অসমীয়া উপন্যাস অসমীয়া সাহিত্যৰ এক আধুনিক সৃষ্টি। পাশ্চাত্য সাহিত্যৰ প্ৰভাৱ আৰু প্ৰত্যক্ষ অনুকৰণত জন্ম হ’লেও১ অতি সোনকালে ই অসমীয়া সাহিত্যৰ এক অবিচ্ছেদ্য অংগ হৈ পৰে। এটা বিশ্বাসযোগ্য কাহিনী,পৰিচিত নৰনাৰী,সমাজৰ বাস্তৱ সমস্যা আৰু মানুহৰ হৃদয়বেদনা আৰু আশা-আকাংখ্যাই যেতিয়া সুগঠিত,সুসংহত ৰূপত প্ৰকাশ লাভ কৰে তাক উপন্যাস বোলা হয়।২ অৱশ্যে আজি আধুনিক অসমীয়া উপন্যাসে এই সংজ্ঞা অতিক্ৰম কৰিছে। আহোমৰ ছশ বছৰীয়া শাসনৰ পৰা আৰম্ভ কৰি অসম আন্দোলনৰ দৰে বিভিন্ন ঘটনা-পৰিঘটনাই সৃষ্টি কৰা পৰিবেশ-পৰিস্থিতিয়ে উপন্যাস সৃষ্টিৰ কাৰক হিচাপে কাম কৰি আহিছে আৰু আজি অসমীয়া উপন্যাসে ভাৰতৰ আন আন ভাষাসমূহৰ মাজতো জিলিকি উঠিব পাৰিছে।
অসমীয়া উপন্যাসৰ জন্ম
ঊনবিংশ শতাব্দীৰ দ্বিতীয়াৰ্দ্ধত অসমীয়া সাহিত্যলৈ অসমীয়া উপন্যাসৰ আগমন ঘটে। কিন্তু প্ৰকৃত উপন্যাসৰ গঠন আৰু বিকাশৰ বাবে যি পটভূমি আৰু পৰিবেশৰ প্ৰয়োজন সেয়া অসমত বিংশ শতাব্দীতহে সৃষ্টি হয়। সেয়েহে অসমীয়া সাহিত্যত উপন্যাসৰ অকাল বোধন হয় বুলি কোৱা হয়।৩ অসমীয়া উপন্যাস প্ৰকৃততে ইংৰাজী শিক্ষা আৰু সাহিত্যৰ ফল। ইংৰাজৰ দেশ শাসন কালত বঙালী ভাষাৰ অবাধ প্ৰচলনে অসমীয়া ভাষাৰ গতি ৰূদ্ধকৰিবলৈ লোৱাৰ সময়তে কিছুমান চৰকাৰী আৰু বেচৰকাৰী অনুষ্ঠানে অসমীয়া ভাষা-সাহিত্যৰ চৰ্চা কৰিবলৈ লয়। খ্ৰীষ্টধৰ্মৰ প্ৰচাৰেই ইয়াৰ প্ৰধান লক্ষ্য আছিল যদিও ই মানুহৰ মনত কথা-সাহিত্যৰ প্ৰতি স্পৃহা জগাই তোলে। মিছনেৰি সকলে মুদ্ৰণযন্ত্ৰৰ প্ৰতিষ্ঠা, সংবাদপত্ৰৰ প্ৰকাশ(অৰুণোদই দ্ৰষ্টব্য),ব্যাকৰণ আৰু অভিধান প্ৰণয়ন আৰু বিভিন্ন গদ্য পুথি প্ৰকাশৰ যোগেদি দৈনন্দিন জীৱনত ব্যৱহৃত ভাষাক সাহিত্যিক মৰ্যাদা প্ৰদান কৰি উপন্যাস ৰচনাৰ পথ সুগম কৰি তোলে। আনহাতে ১৮৬৪ চনত বংগত বংকিম চন্দ্ৰ চট্টোপধ্যায়ৰ উপন্যাস ‘দুৰ্গেশনন্দিনী’ প্ৰকাশ হয়। এই ঘটনাই সেই সময়ৰ অসমীয়া শিক্ষিত যুৱসমাজক উপন্যাস ৰচনাৰ ক্ষেত্ৰত উদ্বুদ্ধ কৰে।
অসমীয়া উপন্যাসৰ বিকাশ
