চাৰি বেদ, ১৪ শাস্ত্ৰ, গীতা, ভাগৱত পূৰাণ আৰু আন আন ধৰ্ম গ্ৰন্থসমূহ অধ্যয়ন কৰিছিল।২

শংকৰদেৱৰ লগত মিলন

মহাপুৰুষ দামোদৰ দেৱ আৰু শংকৰদেৱৰ মিলন হয় বৰপেটাৰ বাউসী পৰগনাত। হাজোৰ পৰা গৈ বৰপেটাৰ বাউসীত প্ৰথম সত্ৰ স্থাপন কৰি বৈদিক বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি থকা সময়তে বৰপেটাত থকা শংকৰদেৱৰ লগত দেৱদামোদৰৰ পুণৰ মিলন হয়। ইয়াৰ পূৰ্বে নগাঁওত থকাৰ সময়ত দুয়োজনাৰ মাজত ইষ্টতা আছিল। দেৱদামোদৰে বৈদিক বৈষ্ণৱ পন্থাৰ সাধক বুলি শংকৰদেৱে পূৰ্বেই অৱগত হৈছিল আৰু হাজোৰ পৰা বৰপেটা আহি ধৰ্ম প্ৰচাৰৰ সিদ্ধান্তত সন্তোষ প্ৰকাশ কৰিছিল। দামোদৰ দেৱেও পিতৃ বন্ধু শংকৰদেৱৰ সাক্ষাৎ পাই আনন্দিত হৈছিল আৰু এনেদৰেই তেওঁলোকৰ মাজত বন্ধুত্ব স্থাপন হ'ল।

তথ্যসূত্ৰ

  1. ↑ Chaitanya, Bhattacharyya, Narendra Nath. (1989). Medieval bhakti movements in India:Śrī Caitanya quincentenary commemoration volume. Munshiram Manoharlal. পৃ. 274
  2. ↑ Sarma, Anjali. (1990). Among the Luminaries in Assam: A Study of Assamese Biography. Mittal Publications. পৃ. 62

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিধৰ্ম প্ৰচাৰক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দামোদৰ দেৱ” প্ৰবন্ধৰ সংশোধন ৬৩৪০২৪ (২ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।