লাইলা ছেইণ্ট মেথিউ-ডেনিয়েল (Laila St. Matthew-Daniel; জন্ম: -১৪ ফেব্ৰুৱাৰী, ১৯৫৩) এগৰাকী কাৰ্যবাহী প্ৰশিক্ষক, নেতৃত্ব প্ৰশিক্ষক, বক্তা, লেখিকা, মহিলা অধিকাৰ কৰ্মী আৰু লেখিকা।১২৩ নাইজেৰিয়াত ঘৰুৱা হিংসা আৰু শিশু নিৰ্যাতনৰ বিৰুদ্ধে যুঁজ দিয়া এটা বেচৰকাৰী সংস্থা ACTS Generation GBV,৪ৰ তেওঁ প্ৰতিষ্ঠাপক আৰু সভানেত্ৰী। মহিলা আৰু কন্যা-শিশুৰ অধিকাৰৰ বাবে তেওঁ বিভিন্ন প্ৰতিবাদৰ আয়োজন কৰিছে৷ ইয়াৰে কিছুমান হৈছে ২০১৪ চনৰ ফেব্ৰুৱাৰী মাহৰ বুনি যাদি হত্যাকাণ্ড আৰু বকো হাৰাম সম্প্ৰদায়ৰ দ্বাৰা চিবক স্কুলীয়া ছাত্ৰীক অপহৰণ কৰাৰ বিৰুদ্ধে প্ৰথম প্ৰতিবাদৰ আয়োজন কৰা দীক্ষক গোটৰ অংশ।৫৬ তেওঁ বিভিন্ন সংবেদনশীল আলোচনা চক্ৰ আৰু আত্মনিয়ন্ত্ৰণ, আত্মসচেতনতা, আৰু আত্মবাস্তৱীকৰণৰ বিষয়সমূহৰ ওপৰত মহিলা সবলীকৰণৰ কৰ্মশালাৰ আয়োজন কৰিছে।
তথ্যসূত্ৰ
- ↑ (April 16, 2014). Cognitive Distortions and Stress – Laila St. Matthew-Daniel. Inside Watch Africa
- ↑ Ibekwe, Nicholas. (March 6, 2014). Nigerian women protest Boko Haram killings. Premium Times
- ↑ Laila St. Matthew-Daniel. (March 9, 2015). Matthew-Daniel: Punishers, enslavers and slave mentality. The Guardian News
- ↑ Ogbuokiri, Paul; Ihedigbo, Stanley. (April 10, 2014). St Matthew Daniel: Queens College Told Us Osifala Has Been Accused Of Sex Abuse 5 Times. New Telegraph
- ↑ Ajumobi, Funmi. (May 11, 2014). How 'Bring Back Our Girls' campaign went viral— Matthew Daniel. Vanguard News
- ↑ Ajumobi, Funmi. (April 20, 2016). Chibok Girls' mystery two years after: I smell a global conspiracy of silence — Laila St Matthew Daniels. Vanguard News
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লেইলা ছেইণ্ট মেথিউ ডেনিয়েল” প্ৰবন্ধৰ সংশোধন ৪৯৭৩৪৯ (২৬ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।