অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ম্যানমাৰ মান সময়

ম্যানমাৰ মান সময় (မြန်မာ စံတော်ချိန်) হৈছে ম্যানমাৰৰ মান সময়, যি সাৰ্বজনীন মান সময় (ইউটিচি)তকৈ ৬.৫ ঘণ্টা আগুৱাই আছে। এমএমটি ৯৭°৩০′উঃ দ্ৰাঘিমাংশৰ ভিত্তিত গণনা কৰা হয়।এমএমটি গোটেই বছৰটো ব্যৱহাৰ কৰা হয়, কাৰণ ম্যানমাৰে দিনৰ পোহৰৰ সময় পালন নকৰে।

হালনাগাদ: ২ আগষ্ট ২০২৫ ১৯২ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ম্যানমাৰ মান সময় (မြန်မာ စံတော်ချိန်) হৈছে ম্যানমাৰৰ মান সময়, যি সাৰ্বজনীন মান সময় (ইউটিচি)তকৈ ৬.৫ ঘণ্টা আগুৱাই আছে। এমএমটি ৯৭°৩০′উঃ দ্ৰাঘিমাংশৰ ভিত্তিত গণনা কৰা হয়।১এমএমটি গোটেই বছৰটো ব্যৱহাৰ কৰা হয়, কাৰণ ম্যানমাৰে দিনৰ পোহৰৰ সময় পালন নকৰে।২

ইতিহাস

১৮৫৫ চনত ইয়াংগুনত থকা অলনপ্য পেগোডা। ইংৰাজে পেগোডাৰ ওপৰত সংলগ্ন কৰা সময় বল দেখা গৈছে।
১৮৫৫ চনত ইয়াংগুনত থকা অলনপ্য পেগোডা। ইংৰাজে পেগোডাৰ ওপৰত সংলগ্ন কৰা সময় বল দেখা গৈছে।ছবি: Linnaeus Tripe -- who took the photo in 1855. · Public domain

ব্ৰিটিছ ঔপনিৱেশিক যুগৰ আগতে ম্যানমাৰৰ কোনো মান সময় নাছিল। বাৰ্মিজ কেলেণ্ডাৰৰ নিয়ম অনুসৰি প্ৰতিটো অঞ্চলে নিজৰ নিজৰ স্থানীয় গড় সময় ৰাখিছিল: সূৰ্য্য উদয়, দুপৰীয়া, সূৰ্যাস্ত আৰু মাজনিশা।

দিনটোক ৩ ঘণ্টাৰ আঠটা খণ্ডত ভাগ কৰা হৈছিল যাক বাহো (ဗဟို), বা ষাঠিটা ২৪ মিনিটৰ খণ্ডত ভাগ কৰা হৈছিল যাক নায়ী (နာရီ) বুলি কোৱা হৈছিল। যদিও কেলেণ্ডাৰখন মিলিছেকেণ্ড স্তৰলৈকে সময়ৰ এককৰে গঠিত, কিন্তু জনপ্ৰিয় ব্যৱহাৰ কেতিয়াও বাহো আৰু সৰ্বাধিক নায়ী জোখৰ বাহিৰলৈ যোৱা নাছিল। প্ৰতিটো নায়িত এটা গং বজাইছিল আৰু প্ৰতিটো বাহোক চিহ্নিত কৰিবলৈ এটা ঢোল (စည်) আৰু এটা ডাঙৰ ঘণ্টা (ခေါင်းလောင်း) বজাইছিল।

TypeTimeBurmese nameDescription
Day1 o'clockနံနက် တစ်ချက်တီးmidway between sunrise and midday
2 o'clockနေ့ နှစ်ချက်တီးnoon (midday)
3 o'clockနေ့ သုံးချက်တီးmidway between noon and sunset
4 o'clockနေ့ လေးချက်တီးsunset
Night1 o'clockည တစ်ချက်တီးmidway between sunset and midnight
2 o'clockည နှစ်ချက်တီးmidnight
3 o'clockည သုံးချက်တီးmidway between midnight and sunrise
4 o'clockနံနက် လေးချက်တီးsunrise

স্বাধীনতাৰ পিছত

জাপানী যুদ্ধৰ পিছত মান সময় GMT+৬:৩০ লৈ ঘূৰাই অনা হৈছিল। ১৯৪৮ চনত দেশৰ স্বাধীনতাৰ পিছতো ই বৰ্তি আছে, একমাত্ৰ ইয়াৰ ইংৰাজী নামৰ পৰিৱৰ্তন সাধন কৰা হৈছে। ১৯৮৯ চনত ইংৰাজী ভাষাত দেশখনৰ নাম বাৰ্মাৰ পৰা ম্যানমাৰলৈ সলনি কৰা সময়তে ইয়াৰ নামটোও ম্যানমাৰ ষ্টেণ্ডাৰ্ড টাইমলৈ সলনি কৰা হৈছিল। দেশত দিনৰ পোহৰৰ সময় পালন কৰা নহয়।

সাধাৰণ সময়সীমা

নামসময়কালUTC ৰ পৰা তাৰতম্যটোকা
ৰেংগুন মান সময়২ মে' ১৮৭৭? – ৩০ জুন ১৯০৫UTC+৬:২৪:৪০ব্ৰিটিছ বাৰ্মাত বাবে কমেও ১৮৯২ চনৰ পৰা ১৯০৫ চনৰ ৩০ জুনলৈকে ৰেংগুন (ইয়াংগুন) মান সময় প্ৰচলন আছিল।
বাৰ্মা মান সময়১ জুলাই ১৯০৫ - ৩০ এপ্ৰিল ১৯৪২UTC+৬:৩০:০০১৯০৫ চনত ৰেলৱে আৰু টেলিগ্ৰাফৰ কাৰ্যালয়ে প্ৰথমবাৰৰ বাবে ইয়াক গ্ৰহণ কৰে। ২০২১ চনৰ অক্টোবৰ মাহৰ আইএনএ ডাটাবেছত কোৱা হৈছে যে ইয়াক ১৯২০ চনত প্ৰৱৰ্তন কৰা হৈছিল যদিও ইয়াৰ কোনো উৎস দিয়া হোৱা নাই।
জাপানী মান সময়১ মে' ১৯৪২ - ২ মে' ১৯৪৫UTC+০৯:০০:০০জাপানীসকলে বাৰ্মা দখল কৰাৰ পিছত জাপানী মান সময় প্ৰচলন কৰিছিল।
বাৰ্মা/ম্যানমাৰ মান সময়৩ মে' ১৯৪৫ - বৰ্তমানলৈকেUTC+০৬:৩০:০০

IANA সময় অঞ্চল ডাটাবেছ

IANA সময় মণ্ডল ডাটাবেছত ম্যানমাৰৰ বাবে এছিয়া/ইয়াংগুন নামৰ এটা সময় অঞ্চল আছে।

দেশৰ কোডস্থানাংকসময় অঞ্চলমন্তব্যইউটিচি অফছেটইউটিচি ডিএছটি অফছেট
MM+1647+09610এছিয়া/ইয়াংগুনএছিয়া/ৰেংগুন+০৬:৩০+০৬:৩০

তথ্যসূত্ৰ

  1. ↑ MFF 2002: 1
  2. ↑ USNAO 2013: 262

সম্পৰ্কিত শ্ৰেণী

ম্যানমাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ম্যানমাৰ মান সময়” প্ৰবন্ধৰ সংশোধন ৫২৯৬২৩ (২ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।