ৰাষ্ট্ৰীয় গণতান্ত্ৰিক গোট (Rashtriya Democratic Alliance) ভাৰতৰ অসম ৰাজ্যৰ ৫টা ৰাজনৈতিক দলেৰে গঠিত এটা গোট আছিল। এই গোটে ২০০১ চনৰ অসম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। ৰাষ্ট্ৰীয় গণতান্ত্ৰিক গোটত অন্তৰ্ভুক্ত দল কেইটা হৈছে, নেছনেলিষ্ট কংগ্ৰেছ পাৰ্টী, অসম জাতীয় সন্মিলন, অসম গণ সংগ্ৰাম পৰিষদ, পূৰ্বাঞ্চলীয় লোক পৰিষদ আৰু জনতা দল (ধৰ্ম নিৰপেক্ষ)। উল্লেখনীয় যে, ৰাষ্ট্ৰীয় গণতান্ত্ৰিক গোট (Rashtriya Democratic Alliance) আৰু ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁট (National Democratic Alliance) দুটা পৃথক গোট।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাষ্ট্ৰীয় গণতান্ত্ৰিক গোট” প্ৰবন্ধৰ সংশোধন ৩০৪৭৫০ (২৪ অক্টোবৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।