অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ব্যাস ওজাপালি

ব্যাস ওজাপালি হৈছে ওজাপালিৰ এটা ভাগ। ব্যাস গোৱা ওজাপালিয়ে বৈষ্ণৱ ধৰ্মক পোষকতা কৰে,যাৰ বাবে এই ওজাপালিক বৈষ্ণৱ ওজাপালি বুলিও কোৱা হয়। ব্যাস ওজাপালিয়ে মহাভাৰত,ৰামায়ণ আৰু পুৰাণৰ আখ্যানৰ পদবোৰক পৰিবেশন কৰে।

হালনাগাদ: ১৪ ফেব্ৰুৱাৰী ২০২২ ২৪৩ শব্দ · ১ মিনিট সংগৃহীত ৫৪
সংশোধনৰ পৰামৰ্শ

ব্যাস ওজাপালি হৈছে ওজাপালিৰ এটা ভাগ। ব্যাস গোৱা ওজাপালিয়ে বৈষ্ণৱ ধৰ্মক পোষকতা কৰে,যাৰ বাবে এই ওজাপালিক বৈষ্ণৱ ওজাপালি বুলিও কোৱা হয়। ব্যাস ওজাপালিয়ে মহাভাৰত,ৰামায়ণ আৰু পুৰাণৰ আখ্যানৰ পদবোৰক পৰিবেশন কৰে। এইবিধ ওজাপালিয়ে বিষ্ণু পূজা, বাসুদেৱ পূজা, ৰাইজৰ সভা, আদিৰ গীত পদ গায় আৰু নৃত্য প্ৰদৰ্শন কৰে। ব্যাস ওজাপালিয়ে ওজাই জামা আৰু চাপকন চোলা পৰিধান কৰে,মূৰত নাও আৰু টিঙৰ দৰে পাগুৰী ব্যৱহাৰ কৰে আৰু দুয়ো ভৰিৰ পতাত নেপূৰ পৰিধান কৰে। পালিসকলে দুয়ো হাতে বাতিৰ নিচিনা তাল বজায়। মন্দিৰ, সত্ৰ আদিৰ সৈতেও এইবিধ ওজাপালি জড়িত।

ব্যাস ওজাপালি সংগীতৰ ক্ষেত্ৰত এটা উল্লেখযোগ্য স্তৰ হৈছে বিষ্ণু পদ। এই স্তৰটো নৃত্য প্ৰধান। এই স্তৰত গোৱা গীত পদৰ নাম হৈছে 'বিষ্ণু-পদ' আৰু বিষ্ণু-পদ গোৱাৰ প্ৰসংগত প্ৰয়োগ কৰা ৰাগ ৰূপৰ নাম 'বিষ্ণু-ৰাগ'। 'ৰাগ' পদটোকেই অঞ্চল ভেদে 'ঢেক' বুলিও কোৱা হয়। 'বিষ্ণু-পদ'ৰ সামৰণিত ব্যাস ওজাপালি পৰম্পৰামতে জয়দেৱৰ 'গীত-গোৱিন্দ' কাব্যত সন্নিবিষ্ট দশাৱতাৰৰ গীতটো গাব লাগে। কিন্তু আজিকালি ব্যাসওজাই জয়দেৱৰ দশাৱতাৰৰ ঠাইত শংকৰদেৱৰ 'কীৰ্তন-ঘোষা'-ত দশাৱতাৰৰ বৰ্ণনা বিশিষ্ট গীত-পদটিহে ৰাগ-তালৰ সংযোগত পৰিৱেশন কৰে।

বিষ্ণু-পদৰ পৰৱৰ্তী স্তৰটো হৈছে সংগীতালাপ। এই স্তৰটো 'চাবৰবানা', 'গানকাৰ ৰাগ' আদি নামেৰেও জনাজাত। চাবৰবানা শাস্ত্ৰীয় নাম হৈছে' মালৱ'। অন্য ৰাগৰ তুলনাত এই ৰাগত ব্যৱহাৰ হোৱা তাল-চাব সম্পূৰ্ণ বেলেগ হোৱাৰ বাবে সম্ভৱত ইয়াক চাবৰবানা বুলি কোৱা হয়। আনহাতে 'গানকা'অৰ্থ হৈছে আদৰ্শ। ওজাপালি সংগীতত স্থান পোৱা ৰাগত ব্যৱহৃত স্বৰ মাত্ৰাৰ আৰোহণ ক্ৰমৰ এই স্তৰত উপস্থাপন কৰা হয় বাবে এই ৰাগক 'গানকাৰ' ৰাগ বুলি কোৱা হয়। সংগীতৰ শ্ৰেষ্ঠাংশৰ আৰম্ভণি সূচিত হয় গানকা ৰাগেৰে। সেইকাৰণে এই ৰাগক 'গোৰবানা' অৰ্থাৎ প্ৰথম ৰাগ আখ্যা দিয়া হৈছে।

প্ৰসংগ পুথি: "ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰিৱেশ্য কলা"

ড° নবীন চন্দ্ৰ শৰ্মা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ব্যাস ওজাপালি” প্ৰবন্ধৰ সংশোধন ৩১৪১১৮ (১৪ ফেব্ৰুৱাৰী ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।