
মেনমা হৈছে চুনচিৰ জাপানী ভাষা নাম, যি আচলতে চীনৰ লেক্ট’-কিণ্বিত বাঁহৰ গাজ। কিণ্বন বা ফাৰমেণ্টেশ্যন প্ৰক্ৰিয়াৰ পূৰ্বে বাঁহৰ গাজসমূহ ৰ’দত বা অন্য উপায়েৰে শুকুৱাই লোৱা হয়। মেনমা হৈছে নুডলচ বা নুডল চুপ, বিশেষকৈ ৰামেনৰ ওপৰত দিয়া এবিধ অতি সুলভ উপাদান। মেনমা মূলতঃ চীনত উৎপাদন কৰা হয়, আৰু দক্ষিণ চীন তথা টাইৱানৰপৰা আমদানি কৰা ব্ৰেণ্ডসমূহ বিশেষভাৱে জনপ্ৰিয়।১ মেনমাক শিনা চিকু (shinachiku 支那竹) অৰ্থাৎ "চীনা বাঁহ" বুলিও জনা যায়।১২
ব্যুৎপত্তি
পাছলৈ 'মাৰুমাত্চু বুছান' নামেৰে পৰিচিত হোৱা ট্ৰেডিং কোম্পানীটোৱে টাইৱানত উৎপাদিত শুকান বাঁহৰ গাজসমূহ 'শিনা চিকু' হিচাপে ৰপ্তানি কৰিছিল। ১৯৪৬ চনত, চীনা চৰকাৰে 'শিনা' (Shina) শব্দটো ব্যৱহাৰ কৰাৰ বিৰুদ্ধে আনুষ্ঠানিক আপত্তি দৰ্শোৱাৰ পিছত, জাপানৰ বৈদেশিক মন্ত্ৰ্যালয়ে এই শব্দটো পৰিহাৰ কৰিবলৈ পৰামৰ্শ দি এটা স্মাৰকপত্ৰ জাৰী কৰে। 'মাৰুমাত্চু বুছান'ৰ প্ৰতিষ্ঠাপক শুছুই মাট্চুমুৰাই দাবী কৰে যে তেওঁ য়োকোহামা চাইনাটাউনত ৰামেনৰ ওপৰত এই খাদ্যবিধ পৰিৱেশন কৰা দেখাৰ পিছত এই নতুন নাম 'মেনমা' উদ্ভাৱন কৰিছিল। এই নামটো আছিল 'ৰামেন' (ramen 拉麺) আৰু যিবিধ বাঁহৰপৰা ইয়াক প্ৰস্তুত কৰা হয় সেই 'মাচিকু' (machiku 麻竹) শব্দ দুটিৰ এক সংমিশ্ৰণ (portmanteau)। এই নামটোৰ ট্ৰেডমাৰ্ক বা স্বত্বাধিকাৰ ল’ব পৰা নগ’ল যদিও জাপানত ইয়াৰ জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ লগে লগে লাহে লাহে ইয়াক এই মচলা বা খাদ্য উপাদানবিধৰ সচৰাচৰ নাম হিচাপে গ্ৰহণ কৰা হয়।
অৱশ্যে টাইৱানত নুডলচৰ ওপৰত মেনমা খোৱাৰ পৰম্পৰা নাই; তাত জনপ্ৰিয় নুডলচ ডিচ 'ঝাজিয়াংমিয়ান'ৰ ওপৰত দিয়া পাচলিৰ টপিংছক এসময়ত 'মিয়ানমা' (miànmǎ 麵碼) বুলি কোৱা হৈছিল।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেনমা” প্ৰবন্ধৰ সংশোধন ৬৩৪১৮১ (৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।