অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

মৰেনা হেৰেৰা

মৰেনা হেৰেৰা (: Morena Herrera; জন্ম: ১৯৫৯ বা ১৯৬০ (বয়স ৬৫–৬৬) ) এগৰাকী ছালভাডৰিয়ান নাৰীবাদী আৰু সমাজ কৰ্মী। তেওঁ বিশেষকৈ নিজৰ দেশত গৰ্ভপাত সম্পূৰ্ণভাৱে নিষিদ্ধ কৰা আইনৰ বিৰুদ্ধে কৰা দীঘলীয়া আন্দোলনৰ বাবে জনাজাত।

হালনাগাদ: ৪ মাৰ্চ ২০২৬ ২৭৯ শব্দ · ২ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

মৰেনা হেৰেৰা (: Morena Herrera; জন্ম: ১৯৫৯ বা ১৯৬০ (বয়স ৬৫–৬৬) )১ এগৰাকী ছালভাডৰিয়ান নাৰীবাদী আৰু সমাজ কৰ্মী। তেওঁ বিশেষকৈ নিজৰ দেশত গৰ্ভপাত সম্পূৰ্ণভাৱে নিষিদ্ধ কৰা আইনৰ বিৰুদ্ধে কৰা দীঘলীয়া আন্দোলনৰ বাবে জনাজাত। ১৯৯২ চনত সমাপ্ত হোৱা ছালভাডৰৰ গৃহযুদ্ধৰ সময়ত হেৰেৰাই আমেৰিকাৰ সমৰ্থিত চৰকাৰৰ বিৰুদ্ধে ফাৰাবুণ্ডো মাৰ্টি নেচনেল লিবাৰেচন ফ্ৰণ্ট (এফএমএলএন)ৰ বাওঁপন্থী স্বাধীনতা সংগ্ৰামী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৯৭ চনত দেশখনত গৰ্ভপাত সম্পূৰ্ণভাৱে নিষিদ্ধ কৰাৰ পিছৰে পৰা তেওঁ নিৰাপদ আৰু আইনসন্মত গৰ্ভপাতৰ অধিকাৰৰ বাবে সক্ৰিয়ভাৱে আন্দোলন কৰি আহিছে। ২০০৯ চনত তেওঁ গৰ্ভপাতৰ অপৰাধমুক্তকৰণৰ বাবে নাগৰিক সংগঠনৰ সৈতে কাম আৰম্ভ কৰি আহিছে, আৰু বৰ্তমান তেওঁ সেই সংগঠনটোৰ মুৰব্বী হিচাপে দায়িত্ব পালন কৰি আছে। এল ছালভাডৰত মহিলাৰ অধিকাৰৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ২০১৬ চনত হেৰেৰাক বিবিচি ১০০ মহিলাৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত কৰা হৈছিল।

জীৱনী

মৰেনা হেৰেৰা সৰুৰে পৰাই সামাজিক পৰিৱৰ্তনৰ বাবে প্ৰচাৰ চলোৱাত সক্ৰিয় আছিল। ১৯৯২ চনত সমাপ্ত হোৱা ছালভাডৰৰ গৃহযুদ্ধৰ সময়ত,২ হেৰেৰাই বাওঁপন্থী স্বাধীনতা সংগ্ৰামী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ আমেৰিকা সমৰ্থিত চৰকাৰৰ বিৰুদ্ধে ফাৰাবুণ্ডো মাৰ্টি নেচনেল লিবাৰেচন ফ্ৰণ্ট (এফএমএলএন)ৰ সৈতে দহ বছৰতকৈও অধিক সময় যুঁজিছিল।৩

১৯৯২ চনত স্বাক্ষৰিত শান্তি চুক্তিৰ বিষয়ে হেৰেৰাই সম্পৰ্কে খোলাখুলিভাৱে সমালোচনা কৰিছিল। এই চুক্তিসমূহে এল ছালভাডৰত গৃহযুদ্ধৰ অন্ত পেলালে যদিও, হেৰেৰাৰ মতে ইয়াত মহিলাৰ অধিকাৰৰ ক্ষেত্ৰত ডাঙৰ খালী ঠাই ৰৈ গৈছিল। ১৯৯৭ চনত ফৌজদাৰী আইনৰ পৰিবৰ্তন আনি দেশখনত গৰ্ভপাত সম্পূৰ্ণভাৱে অবৈধ ঘোষণা কৰা হয়। ইয়াৰ আগতে কিছুমান গুৰুতৰ পৰিস্থিতিত—যেনে, মাতৃৰ জীৱন বিপদত থাকিলে,বা ধৰ্ষণৰ ফলত গৰ্ভধাৰণ হ’লে গৰ্ভপাত অনুমোদিত আছিল। কিন্তু নতুন আইনৰ পিছত সকলো ক্ষেত্ৰতেই ই নিষিদ্ধ হৈ পৰে।২ দেশখন কঠোৰভাৱে কেথলিক হোৱাৰ বাবে গৰ্ভপাতক নিষিদ্ধ বুলি গণ্য কৰা হয়। আনকি কিশোৰী গৰ্ভৱতী সকলেও বহু সমস্যাৰ সন্মুখীন হব লগাত পৰিছিল।৩

