মাৰ্ক্সিষ্ট মঞ্চ (Marxist Platform) ভাৰতৰ অসম ৰাজ্যৰ এটা ৰাজনৈতিক দল। এই দলটোয়ে কমিউনিষ্ট পাৰ্টী অৱ ইণ্ডিয়া(মাৰ্ক্সিষ্ট)ৰ বিভাজিত স্থানীয় গোট হিচাপে আত্মপ্ৰকাশ কৰিছিল।১ এই দলটোৰ ৰাতাবাৰী বিধানসভা সমষ্টিত কিছূ জনভিত্তি আছে আৰু এই সমষ্টিত দলটোৱে অসম গণ পৰিষদৰ সৈতে নিৰ্বাচনী বুজাবুজি কৰিছিল। ২৩ দলটো মাজতে দুভাগত বিভক্ত হৈছিল যদিও ২০০৩ চনৰ ৰাতাবাৰী বিধানসভা সমষ্টিৰ উপনিৰ্বাচনৰ আগে আগে পুনৰ দুয়োটা গোট একত্ৰিত হয়। একত্ৰীকৰণৰ পিছত আব্দুল খালিক বংগাল দলৰ সভাপতি আৰু চিন্ময় চৌধুৰী দলৰ সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল। ১
২০০২ চনত মাৰ্ক্সিষ্ট মঞ্চই কনফেডাৰছন অৱ ইণ্ডিয়ান কমিউনিষ্ট এণ্ড ডেম'ক্ৰেটিক চ'ছিয়েলিষ্টছ(Confederation of Indian Communists and Democratic Socialists) গঠনত অংশ লৈছিল। ৪
তথ্যসূত্ৰ
- ↑ www.telegraphindia.com/1030130/asp/northeast/sto
- ↑ www.telegraphindia.com/1030203/asp/northeast/sto
- ↑ www.telegraphindia.com/1030206/asp/northeast/sto
- ↑ www.kanglaonline.com/index.php?template=headline link|date=October 2023 |bot=InternetArchiveBot |fix-attempted=yes }}
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাৰ্ক্সিষ্ট মঞ্চ” প্ৰবন্ধৰ সংশোধন ৩৮৫৭১৮ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।