অক্সফৰ্ড ইংৰাজী অভিধান, অক্সফ’ৰ্ড ইউনিভাৰ্ছিটি প্ৰেছৰ দ্বাৰা প্ৰকাশিত এখন ইংৰাজী ভাষাৰ অভিধান১ বিশ্বৰ বিভিন্ন দেশত ইংৰাজী ভাষাৰ প্ৰায়োগিক ভিন্নতা অন্তৰ্ভুক্ত কৰাৰ লগতে এই অভিধানে ভাষাটোৰ ঐতিহাসিক বিকাশৰ বিষয়েও তথ্য সন্নিবিষ্ট কৰে২৩৷ ১৯৮৯ চনত প্ৰকাশ পোৱা এই অভিধানৰ দ্বিতীয় সংস্কৰণত ২০ টা খণ্ড আৰু ২১,৭২৮ টা পৃষ্ঠা আছে৷
এই অভিধান প্ৰণয়ণৰ কাম ১৮৫৭ চনতে আৰম্ভ হৈছিল যদিও ১৮৮৪ চনতহে ইয়াৰ প্ৰথম সংস্কৰণ প্ৰকাশ পায়৷ পোণপ্ৰথমে এই অভিধানৰ শিৰোনামা ”A New English Dictionary on Historical Principles; Founded Mainly on the Materials Collected by The Philological Society” ৰখা হৈছিল৷ ১৮৯৫ চনত ”The Oxford English Dictionary (OED)” নামটো প্ৰথম ব্যৱহাৰ কৰা হয়৷ ১৯২৮ চনত দহটা খণ্ডৰে সৈতে এই অভিধানৰ পূৰ্ণাংগ ৰূপত পুন: প্ৰকাশিত হয়৷ ২০০০ চনৰ পৰা অভিধানখনৰ এটা তৃতীয় সংস্কৰণৰ কাম অব্যাহত আছে৷
অক্সফৰ্ড ইংৰাজী অভিধানৰ ইলেক্ট্ৰনিক সংস্কৰণটো প্ৰথম ১৯৮৮ চনত প্ৰকাশ পায়৷ ২০০০ চনত ইয়াৰ অনলাইন সংস্কৰণ মুকলি কৰা হয় যি বিপুল জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হয়৷ শেহতীয়াকৈ অক্সফৰ্ড ইউনিভাৰ্ছিটি প্ৰেছে ঘোষণা কৰে যে পৰৱৰ্ত্তী সংস্কৰণসমূহ ইলেক্ট্ৰনিক মাধ্যমতহে প্ৰকাশ কৰা হ’ব৪৫৷
তথ্যসূত্ৰ
- ↑ Guide to the Third Edition of the OED. Oxford University Press
- ↑ "As a historical dictionary, the OED is very different from those of current English, in which the focus is on present-day meanings."
- ↑ "The OED is a historical dictionary, with a structure that is very different from that of a dictionary of current English."
- ↑ Jamieson, Alastair. (29 August 2010). Oxford English Dictionary 'will not be printed again'. The Telegraph
- ↑ Flanagan, Padraic. (20 April 2014). RIP for OED as world's finest dictionary goes out of print. The Telegraph
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অক্সফৰ্ড ইংৰাজী অভিধান” প্ৰবন্ধৰ সংশোধন ৫৩৭৬৯৩ (৮ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।