১৯৯৮ চনত এল ছালভাডৰত গৰ্ভপাতৰ ওপৰত নিষেধাজ্ঞা গৃহীত হোৱাৰ পিছৰে পৰা গৰ্ভপাতৰ অভিযোগত অভিযুক্ত ৬০০ৰো অধিক মহিলাক জেললৈ প্ৰেৰণ কৰা হৈছিল। কিছুমান ক্ষেত্ৰত তেওঁলোকে ৪০ বছৰ পৰ্য্যন্ত শাস্তিৰ সন্মুখীন হৈছিল। এই পৰিস্থিতিৰ আটাইতকৈ দুৰ্ভাগ্যজনক দিশটো হৈছে—এইলোকৰ বহুতেই গৰ্ভপাত কৰা নাছিল বৰং তেওঁলোকৰ স্বাভাৱিকভাৱে গৰ্ভপাত হৈছিল। গতিকে তেওঁলোকে ইতিমধ্যে সন্তান হেৰুৱাৰ বেদনা সহ্য কৰাৰ ওপৰিও আইনে “অপৰাধ” কৰা বুলি অভিযোগ তুলি জেলত বন্দী কৰি থৈছিল। এই পৰিস্থিতিৰ বিৰুদ্ধে মৰেনা হেৰেৰা আৰু তেওঁৰ সহকৰ্মীসকলে সক্ৰিয়ভাৱে আন্দোলন কৰি আহিছে। লাছ ১৭( Las 17) হৈছে কাৰাগাৰত থকা মহিলাৰ এটা দল, যিসকলৰ লক্ষ আছিল, অন্যায়ভাৱে দণ্ডিত হোৱা মহিলাসকলৰ মুক্তি নিশ্চিত কৰা,গৰ্ভপাত আইনৰ কঠোৰতা পুনৰ বিবেচনা কৰা,আৰু মহিলাৰ স্বাস্থ্য আৰু মানৱ অধিকাৰ সুৰক্ষিত কৰা। যদিও ইয়াৰে কেইগৰাকীমানক মুকলি কৰি দিয়া হৈছে, তথাপিও একেটা অপৰাধৰ বাবে আৰু বহু মহিলাক দোষী সাব্যস্ত কৰি জেললৈ পঠিওৱা হৈছে। হেৰেৰাই কয় যে গৰ্ভাৱস্থাই মাতৃৰ ওপৰত যিমান বিপদৰ সৃষ্টি কৰে, তাৰ পিছতো চৰকাৰে মহিলাৰ প্ৰজনন অধিকাৰক স্বীকৃতি নিদিয়ে। ছালভাডৰত প্ৰায় এক-তৃতীয়াংশ গৰ্ভধাৰণ কিশোৰী মাতৃৰ পৰা হয়, যাৰ আংশিক কাৰণ হ’ব পাৰে দেশখনৰ ৰাজধানী ছান ছালভাডৰৰ ওচৰত বিশিষ্ট গেংসমূহৰ দ্বাৰা যুৱতীসকল সঘনে যৌন নিৰ্যাতনৰ চিকাৰ হয়। কম বয়সত গৰ্ভৱতী হ’লে স্বাস্থ্যজনিত জটিলতাৰ সম্ভাৱনা বেছি থাকে, কাৰণ তেওঁলোক এতিয়াও শাৰীৰিকভাৱে পূৰ্ণ বিকাশ লাভ কৰা নাই।ৰাজনৈতিক ব্যক্তিসকলে গৰ্ভপাতৰ নিষেধাজ্ঞা বাতিল কৰিব নিবিচাৰে কাৰণ তেওঁলোকে আশংকা কৰে যে গীৰ্জা আৰু য়েছ টু লাইফ ফাউণ্ডেশ্যনৰ দৰে কিছুমান বিশেষ সংগঠনে তেওঁলোকক পুনৰ নিৰ্বাচিত হোৱাৰ সুবিধা নিদিব। এল ছালভাডৰৰ সমাজ আৰু ধৰ্মীয় ধাৰণাত “এগৰাকী মহিলাৰ মূল উদ্দেশ্য হৈছে মাতৃ হোৱা আৰু ঘৰ-সংসাৰ চোৱা-চিতা কৰা”। এই মানসিকতাৰ ফলত বহু ক্ষেত্ৰত মহিলাক নিজৰ শৰীৰ আৰু জীৱন-সংক্রান্তী সিদ্ধান্ত নিজে লোৱাৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হয়। দুৰ্ভাগ্য জনক কথাটো হ’ল বেছিভাগ মহিলাৰ বাবে গৰ্ভনিৰোধক লাভ কৰাটো অতি কঠিন আৰু কেনেবাকৈ লাভ কৰিলেও সঠিকভাৱে ব্যৱহাৰ কৰাত অপাৰগ হয়। হেৰেৰাই আশা কৰিছিল যে ছালভাডৰ ছানচেজ চেৰেন ৰাষ্ট্ৰপতি হৈ থকা সময়ছোৱাত (২০১৪–২০১৯) মহিলাৰ আইনী অধিকাৰত কিছু ইতিবাচক পৰিবর্তন আনিব পাৰিব। কিন্তু গেং-হিংসা আৰু সামাজিক চাপৰ মাজত চৰকাৰৰ অগ্ৰাধিকাৰ অন্য বিষয়ত কেন্দ্ৰীভূত হোৱাত এই প্ৰক্ৰিয়া অতি ধীৰগতিত আগবাঢ়িছিল। বহু বাধা আৰু নিজৰ লগতে পৰিয়ালৰ জীৱনৰ ওপৰত অহা হুমকিৰ পিছতো, হেৰেৰা এল ছালভাডৰৰ সকলো মহিলাৰ বাবে অধিক সুৰক্ষিত আৰু মৰ্যাদাপূৰ্ণ জীৱন নিশ্চিত কৰাৰ লক্ষ্যত অবিৰতভাৱে কাম কৰি আহিছে।৪৫

