অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ভাৰতৰ নিয়ন্ত্ৰক-মহালেখা পৰীক্ষক

ভাৰতৰ নিয়ন্ত্ৰক-মহালেখা পৰীক্ষক ভাৰতৰ সংবিধানৰ ১৪৮ নং অনুচ্ছেদৰ অধীনত গঠিত সাংবিধানিক কৰ্তৃপক্ষ। সংবিধানে তেওঁক ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সকলো আয় আৰু ব্যয়ৰ হিচাপ পৰীক্ষা কৰাৰ ক্ষমতা প্ৰদান কৰে।

হালনাগাদ: ৫ ছেপ্তেম্বৰ ২০২৫ ১৫৬ শব্দ · ১ মিনিট সংগৃহীত ৫৪
সংশোধনৰ পৰামৰ্শ

ভাৰতৰ নিয়ন্ত্ৰক-মহালেখা পৰীক্ষক ভাৰতৰ সংবিধানৰ ১৪৮ নং অনুচ্ছেদৰ অধীনত গঠিত সাংবিধানিক কৰ্তৃপক্ষ। সংবিধানে তেওঁক ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সকলো আয় আৰু ব্যয়ৰ হিচাপ পৰীক্ষা কৰাৰ ক্ষমতা প্ৰদান কৰে। ইয়াৰ লগতে তেওঁ চৰকাৰৰদ্বাৰা যথেষ্ট পৰিমাণে বিত্তীয় সাহায্য লাভ কৰা স্বায়ত্তশাসিত সংস্থা আৰু নিগম আৰু নিকায়সমূহৰো হিচাপ পৰীক্ষণ কৰে। তেওঁ চৰকাৰী মালিকানাধীন নিগমবোৰৰ আইনী হিচাপ পৰীক্ষক আৰু চৰকাৰৰ কমেও ৫১ শতাংশ বা বিদ্যমান চৰকাৰী কোম্পানীবোৰৰ সহায়ক কোম্পানীৰ লাভ্যাংশ থকা চৰকাৰী কোম্পানীবোৰৰ পৰিপূৰক হিচাপ পৰীক্ষা কৰে। ভাৰতৰ নিয়ন্ত্ৰক-মহালেখা পৰীক্ষকৰ প্ৰতিৱেদনবোৰ সংসদ/বিধানসভাৰ মজিয়াত উত্থাপন কৰা হয় আৰু ভাৰতৰ সংসদ আৰু ৰাজ্যিক বিধানসভাৰ দুখন বিশেষ সমিতি ৰাজহুৱা হিচাপ সমিতি আৰু ৰাজহুৱা প্ৰতিষ্ঠানৰ সমিতিৰদ্বাৰা আলোচনাৰ বাবে গ্ৰহণ কৰা হয়। তেওঁ ভাৰতীয় হিচাপ পৰীক্ষণ আৰু একাউণ্ট সেৱাৰ বিষয়াসকলে পৰিচালনা কৰা ভাৰতীয় হিচাপ পৰীক্ষা আৰু একাউণ্ট বিভাগৰ মুৰব্বী। ১৯৭১ চনত কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষক (কৰ্তব্য, ক্ষমতা আৰু সেৱাৰ চৰ্তাৱলী) আইন, ১৯৭১ প্ৰণয়ন কৰে আৰু এই আইনৰ জৰিয়তে তেওঁৰ কাৰ্যালয়ে কাৰ্য সম্পাদন কৰে। ১৯৭৬ চনত তেওঁক হিচাপৰক্ষণ কাৰ্যৰপৰা অব্যাহতি দিয়া হৈছিল।

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতৰ নিয়ন্ত্ৰক-মহালেখা পৰীক্ষক” প্ৰবন্ধৰ সংশোধন ৫৩৭২৯০ (৫ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।