অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

আৱেস্তা

আৱেস্তা বা জেন্দ আৱেস্তা হ'ল জৰথুষ্ট্ৰ (জৰথুষ্ট্ৰবাদ) বা জৰদস্তি ধৰ্মৰ পবিত্ৰ ধৰ্মশাস্ত্ৰ। ইয়াক আৱেস্তা ভাষাত লিখা হৈছে। পাৰ্চী আৰু ইংৰাজীকে ধৰি অন্যান্য ভাষালৈও আবেস্তা অনুবাদ কৰা হৈছে। ইয়াৰ প্ৰাচীন অংশ হৈছে গন্তা, যিবোৰ হৈছে জৰাথুষ্ট্ৰে নিজেই ৰচনা কৰা ধৰ্মীয় গীত।

হালনাগাদ: ৮ ফেব্ৰুৱাৰী ২০২৬ ১৮৮ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

আৱেস্তা বা জেন্দ আৱেস্তা হ'ল জৰথুষ্ট্ৰ (জৰথুষ্ট্ৰবাদ) বা জৰদস্তি ধৰ্মৰ পবিত্ৰ ধৰ্মশাস্ত্ৰ। ইয়াক আৱেস্তা ভাষাত লিখা হৈছে। ১ পাৰ্চী আৰু ইংৰাজীকে ধৰি অন্যান্য ভাষালৈও আবেস্তা অনুবাদ কৰা হৈছে। ইয়াৰ প্ৰাচীন অংশ হৈছে গন্তা, যিবোৰ হৈছে জৰাথুষ্ট্ৰে নিজেই ৰচনা কৰা ধৰ্মীয় গীত। জৰদস্তি ধৰ্মৰ আন দুখন ধৰ্মীয় গ্ৰন্থ আছে যাৰ নাম ডেনকাৰ্ড আৰু আৰ্দাভিৰাফ নমক। আৱেস্তা নামেৰে ধৰ্মীয় ভাষা আৰু ধৰ্মীয় গ্ৰন্থ দুয়োটাকে বুজোৱা হয়। জৰদস্তি ধৰ্মৰ বিস্তৃত সাহিত্য (পাৰ্চীয়ান/ইৰাণ আৰব মুছলমান বিজয়ৰ আগৰ মূল ধৰ্ম) যি ভাষাত ৰচিত হৈছিল, সেই ভাষাক ‘আৱেস্তা’ বা ‘আৱাষ্টাই ভাষা’ বোলা হয়। নবী জৰথুষ্ট্ৰ বা তেওঁৰ সমসাময়িক অনুগামীসকলৰ ভাষাক কি বুলি কোৱা হৈছিল বা কথিত ভাষা কি আছিল সেই বিষয়ে উক্ত সাহিত্যত কোনো প্ৰমাণ পোৱা নাযায়। কিন্তু পৰম্পৰাই প্ৰমাণ কৰে যে সেই ভাষা আৰু সাহিত্যৰ নামো আছিল "অৱিস্তক"।

প্ৰথম অৱস্থাত এই সাহিত্য মৌখিক ৰূপত (অলিখিত) আছিল যদিও পিছলৈ ইয়াক লিখি থোৱা হয়। এই বিশাল সাহিত্যৰ এক বৃহৎ অংশ সময়ৰ লগে লগে ধ্বংস হৈছে যদিও ইয়াৰ বহুখিনি এতিয়াও সংৰক্ষিত হৈ আছে। এই সংকলনৰ বিভিন্ন অংশ বিভিন্ন সময়ত ৰচনা কৰা হৈছিল আৰু ইয়াৰ স্বভাৱো ইটোৱে সিটোৰ পৰা বহুত বেলেগ। ইয়াত ধৰ্মীয় বিষয়বস্তুৰ উপৰিও সাধাৰণ (অধৰ্মীয়) বিষয়বস্তুও আছে।

হিন্দু ধৰ্মৰ ঋগবেদৰ লগত আৱেস্তাৰ ভাষিক সাদৃশ্য প্ৰবল৷

আৰু চাওক

পাৰ্চী

তথ্যসূত্ৰ

  1. ↑ Boyce 1984, পৃ. 1

সম্পৰ্কিত শ্ৰেণী

ধৰ্ম গ্ৰন্থজৰথুষ্ট্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৱেস্তা” প্ৰবন্ধৰ সংশোধন ৫৭৫২৯৮ (৮ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।