অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

সতনাম মাহমুদ

সতনাম মাহমুদ (Satnam Mahmood; ১৬ অক্টোবৰ ১৯২১ – অক্টোবৰ ১৯৯৫), যাক সতনাম মাহমুদ কৌৰ আৰু নমা বুলিও কোৱা হয়, এগৰাকী পাকিস্তানী ৰেডিঅ' সম্প্ৰচাৰক, ৰাজহুৱা প্ৰশাসক, মহিলা অধিকাৰ কৰ্মী আৰু শিক্ষাবিদ আছিল।

হালনাগাদ: ১০ মাৰ্চ ২০২৫ ১৪৫ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

সতনাম মাহমুদ (Satnam Mahmood; ১৬ অক্টোবৰ ১৯২১ – অক্টোবৰ ১৯৯৫), যাক সতনাম মাহমুদ কৌৰ আৰু নমা বুলিও কোৱা হয়, এগৰাকী পাকিস্তানী ৰেডিঅ' সম্প্ৰচাৰক, ৰাজহুৱা প্ৰশাসক, মহিলা অধিকাৰ কৰ্মী আৰু শিক্ষাবিদ আছিল।১২

জীৱনী

১৯২১ চনত লাহোৰ চহৰত ঔপন্যাসিক আৰু সাংবাদিক চৰণ সিং আৰু ছাকিনা সিঙৰ ঘৰত সতনাম কৌৰৰ জন্ম হয়।১ তেওঁৰ বিবাহ হৈছিল প্ৰগতিশীল স্বাধীনতা কৰ্মী মাহমুদ আলী খানৰ সৈতে। তেওঁৰ স্বামী আছিল সাহিত্যিক তাৰিক আলীৰ খুড়াক। পাকিস্তান স্বাধীন দেশ হিচাপে প্ৰতিষ্ঠা হোৱাৰ পিছত মাহমুদ নৱগঠিত পাকিস্তানী অসামৰিক সেৱাত যোগদান কৰা প্ৰথম মহিলাসকলৰ ভিতৰত অন্যতম। অসামৰিকসেৱাই তেওঁক প্ৰশিক্ষণৰ অংশ হিচাপে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়লৈ প্ৰেৰণ কৰে, য'ত তেওঁ পি.এইচ.ডি লাভ কৰে৷। ১৯৬১ চনত মাহমুদ আলী খানৰ মৃত্যু হয়।১ মাহমুদৰ কন্যা শ্বেহলা জিয়া আৰু তেওঁৰ অন্যতম নাতিনী মালিহা জিয়া লাৰীও বিশিষ্ট মহিলা অধিকাৰ কৰ্মী।১৩৪

১৯৪১ চনত মাহমুদে ৰেডিঅ’ সম্প্ৰচাৰক হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে৷ তেওঁ লাহোৰৰ অল-ইণ্ডিয়া ৰেডিঅ’ৰ ষ্টুডিঅ’ত কাম কৰে। পাঞ্জাবী ভাষাত সম্প্ৰচাৰৰ বাবে তেওঁ পৰিচিত হৈছিল। সম্প্ৰচাৰক হিচাপে তেওঁক "নামা" ডাকনামেৰে উল্লেখ কৰা হৈছিল। তেওঁ চৰকাৰৰ বাবেও কাম কৰিছিল, মহিলা শিক্ষাৰ সৈতে জড়িত ক্ষেত্ৰত। ৰাজহুৱা প্ৰশাসনৰ ওপৰত একাধিক গ্ৰন্থ লিখিছিল। তেখেতে প্ৰশাসনিক কৰ্মচাৰী কলেজত অধ্যাপনা কৰিছিল, আৰু আন ঠাইতো বক্তৃতা দিছিল। স্বামীৰ মৃত্যুৰ পিছত মাহমুদে সম্প্ৰচাৰৰ পৰা আঁতৰি আহিছিল, আৰু মহিলা অধিকাৰ সক্ৰিয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। "মহিলা কাৰ্য্য মঞ্চ" নামৰ এটা সংস্থা গঠনত তেওঁৰ ভূমিকা উল্লেখনীয় আছিল। ১৯৯৫ চনৰ অক্টোবৰ মাহত ইছলামবাদত হৃদযন্ত্ৰৰ বিকল হৈ তেওঁৰ মৃত্যু হয়।১

তথ্যসূত্ৰ

  1. ↑ Sheikh, Majid. (18 September 2016). Remembering Pakistan's finest radio women, Mohini Hameed and Satnam Mahmood. Dawn
  2. ↑ Davidson, Mela. (1997). Pakistan. Stacey International. ISBN 9781900988018
  3. ↑ Ali, Rabia. (29 November 2014). Legal battle: The woman behind Sindh's domestic violence bill. The Express Tribune
  4. ↑ (11 March 2005). HR activist Shahla Zia passes away. Dawn

সম্পৰ্কিত শ্ৰেণী

পাকিস্তানৰ মহিলা অধিকাৰ কৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সতনাম মাহমুদ” প্ৰবন্ধৰ সংশোধন ৪৯০১৭৬ (১০ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।