অসমীয়া ভাষাত ৰচিত উপন্যাসৰ ৰচনাকালৰ ওপৰত ভিত্তি কৰি ইয়াক ‘প্ৰাকযুদ্ধ’ আৰু ‘যুদ্ধোত্তৰ’ এই দুই ভাগত ভগোৱা হৈছে। প্ৰাকযুদ্ধ অৰ্থাত জন্মৰপৰা দ্বিতীয় মহাসমৰলৈ আৰু যুদ্ধোত্তৰ অৰ্থাত দ্বিতীয় মহাসমৰৰ পৰা বৰ্তমানলৈ। সময়ৰ হিচাপত প্ৰাকযুদ্ধ যুগটি বেছি দীঘল হ’লেও যুদ্ধোত্তৰ যুগতহে অধিক উপন্যাস ৰচিত হয়। অসমীয়া উপন্যাসৰ গতি প্ৰকৃতি বিচাৰ কৰিবলৈ ললেই আৰম্ভণিতেই ‘অৰুনোদই’ কাকতত প্ৰকাশিত এক শ্ৰেণীৰ সাহিত্যৰ বিষয়ে উল্লেখ কৰিবই লাগিব৷
প্ৰাকযুদ্ধ যুগ
অসমীয়া ভাষাত উপন্যাসৰ লেখীয়া প্ৰথম গ্ৰন্থ ওলায় ’জাত্ৰিকৰ জাত্ৰা’। জন বুনিয়নৰ ‘‘পিলগ্ৰিম্ছ প্ৰগ্ৰেছ’’ৰ ড0 নাথান ব্ৰাউন আৰু এ.এইচ ডেনফোৰ্ডৰ এই অনুবাদ অৰুণোদইত প্ৰকাশ পায়। ইয়াৰ পিছত মিছনেৰী এ.কে.গাৰ্ণীৰ তত্ত্বাৱধানত কামিনীকান্ত,এলোকেশী বেশ্যাৰ বিষয়(১৮৭৭ চন) কণি বেহেৰুৱাৰ বিষয়’ [১৮৭৮], ৰুথৰ কাহিনী [১৮৮০] শ্ৰীমতী গাৰ্ণিয়ে অনুবাদ কৰা ‘ফুলমণি আৰু কৰুণা’ কাহিনীমূলক গ্ৰন্থ ৰচিত আৰু প্ৰকাশিত হয়। ইয়াৰ আগতে হেমচন্দ্ৰ বৰুৱাই ১৮৭৬ চনত ‘‘বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী’’ নামৰ এক উপন্যাসধৰ্মী ৰচনা প্ৰকাশ কৰে। ১৮৮৪ চনত পদ্মাৱতী দেৱী ফুকননীয়ে ৰচনা কৰা সুধৰ্মাৰ উপাখ্যানকো প্ৰকৃত উপন্যাস আখ্যা দিব নোৱাৰি। কিন্তু ইয়াৰ পিছতেই অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম(১৮৮৮),জোনাকী (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)(১৮৮৯) বিজুলী(১৮৯০) আদিৰ প্ৰচলনে অসমীয়া ভাষাত জোনাকী যুগৰ সূচনা কৰে।
১৮৯১ চনত বিজুলীৰ পাতত পদ্মনাথ গোহাঞি বৰুৱাৰ উপন্যাস ভানুমতী আৰু ১৮৯২ চনত লাহৰী প্ৰকাশিত হয়। উপন্যাসৰ আঙ্গিকৰ পৰা চাবলৈ গ’লে ভানুমতীয়েই প্ৰথম অসমীয়া উপন্যাস।৪ আহোম বুৰঞ্জীৰ পটভূমিত ৰচিত হ’লেও প্ৰকৃততে ইয়াক সামাজিক উপন্যাস আখ্যা দিব পাৰি।