অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

চীন

চীন, চৰকাৰীভাৱে গনপ্ৰজাতন্ত্ৰী চীন পূব এছিয়াৰ এখন ৰাষ্ট্ৰ। ১৩০ কোটি জনসংখ্যাৰ অধিকাৰী চীন পৃথিৱীৰ সবাতোকৈ জনবহুল আৰু আয়তনৰ দিশৰপৰা এছিয়াৰ সৰ্ববৃহৎ ৰাষ্ট্ৰ। ইয়াৰ আয়তন প্ৰায় আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমান।

হালনাগাদ: ১৬ জুলাই ২০২৬ ৪২৩ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ
চীনৰ জাতীয় পতাকা
চীনৰ জাতীয় পতাকাছবি: Zeng Liansong · Public domain

চীন, চৰকাৰীভাৱে গনপ্ৰজাতন্ত্ৰী চীন পূব এছিয়াৰ এখন ৰাষ্ট্ৰ। ১৩০ কোটি জনসংখ্যাৰ অধিকাৰী চীন পৃথিৱীৰ সবাতোকৈ জনবহুল আৰু আয়তনৰ দিশৰপৰা এছিয়াৰ সৰ্ববৃহৎ ৰাষ্ট্ৰ। ইয়াৰ আয়তন প্ৰায় আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমান। পৃথিৱীৰ ৩য় বৃহত্তম ৰাষ্ট্ৰ চীনৰ উত্তৰে আছে মংগোলিয়া; উত্তৰ-পূবে ৰাছিয়া আৰু উত্তৰে কোৰিয়া; পূবে চীন সাগৰ; দক্ষিণে ভিয়েটনাম, লাউচ, ম্যানমাৰ, ভাৰত, ভূটান, নেপাল; দক্ষিণ পশ্চিম দিশে পাকিস্তান; পশ্চিমে আফগানিস্তান, তাজিকিস্তান, কিৰগিজস্তান আৰু কাজাখাস্তান। এই ১৪খন দেশৰ উপৰি চীনৰ পূবত পীত সাগৰৰ ওচৰত দক্ষিণ কোৰিয়া আৰু জাপান আছে; দক্ষিণ চীন সাগৰৰ বিপৰীত দিশত আছে ফিলিপাইন।

নাম

চীনাসকলে তেওঁলোকৰ দেশক চুংকুও নামেৰে মাতে, যাৰ অৰ্থ "মধ্যদেশ" বা "মধ্যৱৰ্তী ৰাজ্য।" "চীন" নামটো বিদেশীসকলে দিয়া; এইটো সম্ভৱত খ্ৰীষ্টপূৰ্ব ৩য় শতিকাৰ চীন ৰাজবংশৰ নামৰ বিকৃত ৰূপ। চীনৰ স্বীকৃত নামটো হ'ল 'পিপুলচ্‌ ৰিপাব্লিক অৱ চাইনা' (People's Republic of China)।

সাধাৰণ তথ্য

চীনত বিশ্বৰ জনসংখ্যাৰ এক-পঞ্চমাংশ লোকে বাস কৰে। সেইসকলৰ ৯০% ৰো অধিক হ’ল চৈনিক হান জাতিৰ লোক। হান জাতি বাদেও চীনত আৰু ৫৫টা সংখ্যালঘু জাতিয়ে বাস কৰে। তাৰ মাজত আছে তিব্বতি, মঙ্গোল, উইঘুৰ, ছুয়াং, মিয়াও আদি অনেক সৰু সৰু জাতি। হান জাতিৰ লোকসকলৰ মাজত অঞ্চলভেদে ভাষাগত পাৰ্থক্য দেখা যায়। যদিও শিক্ষাব্যৱস্থা্ত আৰু গণমাধ্যমত পুতোংহুয়া নামেৰ এটা সাধাৰণ ভাষা ব্যৱহাৰ কৰা হয়, আঞ্চলিক কথিত ভাষাসমূহৰ বেছিভাগেই পৰস্পৰৰ বোধগম্য নহয়। তেনেক্ষেত্ৰত চিত্ৰলিপিভিত্তিক লিখন পদ্ধতি ব্যৱহাৰ কৰি লিখা চীনা উপভাষাই একক ভাবে লেখা দেখা যায়; ফল ক্ৰমে সমূহ চীনত যোগাযোগ সহজ হৈছে।

চীন হৈছে পৃথিৱীৰ ২য় বৃহৎ অৰ্থনীতি (১মত আমেৰিকা যুক্তৰাষ্ট্ৰ)। চীন এখন 'চিংগ্ল্ পাৰ্টী ষ্টেট, অৰ্থাৎ চীনত মাত্ৰ এটা পাৰ্টীৰ ৰাজত্ব, সেই পাৰ্টীটো হ'ল- 'কমিউনিষ্ট পাৰ্টী অৱ চাইনা'।১

বুৰঞ্জী

প্ৰাৰম্ভিক ৰাজ্য সমোহ

খ্ৰীষ্টপূৰ্ব ১৭-১১ শতিকাত ৰাজত্ব কৰা 'চাং'সকল প্ৰথম চীনা ৰাজবংশ। তেওঁলোকৰ দিনতেই আধুনিক চীনা লিপিৰ প্ৰথম পোনপটীয়া পূৰ্বজ "অ'ৰেক্ল্ ব'ন্ লিপি" প্ৰচলিত হৈছিল। চাংসকলৰ পিছত আহিল 'ঝৌ'সকল। তেওঁলোকে খ্ৰীষ্টপূৰ্ব ১২-৫ম শতিকালৈ ৰাজ কৰে। তেওঁলোকৰ হাতৰপৰা শক্তি বিভিন্ন আঞ্চলিক ৰাজ্যলৈ গ'ল। তেওঁলোকে ৩০০বছৰীয়া "বসন্ত আৰু শৰৎ"ৰ যুগ যুদ্ধ কৰি পাৰ কৰিলে। "ৱাৰিং ষ্টেত্স" বা "যুদ্ধ কৰা ৰাজ্য সমোহ"ৰ যুগ(খ্ৰীষ্টপূৰ্ব ৫-৩ শতিকা) অহালৈকে চীনত ৭খন শক্তিশালী ৰাজ্য সৃষ্টি হ'ল।

ৰাজকীয় চীন

যুদ্ধ কৰা ৰাজ্য সমোহৰ যুগৰ পিছত শ্বিং ৰাজবংশ শক্তিলৈ আহে। শ্বিং শ্বি হুৱাঙে নিজক চীনৰ প্ৰথম সম্ৰাট ঘোষণা কৰে।

বাহ্যিক সংযোগ

দৰকাৰী ৱেবছাইট

চৰকাৰ

অধ্যয়ন

ভ্ৰমণ

মানচিত্ৰ

তথ্যসূত্ৰ

  1. ↑ "Constitution of the People's Republic of China". People's Daily. Retrieved 14 July 2009

সম্পৰ্কিত শ্ৰেণী

এছিয়াৰ দেশৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহপোখালি (দেশ)

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চীন” প্ৰবন্ধৰ সংশোধন ৬১৭৪৩৯ (১৬ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।