২০০৯ চনৰ পৰা হেৰেৰাই গৰ্ভপাতৰ অপৰাধমুক্তকৰণৰ বাবে নাগৰিক গোটৰ সৈতে কাম কৰি আহিছে, আৰু বৰ্তমান তেওঁ ইয়াৰ নেত্ৰী।২ ২০১৩ চনত এল ছালভাডৰৰ উচ্চতম ন্যায়ালয়ে যেতিয়া এগৰাকী মৃত্যুমুখী অসুস্থ মহিলাক গৰ্ভপাতৰ অনুমতি দিবলৈ অস্বীকাৰ কৰিছিল, যিগৰাকী মহিলাই সন্তান জন্ম দিয়াৰ পিছত বাচি থাকাৰ সম্ভাৱনা নাছিল—তেতিয়া হেৰেৰাই আদালতৰ সিদ্ধান্তক খোলাখুলিভাৱে সমালোচনা কৰি তেওঁলোকক “দায়িত্বহীন” বুলি অভিহিত কৰিছিল।৬ ২০১৫ চনৰ জানুৱাৰী মাহত এম্নেষ্টী ইণ্টাৰনেশ্যনেলে তেওঁৰ কাম-কাজ সম্পৰ্কে প্ৰতিবেদন প্ৰকাশ কৰে,২ আৰু ২০১৬ চনত তেওঁক বিশ্বজুৰি ইতিবাচক প্ৰভাৱ পেলোৱাৰ বাবে বিবিচি ১০০ মহিলাৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত কৰে।১

তথ্যসূত্ৰ

  1. ↑ (21 November 2016). BBC 100 Women 2016: Who is on the list?. BBC News
  2. ↑ (15 January 2015). Defying El Salvador's total ban on abortion. Amnesty International
  3. ↑ (5 July 2016). El Salvador: Meet the former Marxist guerrilla fighting for reproductive rights in a country where there are none. The Independent
  4. ↑ (5 July 2016). A former Marxist guerrilla is fighting for reproductive rights in a country where there are none. The Independent
  5. ↑ (21 January 2015). Defying el Salvador's total ban on abortion
  6. ↑ (13 May 2013). El Salvador court denies seriously ill woman abortion. BBC News

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৰেনা হেৰেৰা” প্ৰবন্ধৰ সংশোধন ৫৮৪৬৩২ (৪ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।