৫ অৱশ্যে ইয়াৰ পিছৰ হৰেশ্বৰ শৰ্মাৰ কুসুম কুমাৰী(১৮৯৯) আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ পদুম কুৱৰী(১৯০৫) প্ৰকৃতাৰ্থত উপন্যাস বুলিব নোৱাৰি। ১৮৯৪ চনত ৰজনীকান্ত বৰদলৈৰ দ্বাৰা ৰচিত ‘মিৰি জীয়ৰী’য়ে প্ৰকৃত অসমীয়া উপন্যাসৰ ভেটি প্ৰতিষ্ঠা কৰে। ইয়াৰ পিছত ৰজনীকান্ত বৰদলৈয়ে মনোমতী[১৯০০], ৰঙ্গিলী [১৯২৫], নিৰ্মল ভকত [১৯২৬], ৰহদৈ লিগিৰী [১৯৩০], তাম্ৰেশ্বৰীৰ মন্দিৰ [১৯২৬],দন্দুৱাদ্ৰোহ [১৯২৯], ৰাধা ৰুক্মিণীৰ ৰণ [১৯২৫] উপন্যাস ৰচনা কৰে। ইয়াৰ পিছত দণ্ডিনাথ কলিতাৰ ফুল(১৯০৮),সাধনা [১৯২৯], আৱিষ্কাৰ [১৯৫১] আৰু দৈৱচন্দ্ৰ তালুকদাৰৰ ধুৱঁলী-কুৱঁলী(১৯১২),আগ্নেয়গিৰি(১৯২৪),অপূৰ্ণ(১৯৩০), বিদ্ৰোহী, আদৰ্শপীঠ, দুনীয়া [১৯৬২] উল্লেখযোগ্য উপন্যাস। উপন্যাসসমূহৰ মাজেৰে আদৰ্শবাদী ভাৱধাৰা আৰু সমাজ সংস্কাৰৰ মনোভাৱ প্ৰকাশ পাইছে৷ ইয়াৰ পিছত ভালেকেইজন উপন্যাসিকে এই সময়ছোৱাত উপন্যাস ৰচনা কৰি অসমীয়া উপন্যাস সাহিত্যৰ ভঁৰাল চহকী কৰিছিল৷ সেইসকল উপন্যাসিকৰ ভিতৰত– শৰৎচন্দ্ৰ গোস্বামীৰ ‘পানিপথ’ [১৯৩০], হৰিনাৰায়ণ দত্তবৰুৱা ‘চিত্ৰদৰ্শন’ [১৯৩১], হৰেশ্বৰ শমাৰ্ৰ ‘কুসুম কুমাৰী’ [১৯০৫], দণ্ডিধৰ সোনোৱালৰ ‘চপলা’ [১৯২০], চিন্তাহৰণ পাটগিৰিৰ ‘সংসাৰ চিত্ৰ’ [১৯১১], নবীন ভট্টাচাৰ্যৰ চন্দ্ৰপ্ৰভা [১৯০৮], স্নেহলতা ভট্টাচাৰ্যৰ ‘বেমেজালি আৰু বীণা [১৯২৬], দীননাথ শমাৰ্ৰ ‘ঊষা’ [১৯৪০]৷ উপন্যাসসমূহত সময়সাময়িক সমাজৰ প্ৰতিচ্চবি প্ৰতিফলিত হৈছে৷ এই সময়ছোৱাতে ইংৰাজী সাহিত্যৰ কেইবাখনো উপন্যাস অসমীয়ালৈ অনুবাদ কৰিছিল– লিটনৰ Last day of Pompeii আৰু গ্ৰেজিয়া ডালেডাৰ ‘মাদাৰ’ এই উপন্যাস দুখন ‘পম্পিয়াইৰ প্ৰলয় কাহিনী’ আৰু ‘মাতৃ’ নামত লক্ষেশ্বৰ শৰ্মাই প্ৰকাশ কৰে৷ শ্ৰীমতী হেনৰী উডৰ ‘ইষ্ট-লিনি আৰু চাৰ্লচ ৰিডৰ ‘ক্লইষ্টাৰ এণ্ড ডি হাৰ্থ’ উপন্যাস দুখনক শান্তিৰাম দাসে ‘ছদ্মৱেশী আৰু ‘মিলন মন্দিৰ’ নামেৰে অনুবাদ কৰে৷ জন বোয়েৰৰ ‘গ্ৰেট হাংগাৰ নামৰ উপন্যাসখন ৰোহিনীকান্ত বৰুৱাই ‘পৰম সুধা’ নামত প্ৰকাশ কৰে৷ দয়ানন্দ বৰুৱা, হৰেন্দ্ৰনাথ কলিতা, নলিনীকান্ত