লাম্বাদা এম্ব্ৰইডাৰী (লাম্বাদি এম্ব্ৰইডাৰী, লাম্বানি, চেণ্ডুৰ লাম্বাণী এম্ব্ৰইডাৰী, বানজাৰা এম্ব্ৰইডাৰী, লেপো) হৈছে অন্ধ্ৰপ্ৰদেশৰ হায়দৰাবাদ, কৰ্ণাটকৰ বেল্লাৰী আৰু বিজাপুৰৰ বাঞ্জাৰা, সন্দুৰুৰ জনজাতি লাম্বাদা বা লাম্বানিসকলৰ দ্বাৰা অনুশীলন কৰা কাপোৰ অলংকৃত কৰাৰ এক কলা। লাম্বাদা এম্ব্ৰইডাৰীত একেলগে পেচৱৰ্ক, এপ্লিকু, বীডৱৰ্ক(মণিৰ কাৰুকাৰ্য) আৰু এম্ব্ৰইডাৰী অন্তৰ্ভুক্ত থাকে।১২৩৪৫
লাম্বাদি বা বানজাৰা (গোৰ, নায়ক নামেৰেও জনাজাত) সকল হৈছে এক ঐতিহাসিকভাৱে যাযাবৰ ব্যৱসায়িক জনজাতি যাৰ উৎপত্তি বৰ্তমান ৰাজস্থানৰ মেৱাৰ অঞ্চল বুলি ধাৰণা কৰা হয়। তেওঁলোকৰ পৰিচয় বহন কৰা এই লাম্বাদি অভিধাটোৰেই এই কলাক লাম্বাদি এম্ব্ৰইডাৰী বুলি জনা যায়।৬ বানজাৰাসকলে সাধাৰণতে নিজকে গোৰ আৰু বাহিৰৰ লোকসকলক কোৰ বুলি কয় কিন্তু এই ব্যৱহাৰ তেওঁলোকৰ নিজৰ সম্প্ৰদায়ৰ বাহিৰত প্ৰসাৰিত নহয়। গোৰ বানজাৰা সকলৰ এক অনন্য সাংস্কৃতিক জীৱন আৰু অনুশীলন আছে যিয়ে তেওঁলোকক আনৰ পৰা পৃথক কৰে। তেওঁলোকৰ নিজা ভাষা, খাদ্যাভ্যাস, শৰীৰত অংকন কৰা টেটু, পোছাক আৰু অলংকাৰ, কলা আৰু নৃত্য আৰু উৎসৱ আৰু অনুষ্ঠান আছে আৰু এইসমূহেই তেওঁলোকৰ সংস্কৃতি গঠন কৰিছে। গোৰ বানজাৰা সংস্কৃতিত তেওঁলোকৰ ভাষা, পোছাক, বিবাহৰ ৰীতি-নীতি, উৎসৱ, লোক আৰু প্ৰদৰ্শন কলা আৰু তেওঁলোকে আহৰণ কৰা আন বহুতো সামৰ্থ্য অন্তৰ্ভুক্ত থাকে। ইয়াৰ ভাষা আৰু বৃত্তিৰ সৈতে তেওঁলোকৰ সংস্কৃতি আন জনজাতিতকৈ পৃথক। তেওঁলোকৰ নিজা ভাষা আছে। এই ভাষাক 'গৰ্বলি' বা 'গৰ্মতী' বুলি কোৱা হয়।৭ তেওঁলোকৰ মাজত বিভিন্ন উৎসৱ-পাৰ্বনৰ লগতে নৃত্য-গীতৰ অনুষ্ঠানত এই লাম্বাদা এম্ব্ৰইডাৰী খচিত পোচাক পৰিধান কৰা পৰম্পৰা প্ৰচলিত।
কৌশল
লাম্বাডা এম্ব্ৰইডাৰীত চিলাই আৰু এপ্লিকুৰ সংমিশ্ৰণ ব্যৱহাৰ কৰা হয়, লগতে দাপোন টুকুৰাৰ কাম আৰু অন্যান্য অলংকাৰ অন্তৰ্ভুক্ত হৈ আছে। জনজাতীয় মহিলাসকলে পৰম্পৰাগত ভাৱে তেওঁলোকৰ ৰঙীন পোছাক সজাবলৈ মুদ্ৰা, সাগৰীয় শামুকৰ খোলা, বুটাম, কড়ি আৰু সৰু আয়নাৰ টুকুৰা ব্যৱহাৰ কৰে। বিশেষকৈ ফেটিয়া(স্কাৰ্ট) আৰু কাঞ্চলী বা (ব্লাউজ) তৈয়াৰ কৰিবলৈ এই এম্ব্ৰইডাৰী ব্যৱহাৰ কৰা হয়। মোটিফবোৰ মুখ্যতঃ গ্ৰিডৰ দৰে আৰ্হিৰ তথা জ্যামিতিক আকাৰৰ।২
স্বীকৃতি
লাম্বাদা এম্ব্ৰইডাৰীৰ কামেৰে সজোৱা কাপোৰবোৰ বিদেশী ক্ষেত্ৰত প্ৰশংসিত হৈছে।২ চেন্দুৰ লাম্বানি এম্ব্ৰইডাৰীয়ে এতিয়া দেশত ভৌগোলিক স্বীকৃতি (জিআই) থকা সামগ্ৰীৰ তালিকাত স্থান পাইছে। পৰম্পৰাগত ভাৱে এই কলাৰ সাধনা কৰা জনজাতিসকলে এনে স্বীকৃতিৰ পৰা লাভান্বিত হ'ব পাৰে।৮
ব্যৱহাৰ
লামাবাণী পোছাকৰ বাহিৰেও বিভিন্ন সামগ্ৰী যেনে কুশ্বন কভাৰ, বেডকভাৰ, ৱাল হেংগিং, পোছাক আৰু আনুষঙ্গিক সামগ্ৰী যেনে বেগ, হেডবেণ্ড, কঁকালৰ বেল্ট আদি অলংকৃত কৰিবলৈ এই এম্ব্ৰইডাৰী কলাৰ ব্যৱহাৰ কৰা হয়।
তথ্যসূত্ৰ
- ↑ Lambada women, whose colourful dresses are embroidered with small mirrors, dance ceremonial dances. The Language Loss of the Indigenousbooks.google.co.in › books G. N. Devy, Geoffrey V. Davis, K. K. Chakravarty · 201
- ↑ Naik, Dhanasing B. (2000). The Art and Literature of Banjara Lambanis: A Socio-cultural Study. Abhinav Publications. পৃ. 9. ISBN 978-81-7017-364-9
- ↑ Community, Direct Create. (2020-01-28). Banjara Embroidery from Bellary. Medium
- ↑ Dhamija, Jasleen. (2004). Asian Embroidery. Abhinav Publications. পৃ. 160. ISBN 978-81-7017-450-9
- ↑ Cultures, Institute of Traditional. (1957). Bulletin
- ↑ Mangal, Priyamvada. (2018-05-05). From nomads to doctors: the story of the Banjara community. The Hindu
- ↑ Dr. Dhananjay Naik Mood and Dr. Surya Dhananjay, 'Gor Banjara - An Enduring Tribe', 2020, p.263
- ↑ Staff Reporter. (2010-09-30). Sandur Lambani embroidery gets GI tag. The Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লাম্বাদা এম্ব্ৰইডাৰী” প্ৰবন্ধৰ সংশোধন ৩১৫৯২৩ (৬ মাৰ্চ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।