অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

মেন্দিপথাৰ

উত্তৰ-পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ উত্তৰ গাৰো পাহাৰ জিলাত অৱস্থিত মেন্দিপথাৰ হৈছে এখন গাঁও। ই ছিমছাং নদীৰ পাৰত অৱস্থিত।

হালনাগাদ: ১২ ছেপ্তেম্বৰ ২০২৫ ১৫০ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

উত্তৰ-পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ উত্তৰ গাৰো পাহাৰ জিলাত অৱস্থিত মেন্দিপথাৰ হৈছে এখন গাঁও। ই ছিমছাং নদীৰ পাৰত অৱস্থিত।১

নামৰ উৎপত্তি

ঔপনিৱেশিক যুগৰ পৰাই মেন্দিপথাৰ ৰ এক চহকী ইতিহাস আছে। ১৯ শতিকাৰ শেষৰ ফালে ব্ৰিটিছে এই অঞ্চলৰ মূল্যৱান কাঠ আৰু চাহ উদ্যোগৰ ব্যৱসায়িক কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছিল। "মেন্দিপথাৰ" নামটো গাৰো শব্দ দুটাৰ পৰা উদ্ভৱ হৈছে, "মেন" মানে ডাঙৰ আৰু "দি" মানে নদী দ্বীপ। চহৰখনৰ পৰা দেখা পোৱা ছিমছাং নদীৰ এটা বৃহৎ নদী দ্বীপৰ নামেৰে এই চহৰখনৰ নামকৰণ কৰা হৈছে।১

যাতায়ত

ৰে'ল

দুধনৈ আৰু মেঘালয়ৰ দেপাৰ মাজত দুধনৈ নদী উপত্যকাৰ মাজেৰে এটা ৰেলপথ ১৯৯২–৯৩ চনৰ ৰেল বাজেটত প্ৰস্তাৱ কৰা হৈছিল।২ পিছলৈ স্থানীয় লোকৰ বিৰোধিতাৰ বাবে ২০০৭ চনত দুধনৈ–মেন্দিপথাৰলৈ প্ৰান্তিককৰণ সলনি কৰা হয়। অসম আৰু মেঘালয়ৰ ৰে’লৱেলৈ মাটি চম্ভালি পলম হোৱাৰ বাবে ২০১৩ চনলৈকে কাম লেহেমীয়া হৈছিল।২০১৩ চনৰ মাৰ্চ মাহৰ ভিতৰত ভূমি অধিগ্ৰহণৰ কাম সম্পূৰ্ণ হৈছিল।৩

বৰ্তমান ই পাহাৰীয়া ৰাজ্য মেঘালয়ৰ প্ৰথম আৰু একমাত্ৰ ৰেল ষ্টেচন। ২০১৪ চনৰ ৩০ নৱেম্বৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মেন্দিপথাৰত অনুষ্ঠিত হোৱা অনুষ্ঠানৰ সমাৱেশলৈ ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ৰে’ল ষ্টেচনটো উদ্বোধন কৰে। মেন্দিপথাৰ–গুৱাহাটী পেচেঞ্জাৰ হৈছে মেন্দিপথাৰৰ পৰা যাত্ৰা কৰা একমাত্ৰ ৰে'ল।৪৫৬

তথ্যসূত্ৰ

  1. ↑ মেন্দিপথাৰ - Xobdo Dictionary. xobdo.org
  2. ↑ Railway budget 1992-93
  3. ↑ First railway station in Meghalaya. The Hindu
  4. ↑ Meghalaya to get its first train on November 29. India Today
  5. ↑ Narendra Modi flags off first train connecting Meghalaya. livemint.com
  6. ↑ To be launched by Modi, Meghalaya's first rail link reminds one of 1880s. Indian Express

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেন্দিপথাৰ” প্ৰবন্ধৰ সংশোধন ৫৩৮৩৮০ (১২ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।