অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

মাদ্দলম

মাদ্দলম (ইংৰাজী: Maddalam, মালয়ালম: മദ്ദളം) কঁঠাল কাঠৰ পৰা তৈয়াৰ কৰা এটা বাদ্যযন্ত্ৰ। ইয়াৰ দুয়োকাষে চামৰাৰ আৱৰণ থাকে। দুয়োটা কাষৰ শব্দ বেলেগ বেলেগ হয়। মাদ্দলম এটা গধুৰ বাদ্যযন্ত্ৰ। এই বাদ্যযন্ত্ৰ বাদকৰ কঁকালত বান্ধি ৰখা হয়। বাদকে প্ৰদৰ্শনৰ সময়ত থিয় হৈ ইয়াক বজায়।

হালনাগাদ: ২৫ আগষ্ট ২০২৬ ২১৩ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ
মাদ্দলম
মাদ্দলমছবি: നിരക്ഷരൻ · CC BY 3.0

মাদ্দলম (ইংৰাজী: Maddalam, মালয়ালম: മദ്ദളം) কঁঠাল কাঠৰ পৰা তৈয়াৰ কৰা এটা বাদ্যযন্ত্ৰ। ইয়াৰ দুয়োকাষে চামৰাৰ আৱৰণ থাকে। দুয়োটা কাষৰ শব্দ বেলেগ বেলেগ হয়। মাদ্দলম এটা গধুৰ বাদ্যযন্ত্ৰ। এই বাদ্যযন্ত্ৰ বাদকৰ কঁকালত বান্ধি ৰখা হয়। বাদকে প্ৰদৰ্শনৰ সময়ত থিয় হৈ ইয়াক বজায়। কেৰালাৰ পঞ্চবাদ্যম, কেলি আৰু কথাকলি আদি পৰম্পৰাগত সংগীত দলত মাদ্দলম এটা প্ৰয়োজনীয় বাদ্যযন্ত্ৰ।১২

মাজৰ অংশটো বাদ দি মাদ্দলমৰ আকৃতি মৃদংগৰ দৰে একে।৩

নামৰ উৎপত্তি

'মাদ্দলম' নামটো 'মৰ্ধলম' শব্দৰ পৰা আহিছে। ইয়াৰ অৰ্থ হ'ল 'যি হেঁচা গ্ৰহণ কৰে'।৩ সংস্কৃত ভাষাত এই বাদ্যযন্ত্ৰটোক মৰ্ধলম বুলি কোৱা হয়।৩

নিৰ্মাণ শৈলী

এই ঢোলৰ শৰীৰটো কঁঠাল কাঠৰ এটা টুকুৰা খোদিত কৰি বনোৱা হয়। কাঠখিনি খোলোচা কৰাৰ আগতে প্ৰায় এমাহ শুকুৱাই লোৱা হয়। ইয়াৰ মূৰ দুটা প্ৰাণীৰ চামৰাৰে ঢকা হয়। এটা সম্পূৰ্ণ বাদ্যযন্ত্ৰৰ ওজন প্ৰায় ২০ কিলোগ্ৰাম হয়।২ কৰিংগালী আৰু চেম্পাকম কাঠো ইয়াৰ বাবে ব্যৱহাৰ কৰা হয়। চামৰাখন কাঠৰ লগত জোৰা লাগাবলৈ উতলোৱা ভাত আৰু কয়লাৰ পেষ্ট ব্যৱহাৰ কৰা হয়।৪

পলঘাট চহৰৰ পৰা ১৫ কিলোমিটাৰ দূৰত্বত থকা পেৰুভেম্বা গাঁৱত ইয়াৰ নিৰ্মাণ কাৰ্য অধিক হয়। এই গাঁৱৰ কোল্লন সম্প্ৰদায়ৰ পৰিয়ালসমূহে দুশ বছৰতকৈ অধিক সময় ধৰি মাদ্দলম আৰু অন্যান্য বাদ্যযন্ত্ৰ বনাই আহিছে।২ পলঘাটৰ মাদ্দলম ভাৰতৰ হস্তশিল্প শ্ৰেণীৰ এটা ভৌগোলিক নিৰ্দেশক হিচাপে পঞ্জীয়ন কৰা হৈছে।৫

প্ৰকাৰ

এই বাদ্যযন্ত্ৰৰ দুটা ৰূপ আছে। ডাঙৰ 'শুদ্ধ মাদ্দলম' কঁকালত বান্ধি বজোৱা হয়। সৰু 'টপ্পী মাদ্দলম' বাদকৰ ডিঙিত আঁউজি দিয়া হৈছিল।৬ টপ্পী মাদ্দলম এক সময়ত কত্থাকলি দলৰ অংশ আছিল যদিও এতিয়া ই ব্যৱহাৰ নহয়। বৰ্তমান শুদ্ধ মাদ্দলমহে বজোৱা হয়।৭

প্ৰদৰ্শন

কেৰালাৰ পঞ্চবাদ্যমত মাদ্দলম থিমিলি, এডাক্কা, ইলাতালম আৰু কম্বুৰ লগত বজোৱা হয়।৬ কত্থাকলিত চেণ্ডাৰ লগত মাদ্দলম বজোৱা হয়। মহিলা চৰিত্ৰ মঞ্চত থাকোঁতে ইয়াৰ মধুৰ শব্দ বেছিকৈ শুনা যায়।৭

কেৰালা কালামণ্ডলমত মাদ্দলম শিকোৱা হয়। শিক্ষাৰ্থীসকলে প্ৰথমে কাঠৰ বৰ্ডত হাতৰ চাপ অনুশীলন কৰে। বাদকসকলে আঙুলিত সুৰক্ষাৰ বাবে 'ছুট্টু' পিন্ধে।৭

বজোৱাৰ শৈলী

পুৰণি কালত মাদ্দলম ডিঙিত আঁউজি বজোৱা হৈছিল। পিছলৈ ১৯২০ৰ দশকত মাদ্দলম বাদক ভেঞ্চিচন স্বামীয়ে ইয়াক কঁকালত বান্ধি বজোৱাৰ নিয়ম প্ৰচলন কৰে।৩

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Melody on the maddalam. দ্য হিন্দু
  2. ↑ (26 March 2018). Keeping craft alive: A Kerala village has been making maddalam, mridangam for 200 yrs. The News Minute
  3. ↑ Shudda Maddalam - A percussion instrument. www.keralaculture.org
  4. ↑ The GI-Tagged Maddalam Drum Of Palakkad In Kerala. Outlook Traveller
  5. ↑ Registration details of Geographical Indications. Department for Promotion of Industry and Internal Trade, Government of India
  6. ↑ Panchavadhyam - Pulsating Temple Art. Kerala Tourism
  7. ↑ Maddalam. Kerala Kalamandalam

সম্পৰ্কিত শ্ৰেণী

কেৰালাৰ বাদ‍্যযন্ত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাদ্দলম” প্ৰবন্ধৰ সংশোধন ৬৩০৬৩৩ (২৫ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।