বৰুৱাই মেক্সিমগোৰ্কিৰ ‘মাদাৰ’ ডিকেন্সৰ ‘টেল অৱ টু চিটিজ’ আনাটোলা ফ্ৰাঁচৰ থেইজ আৰু অল কোৱায়েট ইন ডি ওৱেষ্টাৰ্ণ ফ্ৰন্ট আদি অনুবাদ কৰি ‘আবাহন’ কাকতৰ বিভিন্ন সংখ্যাত প্ৰকাশ কৰিছিল৷ মুঠতে অসমীয়া উপন্যাসৰ প্ৰথমৰ সময়খিনিত ঐতিহাসিক উপন্যাস তাৰ পিছত সামাজিক উপন্যাস আৰু দুই এখন অনুবাদমূলক উপন্যাসে অসমীয়া উপন্যাসৰ অগ্ৰগতিত বিশেষ ভূমিকা লৈছিল৷
যুদ্ধোত্তৰ যুগ
দ্বিতীয় মহাসমৰৰ সময়ছোৱাত ৰচিত অসমীয়া উপন্যাসৰ সংখ্যা তেনেই তাকৰ যদিও ১৯৪৪ চনত বীণা বৰুৱা(বিৰিঞ্চি কুমাৰ বৰুৱা) ৰচিত ‘জীৱনৰ বাটত’ এক উল্লেখযোগ্য উপন্যাস। একে লেখকৰে ৰাস্না বৰুৱা ছদ্মনামত ৰচিত ‘সেউজী পাতৰ কাহিনী’(১৯৫৮) আন এক উল্লেখ্যোগ্য উপন্যাস। যুদ্ধৰ পিছৰেপৰা অসমীয়া উপন্যাসে নৱজাগৰণৰ পোহৰ দেখে। মহম্মদ পিয়াৰৰ ‘প্ৰীতি-উপহাৰ’, ‘সংগ্ৰাম’, প্ৰফুল্লদত্ত গোস্বামীৰ ‘কেঁচা পাতৰ কঁপনি’, ৰাধিকামোহন গোস্বামীৰ ‘চাকনৈয়া’, প্ৰেমধৰ ৰাজখোৱাৰ ‘ভুলৰ সমাধি’, যোগেশ দাসৰ ‘ডাৱৰ আৰু নাই’, হিতেশ ডেকাৰ আজিৰ মানুহ, ভাড়াঘৰ,বৈৰী মানুহ,কাঞ্চন বৰুৱাৰ অসীমত যাৰ হেৰাল সীমা আদি উপন্য্যসৰ এই নতুন ঢৌ দেখিবলৈ পোৱা যায়। তদুপৰি ৰথৰ চকৰি ঘূৰে, ছবিঘৰ, সূৰুযমুখীৰ স্বপ্ন, অঘৰী আত্মাৰ কাহিনী আদি অসমীয়া ভাষাত সৰ্বাধিক উপন্যাস ৰচোঁতা চৈয়দ আব্দুল মালিকৰ উল্লেখনীয় উপন্যাস। ১৯৬৯ চনত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই বিয়াল্লিছৰ আন্দোলনক কেন্দ্ৰ কৰি লিখা ‘মৃতুঞ্জয়’ উপন্যাসে পোন-প্ৰথমবাৰৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰে। ইয়াৰ উপৰিও ভট্টাচাৰ্যই প্ৰতিপদ, শতঘ্নী, ৰাজপথে ৰিঙিয়াই, কবৰ আৰু ফুল আদি কুৰিৰো অধিক উপন্যাস ৰচনা কৰে।
