অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত

অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত হৈছে সত্যেন্দ্ৰনাথ শৰ্মাৰ দ্বাৰা ৰচিত অসমীয়া ভাষা সাহিত্যৰ ইতিহাস বিষয়ক এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ৷। এই গ্ৰন্থখন প্ৰথম প্ৰকাশ হয় ১৯৮১ চনত৷ এই গ্ৰন্থখনক অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ সংক্ষিপ্ত বুৰঞ্জী বুলি অসমীয়া সাহিত্যত স্বীকৃতি দিয়া হৈছে৷ গ্ৰন্থখনৰ দশম…

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ১৬০ শব্দ · ১ মিনিট সংগৃহীত ৪৩
সংশোধনৰ পৰামৰ্শ

অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত হৈছে সত্যেন্দ্ৰনাথ শৰ্মাৰ দ্বাৰা ৰচিত অসমীয়া ভাষা সাহিত্যৰ ইতিহাস বিষয়ক এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ৷। ১ এই গ্ৰন্থখন প্ৰথম প্ৰকাশ হয় ১৯৮১ চনত৷ এই গ্ৰন্থখনক অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ সংক্ষিপ্ত বুৰঞ্জী বুলি অসমীয়া সাহিত্যত স্বীকৃতি দিয়া হৈছে৷২ গ্ৰন্থখনৰ দশম সংস্কৰণত মুঠ সপ্তদশ অধ্যায় আছে৷ দশম সংস্কৰণটো প্ৰকাশ কৰিছে সৌমাৰ প্ৰকাশে৷ মুঠ পৃষ্ঠা-৪৯৬

বিষয়বস্তু

  • প্ৰথম অধ্যায়ঃ অসমীয়া ভাষাৰ উৎপত্তি আৰু সাহিত্যৰ যুগ বিভাগ
  • দ্বিতীয় অধ্যায়ঃ মৌখিক লোক সাহিত্য
  • তৃতীয় অধ্যায়ঃ চৰ্যাপদ আৰু অন্যান্য ৰচননা
  • চতুৰ্থ অধ্যায়ঃ প্ৰাক্শংকৰী যুগৰ সাহিত্য
  • পঞ্চম অধ্যায়ঃ বঙলা অসমীয়া উমৈহতীয়া সাহিত্য
  • ষষ্ঠ অধ্যায়ঃ বৈষ্ণৱ সাহিত্য
  • সপ্তম অধ্যায়ঃ বৈষ্ণৱ আন্দোলনৰ প্ৰভাৱমুক্ত কবি আৰু সাহিত্য
  • অষ্টম অধ্যায়ঃ বৈষ্ণৱ সাহিত্যঃ শংকৰী যুগ
  • নৱম অধ্যায়ঃ বৈষ্ণৱ সাহিত্যঃ শংকৰোত্তৰ যুগ
  • দশম অধ্যায়ঃ বিস্তাৰ আৰু অৱসাদ কাল (খ্ৰীঃ১৭০০-১৮২৬)
  • একাদশ অধ্যায়ঃ বৰ্তমান যুগ
  • দ্বাদশ অধ্যায়ঃ হেমচন্দ্ৰ গুণাভিৰামৰ অভ্যুদয়
  • ত্ৰয়োদশ অধ্যায়ঃ ৰমন্যাসৰ যুগ
  • চতুৰ্দশ অধ্যায়ঃ কাব্য-সাহিত্য
  • পঞ্চদশ অধ্যায়ঃ আধুনিক নাটকৰ উৎপত্তি আৰু বিকাশ
  • ষোড়শ অধ্যায়ঃ গদ্য সাহিত্য
  • সপ্তদশ অধ্যায়ঃ উত্তৰ স্বাধীনতা কালৰ সাহিত্য
  • পৰিশিষ্টঃ গীতি সাহিত্য, শিশু সাহিত্য, সংবাদপত্ৰ আৰু আলোচনী, অসমীয়া লিপি, অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ কালানুক্ৰমণিকা

তথ্যসূত্ৰ

  1. ↑ সমীন্দ্ৰ হুজুৰি. অসমীয়া প্ৰগতিশীল কবিতাৰ উন্মেষ-কালৰ কিছু কথা. বৌদ্ধিক বিচাৰ
  2. ↑ Asomiya Sahityar Etibritoo by Satyendranath Sarma

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত” প্ৰবন্ধৰ সংশোধন ৬৩৯৫৮০ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।