অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

মাকাম

মাকাম হৈছে ড॰ ৰীতা চৌধুৰীৰ দ্বাৰা ৰচিত এখন উপন্যাস। অসমত থকা চীনামূলীয় লোকসকলৰ পটভূমিত ৰচিত মাকাম এখন উল্লেখযোগ্য গ্ৰন্থ। ২০১০ চনৰ এপ্ৰিল মাহত জ্যোতি প্ৰকাশনে এই উপন্যাসখনৰ প্ৰথম প্ৰকাশ কৰে।

হালনাগাদ: ১৭ অক্টোবৰ ২০২৪ ২৩২ শব্দ · ১ মিনিট সংগৃহীত ৯২
সংশোধনৰ পৰামৰ্শ

মাকাম হৈছে ড॰ ৰীতা চৌধুৰীৰ দ্বাৰা ৰচিত এখন উপন্যাস। অসমত থকা চীনামূলীয় লোকসকলৰ পটভূমিত ৰচিত মাকাম এখন উল্লেখযোগ্য গ্ৰন্থ। ২০১০ চনৰ এপ্ৰিল মাহত জ্যোতি প্ৰকাশনে এই উপন্যাসখনৰ প্ৰথম প্ৰকাশ কৰে।১

কাহিনীৰ সাৰাংশ

১৯৬২ চনৰ চীন-ভাৰত যুদ্ধৰ সময়ত তিনিচুকীয়া জিলাৰ মাকুমৰ পৰা বন্দী কৰি ৰাজস্থানলৈ লৈ যোৱা ১৫০০ জন চীনা-ভাৰতীয় লোকৰ দুখ-দুৰ্দশাৰ কাহিনী ইয়াত বৰ্ণিত হৈছে। সেই সময়ৰ নেফা (অৰুণাচল প্ৰদেশ)ৰ সীমা অতিক্ৰম কৰি ব্ৰহ্মপুত্ৰ উপত্যকাত উপস্থিত হোৱা চীনা সৈন্যৰ আক্ৰমণৰ সমান্তৰালভাৱে ভাৰত চৰকাৰে দেশখনত কেইবা পুৰুষো পাৰ কৰা চীনা বংশোদ্ভৱ লোকসকলক অমানৱীয়ভাৱে আটক কৰি প্ৰথমে ৰাজস্থান আৰু পৰৱৰ্তী পৰ্যায়ত ইয়াৰে কিছু সংখ্যকক সমুদ্ৰ পথৰে চীনলৈ বিতাড়িত কৰা হৈছিল। ইয়াৰ পটভূমিতেই বিশিষ্টা ঔপন্যাসিক গৰাকীয়ে ‘মাকাম’ ৰচনা কৰি উলিয়াইছে।

অনুবাদ

ইংৰাজী ভাষাত উপন্যাসখন লেখিকা ৰীতা চৌধুৰীয়ে নিজেই চাইনাটাউন ডেইজ্ (Chinatown Days) নামেৰে অনুবাদ কৰিছে। ২০১৭ চনত এই অনূদিত সংস্কৰণটো মেকমিলান প্ৰকাশনে প্ৰকাশ কৰে।২ উপন্যাসখন বড়ো ভাষালৈও অনুবাদ কৰা হৈছে। অনুবাদ কৰিছে সোণালী বড়োৱে। অনুবাদৰ বাবে ছমাহ সময় লোৱা উপন্যাসখন বড়ো সাহিত্য সভাই প্ৰকাশ কৰি উলিওৱাৰ দায়িত্ব গ্ৰহণ কৰিছে।৩ বিদ্যা শৰ্মাই উপন্যাসখন একে নামেৰে মাৰাঠী ভাষালৈ অনুবাদ কৰিছে।৪

অভিযোজন

ইতিমধ্যে এই উপন্যাসখনৰ আধাৰত চলচ্চিত্ৰ নিৰ্মাণৰ পৰিকল্পনাও কৰা হৈছে।৫

লেখকৰ পৰিচয়

মূল প্ৰবন্ধ: ৰীতা চৌধুৰী

ড॰ ৰীতা চৌধুৰী (জন্ম:২০ আগষ্ট,১৯৬০) অসমীয়া সাহিত্য জগতৰ এগৰাকী কবি, ঔপন্যাসিক আৰু সাহিত্য অকাডেমি বঁটা বিজয়ী লেখিকা।৬৭ তেখেতৰ জন্ম হৈছিল অৰুণাচল প্ৰদেশৰ টিৰাপত। পিতৃৰ নাম বিৰজানন্দ চৌধুৰী। তেখেত নেচনেল বুক ট্ৰাষ্ট, ভাৰতৰ সঞ্চালক পদত অধিস্থিত আছিল ৷ সম্প্ৰতি তেখেত কটন বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ জ্যেষ্ঠ প্ৰবক্তা ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে।

লগতে চাওক

  1. দেও লাংখুই
  2. মায়াবৃত্ত
  3. পপীয়া তৰাৰ সাধু

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Makam – Rita Chowdhury
  2. ↑ Chowdhury, Rita. (2018-01-11). Chinatown Days. Pan Macmillan. ISBN 9781509896561
  3. ↑ 'মাকাম' বড়ো ভাষালৈ অনূদিত. The Sunday Indian
  4. ↑ Marathi woman to take Assamese literature to Maharashtra. Times of India
  5. ↑ ((Saturday, December 4, 2010)). Silver screen aspires to immortalise Makam. The Telegraph
  6. ↑ ((Monday, December 29, 2008)). Literary feats lauded. The Assam Tribune
  7. ↑ ((Wednesday, February 18, 2009)). Chowdhury, Narzary given Akademi award. The Assam Tribune

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থঅসমীয়া উপন্যাস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাকাম” প্ৰবন্ধৰ সংশোধন ৪৩৮৭৩২ (১৭ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।