ইয়াৰ পিছত অসমীয়া উপন্যাসে সামাজিক জীৱন এৰি ব্যক্তিগত জীৱনৰ পৰিধিত প্ৰৱেশ কৰে। ইয়াৰ ভিতৰত যৌন-জীৱন আৰু মনস্তাত্ত্বিক অভিব্যক্তি চিত্ৰ ফুটি উঠা কুমাৰ কিশোৰৰ শতাব্দীৰ স্বপ্ন, শেষ সীমান্তৰ সূৰ্য, প্ৰবাল প্ৰাচীৰ,নতুন পুৰণিৰ সন্ধিক্ষণৰ কথা বৰ্ণিত ৰেৱতী মোহন দত্তচৌধুৰীৰ মধুপুৰ,আগমনিৰ ঘাট,সহানুভূতি আৰু আদৰ্শধৰ্মিতাৰ ছাঁ পৰা লক্ষ্মীনন্দন বৰাৰ গঙা চিলনীৰ পাখি, মেঘালী দূপৰ,বলুকাত বিজুলী আদি,আধুনিকতা আৰু প্ৰাচীনতাৰ দ্বন্দ্ব্ব আৰু যৌন-জীৱনে প্ৰকাশৰ মুখ দেখা হোমেন বৰগোহাঞিৰ সুবালা, তান্ত্ৰিক, হালধীয়া চৰায়ে বাওধান খায়, পিতাপুত্ৰ আদি,মনস্তাত্ত্বিক বিশ্লেষণ সমৃদ্ধ নিৰোদ চৌধুৰীৰ স্তব্ধ বৃন্দাবন,জুই আদি,সমাজৰ বিভিন্ন শ্ৰেণীৰ সাহসিকতা আৰু সহানুভূতিৰে উদ্বাস্তু মহেন্দ্ৰ বৰঠাকুৰৰ বেগমপাৰা,বেলিফুল আদি উল্লেখযোগ্য। ঠিক সেইদৰে লুম্মেৰ দাইৰ পাহাৰৰ শিলে শিলে,পৃথিৱীৰ হাঁহি,ৰংবং টেৰাঙৰ ৰংমিলিৰ হাঁহি, জয়ন্ত ৰংপিৰ পুৱাতে এজাক ধনেশ আদি উপন্যাসত জনজাতীয় জীৱনে সুস্পষ্ট ৰূপ লৈছে। আশীৰ দশকৰ শেষৰফালৰ উপন্যাসমূহৰ ভিতৰত যোগেশ দাসৰ এনাজৰী(১৯৮৭),আব্দুল মালিকৰ স্বপ্নভংগ(১৯৮৬),লক্ষ্মীনন্দন বৰাৰ পাতাল ভৈৰৱী (১৯৮৬),জিতেন শৰ্মাৰ উদ্দাম উন্মীলন (১৯৮৭),ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীৰ অনুৰাধাৰ দেশ (১৯৮৯) আদি উল্লেখনীয়। নব্বৈৰ দশকতো পৰাগ কুমাৰ দাসৰ ছাংলট ফেন্লা,অৰুণ শৰ্মাৰ আশীৰ্বাদৰ ৰং আদি বহুকেইখন উপন্যাস প্ৰকাশ পায়। একবিংশ শতিকাৰ আৰম্ভণিৰ পৰা বৰ্তমানলৈ য়েছে দৰজে ঠংচিৰ মৌন ওঁঠ মুখৰ হৃদয়(২০০১),শৱ কটা মানুহ(২০০৪), ধ্ৰুৱজ্যোতি বৰাৰ কথা ৰত্নাকৰ(২০০৪) আদিকে ধৰি উপন্যাসৰ সংখ্যা দিনেপতি বাঢ়ি আছে।
যুদ্ধোত্তৰ যুগৰ এক উল্লেখ্যোগ্য মহিলা ঔপন্যাসিক]]
যুদ্ধোত্তৰ যুগৰ মহিলা ঔপন্যাসিক সকলৰ ভিতৰত হিৰণ্যময়ী দেৱী (জীৱন সংগ্ৰাম) আৰু শুচিব্ৰতা ৰায়্চৌধুৰী (বা-মাৰলী) প্ৰথম। নাৰী চৰিত্ৰই প্ৰাধান্য লাভ কৰা নিৰুপমা বৰগোহাঞিৰ উপন্যাসসমূহৰ ভিতৰত সেই নদী নীৰৱধি, ইপাৰৰ ঘৰ সিপাৰৰ ঘৰ, এজন বুঢ়া মানুহ,দিনৰ পাছত দিন, চিনাকি অচিনাকি আদি অন্যতম। সপ্তম দশকৰ আগভাগত উপন্যাস লিখিবলৈ আৰম্ভ কৰা মামণি ৰয়ছম গোস্বামীয়ে চেনাবৰ সোঁত, নীলকণ্ঠী ব্ৰজ, মামৰে ধৰা