অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

মাৰ্গাৰেট চাণ্ট-পাপাণ্ড্ৰিউ

মাৰ্গাৰেট চাণ্ট-পাপাণ্ড্ৰিউ (Margaret Chant-Papandreou, জন্ম-৩০ ছেপ্টেম্বৰ, ১৯২৩) এগৰাকী গ্ৰীক-আমেৰিকান কৰ্মী, লেখিকা আৰু স্তম্ভলেখক যি গ্ৰীচৰ প্ৰধানমন্ত্ৰী আন্দ্ৰেয়াছ পাপাণ্ড্ৰিউৰ পত্নী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ উপৰিও তেওঁ গ্ৰীচৰ প্ৰধানমন্ত্ৰী (২০০৯–২০১১) জৰ্জ পাপাণ্ড্ৰিউৰ মাতৃ আছিল।

হালনাগাদ: ১৫ মাৰ্চ ২০২৫ ৯৯ শব্দ · ১ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ

মাৰ্গাৰেট চাণ্ট-পাপাণ্ড্ৰিউ (Margaret Chant-Papandreou, জন্ম-৩০ ছেপ্টেম্বৰ, ১৯২৩) এগৰাকী গ্ৰীক-আমেৰিকান কৰ্মী, লেখিকা আৰু স্তম্ভলেখক যি গ্ৰীচৰ প্ৰধানমন্ত্ৰী আন্দ্ৰেয়াছ পাপাণ্ড্ৰিউৰ পত্নী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ উপৰিও তেওঁ গ্ৰীচৰ প্ৰধানমন্ত্ৰী (২০০৯–২০১১) জৰ্জ পাপাণ্ড্ৰিউৰ মাতৃ আছিল।

ছাণ্ট-পাপাণ্ড্ৰিউ' নাৰীৰ অধিকাৰৰ সংগ্ৰামৰ এগৰাকী গুৰুত্বপূৰ্ণ অংশগ্ৰহণকাৰী, কিয়নো তেওঁ গ্ৰীক নাৰীৰ আইনী আৰু সামাজিক স্থিতি বহুখিনি উন্নত কৰা আইন সৃষ্টি, বিশদ আৰু প্ৰসাৰত অগ্ৰণী ভূমিকা পালন কৰিছিল৷ তাৰ ভিতৰত যৌতুক প্ৰতিষ্ঠান বিলুপ্ত কৰা (১৯৮২),১ গৰ্ভপাত বৈধকৰণ (১৯৮৬),২ সভ্য বিবাহ প্ৰতিষ্ঠা (১৯৮২),২ পাৰস্পৰিক সন্মতিৰে বিবাহ বিচ্ছেদক বৈধতা প্ৰদান কৰা, বিবাহৰ পিছত মহিলাসকলে নিজৰ উপাধি ৰখাৰ সম্ভাৱনা আৰু সন্তানৰ তত্ত্বাৱধানত স্বামীৰ সৈতে সমান অধিকাৰ লাভ কৰাৰ সম্ভাৱনা।১

১৯২৩ চনৰ ৩০ ছেপ্টেম্বৰত ইলিনয়ৰ অক পাৰ্কত পাঁচগৰাকী ভগ্নীৰ ভিতৰত জ্যেষ্ঠ হিচাপে তেওঁ জন্মগ্ৰহণ কৰিছিল। তেওঁ প্ৰথমে সাংবাদিকতা অধ্যয়ন কৰে আৰু তাৰ পিছত মিনেছ’টা বিশ্ববিদ্যালয়ত জনস্বাস্থ্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷ ১৯৪৮ চনত তেওঁৰ ভৱিষ্যত স্বামী আন্দ্ৰেয়াছ পাপাণ্ড্ৰিউক লগ পায়।পৰৱৰ্তী সময়ত পৰিয়ালটো ইলিনয়ৰ এলমহাৰ্ষ্টলৈ গুচি যায়। তেওঁৰ দেউতাক ইংলেণ্ডৰ আৰু মাকৰ ঘৰ ছুইজাৰলেণ্ডৰ। ১৯৫১ চনত আন্দ্ৰেয়াছ পাপাণ্ড্ৰিউৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয়। তেওঁলোক প্ৰথমতে মিনেছ’টাত আৰু পিছলৈ কেলিফৰ্ণিয়াত বাস কৰে, য’ত আন্দ্ৰেয়াছ পাপাণ্ড্ৰিউ বাৰ্কলে বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যক্ষ আছিল। ৮ বছৰ ধৰি তেওঁ গ্ৰীক, স্বতন্ত্ৰ নাৰীবাদী সংগঠন গ্ৰীক মহিলা সংঘৰ সভানেত্ৰী আছিল। তেওঁ কেইবাখনো গ্ৰন্থৰ লেখিকা আৰু এগৰাকী স্তম্ভলেখক।৩৪৫

তেওঁলোকৰ চাৰিটা সন্তান আছিল-জৰ্জি, ছফিয়া, নিকোছ আৰু এণ্ড্ৰিকোছ পাপাণ্ড্ৰিউ।৬

১৯৮৯ চনত মাৰ্গাৰেটে বিবাহ বিচ্ছেদৰ অনুমতি দিবলৈ সন্মত হয় যাতে আন্দ্ৰেয়াছ পাপাণ্ড্ৰিউৱে ডিমিত্ৰ লিয়ানীক বিয়া কৰাব পাৰে।৭৮

তথ্যসূত্ৰ

  1. ↑ Hendrix, Kathleen. (1989-08-03). After a Greek Tragedy: Her Life as a Political Wife Over, Margaret Papandreou Bounces Back to Lifelong Causes. Los Angeles Times
  2. ↑ Gage, Nicholas. (1982-03-21). THE PARADOXICAL PAPANDREOU. The New York Times
  3. ↑ Patakis, Stefanos. (2024-07-04). Papandreou, Margarita. Patakis Publishers
  4. ↑ Margaret Chant Papandreou: Greek prime minister's wife. UPI
  5. ↑ Hendrix, Kathleen. (1989-08-03). After a Greek Tragedy: Her Life as a Political Wife Over, Margaret Papandreou Bounces Back to Lifelong Causes. Los Angeles Times
  6. ↑ Thomas Jr., Landon. (2011-07-12). Family Differences, Global Issues. The New York Times
  7. ↑ Andrew Gumbel. (November 5, 1995). profile; Dimitra Papandreou; Naked lust for power. The Independent on Sunday
  8. ↑ Archives, L. A. Times. (1989-06-10). Athens Court Grants Papandreou a Divorce From Wife of 38 Years. Los Angeles Times

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাৰী অধিকাৰ কৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাৰ্গাৰেট চাণ্ট-পাপাণ্ড্ৰিউ” প্ৰবন্ধৰ সংশোধন ৪৯১৮৯৪ (১৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।