তৰোৱাল, দঁতালহাতীৰ উয়ে খোৱা হাওদা আদি উপন্যাসেৰে অসমীয়া উপন্যাসক এক নতুন পৰিভাষা প্ৰদান কৰে যাৰ বাবে তেওঁ জ্ঞানপীঠ বঁটা লাভ কৰে। আন আন মহিলা ঔপন্যাসিক ভিতৰত ৰুণু বৰুৱাৰ নিজান ঘাট, প্ৰবীণা শইকীয়াৰ উত্তৰায়ণ, ফুল বৰাৰ চন্দন সুবাস, দীপালী ভট্টাচাৰ্যৰ মাতৃ, পূৰবী বৰমুদৈৰ শান্তনুকূলনন্দন, ৰূপোৱালি নৈ সোণোৱালী ঘাট, অৰূপা পটংগীয়া কলিতাৰ ফেলানী আদি উল্লেখনীয়। সময়ৰ পৰিপক্বতাৰ লগে লগে অসমীয়া মহিলা উপন্যাসিকৰ সংখ্যা ক্ৰমে বৃদ্ধি পায়। অনুৰাধা শৰ্মা পূজাৰীৰ হৃদয় এক বিজ্ঞাপন, নাহৰৰ নিৰিবিলি ছা, চাহেবপুৰাৰ বৰষুণ, ব’ৰাগী নদীৰ ঘাট, মণিকুন্তলা ভট্টাচাৰ্যৰ দস্তখত, সন্ধ্যা, অৰুন্ধতী, ৰীতা চৌধুৰীৰ এই সময় সেই সময়, দেও লাংখুই, মাকাম, ৰাজীৱ ঈশ্বৰ, ৰাগ মালকোশ আদি উপন্যাসে অসমীয়া সাহিত্যক অন্য এক মাত্ৰা প্ৰদান কৰে। সাম্প্ৰতিক কালৰ আন আন মহিলা ঔপন্যাসিক সকলৰ ভিতৰত গীতালি বৰা (বুদ্ধজায়া, অন্তৰতম) চন্দনা গোস্বামী (পাটকাইৰ ইপাৰে মোৰ দেশ),মনালিছা শইকীয়া (আন্দোলিত আকাশ), আৰাধনা পটংগীয়া গোস্বামী (দুৰ্গী), নন্দিতা দেৱী, তুলিকা শইকীয়া (চাৰিশাল গোঁসানীৰ তেজ), লীনা শৰ্মা (সাগৰিকা) আদিৰ নাম উল্লেখযোগ্য।
প্ৰাকযুদ্ধ যুগত শিশু উপন্যাস ৰচনাৰ নিদৰ্শন পোৱা নাযায় যদিও যুদ্ধোত্তৰ যুগত জ্ঞানদাভিৰাম বৰুৱাৰ দদাইৰ পজাঁ, অতুল চন্দ্ৰ হাজৰিকাৰ ৰাণী হিমানী, নীলা চৰাই, নিৰুপমা বৰগোহাঞিৰ অকণমাণি কোঁৱৰ আদি অন্যতম। কুমুদেশ্বৰ বৰঠাকুৰে গোলাই ছিৰিজৰ নামত অসমীয়া ডিটেক্টিভ উপন্যাসৰ জন্ম দিলেও আজিও ই বিশেষ উন্নতি লাভ কৰিব পৰা নাই। তাৰ ভিতৰত প্ৰেম নাৰায়ন দত্তৰ পা-ফু ছিৰিজ, শক্তিশেল, নাৰীদস্যু আদি, সত্যৰঞ্জন কলিতাৰ নৃশংস,স্পাই, কিদনেপ আদি উল্লেখযোগ্য। বৰ্তমান কালত ৰঞ্জু হাজৰিকাই ভালেমান ৰহস্য উপন্যাস লিখি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমীয়া উপন্যাস” প্ৰবন্ধৰ সংশোধন ৬৩৩৯৫৪ (১ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।